অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বাণিজ্যিক ভিত্তিত নাৰ্জী ফুলৰ খেতি

নাৰ্জী ফুল অতিকৈ ধুনীয়া আৰু মনোমোহা ফুল। বছৰৰ ১২ মাহেই এই ফুলে মানুহৰ সমাদৰ পায়, কিয়নো নাৰ্জী ফুল আজিৰ দিনত বিভিন্ন কাৰ্য্যত ব্যৱহাৰ হয়, যেনেঃ-গণতন্ত্ৰ দিৱস, স্বাধীনতা দিৱস, জন্মদিন, অতিথিক আদৰ জনোৱা, উদ্ধোধনী অনুষ্ঠানত, পূজা-অৰ্চনা, বিবাহানুষ্ঠানত ৰভাতলি সজোৱা, দৰাৰ গাড়ী সজোৱা, কইনা বহাৰ স্থান সজোৱা, ঘৰ সজ্জাত আদিত ব্যৱহৃত হয়।

নাৰ্জীফুলৰ বাবে প্ৰয়োজনীয় বতৰ

নাৰ্জী ফুলৰ বাবে মধ্যমীয়া জলবায়ুৰ অতি উপযোগী, অতিপাত ঠাণ্ডাও নহয় বা অতিপাত গৰমো হব নালাগে। উত্তৰ পূৰ্বাঞ্চলৰ বিশেষকৈ অক্টোৱৰৰ পৰা ফেব্ৰুৱাৰী মাহৰ সময় খিনি নাৰ্জীফুলৰ বাবে উপযুক্ত সময়। অসমৰ সকলো অঞ্চলতে নাৰ্জী ফুলৰ প্ৰচলন অতি বেছি কাৰণ এইফুল সহজে ৰুই উত্পাদন কৰিব পাৰি।

নাৰ্জী ফুলৰ জাত বাচনি

নাৰ্জীফুল সাধাৰণতে দুই বিধৰ বুলি ধৰা হয়। কিতাপে পত্ৰই পোৱা মতে এবিধ আফ্ৰিকান নাৰ্জীফুল আৰু এবিধ ফ্ৰেন্সৰ নাৰ্জীফুল। পিছে আমি সাধাৰণতে থলুৱা ভাষাত লোকল আৰু চালানী ফুল বুলিহে মুখে মুখে কও। এতিয়া কথা হ’ল লোকেল বা আফ্ৰিকান নাৰ্জী ফুলৰ গছবোৰ প্ৰয়োজনতকৈ অলপ ওখ, দীঘল আৰু ফুলৰ ৰং গাঢ় হালধীয়া, পাতল হালধীয়া হয়। গছবোৰ ওখ ওখ হৈ পৰি ফুল ফুলিলে ওৰ্জন বাঢ়ি ডালবোৰ ভাঙি যাব পাৰে বাবে এইফুলৰ গুড়িতে এটিকৈ বাঁহৰ খুটি পুটি গাঁঠি দি ৰাখিব লাগে।

আনহাতে চালানী নাৰ্জী বা ফ্ৰেন্স নাৰ্জীফুলৰ গছবোৰ চুটি, চাপৰ, ফুলৰ আকাৰ সৰু, আৰু ফুলৰ ৰং—হালধীয়া, মূগা, ৰঙচুৱা বা চকলেট ৰঙৰ হোৱা দেখা যায়। এই ফুল টাবত ৰুই ঘৰ সজ্জিত কৰিবলৈ সুবিধা হয়। সাধাৰণতে ব্যৱসায়িক ভিত্তিত নাৰ্জীফুলৰ খেতি কৰিবলৈ এইবিধ নাৰ্জীহে অতিকৈ উপযোগী বুলি বিবেচনা কৰা হয়।

এতিয়া নাৰ্জীফুল ৰুবৰ বাবে মাটিৰ প্ৰস্তুতি

এই ফুলৰ খেতিৰ বাবে প্ৰায় সকলো ধৰণৰ মাটিতে কৰিব পাৰি যদিও পানী জমা নোহোৱা, ওখ বালিচহীয়া মাটি হলে বেছি ভাল হয়।

ফুলৰ গুটিৰ পৰা পুলি গজোৱা পদ্ধতি

সাধাৰণতে দুই ধৰণে নাৰ্জীফুলৰ বংশবৃদ্ধি কৰিব পাৰি। এক—গুটি বা বীজৰ পৰা, দুই—কলম বা ডাল কাটি ৰোৱা পদ্ধতিৰে। প্ৰথমতে আহো গুটিৰ পৰা ফুলৰ পুলি উত্পাদন---নাৰ্জীফুলৰ বাবে গুটি পচোৱাৰ বা সিঁচাৰ অতি উত্তম সময় হৈছে আগষ্টৰ শেষ বা চেপ্তেম্বৰৰ পহিলা সময়ত। এই সময়ত গুটিবোৰ পচাবলৈ প্ৰথম এক-ডেৰ মিটাৰমানকৈ মাটিৰ পৰা ওপৰত চাঙি পাতি (যাতে মাটিৰ লগত সংস্পৰ্শ নাথাকে) মাটিৰ ভেটি তৈয়াৰ কৰি লব লাগে। থলুৱা ভাবে কৰিবলৈ বালিচহীয়া মাটি আন ঠাইৰ পৰা আনি শুকান গোৱৰ শুকুৱাই চালনীৰে চালি সেই গোৱৰৰ ক্ষুদ্ৰ অংশ চাঙিৰ ওপৰৰ ভেটিত থকা মাটিৰ লগত ভালদৰে মিহলাই লব লাগে। তিনি চাৰি দিনমান পাতলকৈ পানী দি জীপাল কৰি লৈহে গুটি সিঁচিব লাগে। মাটিৰ পৰা হোৱা বেমাৰৰ পৰা হাত সাৰিবলৈ কোনোৱে যদি ৰাসায়নিক দ্ৰব্য বা ঔষধ ব্যৱহাৰ কৰিব খোজে তেনেহলে—০.১ শতাংশ কেপটান, ৪ শতাংশ ফৰ্মেলিনৰে এটি মিশ্ৰন তৈয়াৰ কৰি সেই মিশ্ৰনটো চাঙিৰ ওপৰৰ মাটিৰ ভেটিত ৮ ছে.মি.মান দলৈকে তিতি যোৱাকৈ দিব লাগে। (কিন্তু ব্যক্তিগত ভাবে এই অভাজনৰ নিজা নাৰ্ছাৰীখনত কোনো ধৰণৰ ৰাসায়নিক দ্ৰব্য নিদিয়াকৈ যথেষ্ট ফুল উত্পাদন কৰিবলৈ সক্ষম হৈছিলো, অৱশ্যে সেয়া মাটিৰ গুণাগুণ, চৌপাশৰ পৰিবেশ আদিৰ ওপৰতো নিৰ্ভৰ কৰে বুলি ভাবো।) এতিয়া ভেটিটোৰ ওপৰত ছাঁ পৰাকৈ এখন চালি দি ৰাখিব লাগে আৰু নিয়মীয়াকৈ পাতল কৈ পানী দি থাকিব লাগে। এনেকৈ থোৱাৰ পিছত ৮-১০ দিনৰ ভিতৰত গুটিৰ গজালি আহিব।

ঠিক সেইদৰে কলম বা ডালকটা পদ্ধতিত—কোমল ডালবোৰ কাটিৰুবলৈ সাধাৰণতে চেপ্তেম্বৰৰ শেষৰ ফালে গছজোপাৰ পৰা স্বাস্থ্যবান ডালৰ তিনি চাৰিটামান পাত ৰাখি ১০ ছে.মি.মানকৈ দীঘল ডালৰ হেলনীয়াকৈ ব্লেডেৰে কাটিব লাগে আৰু কটা পাৰিলে হৰমন লগাই ওখ ভেটিত ৰুৱ লাগে। ওখ ভেটি মানে শিৰলুৰ দৰে তৈয়াৰী মাটিৰ ভেটি হলে বেছি ভাল হয়। এনে ভেটিৰ সাধাৰণ শুকান গোৱাৰ, পচন সাৰ আদিৰেই তৈয়াৰ কৰিব পাৰি। কাটি অনা ডালবোৰ ভেটিবোৰত ৰুৱাৰ পিছত নিয়মিত ভাবে পানীৰ যোগান ধৰিব লাগে যাতে ভেটিবোৰত জীপ থাকে। এনেকৈ ৰুৱাৰ ১০-১২,১৪ দিনৰ ভিতৰত কলম দিয়া ডালবোৰত মিহি সৰু সৰু চুলিৰ সদৃশ শিপা গজিবলৈ আৰম্ভ কৰিব আৰু তেতিয়াই ইয়াক মাটিত বা টাবত ৰুৱৰ বাবে উপযোগী হৈ উঠে।

গুটিৰ পৰা পুলি ৰোৱা পদ্ধতিত—মাটিৰ চাঙিত পচোৱা পুলিবোৰ যেতিয়া ৬,৭ চে.মি.মান দীঘল হয় তেতিয়াই পুলিবোৰ উভালি আনি বাগিছা আকাৰে কৰিব বিচাৰিলে মাটিৰ শিৰলুত ৰুব লাগে আৰু, পুলিৰে সৈতে বিক্ৰি কৰিব বিচাৰিলে পলিথিনৰ বেগ বা থোনাত মাটি ভৰাই শাৰী শাৰীকৈ ৰাখি ৰুব লাগে। নিয়মিত ভাবে পানী দিয়াৰ ১৫, ২০ দিনৰ পিছত পলিথিনৰ বেগ বা থোনাত থকা মাটিখিনি খমলা হৈ পৰিব বা টান হৈ পৰিব, সেয়ে থোনা বা বেগবোৰৰ মাটিখিনিৰ খমলাটো হাতেৰে বাহিৰৰ পৰাই অলপ মোহাৰি ভাঙি দিব লাগে, এনে কৰিলে থোনাৰ ভিতৰৰ মাটিখিনি পানী দিলে বেছিকৈ জীপাল হৈ থাকিব আৰু গছবোৰ লহ-পহকৈ বাঢ়িব।

নাৰ্জীফুলৰ পাতত কলা দাগ পৰা ৰোগ

কেতিয়াবা এইবিধ বেমাৰে নাৰ্জীফুলৰ গোটেই খেতিদৰা বা বাগিছা খন চানি ধৰা দেখা যায়। এনে ৰোগৰ পৰা হাত সাৰিবলৈ কেপটাপ নাম ঔষধবিধ একলিটাৰ পানী ২গ্ৰাম মান মিহলাই ৰোগাক্ৰান্ত গছৰ পাতত যন্ত্ৰৰ সহায়ত স্প্ৰে কৰি দিব লাগে, ৰোগ উপশম হোৱা যেন নেদেখিলে অন্তত ৮,১০ দিন মানৰ মূৰে মূৰে এই ঔষধ প্ৰয়োগ কৰিব লাগে।

ফুল কটা বা সংৰক্ষণ

ফুল কটাৰ আগতে অন্তত আগদিনা ফুলগছজোপাৰ গুড়িত পানী দিব লাগে, তেনে কৰিলে ফুলবোৰ পিছৰ দিনা বেছি সতেজ হৈ থাকে। পুৰঠ ফুল ফুলি উঠাৰ পিছত হাতেৰে ছিঙি বাঁহৰ পাচি, খৰাহি বা খাচা জাতীয় পাত্ৰত গোট খুৱাই যাব লাগে। ৰাতিপুৱা সোনকালে বা গধূলি সময়ত ফুল চিঙিলে ফুলবোৰ বহুদিনলৈ সংৰক্ষণ কৰি ৰাখিব পাৰি, ফুলবোৰ সতেজ হৈ থাকে। নিয়মিত ভাবে ফুল ছিঙিলে নাৰ্জী গছজোপাই ফুলৰ উত্পাদন বেছিকৈ দিয়ে।

বজাৰ দখল

পুৱা বা গধূলি সংগ্ৰহ কৰা ফুলবোৰ, নিশাৰ ভিতৰতে ৰছীৰে চিলাই মালা আকাৰে বা কাগজৰ কাৰ্টুনত ফুটা ৰাখি ভালকৈ বান্ধি বজাৰলৈ পঠোৱাৰ ব্যৱস্থা কৰিব পাৰি। পাইকাৰী বা খুচুৰা ভাবেও এই ফুল বজাৰলৈ মুকলি কৰি পৰা যায়। আনহাতে থোনা বা বেগত ৰোৱা পুলিবোৰত যেতিয়া ফুল ফুলিবলৈ আৰম্ভ কৰে তেতিয়াই সেই পুলিবোৰ ফুলৰ সৈতে বজাৰলৈ মুকলি কৰি দিলে বেছি লাভৱান হ’ব পাৰি। পাইকাৰী হিচাপত এনে পুলিৰ পৰা গাইপতি ১০-১৫ টকা পৰ্য্যন্ত মূল্যকৈ উলিয়াই দিব পাৰি। তাৰোপৰি সৰু সৰু টাবত এই পুলিবোৰ ৰুই বজাৰলৈ উলিয়াই দিলে প্ৰতিটো পুলিত টাবৰ সৈতে ৪০-৫০ টকালৈকে দৰ পোৱা যায়।

লিখক: নিতুল বৰা, নগাঁও।

শেহতীয়া উন্নীতকৰণ: : 5/23/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate