অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ইন্দ্রমালতী

ইন্দ্রমালতী

জাত

(ক) টাবত কৰাৰ উপযোগী

১) সৰুজাতৰ (spray) ৰবি কিৰণ, প্রফেচৰ হেৰিচ, অনুপম, পি চি-২১, ত্র ত্র ইউ চি চি-২, নিৰদ, ইয়েল্ল ডেকোৰেটিড, বাচন্তি, শদ ভাবনা, ইয়েল্ল লোল্ভ, অপৰাজিতা আৰু ইয়েল্ল বাংলা।

ডাঙৰ জাতৰ

স্নো বল, চিল্ক ব্রোকেড, সোণালী তাৰা, হার্ডচস্তন, আলফ্রেদ চিমচন, কিকুবিয়ৰী ,ষ্টনলিগচলিং, হোৱাইট স্পাইদাৰ, কোচা গ্রাণ্ডি হোৱাইট, কোচা গ্রাণ্ডি ইয়েল্ল, গ্লোৰিয়া ডিও'।

খ) মুকলী পথাৰত কৰিবৰ বাবে উপযোগী জাত

১) সৰু জাতৰ (Spray)

পাৰপল ডেকাৰতিড, পাৰপল এনিমোন, ৰবি কিৰণ, গোলমোহৰ, ইয়েল্ল ডেকাৰটিড, র্ফ্লাট ,শদভাৱনা,বাসন্তি , ত্র -ত্র ইউ ,চি চি-২।

ডাঙৰ আকাৰৰ (Standard) জাত স্নোবল ,ডাইমণ্ড জুবিলি ,সোনাৰ বাংলা ,হোৱাইট স্পাইডাৰ , হাউচস্তন , ষ্টেনলি গচলিং , ড০ এৰাবি ক্রচ ,ডিগনিটি ,হেথাৰ জেম ,গোলেণ্ড জায়েন্ত

ৰোপন সামগ্রী

মৌচুমী ইন্দ্রমালতী গুটিৰ পৰা কৰা হয় কিন্ত্ত বহুবর্ষী ইন্দ্রমালতী পোখা বা কাটিংৰ পৰা কৰা হয়। পোখা সমূহ ফেব্রুৱাৰী /মার্চত ৰোৱা হয়। কাটিংৰ দৈর্ঘতা ৫-৭ চে:মি: হব লাগে আৰু মে -পৰা আগষ্ট মাহলৈ কাটিং কৰিব পাৰি। কাটিংৰ তলৰ পাত সমূহ গুচাই দিব লাগে আৰু কটা অংশত সোনকালে শীপা আহিবলৈ ৰুটেস্ক পাউদাৰ লগাই বালি বা বালি +পিতমচ বা ভাৰমিকুলাইট ৩ ৰুব লাগে শীপা ওলোৱা কাটিং

ৰোৱা সময়

শীপা ওলোৱা কাটিং জুন মাহৰ পৰা চেপ্তেম্বৰ মাহত ৰুলে ভাল ফল আশা কৰিব পাৰি।

টাবত ৰোৱা পদ্ধতি : পোখাৰ পৰা কৰা পুলি সমূহ ফেব্রুৱাৰী মাহত টাবত লগাব লাগে আৰু কাটিংৰ পৰা কৰা পুলি সমূহ জুলাইৰ পৰা চেপ্তেম্বৰমাহতটাবত লগাব লাগে । নতুনকৈ লগোৱা কাটিং সমূহ ৭ দিনৰ বাবে চা ঠাইত ৰাখিব লাগে।

পৰিচর্য়্যা

বাঢ়ি অহা গছজোপাৰ আগলি অংশ ছেদন দ্বিতীয় আৰু তৃতীয় বাৰ কৰিলে গছজোপা জোপোহা হয় । পানী যোগানৰ টাবত ৰোৱা গছজোপা প্রত্যেক দিনে ৰাতিপুৱাৰ জাত পানী যোগানৰ ব্যৱস্থা কৰিব লাগে । গছজোপা পোন কৰি ৰাখিবৰ বাবে বাহঁ খুটা পুতি দিব লাগে।

সাৰ প্রয়োগ

মুকলি পথাৰত বা পলি হাউচৰ ভিতৰত কৰিবলৈ ৪৫ গ্রাম ইউৰিয়া ,১২৫ গ্রাম একক চুপাৰ ফছফেট আৰু ৩৩ গ্রাম মিউৰেট অব পটাচ সাৰ প্রতি বর্গ মিটাৰ মাটিত প্রয়োগ কৰিব লাগে । পনীয়া সাৰ ১০ দিনৰ মুৰে মুৰে পানী দিয়াৰ পাচত প্রয়োগ কৰিব লাগে।

পনীয়া সাৰ বনোৱা পদ্ধতি

১ বোমি গোবৰ আৰু ১০০ গ্রাম খলিহৈ ১০ লিটাৰ পানীত মিহলাই ৭ দিনৰ বাবে গেৰাই ৰাখিব লাগে। মাজে মাজে লৰাই ৰাখিব লাগে। ৭ দিনৰ পাচত এমগ পনীয়া সাৰ ১০ মগ পানীৰ লগত মিলাই গছৰ গুৰিত প্রয়োগ কৰিব লাগে। 
পনীয়া সাৰ গছজোপা থন ধৰাৰ লগে লগে আৰম্ভ কৰি বালিয়ে ৰং দেখা দিয়াৰ লগে লগে দিয়া বন্ধ কৰিব লাগে।

হৰমনৰ প্রয়োগ

পুলি ৰোৱাৰ ৩০ দিনৰ পিচত ৪০ পি পিজ এম GA3 প্রয়োগ কৰিলে গছৰ শ্রীবৃদ্ধি হয আৰু লগতে ফুলৰ সংখ্যা আৰু আকাৰ বৃদ্ধি হয়। কিন্ত্তফুল সোনকালে পাবলৈ ১০ পি পি এম GA3 প্রয়োগ কৰিব লাগে।

৫০০০ পিপি এম Ccc প্রয়োগ কৰি ডাঙৰ আকাৰৰ ইন্দ্রমালতী ফুলৰ আকাৰ বৃদ্ধি হয় আৰু সৰু আকাৰত ইন্দ্রমালতীৰ ঠাল-ঠেঙুলি বাঢ়ি যায় । ইয়াৰ উপৰি ১০,০০০ ১০,০০০ পিপি এম ,b-9 প্রয়োগ কৰিলে সাধাৰণ আগলি অংশ চেদনতকৈ ভাল ফল পোৱা যায়।

কীট-পতঙ্গঁ

মোৱা পোকৰ পৰা হাত সাৰিবলৈ মালাথিয়ন ৫০ Fc. ১.৫ মিলি লিটাৰ ১ লিটাৰ পানীত মিহলাই ১০ দিনৰ মুৰে মুৰে প্রয়োগ কৰিব লাগে। পি বেমি লুপাৰ আৰু বিছা পোকৰ পৰা প্রতিত্রান পাবলৈ ৰগত ১ মিলি লিটাৰ ১ লিটাৰ পানীত মিহলাই ১০ দিনৰ মুৰে মুৰে প্রয়োগ কৰিব লাগে।

বেমাৰ

পাতত দাগ পৰা বেমাৰৰ পৰা হাত সাৰিবলৈ কাৰর্বেনদাজিম ৫০ Bc ১.৫ গ্রাম ১ লিটাৰ পানীত মিহলাই প্রয়োগ কৰিব লাগে । ভাইৰাচ আক্রমণ কৰিলে গছজোপা উঠাই নষ্ট কৰি পেলাব লাগে ।

লাভ-লোকচান

(১) সৰু আকাৰৰ ইন্দ্রমালতী - মুকলি পথাৰ মাটিত ভেটি কৰি ১:৫ .১৫ Cost of cultivation Rs. 67,480 
পট - ১:২.১৩ Cost of cultivation 16.00

(২)ডাঙৰ আকাৰৰ ইন্দ্রমালতী- মাটিত ভেটি কৰি ১:৪.৮৮ Cost of cultivation 67,480
পট - ১:৩.৭১ Cost of cultivation 17.00

(৩)ৰোপন সামগ্রী (কাটিং) প্রস্তুতি - ১:৭.৯৩ Cost of cultivation Rs 22,680

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 5/28/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate