অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কুহিয়াৰ খেতি

জাত পৈণত হোৱাৰ কাল শস্য চপোৱাৰ সময় কুহিয়াৰ উত্পাদন (টন /হেক্টৰত) গুৰ সংগ্রহ (%) চেনীৰ পৰিমাণ (%) পোক পৰুৱাৰ দ্বাৰা আক্রান্তৰ পৰিমাণ বিশেষ আর্কষণ
দৰীয়া আগতীয়া ডিচেম্বৰ-জানুৱাৰী ৭০-৮০ ১০-১২ ১৮-১৯ মজা খোৱা পোকৰ দ্বাৰা মধ্যমভাৱে প্রতিক্রিয়াশীল প্রচুৰভাবে পোখামেলে মুঢ়া কুহিয়াৰৰ বাবে ভাল আৰু ফুল নুফুলে
কলং আগতীয়া ডিচেম্বৰ-জানুৱাৰী ৭০-৮০ ১০-১২ ১৮-১৯ মজা খোৱা পোকৰ দ্বাৰা মধ্যমভাৱে প্রতিক্রিয়াশীল প্রচুৰভাবে পোখামেলে মুঢ়া কুহিয়াৰৰ বাবে ভাল আৰু ফুল নুফুলে
বৰাক আগতীয়া ডিচেম্বৰ-জানুৱাৰী ৭০-৮০ ১০-১২ ১৮-১৯ মজা খোৱা পোকৰ দ্বাৰা মধ্যমভাৱে প্রতিক্রিয়াশীল প্রচুৰভাবে পোখামেলে মুঢ়া কুহিয়াৰৰ বাবে ভাল আৰু ফুল নুফুলে বাগৰী নপৰে
চি অ' ৯৯৭ আগতীয়া অথবা মধ্যকালিন হিচাবেও কৰিব পৰা ডিচেম্বৰ-জানুৱাৰী ৭০-৮০ ১০-১২ ১৮-২০ মজা খোৱা পোকৰ দ্বাৰা মধ্যমভাৱে প্রতিক্রিয়াশীল প্রচুৰভাবে পোখামেলে মুঢ়া কুহিয়াৰৰ বাবে ভাল ‌খৰাং বতৰ সহ্য কৰিব পৰা
ধনশিৰি আগতীয়া ডিচেম্বৰ-জানুৱাৰী ৭০-৮০ ১০-১২ ১৮-১৯ মজা খোৱা পোকৰ দ্বাৰা মধ্যমভাৱে প্রতিক্রিয়াশীল প্রচুৰভাবে পোখামেলে সোনকালে বাহে ,জম পানী সহ্য কৰিব পৰা ।
লুহিত আগতীয়া ডিচেম্বৰ-মার্চ ৭০-৮০ ১০-১২ ১৮-১৯ মজা খোৱা পোকৰ দ্বাৰা মধ্যমভাৱে প্রতিক্রিয়াশীল প্রচুৰভাবে পোখামেলে মুঢ়া কুহিয়াৰৰ বাবে ভাল
চি অ'৭৪০ মধ্যমভাবে আগতীয়া অথবা শেহতীয়াকৈয়ো কৰিব পৰা জানুৱাৰী-মার্চ ৮০-১০০ ১০-১১ ১৮-১৯ মজা খোৱা পোকৰ দ্বাৰা মধ্যমভাৱে প্রতিক্রিয়াশীল মাজে সময়ে পানী জমা হোৱা অৱস্থা সহ্য কৰিব পৰা
এচ ১৫৫/৭২(চি অ' যোৰ ১) মধ্যমভাবে আগতীয়া জাত ড িচেম্বৰ-জানুৱাৰী ৭০-৮০ ১০-১২ ১৮-১৯ মজা খোৱা পোকৰ দ্বাৰা মধ্যমভাৱে প্রতিক্রিয়াশীল মধ্যমভাৱে পোখামেলা মুঢ়া কুহিয়াৰ খেতিৰ বাবে ভাল
চি অ' ১১৪৮ আগতীয়াৰ পৰা মধ্যমভাৱে শেহতীয়া ডিচেম্বৰ-ফেব্রুৱাৰী ৬০-৭০ ১০-১২ ১৮-২০ মজা খোৱা পোকৰ দ্বাৰা মধ্যমভাৱে প্রতিক্রিয়াশীল চুবাই খাবৰ বাবে ভাল জাত
চি অ' বিন ৯৪০৬৩(নামবৰ) আগতীয়া ডিচেম্বৰ-জানুৱাৰী ৭০-৯০ ১১-১২ ১৮-১৯ মজা খোৱা পোকৰ দ্বাৰা মধ্যমভাৱে প্রতিক্রিয়াশীল প্রচুৰভ াবে পোখামেলা, মুঢ়া কুহিয়াৰ খেতিৰ বাবে ভাল । পানী জমা হোৱা অৱস্থা সহ্য কৰিব পৰা
চি অ' বিন ৯০০৬(কপিলিপাৰ) মধ্যমভাবে শেহতীয়া জাত ফেব্রুৱাৰী-মার্চ ৭০-৮৫ ১০-১২ ২০-২১ মজা খোৱা পোকৰ দ্বাৰা মধ্যমভাৱে প্রতিক্রিয়াশীল প্রচুৰভাবে পোখামেলা, মুঢ়া কুহিয়াৰ খেতিৰ বাবে ভাল, পানী জমা হোৱা অৱস্থা সহ্য কৰিব পৰা
চি অ' বিন ০২১৭৩(দৈয়াঙ) আগতীয়া ফেব্রুৱাৰী-মার্চ ৭০-৮০ ১১-১৩ ২০-২১ মজা খোৱা পোকৰ দ্বাৰা মধ্যমভাৱে প্রতিক্রিয়াশীল প্রচুৰভাবে পোখামেলা, মুঢ়া কুহিয়াৰ খেতিৰ বাবে ভাল ।

পুলি কুহিয়াৰ নির্ব্বাচন

আগলী কুহিয়াৰেই কুহিয়াৰ খেতিৰ বাবে উত্তম । শেহতীয়াকৈ ৰোৱা কুহিয়াৰৰ আগো কুহিয়াৰ খেতিৰ বাবে ভাল । প্রত্যেকটো কুহিয়াৰ আগত ৩ - ৪ টাকৈ কলি থকাটো বাঞ্চনীয় । পোক - পৰুৱা অথবা কোনো বেমাৰ দ্বাৰা আক্রান্ত ৰোবৰ বাবে সংগ্রহ কৰা কুহিয়াৰৰ আগবোৰ কোনো বেমাৰ আক্রান্ত ঠাইৰ পৰা অথবা খেতি পথাৰৰ পৰা সংগ্রহ কৰিব নালাগে ।

গুণমান বিশিষ্ট ৰোপন সামগ্রী অধিক সংখ্যাক পাবলৈ হলে বীজৰ ব্যৱহাৰ কৰি কৰা পুলি সংগ্রহ কৰিব পাৰি । শেহতীয়াকৈ কৰা খেতি (জুন - জুলাই ) পৰা ভাল ৰোপন সামগ্রী সংগ্রহ কৰিব পাৰি আৰু ঠাই গতিকে সাধাৰণ অনুমোদিত সাৰ আদি প্রয়োগ কৰাৰ উপৰিও হেক্টৰে প্রতি ৬৫ কি: গ্রাম নাইট্রজেন সাৰ অতিৰিক্ত প্রয়োগ কৰিব লাগে । যথোপযুক্ত শস্য ৰক্ষা প্রতিও মনোযোগ দিব লাগে ।

শেহতীয়া খেতিৰ বাবে ( এপ্রিল - মে ) অগ্রণী পোখা মেলা ৰোপন সামগ্রী ব্যৱহাৰ কৰি ভালফল পাব পাৰি ।

ৰোপন সামগ্রীৰ পৰিচর্য্য/শোধন

মূল পথাৰত ৰোৱাৰ আগতে ৰোপন সামগ্রীবোৰ ভাল দৰে শোধন কৰি লব লাগে আৰু ইয়াৰ বাবে ৰোপন সামগ্রীবোৰ ১ শতাংশৰ গাঢ়তাৰ কেপটান , মেনকজেব অথবা ১ শতাংশৰ কার্বনদাজির্ম দ্রৱত দুয়ো থব লাগে । এনেকৈ শোধন প্রক্রিয়াত দি ঔষধৰ দ্রৱণখিনি ৫০ শতাংশ কমিযায় তেতিয়া পানী মিহলায় আকৈ আগৰ পৰিমাণলৈ আনিব লাগে ।

মাটি নির্ব্বাচন ও প্রস্তুতি

ওখ পানী জমা নোহোৱা মাটি কুহিয়াৰ খেতিৰ বাবে নির্ব্বাচন কৰিব লাগে । সম্পূর্ণ প্রস্তুত কৰি লোৱা মাটিত ২৫ ছে: মিটাৰ বহল আৰু ২০ ছে:মিটাৰ দ' গাত ৭৫ - ৯০ চে:মিটাৰ দূৰত্বত খান্দি লব লাগে , গাত খান্দি গাতটোৰ মাটিখিনি ভালদৰে কোমল কৰি প্রস্তুত কৰি লব লাগে আৰু ইয়াৰ পাচতেই সাৰ প্রয়োগ কৰিব লাগে ।

সাৰ প্রয়োগ

কুহিয়াৰৰ আগ / পোখা ৰোৱাৰ আগেয়ে গাতবোৰত হেক্টৰে প্রতি ১০ টন মানকৈ পচনসাৰ প্রয়োগ কৰি লব লাগে । ইয়াৰ উপৰিও তলত উল্লেখিত তালিকাৰ মতে প্রয়োগ কৰিব -

পুষ্টিৰ নাম পৰিমাণ (কি: গ্রাম/হেক্টৰত) সাৰৰ নাম
সাৰৰ পৰিমাণ
কি:গ্রাম/হেক্টৰত কি: গ্রাম / বিঘাত
নাইট্রজেন ১৩৫ ইউৰিয়া ৩০০ ৪০
ফছফৰাচ ৭০ একক চুপাৰ ফছফেট ৪৪০ ৬০
পটাছ ৬০ মিউৰেট অব পটাছ ১০০‌‌‌‌ ১৫
আনহাতে উল্লেখিত সাৰৰ প্রয়োগ কৰিব পাৰি :
নাইট্রজেন ১৩৫ ইউৰিয়া ২৩৫ ৩৪
ফছফৰাচ ৭০ দাই এমোনিয়াম ফছফেট ১৫০ ২০
পটাছ ৬০ মিউৰেট অব পটাছ ১০০‌‌‌‌ ১৫

গোটা দানা জাতীয় মিশ্রিত সাৰো উপৰোক্ত সাৰৰ সলনি ব্যৱহাৰ কৰিব পাৰি । প্রতিহেক্টৰ মাটিৰ বাবে ১৫:১৫:১৫ গ্রেদ্রৰ মিশ্রিত সাৰৰ পৰিমাণ হব ৪৫০ কি: গ্রাম (৬৪ কি: গ্রাম / বিঘাত) । এই সাৰ কুহিয়াৰ ৰোবলৈ প্র্রস্তুত কৰা গাতবোৰত প্রয়োগ কৰি লব লাগে ।

ইয়াৰ উপৰিও হেক্টৰে প্রতি ১৫০ কি: গ্রাম (২১ কি: গ্রাম / বিঘাত ) গছৰ ওপৰ ভাগত প্রয়োগ কৰিব লাগে ।

সাৰ প্রয়োগৰ সময় আৰু পদ্ধতি

ফছফেটিক সাৰৰ সমুদায় অংশ , পটাছ সাৰৰ আধা অংশ কুহিয়াৰৰ আগ ৰোৱাৰ আগেয়ে প্রয়োগ কৰি মাটিৰ লগত ভালদৰে মিহলায় লব লাগে। নাইট্রজেন জাতীয় সাৰ দুটা ভাগত ভাগ কৰি প্রয়োগ কৰিব লাগে । ১/৩ অংশ আগ ৰোৱাৰ সময়ত আৰু ২/৩ অংশ কুহিয়াৰ গছত মাটি চপোৱাৰ সময়ত । বাকী থকা আধা অংশ পটাছ সাৰখিনি গছ ওপৰ ভাগত ইউৰিয়া সাৰৰ লগত প্রয়োগ কৰিব লাগে, ৯০ -১০০ দিনৰ ভিতৰত নাইট্রজেন জাতীয় সাৰ প্রয়োগ কৰি শেষ কৰিব লাগে ।

আগৰোৱাৰ পদ্ধতি

তিনিটা অথবা চাৰিটাকৈ কোঁহ থকা কুহিয়াৰৰ আগবোৰ এটাৰ পিচত আনটো গাতবোৰত পৰি যাব লাগে । তাৰ পিচত মাটিৰ এটা পাতল (৫ চে: মিটাৰ) তৰপ আগবোৰৰ ওপৰত জাপি দিব লাগে ।

কুহিয়াৰৰ আগৰ পৰিমাণ

প্রায় ৪৫,০০০-৫২,০০০ মান কুহিয়াৰৰ আগ (৬.৫ - ৭.৫) টন এক হেক্টৰ মাটিত ৰোবৰ বাবে প্রয়োজন হয় । ইয়াৰ অনুপাত ৬০০০ - ৭০০০ মান কুহিয়াৰৰ আগ এক বিঘা মাটিৰ বাবে প্রয়োজন হব ।

ৰোৱাৰ সময় :

কুহিয়াৰ ৰোবৰ বাবে মার্চ মাহটোৱেই আটাইতকৈ উত্কৃষ্ট সময় । আগতীয়াকৈ ৰোবৰ বাবে জানুৱাৰী শেষৰপৰা ফেব্রুৱাৰী মাহৰ ভিতৰত ৰোব পাৰি যদি জলসিঞ্চনৰ ব্যৱস্থা আছে । যিবোৰ ঠাইত অক্টোবৰ মাহত ৰোবৰ ব্যৱস্থা আছে সেইবোৰ ঠাইত কুহিয়াৰৰ লগতে একশাৰীকৈ কুহিয়াৰৰ মাজে মাজে সৰিয়হও কৰিব পাৰি ।

অপতৃণ নিয়ন্ত্রণ :

বসন্ত কালত ৰোৱা কুহিয়াৰত প্রথমবাৰ ৩০-৩৫ দিনত আৰু আনটো ৬০ -৯০ দিনৰ ভিতৰত কৰিব লাগে । আনহাতে অক্টোবৰ মাহত ৰোৱা কুহিয়াৰত যেতিয়া প্রয়োজন হয় তেতিয়া অপতৃণবোৰ আতৰায় ৰাখিব লাগে । প্রতি হেক্টৰত ০.৮ - ১ কি:গ্রামকৈ ২ -৪ - ডি নামৰ অপতৃণ নিয়ন্ত্রক দ্রব্য প্রয়োগ কৰিব পাৰি ইয়াৰ উপৰিও এবাৰ হাতেৰে অপতৃণ নিয়ন্ত্রণ কৰিব পাৰিলে উপকাৰ পাব পাৰি । আনহাতে হেক্টৰ প্রতি ০.৮ -১ কি: গ্রাম এ: আই দায়োৰণ নাইবা ২ কি:গ্রাম এ: আই এট্রাজিন ও ব্যৱহাৰ কৰিব পাৰি যাৰ বাবে ৫০০ - ৭০০ লিটাৰ পানী এক হেক্টৰ মাটিত প্রয়োগ কৰিবৰ বাবে ব্যৱহাৰ হব । নাইবা গছ থকা শস্যডৰাত অপতৃণ নিয়ন্ত্রণ কৰিবলৈ, ২-৪ ডি জাতীয় অপতৃণ নাশক দ্রব্য ১.০ কিঃ গ্রাম এঃ আই । হেক্টৰত + পেৰাকুৱাট ০.৫ এঃ আই /হেক্টৰত ৰোৱাৰ ৩ সপ্তাহৰ পিচত শাৰীৰ মাজে মাজে প্রয়োগ কৰিব লাগে ।

মাটি চপোৱা :

ৰোৱাৰ প্রায় ডেৰ - দুই মাহৰ ভিতৰত পাতলীয়াকৈ এবাৰ মাটি চপায় দিব লাগে । তাৰ পিচত প্রথমবাৰ চপোৱাৰ ডেৰ - দুই মাহৰ পিচত দ্বিতীয়বাৰ চপাব লাগে । দ্বিতীয়বাৰ মাটি চপোৱাৰ পিচত গছৰ গুৰিটোৰ মাটি ওখ হৈ পৰিব আৰু দুটা শাৰীৰ মাজৰ খালি ঠাইখিনি দ'গাঁত হৈ পৰিব আৰু এই গাতটোৱেই পানী ওলাই যোৱাত সহায় কৰিব ।

শুকান পাত আতৰোৱা :

গছবোৰ বাঢ়ি অহাৰ লগে লগে পুৰণা অথবা বুঢ়া পাতবোৰ মৰহি শুকায় যায় আৰু পৰা পক্ষত এনেবোৰ শুকান পাত আদি গছ জোপাৰ পৰা আতঁৰায় দিব লাগে । কুহিয়াৰবোৰক পাৰিলে হালি যাব নোৱাৰকৈ ঢুকা দিব লাগে ।

শস্যৰক্ষা :

(ক) উই ,ৰঙা পৰুৱা আৰু হোৱাইট গ্রাব নিয়ন্ত্রণৰ বাবে হেক্টৰে প্রতি ২০- ২৫ কি: গ্রাম মালাথিয়ন ৫ শতাংশ পাউদাৰ কুহিয়াৰ ৰোৱাৰ আগেয়ে লোৰ বোৰত প্রয়োগ কৰিব লাগে নতুবা ০.০২ শতাংশৰ ক্ল'ৰপাইৰিকচ ২০ ইঃচি প্রয়োগ কৰিব পাৰে ।

(খ) মজাখোৱা পোকৰ বাবে : মে - জুলাই মাহত আক্রান্ত গছবোৰ পুৰি দিলেও মজা খোৱা পোকৰ দ্বাৰা আক্রন্ত কিছু পৰিমাণে হ্রাস হোৱা পৰিলক্ষিত হয় । তলত উল্লেখ কৰা যিকোনো এটা ৰাসায়নিক কীট নাশক দৰব ব্যৱহাৰ কৰিব পাৰে । মজা খোৱা পোকে কণী পৰাৰ সময়ত ২ বাৰ অথবা ৩ বাৰ মান ১৫ দিনৰ ব্যৱধানত ঔষধ স্প্র কৰিলে মজাখোৱা পোকৰ পৰা কিছু আঁতৰত থাকিব পাৰি

ৰাসায়নিক দ্রব্য / কীট নাশক দ্রব্যৰ নাম পৰিমাণ পানীৰ পৰিমাণ (লি্টাৰ) হস্তচালিত স্প্রেয়াৰ শক্তিচালিতস্প্রয়াৰ (ক) প্রতিহেক্টৰত : ফচফমিডন ৪০০ - ৫০০ মি : লি : ৮০০ ২০০ ফেনিট্রথিয়ন ১ - ১.৫ লি্টাৰ ১০০০ ২৫০ এন্দোচালফান ১ - ১.৫ লি্টাৰ ১০০০ ২৫০ ম'ন ক্রোফিচ ১. ০ লি্টাৰ ১০০০ ২৫০ (খ) প্রতিবিঘাত : ফচফমিডন ৬০ - ৭০ মি : লি : ১২০ ৩০ ফেনিট্রথিয়ন ১৫০ - ২০০ লি্টাৰ ১২০ ৩০ এন্দোচালফান ১৫০ - ২০০ লি্টাৰ ১৫০ ৩৫ ম'ন ক্রোফিচ ১৫০ - ২০০ লি্টাৰ ১৫০ ৩৫

(গ) মোৱাপোক , মিলিকা আৰু থ্রিপচ্ : এনেবোৰ অনিষ্টকাৰী কীট - পতঙ্গঁ তলত উল্লেখ কৰা যিকোনো এটা ৰাসায়নিক দ্রব্য ব্যৱহাৰ কৰি নিয়ন্ত্রণ কৰিব পৰা যায়।

 

কীট নাশক দ্রব্যৰ নাম পৰিমাণ
স্প্রে পানীৰ পৰিমাণ (লি্টাৰ)
হস্তচালিত শক্তি চালিত
(ক) প্রতিহেক্টৰত :
মালাথিয়ন ১.৫ লি্টাৰ ৮০০ ২০০
ফচফামিডন ৪০০ - ৫০০ মি : লি : ৮০০ ২০০
ডাইমিথোৱেট ১.০ লি্টাৰ ৮০০ ২০০
(খ) প্রতিএবিঘাত :
মালাথিয়ন ২০০ মি : লি্টাৰ ১০০ - ২০০ ২৫
ফচফামিডন ৬০ - ৭০ মি : লি : ১২০ ৩০
ডাইমিথোৱেট ১৫০ মি : লি্টাৰ ১৫০ ২৫

ৰেডৰট বেমাৰ :

এই বেমাৰৰ দ্বাৰা আক্রান্ত কুহিয়াৰ গছবোৰ শুকাবলৈ ধৰে আৰু অৱশেষত মৰি যায় । কুহিয়াৰবোৰ শুকায় যায় আৰু আক্রান্ত কুহিয়াৰবোৰ ফালি চালে ভিতৰৰ মাংস পেংশী বোৰ ৰঙা ৰঙৰ হোৱা পৰিলক্ষিত হয় । ইয়াৰ নিয়ন্ত্রণৰ অথবা সম্প্রসাৰিত নহবৰ বাবে বেমাৰ নথবা কুহিয়াৰৰ আগহে ব্যৱহাৰ কৰিব লাগে । ৰোবৰ বাবে কুহিয়াৰৰ আগ আনোতে বেমাৰ নোহোৱা শস্যৰ পথাৰ অথবা গছৰ পৰাহে আগ নিব্বাচন কৰিব লাগে । কুহিয়াৰনীত পানী জমা হবলৈ দিব নালাগে আৰু আক্রন্ত গছবোৰ সোনকালে উভালি পেলাব লাগে ।বেমাৰ আক্রান্ত কুহিয়াৰনীত কুহিয়াৰ সোনকালে চপায় পেলাব লাগে আৰু গছৰ মুঢ়াবোৰ উঠায় পুৰি পেলাব লাগে । ৪ - ৫ মাহৰ পিচত নতুনকৈ কুহিয়াৰ ৰোৱাৰ ব্যৱস্থা কৰিব লাগে । মুঢ়া কুহিয়াৰ মৰাৰ পৰা বিৰত থকাটো ভাল।

মৰহি যোৱা বেমাৰ :

এনে বেমাৰৰ নিয়ন্ত্রণ কৰিবলৈ ৰেড্ ৰট বেমাৰৰ বিপৰীতে ব্যৱহাৰ হোৱা নিয়ন্ত্রণ ব্যৱস্থাৰ অৱলম্বন কৰিলেই কিছু সহায় পাব ।

শস্য চপোৱা :

কুহিয়াৰ কাটোতে গছৰ গুৰিত কাটিব লাগে । পলমকৈ ওলোৱা কুহিয়াৰৰ পুলিবোৰ শস্য চপোৱাৰ সময়তেই আতৰায় পেলাব লাগে । কুহিয়াৰত চেনীৰ পৰিমাণ ভবা মতে হলেই শস্যডৰা চপায় পেলাব লাগে । যিবোৰ কুহিয়াৰ জাতত ফুল নুফুলে তেনেবোৰ জাত পুৰঠ হোৱাৰ আগে কিছুমান লক্ষণে দেখা দিয়ে যেনে পাতবোৰ কুহটোৰ মাজৰ ৰা উলোৱা ।ফুল ফুলা জাতবোৰ ফুল ফুলাৰ দুমাহৰ ভিতৰত চপায় পেলাব লাগে ।

কুহিয়াৰৰ আগ সংৰক্ষণ

শুকান মাহ কেইটাত ( ডিচেম্বৰৰ পৰা এপ্রিল মাহলৈকে ) কুহিয়াৰৰ আগবোৰ দ'কৈ খন্দা গাঁতত থৈ তাৰ ওপৰত খেৰৰ এটা প্রলেপ দিব লাগে । কিন্ত্ত এনেকৈ থোৱাৰ আগেয়ে ২ মিঃ লিটাৰ / লিটাৰ পানীত ক্লৰপাইৰিফচৰ ২০ ইঃ চিঃ মিশ্রণেৰে শোধন কৰি লব লাগে । মাজে সময়ে এনেবোৰ কুহিয়াৰ আগত পানী চতিয়াই থাকিব লাগে যাতে বেচিকৈ শুকায় নাযায় ।

মুঢ়া - কুহিয়াৰৰ পৰিচালনা :

খেতিদৰা চপোৱাৰ পিচত মাটিডৰা ভালদৰে চাফা কৰি থব লাগে আৰু মাটিৰ ধিপবোৰ হালবায় ভাঙি পেলাব লাগে । বুঢ়া কুহিয়াৰৰ মুঢ়াবোৰ ভালদৰে কাতি চাফা কৰি দিব লাগে যাতে নতুনকৈ ওলাব বিচৰা কুহিয়াৰৰ আগবোৰ ভালদৰে ওলাব পাৰে ।

মুঢ়া কুহিয়াৰৰ বোৰৰ মাজে মাজে যদি কেতিয়াবা খালি ঠাই দেখা যায় তেতিয়া আগেয় অঙ্কুৰিত হোৱা কুহিয়াৰৰ আগ ৰোই দিব লাগে । মাটিৰ ধিপবোৰ ভাঙি দিয়াৰ পিচতেই গোবৰ/পচন সাৰ আদি প্রয়োগ কৰিব লাগে । নাইট্রজেন , ফছফৰাচ আৰু পটাচ সাৰ ১৫০ , ৭০ আৰু ৬০ কিঃ গ্রাম / প্রতিহেক্টৰ পৰিমাণত দুবাৰত প্রয়োগ কৰিব লাগে। প্রথমবাৰ মাটি চপোৱাৰ সময়ত আধা সাৰ আৰু বাকীখিনি সাৰ দ্বিতীয়বাৰ মাটি চপোৱাৰ সময়ত (৬০ দিনৰ ভিতৰত)

মুঢ়া কুহিয়াৰ ভালদৰে অপতৃণ নিয়ন্ত্রণ

ক ২-৪ ডি (এমাইন) ১ কি: গ্রাম এঃ আই প্রতি হেক্টৰত অপতৃণ ওলোৱাৰ আগতেই প্রয়োগ কৰিব লাগে। তাৰ পিচতেই অপতৃণ ওলোৱাৰ পিচত ( তিনি সপ্তাহৰ ভিতৰত )। মুঢ়া কুহিয়াৰ কীট-পতঙ্গঁ তথা বেমাৰ আহাৰৰ নিণন্ত্রণৰ বাবে বিশেষ চকু ৰাখিব লাগে।

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 4/22/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate