কৃষক ৰাইজে পথাৰত পোকৰ আক্ৰমণৰ বিষয়ে নজৰ ৰাখিব লাগে। ৰবিশস্যই আমাৰ খেতিয়ক ৰাইজক বিশেষকৈ বানবিধ্বস্ত অঞ্চলৰ কৃষকৰ প্ৰধান ভৰসা। উপযুক্ত যত্ন ল’লে ৰবিশস্যই বেছ ভাল উৎপাদন তথা আৰ্থিক লাভ দিবলৈ সক্ষম হয়।
যিবোৰ অঞ্চলৰ পথাৰত বালিৰ পাতলীয়া তৰপ পৰিছে বা পলস পৰিছে তেনে পথাৰত প্ৰধানকৈ শাকজাতীয় শস্য- লাই, পালেং, চুকা আদিৰ খেতি কৰিব পাৰিব। তদুপৰি ফুলকবি, বেঙেনা, জলকীয়া ইত্যাদিৰ খেতিও কৰিব পাৰি। লাউজাতীয় শস্য যেনে- ৰঙালাউ, তৰমূজ, জাতিলাউ, ছিৰাল আদিৰ খেতিয়ে বানপানীয়ে বালি পেলাই থৈ যোৱা পথাৰতো বেছ ভাল উৎপাদন দিবলৈ সক্ষম হয়।
শাক-পাচলিৰ খেতিৰ উপৰি অসমৰ প্ৰধান ৰবিশস্য সৰিয়হ, আলু, ঘেঁহু, মটৰ মাহ, মচুৰ মাহ আদিৰ খেতিতো কৃষক ৰাইজে মনোযোগ দিয়া উচিত। অঞ্চলবিশেষে বাদাম, ধেমচি আদি শস্য স্থানীয় চাহিদালৈ লক্ষ্য ৰাখি কৰিব পাৰি। তিচি, ধনিয়া, পিঁয়াজ, নহৰু আদিৰ খেতিও অঞ্চলবিশেষে কৰিব পাৰি।
ভাল বীজ হৈছে শস্য উৎপাদনৰ গুৰি কথা। গতিকে কৃষক ৰাইজে সৰিয়হৰ উন্নত বীজ টি এছ-৩৬ আৰু টি এছ-৩৮ আগতীয়াকৈ সংগ্ৰহ কৰক। কৃষিবিজ্ঞান কেন্দ্ৰত সৰিয়হৰ উন্নত বীজ বিচাৰিলে পোৱা যাব। কাতিমাহৰ ভিতৰতে সৰিয়হৰ বীজ সিঁচিব লাগে। এবিঘা মাটিৰ বাবে ১.৩ কিলোগ্ৰাম বীজৰ আৱশ্যক। বীজ সিঁচা পলম হ’লে সৰিয়হৰ উৎপাদন হ্ৰাস পায়।
ওখ নাইবা মজলীয়া ধৰণৰ বালিচহীয়া পলসুৱা মাটিত পানী শুকুৱাৰ পাছতেই তিচি খেতি কৰিব পাৰি। এবিঘা মাটিত ৩ (তিনি) কিলোগ্ৰাম তিচি গুটি ছটিয়াই সিঁচিব। যিবোৰ মাটি ঘেঁহু, সৰিয়হ, মটৰ মাহ আদিৰ বাবে অনুপযোগী তেনে ঠাইত তিচি খেতি কৰিব পৰা যায়।
ৰবিশস্যৰ ভিতৰত আন এবিধ লাভজনক শস্য হৈছে মটৰ মাহ। একোখন পথাৰৰ আটাইখিনি কৃষক লগ হৈ কৰিলেহে মটৰ মাহৰ খেতিডৰা পথাৰত সুৰক্ষিতভাৱে ৰাখিব পৰা যায়। সেয়েহে পথাৰ পৰিচালনা সমিতিৰ জৰিয়তে কৃষক ৰাইজ একত্ৰিত হৈ মটৰ মাহ বা আন মাহজাতীয় শস্যৰ প্ৰতি মনোযোগ দিয়ক। মাটিত ভালকৈ জীপ থাকিলে আৰু বৰ বেছি ঘাঁহ-বন নাথাকিলে মাত্ৰ এচাহ হাল মাৰিয়েই মটৰ মাহ সিঁচিব পাৰি। আজাদ পি-১ বৰ্তমান বজাৰত পোৱা মটৰ মাহৰ এবিধ উৎকৃষ্ট জাত। মাটি চহ নকৰাকৈ সিঁচিলে বিঘাই প্ৰতি ৮-ৰ পৰা ১০ কিলোগ্ৰাম বীজৰ আৱশ্যক। ‘বিলে শস্য’ হিচাপে অৰ্থাৎ ধান চপোৱাৰ এসপ্তাহৰ আগেয়েই মটৰ মাহৰ বীজ ধাননি পথাৰত সিঁচিব পাৰি। ধান চপোৱাৰ পাছত এৰি অহা নৰাৰ ওপৰত মটৰ মাহ লহপহকৈ বাঢ়ি আহিব। কাতিমাহৰ শেহলৈকে ওখ অথবা মজলীয়া ধৰণৰ মাটিত মচুৰ মাহৰ খেতি কৰিব পাৰি। মটৰ মাহৰ দৰে মচুৰ মাহো বিলে শস্য হিচাপে শালিধানৰ খেতিৰ মাজত পানী শুকুৱাৰ লগে লগে সিঁচিব পাৰি। বিঘাই প্ৰতি ৪ (চাৰি) কেজি বীজ সিঁচিব। আই পি এল-৮১ এবিধ মচুৰ মাহৰ উন্নত জাত। কৃষকে স্থানীয় জাতৰো ভাল মানৰ বীজ বীজ ব্যৱহাৰ কৰিব পাৰে।
ৰবিশস্য হিচাপে বেছ লাভজনক খেতি হৈছে আলু খেতি। পিছে আলু খেতিত লাভ যিদৰে বেছি, ঠিক সেইদৰে মূলধনো বেছিকৈ খটুৱাব লাগে। আলু খেতিত প্ৰতিপালন কৰাৰ আৱশ্যকতা তৈল বীজ বা মাহজাতীয় শস্যতকৈ বেছি। বালিচহীয়া আৰু পলসুৱা মাটি আলু খেতিৰ বাবে অতি উপযোগী। কাতিমাহৰ আৰম্ভণিৰ পৰা শেষ আঘোণলৈ আলু ৰোপণ কৰিব পাৰি। মজলীয়া আকাৰৰ আলু বীজ এবিঘাত ৩ (তিনি) কুইণ্টলৰ আৱশ্যক হয়। আলু বীজ ৰোপণৰ পাছতেই শুকান পানী মেটেকাৰে ঢাকি দিলে মাটিৰ জীপ ধৰি ৰখাত সহায় হয়। জলসিঞ্চনৰ ব্যৱস্থা থাকিলে আলুৰ উৎপাদন ভাল হয়।
ওপৰত আলোচনা কৰা সকলোবিধ ৰবিশস্যৰ খেতিতে পৰ্যাপ্ত মাত্ৰাত জৈৱিকসাৰৰ লগতে অনুমোদিত হাৰত ৰাসায়নিক সাৰ প্ৰয়োগ, বীজ শোধন আৰু কৃষি বিষয়াৰ পৰামৰ্শমতে শস্য ৰক্ষাৰ ব্যৱস্থা কৰিব।
লেখক: অঞ্জন কৃষ্ণ শৰ্মা, খবৰ।
শেহতীয়া উন্নীতকৰণ: : 3/4/2020
খেতি-বাতি, শিল্প বিপ্লব, গোলকীকৰণ আৰু অসমৰ শুৱনি ধ...
পেৰাগাঁও পথাৰ কৃষিপাম সমবায় সমিতিৰ প্ৰশংসনীয় পদক্ষ...
শালি ধানৰ পথাৰত ব্যস্ত কামৰুপ জিলাৰ কৃষক
জুম খেতি-পাহাৰীয়া জনগোষ্ঠীৰ মাজত এতিয়াও প্ৰচলিত আদ...