অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নাৰিকলৰ খেতি

ভাৰতীয় হিন্দু দৰ্শনত নাৰিকলৰ এক বিশিষ্ট স্থান আছে৷ যি কোনো কৰ্মৰ প্ৰাকমূহুৰ্তত নাৰিকল ভাঙি শুভাৰম্ভ কৰা হয়, যাতে কোনো অপায় অমংগল নোহোৱাকৈ কাম সম্পন্ন হ’ব পাৰে৷ হিন্দু দেৱ-দেৱীলৈ আগবঢ়োৱা পূজাত নাৰিকল উৎসৰ্গা কৰা হয়৷ ইয়াৰ উপৰিও, নদী বা সাগৰত মাছ ধৰিবলৈ যোৱা মাছুৱৈয়ে অধিক মাছ সংগ্ৰহ কৰিবৰ বাবে ইষ্ট দেৱতাক উদ্দেশ্যি নাৰিকল আগবঢ়ায়৷ ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী লক্ষ্মীদেবীৰ এক হস্তত নাৰিকল থকা পৰিলক্ষিত হয়৷ বিবাহ মণ্ডপত কলহৰ ওপৰত নাৰিকল স্থাপনে উৰ্বৰ গৰ্ভাশয়ক ইংগিত কৰে৷ ইফালে, তান্ত্ৰিক উপাসনাত মানৱ মস্তিষ্কৰ বিকল্পৰূপে নাৰিকলৰ কোৰোকা ব্যৱহৃত হয়৷

অসমৰ মাটি আৰু জলবায়ু নাৰিকল খেতিৰ কাৰণে উপযুক্ত৷ অসমীয়া গ্ৰাম্যাঞ্চলৰ প্ৰতিঘৰ মানুহৰ বাৰীত দোজোপা হ’লেও নাৰিকল গছ পৰিলক্ষিত হয়৷ অবশ্যে, মধ্য অসম আৰু অবিভক্ত কামৰূপ জিলাত নাৰিকলৰ উৎপাদন যথেষ্ট মাত্ৰাত হোৱা দেখা যায়৷ সঠিকভাৱে যতন ললে ৬ বছৰ মানৰ পৰাই নাৰিকল গছত ফল ধৰা পৰিলক্ষিত হয় আৰু পাছলৈ উৎপাদন বৃদ্ধি পায় গৈ থাকে যদিও ১৩ বছৰ মানৰ পাছত স্থিৰমাত্ৰাত ফল লাগিবলৈ ধৰে৷ গছৰ উৰ্বৰতা অনুযায়ী বছৰি ২০ টাৰ পৰা ১৫০ টা পৰ্যন্ত নাৰিকল লাগে৷ মন কৰিবলগীয়া যে,- নাৰিকল গছে চাৰিকুৰি বছৰ পৰ্যন্ত ফল দিবলৈ সক্ষম৷ 
নাৰিকলৰ বগা কোমল অংশ কেঁচাই খোৱাৰ উপৰিও ইয়াৰ পৰা গাখীৰ, তেল প্ৰস্তুত কৰিব পাৰি ৷ ডাব নাৰিকলৰ পানীয়ে গ্ৰীষ্মকালত স্বাস্থ্য সতেজ কৰি ৰাখে৷ নাৰিকলৰ ফুলৰ পৰা নিঃসৃত ৰসক কিন্বন ঘটাই সোমৰস প্ৰস্তুত কৰি কিছু জনগোষ্ঠীয়ে পৰম্পৰাগত পানীয় ৰূপে পৰিবেশন কৰে৷ ইয়াৰ উপৰিও, নাৰিকলৰ বকলাটোৰ পৰা আঁহ উলিয়াই বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰি৷ এই আঁহ ধূনা জ্বলাবলৈও ব্যৱহৃত হয়৷

পুষ্টিগত মানদণ্ড

এশ গ্ৰাম নাৰিকলৰ পুষ্টিগত মানদণ্ড বিশ্লেষণ কৰিলে দেখা যায়,- শক্তিঃ ৩৫৪ কিলো কেলৰি, কাৰ্বহাইড্ৰেটঃ ২৪.২৩ গ্ৰাম, শৰ্কৰাঃ ৬.২৩ গ্ৰাম, খাদ্যযুক্ত আঁহঃ ৯.০ গ্ৰাম, চৰ্বিঃ ৩৩.৪৯ গ্ৰাম, প্ৰ’টিনঃ ৩.৩৩ গ্ৰাম থকাৰ লগতে ভিটামিন সমূহ ক্ৰমে, থায়ামিনঃ ০.০৬৬ মিঃগ্ৰাঃ, ৰিব’ফ্লেভিনঃ ০.০২ মিঃগ্ৰাঃ, নিয়াচিনঃ ০.৫৪মিঃগ্ৰাঃ, পেণ্ট’থেনিক এচিডঃ ১.০১৪ মিঃগ্ৰাঃ; ইয়াৰ উপৰিও, কেলচিয়ামঃ ১৪.০ মিঃগ্ৰাঃ, লোঃ ২.৪৩ মিঃগ্ৰাঃ, মেগনেছিয়ামঃ ৩২ মিঃগ্ৰাঃ, ফছফৰাছঃ ১১৩ মিঃগ্ৰাঃ, পটাচিয়ামঃ ৩৫৬মিঃগ্ৰাঃ, জিংকঃ ১.১ মিঃগ্ৰাঃ, পানীঃ ৪৭ গ্ৰাম থাকে৷ 
আনহাতে প্ৰতি এশ গ্ৰাম নাৰিকল পানীৰ পুষ্টিগত মানদণ্ড বিশ্লেষণ কৰিলে দেখা যায়,- শক্তিঃ ১৯ কিলোকেলৰি, কাৰ্বহাইড্ৰেটঃ ৩.৭১ গ্ৰাম, শৰ্কৰাঃ ২.৬১ গ্ৰাম, খাদ্যযুক্ত আঁহঃ ১.১ গ্ৰাম, চৰ্বিঃ ০.২ গ্ৰাম, প্ৰটিনঃ ০.৭২ গ্ৰাম; আনহাতে, ভিটামিন সমূহৰ ভিতৰত, থায়ামিনঃ ০.০৩ মিঃগ্ৰাঃ, ৰিব’ফ্লেভিনঃ ০.০৫৭ মিঃগ্ৰাঃ, নিয়াচিনঃ ০.০৮ মিঃগ্ৰাঃ; ইয়াৰ লগতে, কেলচিয়ামঃ ২৪.০ মিঃগ্ৰাঃ, লোঃ ০.২৯ মিঃগ্ৰাঃ, মেগনেছিয়ামঃ ২৫ মিঃগ্ৰাঃ, ফছফৰাছঃ ২০ মিঃগ্ৰাঃ, পটাচিয়ামঃ ২৫০ মিঃগ্ৰাঃ, জিংকঃ ০.১ মিঃগ্ৰাঃ, পানীঃ ৯৫ গ্ৰাম থাকে৷

নাৰিকলৰ ভাল সঁচ নিৰ্বাচন

 

নাৰিকলৰ ভাল সঁচ বুলি ক’বলৈ গলে ”টি. X ডি. বৰ্ণসংকৰ” চাপৰ জাতবিধ, থলুৱা ”আছাম টল”, ”বেংগল চিলেক্টেড” আৰু ”বেংগল হাজাৰী”য়েই প্ৰধান ৷ সঁচ সংগ্ৰহৰ সময়ত ২০-৬০ বছৰৰ ভিতৰৰ তুলনামূলকভাৱে অধিক আৰু প্ৰতি বছৰে স্থিৰসংখ্যক লাগনি দিয়া গছ বাচনি কৰি, অক্টোবৰৰ পৰা জানুৱাৰী মাহৰ ভিতৰত বীজৰ বাবে নাৰিকল পাৰিব লাগে৷ লগতে, নৱেম্বৰৰ পৰা ফেব্ৰুৱাৰী মাহৰ ভিতৰত বীজ সিঁচিব লাগে৷ পুলিবাৰীৰ ভেঁটিটো খেতিয়কৰ সুবিধানুযায়ী কৰিব পাৰে যদিও, অভিজ্ঞতা নথকা সকলে ৩০ ছেন্টিমিটাৰ ওখ, ৭.৫ মিটাৰ দীঘল আৰু ১ মিটাৰ বহল ভেঁটি প্ৰস্তুত কৰিব পাৰে৷ ভেঁটিত ৩০ ছেণ্টিমিটাৰৰ ব্যৱধানত তিনিটা শাৰী কৰি প্ৰত্যেক শাৰীত ৩০ ছেণ্টিমিটাৰৰ অন্তৰে অন্তৰে নাৰিকলটো ঢাক যোৱাকৈ গাঁত খান্দিব লাগে৷ পঁচোৱাৰ আগতে নাৰিকলৰ দুটা শীৰৰ মাজৰ বহল পিঠিখন ওপৰফালে পথালিকৈ ৰাখি পুতিব লাগে৷ ভালকৈ প্ৰতিপালন কৰি এবছৰৰ পাচত পাঁচটা বা ততোধিক পাত ওলোৱা আৰু তলফালৰ এটা বা দুটা পাত ফালিবলৈ ধৰা নিৰোগী পুলি বাচনি কৰিব লাগে৷

বাৰীখন কেনে হোৱা দৰকাৰ?

নাৰিকল বাৰীৰ বাবে ওখ, ৰ’দ পৰা আৰু বাৰিষা পানী জমা নোহোৱা জেগাৰ পলসুৱা বালিচহীয়া মাটিয়েই উত্তম৷ মাটিডৰা ভালদৰে চহাই নিৰ্দিষ্ট দূৰত্বত, পুলি ৰোপণৰ এমাহৰ আগতেই গাঁত খান্দিব লাগে৷ প্ৰত্যেক গাঁতৰ আয়তন এক ঘনমিটাৰ (মানে দৈৰ্ঘ্য-প্ৰস্থ- উচ্চতা ১ মিটাৰকৈ) হ’ব লাগে আৰু প্ৰতিটো গাঁতৰ পৰস্পৰৰ মাজৰ ব্যৱধান ৭.৫ মিটাৰ হোৱা আৱশ্যক৷ বালিচহীয়া মাটি বিচাৰি নাপালে, পুলি ৰোপণৰ পূৰ্বে নদীৰ বালিৰে গাঁতৰ আধালৈকে ভৰাই ল’ব লাগে৷ নাৰিকল ৰোপণৰ আগতে মাটিডৰাক আৰ্দ্ৰ কৰি ৰাখিবলৈ গাঁতৰ তলৰ ১৫ ছেন্টিমিটাৰ মান ঠাই নাৰিকলৰ বাকলিৰে পুতিব লাগে৷ নাৰিকলৰ বাৰীখন ওখ হ’লে মাৰ্চ-এপ্ৰিল মাহত আৰু বামমাটি হ’লে চেপ্টেম্বৰ- অক্টোবৰ মাহত পুলি ৰুব লাগে৷ আগতে কৈ অহা ধৰণে খন্দা গাঁতত ২০ কিলোগ্ৰাম মান শুকান গোৱৰ বা পচন সাৰ, ২০০ গ্ৰাম মালাথিয়ন ৫% পাউডাৰ বা ১০০ গ্ৰাম এল্ডেক্স ৫% পাউডাৰ আৰু আগেয়ে খন্দা মাটিৰ মিশ্ৰণেৰে গাঁতৰ দুই তৃতীয়াংশ ভৰ্ত্তি কৰিব লাগে৷ পাছত নাৰিকল পুলিটো গাঁতৰ সোঁমাজত থিয়কৈ ৰাখি পুতি পেলাব লাগে৷ ইয়াৰ পাছত পুলিৰ চৌপাশে ধেনুভিৰীয়াকৈ মাটিৰ ঢিপ সাজি দিলে পানী জমা নহ’ব৷ দুই-তিনিমাহৰ অন্তত পুলি সজাল ধৰিলে কাষৰ মাটি চুৰুকি গাঁতটো সম্পূৰ্ণকৈ পুতি পেলাব লাগে৷

সাৰৰ পৰিমাণ আৰু প্ৰয়োগবিধি

প্ৰতিবছৰে বাৰিষা আৰম্ভ হোৱাৰ আগত এবাৰ আৰু পাছত এবাৰ, মুঠতে দুবাৰকৈ নাৰিকল গছত সাৰ প্ৰয়োগ কৰিব লাগে৷ এবছৰীয়া নাৰিকল গছক প্ৰয়োজন হোৱা গোবৰ, ইউৰীয়া, একক চুপাৰ ফচফেট, মিউৰেট অৱ পটাচ আৰু বৰাক্স সাৰৰ পৰিমান ৫ কিলোগ্ৰাম, ৩০০ গ্ৰাম, ৫০০ গ্ৰাম, ৩৫০ গ্ৰাম আৰু ৫০ গ্ৰাম৷ ইয়াৰে বৰাক্সৰ বাদে বাকীকেইটা সাৰ প্ৰতিবছৰে বঢ়াই যাব লাগে৷ দুবছৰত দুগুণ, তিনিবছৰত তিনিগুণ, চাৰি বছৰত চাৰিগুণ আৰু পাঁচ বছৰত পাঁচগুণ ৷ পাঁচবছৰ বয়সৰ ওপৰত এইমাত্ৰা স্থিৰ ৰাখিব লাগে৷

ৰাসায়নিক সাৰখিনি সমানে দুইভাগত ভাগ কৰি এভাগ মাৰ্চ-এপ্ৰিল মাহত আৰু আনভাগ চেপ্টেম্বৰ-অক্টোবৰ মাহত প্ৰয়োগ কৰিব লাগে৷ এবছৰীয়া, দুবছৰীয়া আৰু তিনিবছৰীয়া নাৰিকল গছৰ গুৰিৰ পৰা ৫০ ছেণ্টিমিটাৰ; চাৰি আৰু পাঁচ বছৰীয়া গছত গুৰিৰ পৰা ১০০ ছেণ্টিমিটাৰ; আৰু পাঁচ বছৰৰ ওপৰৰ গছত গুৰিৰ পৰা ১৫০ ছেণ্টিমিটাৰ দূৰত্বৰ ব্যাসাৰ্ধত বৃত্তাকাৰে পাতলীয়া আঙুঠিৰ দৰে নলা খান্দি সাৰ-গোৱৰৰ মিশ্ৰণটো প্ৰয়োগ কৰা উচিত৷ খৰাং পৰিস্থিতিত আৰ্দ্ৰতা কমি গ’লে পানী প্ৰয়োগ কৰা প্ৰয়োজন৷

পোক-পতংগ আৰু ৰোগ-ব্যাধি

বিভিন্ন ধৰণৰ পোক-পতংগ আৰু ৰোগ-ব্যাধিয়ে নাৰিকল গছক আক্ৰমণ কৰা পৰিলক্ষিত হয়৷ গঁড়পোক, উঁইপোক, ফল ও ফুলখাদক পোক আৰু ঘূণেধৰা পোকৰ লগতে থোঁৰ পাত পঁচা বেমাৰ, মুকুট বন্ধন, কোঁহ পচা, গা-গছৰ ৰস নিৰ্গত হোৱা আৰু গেণ’ডাৰ্মাই প্ৰধান৷ পোক-পতংগৰ বাবে ২ মিলিলিটাৰ ডাইমিথয়েট প্ৰতিলিটাৰ পানীত মিহলাই প্ৰয়োগ কৰা উচিত৷ ভেঁকুৰ জাতীয় ৰোগৰ পৰা মুক্তি পাবলৈ বৰড’মিশ্ৰণ (চূণ আৰু তুতীয়াৰ পৰা প্ৰস্তুত ভেঁকুৰনাশক) প্ৰয়োগ কৰা উচিত৷ বৰন(Boron)ৰ অভাৱত ফল সৰা দেখা যায়, সেয়ে প্ৰতি বছৰে নাৰিকল গছৰ গুৰিত ৫০ গ্ৰাম বৰাক্স প্ৰয়োগ কৰা প্ৰয়োজন৷ ১ মিঃগ্ৰাঃ প্লেনোফিক্স নামৰ হৰমন ১০ লিটাৰ পানীত মিহলাই গৰ্ভধাৰণ হোৱাৰ পাছত ফুলৰ থোকত প্ৰয়োগ কৰক আৰু ইয়াৰ এমাহৰ পাছত ২ মিঃগ্ৰাঃ প্লেনোফিক্স ১০ লিটাৰ পানীত মিহলাই ছটিয়াওক৷

এইধৰণে পৰিচৰ্যা তথা প্ৰতিপালন কৰি নাৰিকলৰ উৎপাদন বৃদ্ধি কৰিব পাৰি ৷ কিয়নো আমি পাহৰি গ’লে নহ’ব যে,- নাৰিকল উৎপাদনত ফিলিপাইনছ আৰু ইণ্ডোনেছিয়াৰ পাছত ভাৰতৰ স্থান পৃথিবীৰ ভিতৰতে তৃতীয়৷ ভাৰতে প্ৰতিবছৰে ১০.৮ লাখ টন নাৰিকল উৎপাদন কৰে৷ সুপৰিচৰ্যাই অধিক উৎপাদন সম্ভৱ কৰি তুলিব৷

ৰুদ্ৰ নাৰায়ণ বৰকাকতি

শেহতীয়া উন্নীতকৰণ: : 6/17/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate