অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বতৰত কৰা ফুলখেতিত শস্য ৰক্ষাৰ ব্যৱস্থা

বতৰত কৰা ফুলখেতিত শস্য ৰক্ষাৰ ব্যৱস্থা

১. মোৱাপোক ,থ্রিপচ্ , হুৱাইটফ্লাই , বিছা জাতীয় পোকৰ পৰা ৰক্ষা পাবলৈ ০.১ শতাংশ ( ১ মিলিলিটাৰ ঔষধ /লিটাৰ পানীত) মালাথিয়ন ঔষধ স্প্রে কৰিব ।

২. পাতত গাঁত কৰা পোক (Leaf miners) ৰ বাবে ০.১ - ০.২ শতাংশ ( ১-২ মি: লিটাৰ ঔষধ / লিটাৰ পানীত ) ৰ'গৰ ঔষধ স্প্রে কৰিব ।

৩. ৰঙা পৰুৱা জাতীয় পোকৰ বাবে মালাথিয়ন ৫ শতাংশ পাউদাৰ ব্যৱহাৰ কৰিব ।

৪. চাঁহি পোক (Mites) ৰ বাবে ০.১ শতাংশ ( ১মি:লি: / লিটাৰ পানীত) কেলথেন স্প্রে কৰিব ।

৫. পাতত বগা পাউদাৰ (Powdery midew আৰু Rust) জাতীয় বেমাৰ পৰা ৰক্ষা পাবলৈ ০.৫ শতাংশ ( ০.৫ মি: লি: / লিটাৰ পানীত ) কেৰাথেন পানীত মিহলি হোৱা পাউদাৰ ঔষধ ব্যৱহাৰ কৰিব ।

৬. এনথ্রেকন'জ্ আৰু দাউনী মিলডিও বেমাৰ বাবে ০.২ শতাংশ দায়থেন জেদ্ - ৭৮ (Diathane 278) ঔষধ ব্যৱহাৰ কৰিব ।

৭. মৰহী যোৱা বেমাৰ (Wilt) নিয়ন্ত্রণৰ বাবে এগ্রচান জি এন (Agrosan GN) নামৰ ঔষধৰ প্রতিকিলোগ্রাম বীজৰ বাবে ২ গ্রাম ঔষধেৰে বীজ শোধন কৰিব ।

৮. পুলি পচাঁ বেমাৰৰ (Dawping - off) বাবে ৪ শতাংশৰ ফৰমেলদিহাইদ (Formaldehyde) মিশ্রণেৰে মাটিডোগৰ তিয়াই দিয়াৰ ব্যৱস্থা কৰিব ।

৯. পাতত দাগ পৰা (Leaf spot) বেমাৰৰ বাবে বৰ'দ মিশ্রণ নাইবা বেভিষ্টিন ০.২ শতাংশ নাইবা কেপটাফ্ ০.২ শতাংশ ব্যৱহাৰ কৰিব ।

১০. ভাইৰাচজনিত বেমাৰৰ বাবে

(ক) আক্রান্তহোৱা গছবোৰ ওভালি পেলাব ।

(খ) ভাইৰাচ বহণকাৰী পোক - পৰুৱাবোৰ নষ্ট কৰিব লাগে

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

 

শেহতীয়া উন্নীতকৰণ: : 1/27/2019



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate