মূল পৃষ্ঠা / কৃষি / অসমৰ খেতিসমূহ / বৈজ্ঞানিক পদ্ধতিত জলকীয়াৰ খেতি :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বৈজ্ঞানিক পদ্ধতিত জলকীয়াৰ খেতি :

বৈজ্ঞানিক পদ্ধতিত জলকীয়াৰ খেতিৰ বিষয়ে লিখা হৈছে ।

জলকীয়া হৈছে চ’লানেচি গোত্ৰৰ অন্তৰ্গত এটা গুৰুত্বপূৰ্ণ প্ৰজাতি। জলকীয়া পাচলি আৰু মচলা হিচাপে ব্যৱহাৰ কৰা হয়। পাচলি হিচাপে কেঁচা জলকীয়া আৰু মছলা শুকান জলকীয়া ব্যৱহাৰ কৰা হয়। কেঁচা জলকীয়াৰ পৰা প্ৰ’টিন, চৰ্বী, শ্বেতসাৰৰ কেইবাবিধো খনিজ লৱণ পোৱা যায়। তদুপৰি ভিটামিন ‘এ’, ভিটামিন ‘কে’ আদি কৰি কেইবাবিধো ভিটামিন কেঁচা জলকীয়াত পোৱা যায়।

জলবায়ু:

জলকীয়াৰ বাবে আৰম্ভণিতে গৰম সেমেকা বতৰ আৰু পুষ্ট হোৱা সময়ত শুকান বতৰৰ প্ৰয়োজন হয়। বৰষুণৰ পৰিমাণ ৭৫ৰ পৰা ১০০ ছেন্টিমিটাৰৰ ভিতৰত হ’ব লাগে। অতি বেছিকৈ বৰষুণ হ’লে জলকীয়া গেলি যাব পাৰে। জলকীয়া গছৰ বৃদ্ধি আৰু ফুল ফুলাৰ বাবে ২১ ডিগ্ৰীৰপৰা ২৭ ডিগ্ৰী পৰিমাণৰ তাপমাত্ৰাৰ প্ৰয়োজন হয়। অতি বেছি গৰম, অতি ঠাণ্ডা বা অতি বেছি বতাহ জলকীয়া খেতিৰ বাবে ক্ষতিকাৰক।

সঁচ:

অধিক উৎপাদনক্ষম সঁচবোৰ হৈছে-

*তেজস্বিনী,

*সূৰ্যমুখী,

*কৃষ্ণ,

*বালিজৰী ইত্যাদি।

অসমৰ কৃষকৰে সাধাৰণতে-

*ধান জলকীয়া,

*ভোট জলকীয়া,

*কৃষ্ণ জলকীয়া,

*সূৰ্যমুখী আদিৰে খেতি কৰে।

কেপচিকাম নামৰ আন এবিধ জলকীয়া পোৱা যায়। কেপচিকামৰ উন্নত জাতবোৰ হৈছে-

*কেলফৰ্ণিয়া অন্দাৰ,

*এলিফেন্ট ট্ৰাংক,

*আৰ্কা গৌৰৱ,

*ছিলেকচন-১৬ ইত্যাদি।

মাটি:

জলকীয়া খেতিৰ বাবে ওখ, পানী বন্ধ নোহোৱা, ৰ’দঘাই বালিচহীয়া পলসুৱা মাটি উপযোগী। বাছনি কৰা মাটিডোখৰত যথেষ্ট পৰিমাণে জৈৱিক সাৰ থাকিলে ভাল।

পুলিবাৰী বা বীজতলী প্ৰস্তুতকৰণ:

বীজতলীৰ কাৰণে ওখ, ৰ’দঘাই সাৰুৱা মাটি বাছনি কৰিব লাগে। মাটিডোখৰত পচন সাৰ বা গোবৰ সাৰ দি হাল-কোৰ বাই মৈয়াই এক মিটাৰ বহল, ২০-২৫ ছেন্টিমিটাৰ ওখ আৰু সুবিধা অনুযায়ী(৪/৫ মিটাৰ) দৈৰ্ঘ্যৰ ভেটি তৈয়াৰ কৰিব লাগে। মাটিত জন্ম লোৱা বেমাৰৰপৰা পৰিত্ৰাণ পাবৰ বাবে ০.৯ শতাংশ কেপটান বা ফাইট’লান বা ৪ শতাংশ শক্তিৰ ফৰমেলিন মিশ্ৰণেৰে ভেটিটোৰ ১০-১৫ ছেন্টিমিটাৰ দলৈকে মাটিখিনি ভালকৈ ভিজি যোৱাকৈ মিহলাব লাগে। তাৰ পিছত ভেটিটো দুদিনৰ বাবে পলিথিনেৰে বস্তাৰে ঢাকি ওপৰত চালিৰ ব্যৱস্থা কৰিব লাগে। পুলিবাৰীত সিঁচিব লগা বীজবোৰ কেপটাফ বা থিৰাম বা বেভিষ্টিন ঔষধেৰে(এক কিলোগ্ৰাম বীজ/তিনি ঔষধ) শোধন কৰিব লাগে, যাতে বীজত থকা বেমাৰৰ বীজাণুবোৰ নাশ হয়।

এতিয়া শোধন কৰা বীজবোৰ ১-২ ছেন্টিমিটাৰ দকৈ ২৫ ছেন্টিমিটাৰ আঁতৰত শাৰী শাৰীকৈ সিঁচি দিব লাগে। ভেটিৰ উপৰিভাগত তিতি যোৱকৈ সমপৰিমাণৰ পানী দিব লাগে। পিছত ভেটিবোৰ খেৰ বা কলপাতেৰে বীজ নগজালৈকে ঢাকি ৰাখিব লাগে। পুলিবিলাকৰ বয়স যেতিয়া ২৫-৩০ দিন হ’ব, তেতিয়া স্বাস্থ্যৱান, নিটোপল পুলিবিলাক উভালি মূল পথাৰত ৰোপণ কৰিব লাগে। পুলিবাৰীৰপৰা পুলি উঘলাৰ প্ৰায় সাত দিন আগৰপৰা পানীৰ পৰিমাণ কমাই আনিব লাগেগ, যাতে পুলিবিলাক কঠিন হয় আৰু পুলিবিলাক মূল পথাৰলৈ নিয়াৰ পিছত নমৰে। পুলিবাৰীৰপৰা পুলি উঠোৱাৰ আগেয়ে পুলিৰ ভেটিটো পানীত তিয়াই ল’ব লাগে, যাতে পুলিবিলাক উভালি আনোতে সুবিধা হয়হ।

বীজৰ পৰিমাণ আৰু ৰোৱা পদ্ধতি:

কেপচিকাম বা জলকীয়াৰ পুলিবাৰীত গজাই ল’ব লাগে। এবিঘা মাটিৰ বাবে ৭০-৮০ গ্ৰাম বীজৰ প্ৰয়োজন হয়। বীজ সিঁচাৰ সময় মে’-জুন মাহ আৰু ডিচেম্বৰ-জানুৱাৰী মাহ। খেতিৰ বাবে আৱশ্যকীয় পুলিবোৰ সাৱধানে পুলিবাৰীত গজাই ল’ব লাগে। পুলিবিলাকৰ বয়স যেতিয়া ৩০-৩৫ দিন হয়, তেতিয়া স্বাস্থ্যৱান পুলিবিলাক উভালি মূল পথাৰত ৰোপণ কৰিব লাগে।

জলকীয়াৰ বাবে বাছনি কৰা মাটিডোখৰত যথেষ্ট পৰিমাণে পচনসাৰ বা গোবৰ প্ৰয়োগ কৰি হাল-কোৰ মাৰি মৈয়াই সমান কৰি ল’ব লাগে। ঘাইপথাৰত পুলিবিলাক শাৰী শাৰীকৈ ৰোপণ কৰিব লাগে।

সাৰ প্ৰয়োগ:

জলকীয়া শস্যত এবিঘা মাটিৰ বাবে প্ৰয়োজনীয় সাৰ হৈছে-

*৫০০ কিলোগ্ৰাম গোবৰ বা পচন সাৰ,

*ইউৰিয়া ৩০ কিলোগ্ৰাম,

*একক ছুপাৰ ফছফেট ৫০ কিলোগ্ৰাম আৰু

*মিউৰেট অব পটাছ ১৩ কিলোগ্ৰাম।

এই সাৰখিনিৰ আধাভাগ ইউৰিয়া সাৰ আৰু সম্পূৰ্ণ ছুপাৰ ফছফেট আৰু মিউৰেট অব পটাছ গোবৰখিনিৰ সৈতে পথাৰত শেষৰবাৰ মাটি চহোৱাৰ আগেয়ে প্ৰয়োগ কৰি হাল বাই, মৈয়াই সমান কৰিব লাগে। বাকী থকা আধা ইউৰিয়া সাৰ পুলি ৰোৱাৰ ৩০-৩৫ দিন পিছত প্ৰতিটো পুলিৰ গুৰিত প্ৰয়োগ কৰি মাটি জাপি দিব লাগে।

পুলিৰ পৰিচৰ্যা:

পুলি ৰোৱাৰ ২০-২৫ দিনৰ পিছত বন-বাতবোৰ নিয়ন্ত্ৰণৰ কাৰণে লাচ’ ১.৫ লিটাৰ প্ৰতি হেক্টৰ অনুপাতত স্প্ৰে কৰিব লাগে আৰু হাতেৰে এবাৰ নিৰাব লাগে। পুলি ৰোৱাৰ ৩০-৩৫ দিন পিছত বাকী থকা ইউৰিয়া সাৰখিনি একেবাৰতে প্ৰয়োগ নকৰি সমানে দুভাগ কৰি এবাৰ পুলি ৰোৱাৰ পিছত প্ৰয়োগ কৰিব লাগে আৰু বাকীভাগ ঠিক ফুল ফুলাৰ আৰম্ভণিতে দিব লাগে। প্ৰয়োজন অনুসাৰে পুলিৰ গুৰিত মাটি চপাই দিব লাগে। ইউৰিয়া সাৰ প্ৰয়োগ কৰাৰ সময়ত মাটিত জীপ ৰাখিব লাগে। প্ৰয়োজন অনুসৰি মাটিত জীপ ৰাখিবৰ বাবে দুই-এবাৰ পাতলীয়া পানীৰ যোগান ধৰিব লাগে।

শস্য ৰক্ষা:

বেমাৰৰ ভিতৰত জলকীয়াৰ ফলটোত অৰ্থাৎ খোৱা জলকীয়াটোত এবিধ ভেঁকুৰে আক্ৰমণ কৰি প্ৰথমতে ঘূৰণীয়া দাগৰ সৃষ্টি কৰে আৰু লাহে লাহে গোটেই জলকীয়াটো গেলি যায় আৰু অৱশেষত সৰি যায়। ইয়াৰ প্ৰতিকাৰৰ বাবে এচামুচ (প্ৰায় ৫ গ্ৰাম) কেপটাফ বা কেপটান দৰব আঢ়ৈ লিটাৰ পানীত মিহলাই জলকীয়া গছজোপাত স্প্ৰে কৰিব লাগে। গছৰ তলত বেমাৰ লাগি সৰি পৰা জলকীয়াবোৰ আঁতৰাই পেলাব লাগে।

জলকীয়া শস্যত সাধাৰণতে অনিষ্টকাৰীব পোক, যেনে- শস্যৰ পাত খোৱা পোক বা পলুৱে পাত খোৱা দেখা যায়। ইয়াত প্ৰতিকাৰৰ বাবে ২.৫ মিলিলিটাৰ এন্দোচেল প্ৰতি লিটাৰ পানীত মিহলাই গছত স্প্ৰে কৰিব লাগে।

জলকীয়া গছৰ শিপাত কেতিয়াবা শস্য কৃমিয়ে আক্ৰমণ কৰি শিপাবিলাক ওখহাই পেলাই টেমুনাৰ সৃষ্টি কৰে। ফলত গছজোপাই মাটিৰপৰা ৰস আহৰণ কৰাত বাধাপ্ৰাপ্ত হোৱাত গছজোপা শুকাই যায়।

এই শস্য কৃমি আক্ৰমণৰপৰা ৰক্ষা পাবলৈ মাটিত পৰ্যাপ্ত পৰিমাণে সৰিয়হৰ খলিহৈ আৰু পচি যোৱা গোবৰ সাৰ প্ৰয়োগ কৰিব লাগে।

উৎস: দৈনিক অসম(ড° মিনছুৰা বেগম)

3.125
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top