অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গোলাপ ফুল

জাত

হাইব্রিড টি - চুপাৰ ষ্টাৰ ,অর্জুন, মাল মখমল, হেপিনন,ৰক্তগন্ধা এনদলেচ স্পাক ,এভন ,ব্লুমুন ,চেঞ্চুৰী টু ,খ্রীষ্টিয়ান ডায়ৰ ক্রিমচন গ্লোৰি ,ফাষ্ট প্রাইজ ফ্রেণ্ডচিপ ,ইলোনা,কিচ অস্ক ফায়াৰ জৱাহৰ।

ফ্লৰিবান্দা : কুইন এলিজাবেথ ,মেৰুণিমা ,বঞ্জাৰণ , চন্দ্রমা ,মোহিনী ,সূর্য্যকিৰণ ,সিন্দুৰ ।

পলিএন্ঠা : অঞ্জলী , নর্তকী ,পিংক চার্ৱাছ ,ইকো ,কেমিও ।

ৰেমলাৰ : আমেৰিকান পিলাৰ ,এলবাৰটাইন ।

মিনিয়েচাৰ : ক্রিক্রি, মিমি, বণী ,চন্দিকা ,পুস্কালা ,চিন্দেলা ,র্ডাক , কাৰলিন , বিউটি ,ষ্টাৰিনা ।

ৰোপণ সামগ্রী

গোলাপ সাধাৰণতে পুৰঠ শাখাকলমৰ দ্বাৰা কৰা হয় । কিন্ত্ত ব্যৱসায়িক ভিত্তিত গোলাপফুলৰ খেতি "বাডিং নাইবা কলিকলম"ৰ দ্বাৰা কৰা হয় । কলিকলম সমূহ নিদিষ্ট নার্চাৰীৰ পৰা সংগ্রহ কৰিব লাগে ।

ৰোপণ

গোলাপৰ পুলি ৰোপণৰ বাবে ৭৫-৯০ ছেন্টিমিটাৰ দ গাত কৰি মাটিখিনি শুকুৱাই লৈ সেই গাতটোৰ তলৰ অংশ পচনসাৰৰ দ্বাৰা পূৰ কৰি ওপৰ অংশ মাটি দি পূৰ কৰিব লাগে । গোলাপৰ নতুন কলিকলম বা নতুন গোলাপ পূলি সাধাৰণতে ছেপ্তেম্বৰ মাহৰ পৰা ডিচেম্বৰ মাহৰ ভিতৰত ৰুলে ভাল ফল পাব পাৰি । ৰোৱাৰ পিছত পূলিৰ চাৰিওফালৰ মাটিখিনি চপাই ভালদৰে পানী দিব লাগে ।

মাটি

সকলোধৰণৰ পানী জমা নোহোৱা সাৰুৱা মাটিত গোলাপৰ খেতি কৰিব পাৰি ।

পৰিচর্য্যা

কলিকলমৰ পৰা কৰা গোলাপৰ প্রকন্দৰ(Root stock)পৰা ওখোৱা পোখাসমূহ লগে লগে আতৰাই দিব লাগে। শুকান, দুর্বল, ওপৰা-ওপৰিকৈ থকা ডাল বা বেমাৰ নাইবা পোকৰ দ্বাৰা আক্রান্ত ডালবিলাক আতৰাই পেলাব লাগে । উপৰোক্ত ডালসমূহ বাহিবলৈ মূখ কৰি থকা কলিৰ ঠিক ওপৰত কাটিব লাগে। (Pruning) কৰাৰ লগে লগে অর্থাত্ অক্টোবৰ - নবেম্বৰ মাহত গছৰ চাৰিওফালৰ ওপৰৰ মাটি ১০-১৫ ছেন্টিমিটাৰ দ কৈ খান্দি ২-৩ দিন পর্য্যন্ত ৰাখি থব লাগে ; তাৰ পিছত আধাপাচি শুকান গোবৰ দি পূৰ কৰি মাটি দি ঢাকি দিব লাগে । গছৰ গুৰিৰ মাটিখিনি ভালদৰে হেচি দি পোতাৰ পিছত গুৰিটো পানীৰে বুৰাই দিব লাগে । প্রতি জোপা গছত ১০ গ্রাম পৰিমাণৰ ইউৰিয়া গছৰ গুৰিৰ পৰা ২০ ছেন্টিমিটাৰ আতৰত ৰিং কৰি প্রয়োগ কৰিব লাগে ।

২ ভাগ ইউৰিযা ,১ ভাগ ডাইহাইড্র'জেন এমনিয়াম ফছফেট ,১ ভাগ পটাছিয়াম নাইট্রেত আৰু ১ ভাগ পটাছিয়াম ফছফেটৰ ৩ গ্রাম মিশ্রণ ১ লিটাৰ পানীত মিহলাই পাতত স্প্রে কৰিব লাগে। এই মিশ্রিত দ্রৱণটো পাতৰ আৰু ঠাৰিৰ দুয়োফালে স্প্রে কৰিব লাগে । প্রয়োজন অনুসৰি এই দ্রৱণটোৰ লগত কীটনাশক মিহলাই স্প্রে কৰাটো ভাল।

(Pruning) কৰাৰ ৫ সপ্তাহৰ পিছত ১০ দিনৰ ব্যৱধানত এই দ্রৱণটো স্প্রে কৰি সুফল পাব পাৰি।

জলসিঞ্চণ

মাটিত জীপ ধৰি ৰাখিবৰ বাবে প্রয়োজন অনুসাৰে পানী প্রয়োগ কৰিব লাগে । গছজোপাৰ শিপাই যাতে অধিক পানীত তিতি নাথাকে তাৰ প্রতি চকু দিব লাগে ।

কীট-পতঙ্গ

ৰেড্ স্কেল: এই পোকে গছজোপাৰ ঠাৰিবোৰ ঢাকি পেলায় আৰু বিভিন্ন্ অংশৰ কোষসমূহৰ পৰা ৰস শুহি লয় ।

প্রতিকাৰ

এক লিটাৰ পানীত ০.১ শতাংশ পৰিমাণৰ ৰগত মিহলাই বহা'গ আৰু আহিন মাহত স্প্রে কৰিব লাগে।

ডাইবেক ,পাওদাৰিমিলডি ,ব্লেক স্পট আদি সাধাৰণতে হোৱা গোলাপৰ বেমাৰ। প্রুনিংৰ পিচত ডাইবক বেমাৰ হোৱা দেখা যায় সেইবাবে প্রুনিং কৰা অংশত স্প্রে কৰিব লাগে। ব্লেক স্পটৰ বাবে ০.২% ভেকুৰ নাশক কেপটান ৫০ ডব্লিও পি স্প্রে কৰিব লাগে।

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 5/25/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate