মূল পৃষ্ঠা / কৃষি / অসমৰ খেতিসমূহ / ফুল চপোৱাৰ পিছত ল’বলগীয়া ব্যৱস্থাপনা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ফুল চপোৱাৰ পিছত ল’বলগীয়া ব্যৱস্থাপনা

ফুল চপোৱাৰ পিছত ল’বলগীয়া ব্যৱস্থাপনাৰ বিষয়ে লিখা হৈছে

ফুল খেতিত বজাৰৰ দূৰত্বই চপোৱাৰ সময় নিৰ্ধাৰিত কৰে, অৱশ্যে সঠিক সময়ত চপোৱা ফুলৰ ক্ষেত্ৰতো ল’ব লগীয়া সঠিক ব্যৱস্থাপনাৰ অভাৱত বহুবোৰ ফুলৰ লোকচান হয়। গোলাপ, ৰজনীগন্ধা আৰু ইন্দ্ৰমালতীৰ ক্ষেত্ৰত বৈজ্ঞানিক পদ্ধতিৰে ল’ব লগা ব্যৱস্থাপনাৰ বিষয়ে ইয়াত আলোচনা কৰা হৈছে।

গোলাপ ফুল

 

সকলো ফুল দিনটোৰ ঠাণ্ডা সময়খিনি অর্থাৎ ৰাতিপুৱা সোনকালে অথবা আবেলি বতৰ জুৰ পৰাৰ পাছত ছিঙা বা কটাটো বাঞ্ছনীয়। গছৰ পৰা কটাৰ লগে লগেই গোলাপৰ ঠাৰি ডাল চাফা পানীত ডুবাই থ’ব লাগে। এই কামত পলম হ’লে ঠাৰিৰ ভিতৰত বায়ু সোমাই পানীৰ চলাচলত ব্যাঘাত জন্মায় আৰু ফুলপাহ সময়তকৈ সোনকালেই মৰহিবলৈ আৰম্ভ কৰে। যদিহে ঠাৰিডাল কটাৰ পাছতেই পানীত জুবুৰিওৱা নহয়, তেন্তে পানীত জুবুৰিওৱাৰ পাছত পানীৰ তলত থকা অৱস্থাতে ঠাৰিৰ তলৰ ২ ছেঃ মিঃ অংশ কাটি দিয়াটো প্রয়োজনীয়। গোলাপৰ ঠাৰিৰ দৈৰ্ঘ্যৰ ওপৰত নিৰ্ভৰ কৰি ভিন্ন আকাৰৰ CFB বাকচত (কাগজৰ কার্টুন) ফুলবোৰ বজাৰৰ বাবে ভৰোৱা হয়। ১০০ ছেঃ মিঃ দীঘল, ৩২.৫ ছেঃ মিঃ বহল আৰু ৬.৫ ছেঃমিঃ ওখ আয়তনৰ এটা বাকচত ৬৫-৭০ ছেঃ মিঃ দৈর্ঘ্যৰ ঠাৰিযুক্ত ৮০ পাহ ফুল ভৰাব পৰা যায়। ফুলবোৰ বাকচত ভৰোৱাৰ আগত বাকচৰ ভিতৰত পলিথিনেৰে আৱৰণ দি ল’ব লাগে, এনে কৰিলে ফুলত থকা পানীভাগ বাকচৰ কাগজে শুহি ল’ব নোৱাৰে। ফুলবোৰত মেৰিয়াই ল’লে বাকচৰ কাগজে ফুলবোৰক বেয়া কৰিব নোৱাৰে তথা ফুলত থকা পানীভাগ ধৰি ৰাখি ফুলবোৰ অধিক সময় সতেজ কৰি ৰাখে। বেছি দিনলৈ ফুল সতেজ কৰি ৰাখিবৰ বাবে ৫% চুক্ৰজ (১০০ মিলিলিটাৰত ৫ গ্রাম) বা ২০০ পি পি ৪ HQC (২০০ মিলিগ্রাম প্রতি লিটাৰত) আৰু ৫০ পি পি এম চিলভাৰ এছিটেটৰ (৫০ মিলিগ্রাম প্রতি লিটাৰত) মিশ্রণত ডুবাই ৰাখিব লাগে। বতাহ চলাচলৰ বাবে কাগজৰ বাকচবোৰৰ চাৰিওবেৰত ফুটা থকা প্রয়োজনীয়।

ৰজনীগন্ধা

 

ৰজনীগন্ধা ফুলবোৰ ঠাৰিত লাগি থকা অৱস্থাত (cat flower) হিচাপে অথবা ঠাৰিৰ পৰা ছিঙি এপাহ এপাহকৈ অর্থাৎ, (cat flower) হিচাপে বজাৰত বিক্ৰী কৰা হয়। এপাহ এপাহকৈ ছিঙি অনা ফুলবোৰ পলিথিনৰ পেকেট বা বাঁহৰ খৰাত ভৰাই বজাৰলৈ নিয়া হয়। ঠাৰিত লাগি ফুলবোৰ (cat flower) ঠাৰিৰ দৈর্ঘ্যতা, ফুলৰ মান, এডাল ঠাৰিত থকা ফুলৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি বৰ্গীকৰণ কৰা হয়। দূৰণিৰ বজাৰলৈ পঠিয়াবৰ বাবে ৫০-১০০ টা ঠাৰিযুক্ত ফুল একগোট কৰি ঠাৰিৰ তল অংশ বাতৰি কাকতেৰে মেৰিয়াই দিয়া হয়। এনেদৰে কৰা গোটবোৰ বগা টিচু পেপাৰ বা কোমল পলিথিনেৰে মেৰিয়াই কাগজৰ বাকচত ভৰাই বজাৰলৈ পঠিওৱা হয়। ঠাণ্ডা ঠাইত থোৱা ফুলবোৰ অধিক সময় সতেজ হৈ থাকে আৰু ফুলবোৰ সতেজ কৰি ৰাখিবৰ বাবে ২% চুক্ৰজ (প্রতি লিটাৰত ২০ গ্ৰামকৈ) আৰু ২০০ পি পি এম ৮ -HQC (গোলাপৰ ক্ষেত্ৰত দিয়া ধৰণে) মিশ্রণ কৰি ঠাৰিবোৰ ডুবাই ৰাখিব লাগে।

ইন্দ্ৰমালতী

 

ফুলৰ আকাৰ, ৰং, ঠাৰিৰ দৈর্ঘ্য আৰু সৱলতাৰ ওপৰত নিৰ্ভৰ কৰি ইন্দ্ৰমালতী ফুলৰ বৰ্গীকৰণ কৰা হয়। বর্ণ অনুসৰি ফুলবোৰ ভিন্ন আকাৰৰ কাগজৰ বাকচত ৰখা হয়। ফুলবোৰৰ ঠাৰিডাল পোন কৰি থ’বৰ বাবে ৫ ছেকেণ্ডৰ কাৰণে ঠাৰিবোৰ ১২০০-৪৮০০ পি পি এম চিলভাৰ নাইট্রেট (১.২-৪.৮ গ্রাম লিটাৰত) মিশ্রণত ডুবাই তাৰ পাছত পেকিং কৰিব লাগে। ইন্দ্ৰমালতী ফুলৰ বাবে সাধাৰণতে ৯১×৪৩×১৫ ঘন ছেঃ মিঃ আয়তনৰ বাকচ ব্যৱহাৰ হয়।

উৎস: দৈনক জনমভূমি (শেৱালি শইকীয়া আৰু অশোক কমল গগৈ)

2.96551724138
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top