অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

তৰমুজ

সঁচ

নিউ হেম্পচায়াৰ মিছগেট আচী য়ামাতো , চুগাৰ বেৰী , পুচা বেদেনা ,ফেজাবাদী , চুগাৰ বেবী ।

সচঁৰ বর্ণনা

১) নিউ হেম্পচায়াৰ মিদগেট

ফলবোৰ আকৃতিত সৰু (১.৫ - ২ কি: গ্রাম ) গোলাকৃতি , উজ্বলবৰণৰ , সেউজীয়া আৰু দাগ থকা , মঙহাল ৰঙা বৰণৰ , ২৮ -৩০ দিনৰ ভিতৰত ( পুষ্দিতা হোৱাৰ পৰা পুৰঠ হোৱালৈ ) সম্পূর্ণ কৰে।

২) আচী য়ামাতো

ফলবোৰ মজলীয়া আকৃতিৰ (৩০- ৩৫ চে: মিটাৰ ব্যাসার্দ্ধৰ ) , ৫-৬ কেজি ওজনৰ , পাতল সেউজীয়া ৰঙৰ , মঙহভাগ অথবা ফলৰ ভিতৰত ভাগ গাঢ় গোলপীয়া ৰঙৰ , বীজবোৰ আকৃতিত সৰু ,৯৫ -১০০ দিনৰ ভিতৰত পুৰঠহোৱা আৰু প্রায়বোৰ অঞ্চলত বাবে উপযোগী।

৩) চুগাৰ বেৰী

ফলবোৰ নিৰাকৃতিৰ , সৰুৰ পৰা মধ্যমীয়া বিধৰ (২০ -২৫ চে:মিটাৰ ব্যাসার্দ্ধৰ , ৩-৫ কি: গ্রাম ওজনৰ গাঢ় সেউজীয়া ৰঙৰ লগতে পাতল দাগ থকা , ৮৫ দিনৰ ভিতৰত পুৰঠ হোৱা ।

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 4/23/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate