অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ৰজনীগন্ধা

জাত

কেলকাটা চিঙ্গল ,মেস্কিকান চিঙ্গল ,স্বর্নৰেখা (s), ৰজত ৰেখা(s) প্রাজ্বল , শ্রীঙ্গাঁৰ ,চুহাসিনি, বৈভৱ(nyb)

ৰোপন

বাল্ব বা কন্দ ৰোৱাৰ সময় ফেব্রুৱাৰীৰ পৰা মার্চ বা মার্চ এপ্রিল। কন্দ সমূহ ৫ চে:মি: দকৈ ৰুব লাগে। ৰোপন ব্যৱধান ৩০ *৩০ ক ৩০ *২০ cm ক ২০ * ২০ চে:মি: ক ২০ *১০ চে:মি: শাৰীৰ পৰা শাৰী আৰু বাল্বৰ পৰা বাল্ব হব লাগে।

মাটি

সকলো ধৰনৰ পানী জমা নোহোৱা সাৰুৱা মাটিত ৰজনীগন্ধাৰ খেতি কৰিব পাৰি মাজে সময়ে বন বাট নিৰাই থাকিব লাগে । এবাৰ ৰুই তিনিবছৰলৈ ফুল পাব পাৰি । কিন্ত্ত প্রত্যেক বছৰে কন্দ নতুনকৈ ৰুলে ভাল ফল আশাকৰিব পাৰি ।

সাৰ প্রয়োগ

৮০:৪০:৬০ গ্রাম নাইট্রজেন ফছফৰাচ আৰু পটাচ প্রতি বর্গমিটাৰত প্রয়োগ কৰিব লাগে । নাইট্রজেনৰ আধা আৰু ফছফৰাচ আৰু পটাচৰ গোটেই খিনি মাটি প্র্রস্তুতিৰ সময়ত প্রয়োগ কৰিব লাগে । বাকী নাইট্রজেন কন্দ ৰোৱাৰ ৪৫ দিন পিচত প্রয়োগ কৰিব লাগে।

জলসিঞ্চন

শুকান বতৰত প্রতি সপ্তাহত পানী যোগান ধৰিব লাগে ।

কীট-পতঙ্গঁ

ৰজনীগন্ধাত কীট-পতঙ্গঁৰ আক্রমন তেনেকৈ দেখা নাযায় । কিন্ত্ত বেমাৰত পৰা হাত সাৰিবলৈ কাৰবেনদেজিম ৫০ wp ১.৫ গ্রাম প্রতি লিটাৰ হাৰত প্রয়োগ কৰিলে কলাৰৰত বেমাৰৰ পৰা হাত সাৰিব পাৰি। এফিদৰ পৰা ৰক্ষা পাবলৈ মালাথিয়ন ৫০Fc . 1 gm/lit হাৰত প্রয়োগ কৰিব লাগে ।

ব্যৱসায়িক ভিত্তিত ৰজনীগন্ধাৰ খেতি কৰিলে প্রতি শাৰীত মাজে মাজে শাক -পাচলি যেনে মটৰ ,পালেংশাক বীত ফ্রেঞ্চ বিন ,গাজৰ আদি ইন্টাৰ ক্রপ হিচাপে কৰিব পাৰি।

লাভ-লোকচান

Cost of cultivation Rs . 47100

Cost benifit ratio 1:5:96.

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

 

শেহতীয়া উন্নীতকৰণ: : 5/13/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate