মূল পৃষ্ঠা / কৃষি / অসমৰ খেতিসমূহ / বাৰীতে উপলব্ধ কেইবিধমান ফলমূলৰ গা-গছ, ডাল আৰু ঠাল-ঠেঙুলিৰ পৰিচৰ্যা তথা গঠন
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বাৰীতে উপলব্ধ কেইবিধমান ফলমূলৰ গা-গছ, ডাল আৰু ঠাল-ঠেঙুলিৰ পৰিচৰ্যা তথা গঠন

বাৰীতে উপলব্ধ কেইবিধমান ফলমূলৰ গা-গছ, ডাল আৰু ঠাল-ঠেঙুলিৰ পৰিচৰ্যা তথা গঠনৰ বিষয়ে লিখা হৈছে ।

মধুৰীআম -

আগ নকটা আৰু পৰিষ্কাৰ নকৰা মধুৰীআমৰ গছ কিছু বছৰৰ পিছত প্ৰকাণ্ড হৈ পৰে, আৰু গছৰ আকৃতি নিয়ন্ত্রণ কৰাটো কঠিন হৈ পৰে।

সেয়ে নিম্নলিখিত ব্যৱস্থাসমূহ লব লাগে যাতে মধুৰীআমজোপাৰ আকৃতি নিয়ন্ত্ৰণ কৰি প্ৰয়োজনীয় উৎপাদনো পাব পাৰি।

  • মাটিৰ পৰা প্ৰায় ৬০-৭০ ছে:মি: উচ্চতাত মূল কাণ্ডৰ পৰা শাখা ডালবোৰক প্ৰসাৰিত হ’বলৈ দিয়া হয়। ৰোপনৰ ২-৩ মাহ পাছতেই কটা অংশৰ তলত কোঁহ ওলায়।
  • মূল কাণ্ডটোৰ আগভাগত প্ৰায় সমান দূৰত থকা ৩-৪ টা কোঁহ ৰখা হয় যাতে তাৰ পৰাই গা-গছডাল হয়।

এই কোঁহবোৰক ৩-৪ মাহ ধৰি বাঢ়িবলৈ দিয়া হয়। তেতিয়ালৈকে ইহঁতৰ দৈৰ্ঘ্য ৪০-৫০ ছে:মি: হয়।

নিৰ্বাচিত কোঁহবোৰ পুনৰ মুঠ আধামান ৰাখি আগ কাটি দিয়া হয় যাতে কটা অংশৰ নিম্নভাগত অসংখ্য কোঁহ ওলায়।

নতুনকৈ ওলোৱা কোঁহবোৰ পুনৰ ৪০-৫০ ছে:মি: দৈৰ্ঘলৈকে বাঢ়িবলৈ দিয়া হয় আৰু তাৰপাছত পুনৰ আগ কাটি দিয়া হয়। নিৰ্দিষ্ট আকাৰ নোপোৱা পৰ্যন্ত এনেদৰে আগ কাটি থাকিব লাগে।

ৰোপনৰ দ্বিতীয় বছৰতো এনেদৰে আগ কাটি থাকিব লাগে। ২ বছৰৰ পিছত গছৰ আচ্ছাদনৰ ভিতৰতে চুটি ডালবোৰ অতি শক্তিশালী হৈ পৰে।

শাৰী শাৰীকৈ থকা গছবোৰৰ উচ্চতা ২.৫ মি: আৰু একোজোপা গছৰ বাবে ২ মি: বহল ঠাইত নিৰ্দিষ্ট আকাৰত গঢ় দিব লাগে আৰু প্ৰত্যেক বছৰে জানুৱাৰী তথা মে-জুন মাহত আগ কাটিব লাগে।

চাপৰ উদ্যান স্থাপনৰ বাবে -

এই ব্যৱস্থাত ২.০ মি: (এটা শাৰীৰ পৰা আনটো শাৰীলৈ) x ১.০ মি: (এজোপাৰ পৰা আনজোপা গছলৈ)জোখত গছ ৰোপন কৰা হয়।

প্ৰতি হেক্টৰ মাটিত ৫০০০ জোপা বৃক্ষ ৰোপন কৰা হয়। উন্নতমানৰ ফল অত্যধিক পৰিমাণে পাবৰ বাবে প্ৰথম বছৰৰ পৰাই আগ কটা হয়।

  • মাটিৰ পৰা ৩০-৪০ ছে:মি: উৰ্দ্ধত কোনো শাখা ডাল নথকা একক কাণ্ডৰ গছ এজোপাক “চাপৰ”ৰূপ দিব পাৰি। ৰোপনৰ ১-২ মাহ পাছত সকলো গছৰ পৰা ৩০-৪০ ছে:মি: উচ্চতাত নতুন কোঁহ ওলাই বৃদ্ধি হ’বলৈ ধৰে।
  • কাণ্ডৰ নিৰ্দিষ্ট উচ্চতাত গছৰ বিকাশ হোৱাৰ পাছত কাণ্ডৰ তলভাগত কোনোধৰণৰ কোঁহ থকা শাখা ডাল আদি থাকিব দিব নালাগে।

৪০ ছে:মি: উচ্চতাত এজোপা গছৰ বিকাশৰ নিমিত্তেই এনে কৰা হয়। কাণ্ডৰ মূৰত ১৫-২০ দিনৰ পাছত নতুন কোঁহ ওলায়। সাধাৰণতে ৩-৪ টা কোঁহ ৰাখি বাকীবোৰ আঁতৰাই পেলোৱা হয়।

  • কোঁহবোৰ ৩-৪ মাহৰ পাছত কঠিন হ’লে, সিহঁতৰ মুঠ দৈৰ্ঘত আধামান কাটি পেলাব লাগে যাতে কটা ঠাইত নতুন কোঁহ ওলাব পাৰে। আকাংক্ষিত গছৰ আচ্ছাদন আৰু এক শক্তিশালী গঠন পাবলৈ এনে কৰা হয়।
  • নতুনকৈ ওলোৱা কোঁহবোৰ ৩-৪ মাহ ধৰি বৃদ্ধি হোৱাৰ পাছত পুনৰ আগডোখৰ ৫০% কাটি পেলাব লাগে। আগ কটাৰ পাছত নতুন কোঁহ ওলায় আৰু এই কোঁহতে ফুল ফুলিব ধৰে।
  • বছৰত ৩ বাৰকৈ কোঁহৰ আগ কাটিব লাগে। এনে কৰিলে উন্নত আচ্ছাদন ব্যৱস্থা পোৱা যায়। একেটা বছৰতে যদি ফল ধৰে তেন্তে প্ৰত্যেকটো ফল আশা কৰিব নোৱাৰি।

গছজোপাক চাপৰ কৰি ৰাখিবলৈ আগকটা আৰু ঠাল-ঠেঙুলি চাফা কৰা কাৰ্যটো ধাৰাবাহিকভাৱে কৰি থাকিব লাগে।

  • এবছৰ পাছত মে’-জুন, চেপ্তেম্বৰ-অক্টোবৰ আৰু জানুৱাৰী-ফেব্ৰুৱাৰী মাহত এবাৰকৈ আগ কাটিব আৰু চাফা কৰিব লাগে।
  • জানুৱাৰী-ফেব্ৰুৱাৰীত আগ কটাৰ পাছত নতুন কোঁহ ওলাব ধৰে। এই কোঁহবোৰত ফুল ফুলিব ধৰে আৰু জুলই-চেপ্তেম্বৰ মাহত ফল ধৰে।

মে’-জুন মাহত দ্বিতীয়বাৰ আগ কটা আৰু চাফা কৰা হয়। চাফা কৰাৰ পিছত পুনৰ নতুন কোঁহ ওলাব ধৰে, ফুল ফুলে আৰু ডিচেম্বৰ-ফেব্ৰুৱাৰী মাহত ফল লাগিব ধৰে।

এই কোঁহবোৰো পুনৰ তৃতীয়বাৰৰ বাবে চেপ্তেম্বৰ-অক্টোবৰ মাহত চাফা কৰা হয়। প্ৰথম অৱস্থাত উন্নতমানৰ আচ্ছাদনৰ বাবে এনে কৰা হয়।

অক্টোবৰ মাহত আগ কটাৰ ফলত মাৰ্চ-এপ্ৰিল মাহত ফল পোৱা যায়। অধিক পৰিমাণৰ ফল উৎপাদন আৰু গছক চাপৰ কৰি ৰখাৰ বাবে চাপৰ উদ্যানৰ (Meodow orchard) এয়াই হৈছে বিশেষ ব্যৱস্থা।

পুৰণি উদ্যানক পুনৰ সজীৱ কৰা(Rejuvenation of senile orchard)-

ফল ধৰিবলৈ এৰা গছৰ ডালবোৰ মাটিৰ পৰা ১.০-১.৫ মি: উচ্চতাত মে’-জুন বা ডিচেম্বৰ-ফেব্ৰুৱাৰী মাহত আগ কাটি দিয়া পদ্ধতিটো পুনৰ সজীৱ কৰা কাৰ্যৰ অন্তৰ্গত।

আগ কটাৰ পাছত নতুনকৈ কোঁহ ওলায় আৰু তেনে সবল কোঁহেৰে এক সতেজ আচ্ছাদন গঢ়ি উঠে।

  • নতুন কোঁহবোৰ ৪০-৫০ ছে:মি: দৈৰ্ঘলৈকে বাঢ়িবলৈ দিয়া হয়। ৪-৫ মাহ পিছত পুনৰ এই কোঁহবোৰৰ আগ কাটি দিয়া হয়।
  • এই নতুন কোঁহবোৰৰ আকৌ মুঠ দৈৰ্ঘৰ আধামান আগ কাটি দিয়া হয় যাতে পুনৰ নতুন কোঁহ ওলায়। গছৰ গঠন আৰু আকৃতি সলাবলৈ প্ৰধানকৈ এনেকৈ আগ কাটি দিয়া হয়।
  • বাৰে বাৰে আগ কটাৰ ফলত অসংখ্য কোঁহৰ সৃষ্টি হয় আৰু বৰ্ষা কালত ফুলো যথেষ্ট পৰিমাণে ফুলিবলৈ ধৰে।
  • বৰ্ষা কালত মধুৰীআম ৰোপন কৰা খেতিয়কসকলে এই কোঁহত ফল ধৰাই লাভৱান হ’ব পাৰে। অৱশ্যে, শীতকালত এই ফলৰ বজাৰ মূল্য অধিক। ইয়াৰ কাৰণ হৈছে- ফলৰ মান, স্বাদ আৰু কীটমুক্ত ফল।
  • মে’-জুন মাহত আগ কটাৰ পাছত পুনৰ কোঁহ ওলাব ধৰে আৰু এই কোঁহত যথেষ্ট পৰিমাণে ফুল আৰু ফল ধৰে।

উন্নতমানৰ ফলৰ বাবে আৰু গছৰ যথোপযুক্ত আকাৰ আৰু উন্নত আচ্ছাদনৰ বাবে এই পদ্ধতিৰে বাৰে বাৰে আগ কটা হয়।

লিচু -

ফলধৰিব পৰা আচ্ছাদনৰ সৈতে লিচু গছৰ উচ্চতা নিয়ন্ত্রণৰ ব্যৱস্থাই হৈছে উদ্যান ব্যৱস্থাপনাৰ মুল কথা। সাধাৰণতে লিচু গছৰ বৃদ্ধিৰ শেষ নাই।

যাৰ বাবে ডাল-পাত যথেষ্ট পৰিমাণে আচ্ছাদিত হয়। কিন্তু বিধিগত উদ্যানত, অধিক ফল ধাৰণ কৰা অঞ্চল উন্নতকৰণ, একক অঞ্চলত যথেষ্ট সংখ্যক গছ, গছৰ উচ্চতাৰ ব্যৱস্তাপনা, বেছিকৈ ফল ধাৰণ কৰা ডাল আৰু ভিতৰ ভাগত পোহৰ পৰিব পৰাকৈ আচ্ছাদনৰ ব্যৱস্থা কৰা কাৰ্যত গুৰত্ব দিয়া হয়।

গতিকে আৰম্ভণীৰ পৰাই গছৰ নিৰ্দিষ্ট আকাৰ দিয়া, ফলধাৰণ কৰা গছৰ পৰা ফল চপোৱাৰ পাছতে আগ কাটি দিয়াটো খুবেই দৰকাৰী।

অপত্য গছত অধিক কোঁহ ওলাই বাবে এই সময়ত নিৰ্দিষ্ট আকাৰত গঢ় দিয়াটো খুবেই সহজ হৈ পৰে।

  • বায়ু-স্তৰিত একক কাণ্ডটো ৪০-৫০ ছে:মি: উচ্চতালৈ বাঢ়ি যায়। বায়ু-স্তৰিত উদ্ভিদবোৰে মাটিতেই ডাল বা শাখা উৎপন্ন কৰিব পৰা প্ৰৱণতা খুবেই বেছি। এনে শাখাবোৰ আঁতৰাব লাগে।
  • বাহিৰৰ পৰা ওলোৱা সমভাৱে বিস্তাৰিত ঠেঙুলিবোৰক মুখ্য শাখালৈ ৰূপান্তৰিত হ’ব দিব লাগে। অলাগতিয়াল শাখা বা ডালবোৰ নিয়মীয়াকৈ কাটি নিৰ্দিষ্ট আকাৰত গঢ় দিব লাগে।
  • উন্নতমানৰ আচ্ছাদনৰ ব্যৱস্থাৰ বাবে ফলধাৰণ কৰা ঠেঙুলিবোৰ ফল চপোৱাৰ পাছত ২৫-৩০ ছে:মি: কাটি পেলাব লাগে।

এনেদৰে ২-৩ বাৰ উন্নতকৰণে পিছৰ বছৰত ফল ধাৰণ কৰাত যথেষ্ট সহায়ক হৈ পৰে।

  • উৎপাদন ক্ষমতা হেৰুওৱা গছবোৰৰ আগ বেছি ঘনকৈ কাটিব লাগে আৰু চাফা কৰিব লাগে যাতে নতুন ফলধাৰণ কৰিব পৰাকৈ কোঁহ ওলায়। এনেক্ষেত্রত ৪-৫ মি: দৈৰ্ঘৰ ডালবোৰৰ আগ কাটিবলৈ নিৰ্বাচিত কৰা হয়।
  • উক্ত অংশবোৰ পিছত চাফা কৰা হয় আৰু প্ৰতিটো অংশত যাতে ৪-৬ টাকৈ সুস্থ-সবল কোঁহ ওলায় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে।
  • চাফা কৰাৰ ২-৩ বছৰ পাছতেই এই নতুন কোঁহৰ পৰাই ফল ধৰে। তাৰপিছত উৎপাদনশীল আৰু সবল গছ এজোপা গঢ় দিয়াৰ নিমিত্তেই সাধাৰণতে চাফা কৰি থকা হয়।

পুৰণি উদ্যানক পুনৰ সজীৱ কৰা(Rejuvenation of Senile Orchard)-

  • গছৰ গঠন অনুসৰি মুখ্য কাণ্ডৰ ২-৩ মি: উচ্চতাত মুল গছজোপা প্ৰতিষ্ঠিত কৰা হয়। প্ৰতিষ্ঠাপনৰ পাছত ভূমিৰ পৰা বাহিৰলৈ অহা ৩-৫ ডাল মুখ্য শাখা প্ৰয়োজন অনুযায়ী আগ কাটি চাফা কৰা হয় যাতে গছজোপাৰ সকলো অংশই পোহৰ পায় আৰু ওজন হ্ৰাস হয়।
  • পুনৰ সজীৱ কৰাৰ পিছতো যতন লোৱাৰ যথেষ্ট প্ৰয়োজন আছে। আগ কটা অংশটোত ‘বৰড মিশ্ৰণ’ নাইবা কপাৰ অক্সিক্ল’ৰাইড (ব্লাইট’ক্স) মিহলাব লাগে যাতে গছজোপাৰ বাহিৰভাগত কোনো ৰোগ সংক্ৰমিত হ’ব নোৱাৰে।
  • প্ৰয়োজনীয় বিজ্ঞানসন্মত পদ্ধতিসমুহ অনুসৰণ কৰাৰ পাছত পুনৰ চাফা কৰাৰ উত্তম সময় হৈছে আগষ্ট-চেপ্তেম্বৰ, ঠিক বৰ্ষাকালৰ পাছতেই। আকাংক্ষিত আচ্ছাদন ব্যৱস্থা পাবৰ বাবেই আগষ্ট-চেপ্তেম্বৰত পুনৰ সজীৱ কৰা হয়।
  • আগষ্টত চাফা কৰা কাণ্ড বা ডালত চাহি লিচুৰ ঠিক ২৫-৩০ দিন পাছতেই আৰু চাইনা লিচুৰ ৪০-৪৫ দিন পাছতেই পাতেৰে ভৰপূৰ কোঁহ ওলাব ধৰে। কেইবাটাও শাখা আহি গছডালৰ ভিতৰভাগ আৱৰি পেলায়।
  • মেলি থোৱা ছাতি বা অৰ্ধবৃত্তাকাৰ আকৃতিৰ আচ্ছাদনৰ ৰূপ দিবলৈ হ’লে অতি সযতনে গছ চাফা কৰা দৰকাৰ।

ইয়াৰ বাবে কাণ্ডৰ চাৰিওফালে জন্ম কুমলীয়া কাণ্ডবোৰ আঁতৰাব লাগে আৰু অতিৰিক্ত ডাল-পাতবোৰ কাটি পেলাব লাগে।

কেৱল মুখ্য কাণ্ডৰ চাৰিওফালে ৩-৪ ডাল সমভাৱে বিস্তাৰিত শাখা ৰাখিব লাগে। এই শাখা কেইডাল বাৰে বাৰে চাফা কৰিব লাগে।

বায়ু আৰু পোহৰ গছজোপাৰ সকলো অংশই পাব লাগে। উলম্বভাৱে বাঢ়ি যোৱা কাণ্ডৰ আগভাগ কাটি পেলাব লাগে যাতে ফলৰ ভৰত সেই ডাল আহি মাটিত লাগিব নেলাগে।

কঁঠাল -

আৰম্ভণীৰ পৰাই যতন লোৱা কঁঠাল গছ এজোপা সবল আৰু সুদৃঢ়ৰূপে গঢ় দিব পাৰি। দুৰ্বল ডাল বা শাখা কাণ্ড আঁতৰাই পেলাব লাগে।

কঠালগছৰ মূখ্য কাণ্ড এডালেই হোৱা উচিত। প্ৰথম বছৰটোত ইয়াৰ এনেদৰে যতন ল’ব লাগে যাতে ইয়াৰ গঠন শংকু আকৃতিৰ দৰে আগভাগ জোঙা হয়।

  • মাটিৰ পৰা ৭০-৮০ ছে:মি: উচ্চতাত একক কাণ্ডৰ ওপৰত গছজোপা প্ৰতিষ্ঠিত কৰা হয় (আগ কটা পদ্ধতিৰ দ্বাৰা)। ইয়াৰে ৩-৪ মাহ পাছত নতুন কোঁহ ওলাব ধৰে।
  • সম দূৰত্বত থকা ৩-৪ টা শাখা বা ঠেঙুলি, মূল কাণ্ডটোৰ চাৰিওফালৰ পৰা বাঢ়িবলৈ দিয়া হয়। যাতে এই ঠেঙুলিবোৰেই গোটেই গছজোপা গঠন কৰিব পাৰে।
  • অতিৰিক্ত আৰু অলাগতিয়াল অংগবোৰ সময়ে সময়ে আঁতৰাই পেলোৱা হয়।

জালুক -

গছ ৰোপনৰ আৰম্ভণীৰ বৰ্ষৰ পৰাই জামুক গছৰ যতন লোৱা উচিত গা-গছ সুদৃঢ় কৰিবলৈ অপত্য অৱস্থাৰ পৰাই যতন ল’ব লাগে।

  • মাটিৰ পৰা ৬০-৯০ ছে:মি: উচ্চতালৈ মুখ্য কাণ্ডটো চাফা কৰিব লাগে। কোঁহ আৰু শাখা ডাল-পাতবোৰ কাটি পেলাব লাগে।
  • কটা কাণ্ডটোৰ তলভাগত নতুন কোঁহ ওলায়। চাৰিওফালে সমভাৱে বিস্তাৰিত হৈ থকা ৩-৪ টা কোঁহ বৃদ্ধি হ’বলৈ দি বাকীবোৰ আঁতৰাই পেলোৱা হয়।
  • এই কোঁহকেইটা ৫০-৬০ ছে:মি: দীঘল হোৱাৰ লগে লগে মুঠ দৈৰ্ঘৰ ৫০% কাটি পেলাই নতুন কোঁহ ওলাবলৈ দিব লাগে।
  • ৰুগ্ন, শুকান আৰু ওপৰা-ওপৰিকৈ ডাল-পাত পৰিষ্কাৰৰ বাহিৰে সাধাৰণতে অন্য যতনৰ তেনেকৈ প্ৰয়োজন নহয়।

কৰ্দৈ -

গছৰ নিম্নভাগৰ পৰিসৰ হ্ৰাস কৰি উৎপাদন বঢ়াবলৈ, ফচল ভালদৰে চপাবলৈ আৰু পত্র বিন্যাসৰ বাবে কৰ্দৈ গছৰ আকাৰ নিয়ন্ত্রণ কৰাটো বৰ দৰকাৰী।

ব্যৱসায়িক দিশত কৰা কৰ্দৈৰ উদ্যানৰ ক্ষেত্ৰত কৰিবলগীয়া কাৰ্য বৰ বেছি নাথাকে। শীতৰ শেষৰ ফালে, বিশেষকৈ ফেব্ৰুৱাৰি-মাৰ্চ মাহত গছৰ শীৰ্ষভাগৰ ডাল-পাত কিছুমান কাটি দিব লাগে।

তাৰ পাছত নতুনকৈ মেলা নিৰ্বাচিত কোঁহ কিছুমান কাটি পেলাব লাগে। বাকী থকা কোঁহবোৰ ছেপ্তম্বৰ-অক্টোবৰলৈ যিমানখিনি বাঢ়ে তাৰো শীৰ্ষভাগৰ পৰা আধামানকৈ আগ কাটি দিব লাগে। যাতে গছৰ উচ্চতা ফলৰ উৎপাদন হ্ৰাস নোহোৱাকৈ ৰক্ষা কৰিব পাৰি।

  • গছ ৰোপনৰ প্ৰথম ১-২ বছৰত, অপত্য গছজোপাৰ অবাঞ্ছিত কোঁহবোৰ এনেদৰে কাটিব লাগে, যাতে ডালবোৰ ৪০-৫০ ছে:মি: দীঘল হৈ থাকে। ইচ্ছা কৰিলে, গছজোপা কেন্দ্ৰীয়ভাৱে বা মুক্তভাৱে বাঢ়িবলৈ দিব পাৰি।
  • পৈণত কৰ্দৈ গছ ১.৫-৩.৫ মি: উচ্চতাত ৰাখিবলৈ নিৰ্বাচিত ডালপাতবোৰ কাটি দিব লাগে। প্ৰতিবছৰে গছজোপাৰ শীৰ্ষ অংশৰ কিছু ডাল-পাত এনেদৰে কাটি পেলাব লাগে যাতে সেই অংশটোৰ বাবে নিম্নভাগৰ ডাল-পাতবোৰত পোহৰ আৰু তাপ নপৰাকৈ থাকিবলগীয়া নহয়।
  • এজোপা সৰু আকাৰৰ গছক ভালদৰে যত্ন আৰু ফল চপাবলৈ সুবিধাৰ বাবে সজাই ল’ব পাৰি। ধুমুহা-বতাহত নষ্ট নোহোৱাকৈ ৰাখিব পাৰি। নিম্নভাগৰ ডাল-পাতবোৰ কাটিব নালাগে।
  • অবাঞ্চিত অংশবোৰ আগষ্টত আঁতৰালে অক্টোবৰত ফল পাব পাৰি। নৱেম্বৰ-ডিচেম্বৰত আঁতৰালে ফেব্ৰুৱাৰী-এপ্ৰিল বা জুনত ফলৰ আশা কৰিব পাৰি।

গোল নেমু -

গোল নেমু টেঙাৰ গছবোৰ কেন্দ্ৰীয়ভাৱে অৰ্থাৎ মাজভাগ ওখ কৰি বাঢ়িবলৈ দিব লাগে। গুৰিৰ পৰা ৭৫-১০০ ছে:মি: উচ্চতাত সমব্যৱধানত আৰু সমভাৱে বিস্তাৰিত ৪-৫ টা ডাল থাকিব লাগে।

  • ৭৫-১০০ ছে:মি: উচ্চতাত আৱিৰ্ভাৱ হোৱা আটাইবোৰ কোঁহ আঁতৰাব লাগে। একেদৰে লহপহকৈ বাঢ়ি অহা গছৰ মুল ডালটোত কুমলীয়া ডালবোৰ বাঢ়ি আহে আৰু গোটেই গা-গছডালক আৱৰি থাকে। এইবোৰ কাটি পেলাই দিব লাগে।
  • অপত্য গছ এডাল নিৰ্দিষ্ট আকাৰ দি লোৱাৰ পাছত অতি কম পৰিমাণে কাটি চাফা কৰাৰ প্ৰয়োজন হয়। পিছৰ বছৰবোৰত অতি পাতলকৈ চাফা কৰিলেই হ’ল।
  • পাতলকৈ চাফা কৰা অপত্য গছবোৰৰ শিপা আৰু কোঁহবোৰ সুন্দৰকৈ বৃদ্ধি হয় আৰু বেছিকৈ চাফা কৰা গছৰ তুলনাত সোনকালে ফল দিয়ে।

ফল দিয়া গছবোৰৰ মৃত অংশ, শুকান আৰু ৰুগ্ন ডাল-পাত, ভঙা শাখা-প্ৰশাখাবোৰ আঁতৰাই দি গছডালক সবল হৈ থাকিব দিব লাগে। কুমলীয়া ডালবোৰ নিয়মীয়াকৈ আঁতৰাই থাকিব লাগে।

ফল চপোৱাৰ পাছতেই চাফা কৰিব লাগে। চাফা কৰাৰ লগে লগে কটা অংশটো বৰড’ মিশ্ৰণ বা ব্লাইটক্সৰে মচি দিব লাগে।

জলফাই -

বৃক্ষ ৰোপনৰ সময়ত শক্তি প্ৰদানৰ হেতু প্ৰায় দহ ফুট থিয়কৈ ৰখা হয়। মাটিৰ পৰা ৪৫ ছে:মি: উচ্চতালৈ এডাল মাত্ৰ পৰিষ্কাৰ কাণ্ড বাঢ়িবলৈ দিয়া হয়।

ইয়াৰে এটা শাখা বাওফালে আৰু আনটো সোঁফালে নিৰ্বাচন কৰি তললৈ তাৰেৰে বান্ধি থ’ব লাগে। বাকীবোৰ কাটি পেলাব লাগে।

  • বৃদ্ধিৰ দ্বিতীয় বছৰতো, উপৰিভাগত আগৰদৰে পাৰ্শ্চীয়ভাৱে থকা আৰু দুটা ডাল তললৈ আগ কৰি বান্ধি বাকী দুৰ্বল ডালবোৰ কাটি পেলাব লাগে। অদৰকাৰী ডাল-পাতবোৰ কাটি পেলাব লাগে।
  • তৃতীয় বৰ্ষতো, পূৰ্বৰ দুবছৰৰ দৰে কিছু ওপৰৰ পাৰ্শ্চীয়ভাৱে থকা দুটা ডাল তললৈ আগ কৰি ৰচীৰে বান্ধিব লাগে।
  • মুখ্য পাৰ্শ্বীয় ডাল দুটাৰ ওপৰত গৌণ পাৰ্শ্বীয় ডাল বাঢ়িব দিব লাগে। পাছলৈ সেইবোৰ বেছি জোপোহা হৈ গ’লে আগ কাটি দিব লাগে।
  • মুখ্য কাণ্ড পাৰ্শ্চীয় কাণ্ডত ওলোৱা কোঁহবোৰ লগে লগে কাটি পেলাব লাগে। গছজোপাৰ উচ্চতা ৪ মি: হ’লে দুৰ্বল পাৰ্শ্বীয় শাখাবোৰৰ আগ কাটি পেলাব লাগে।

গছত ফল ধৰিবৰ সময় নোহোৱা পৰ্যন্ত আগকটা আৰু চাফাই কাৰ্য চলাই যাব লাগে।

বতৰ পৰিষ্কাৰ থাকিলে আৰু বৰষুণ নিদিলে ফল নধৰা অপত্য গছবোৰ যিকোনো সময়তে চাফা কৰিব পাৰি। অৱেশ্যে খৰাং বতৰত গছ কেতিয়াও চাফা কৰিব নেলাগে।

ফলধৰা গছৰ ক্ষেত্রত ফল চপোৱাৰ পিছতেই চাফা কৰিব লাগে যাতে নতুনকৈ বৃদ্ধি হৈ আগন্তুক বৰ্ষৰ বাবে পুষ্পমুকুল সৃষ্টি হ’ব পাৰে।

গছৰ বয়স, জলসিঞ্চনৰ পৰ্যাপ্ততা আৰু ফলধৰাৰ চৰিত্রৰ ওপৰত গছ চাফা কৰা কাৰ্যটো নিৰ্ভৰশীল।

দ্ৰুত বৃদ্ধিৰ সময়ত একেৰাহে পাতলকৈ চাফা কৰিব লাগে। গছৰ বয়স বাঢ়ি অহাৰ লগে লগে চাফা কাৰ্যটো ঘনাই কৰিব লাগে।

  • বয়সীয়া গছৰ ক্ষেত্রত, পুনৰ সজীৱৰ বাবে ইয়াক আৱৰি থকা মুখ্য ডালবোৰৰ আগবোৰ কাটি দিব লাগে যাতে তাৰ পৰা নতুন কোঁহ ওলায় আৰু ২ বছৰৰ পিছত ফল ধৰে।
  • অপত্য গছৰ ক্ষেত্রত, কেৱল প্ৰয়োজনত হে যথাযথভাবে চিকুনাব লাগে। প্ৰথম ২-৩ বছৰত চাফা কৰাৰ কোনো প্ৰয়োজন নাই।

অৱশ্যে, মাজে-সময়ে জলশোষক, মৰাডাল আৰু ভাঙি-চিঙি যোৱা ডাল-পাতবোৰ আঁতৰাব লাগে। মাটিৰ পৰা ৪০ ছে:মি: ওপৰলৈকে মুখ্য কাণ্ডডাল পৰিষ্কাৰ কৰি ৰাখিব লাগে।

আৰম্ভণীৰ প্ৰথম বছৰকেইটাত ঘনাই চিকুনাই থাকিলে গছজোপাৰ পাতৰ সংখ্যাৰ হে আধিক্য ঘটিব।

কাটি পেলোৱা অংশত বৰড’ মিশ্ৰণ সানি বিজাণুমুক্ত কৰিব লাগে। এই কাৰ্যই গছজোপাত ৰোগৰ বীজাণু সংক্ৰমিত হোৱাৰ বাধা জন্মায়।

(কৃষি আৰু উদ্যান শস্য সঞ্চালকালয়, অসমে প্ৰকাশ কৰা ‘ফল গছৰ আচ্ছাদন ব্যৱস্থা (Canopy Management): মূল: ড° গ’ৰখ সিং, অনুবাদ: মৌচম হাজৰিকা পুস্তিকাৰ পৰা সংগৃহীত।)

উৎস: সেউজ চিন্তা

2.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top