মূল পৃষ্ঠা / কৃষি / অসমৰ খেতিসমূহ / বৈজ্ঞানিক পদ্ধতিত নৰা বগৰীৰ খেতি
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বৈজ্ঞানিক পদ্ধতিত নৰা বগৰীৰ খেতি

বৈজ্ঞানিক পদ্ধতিত নৰা বগৰীৰ খেতিৰ বিষয়ে লিখা হৈছে ।

শ্ৰেণী বিভাগ -

নৰা বগৰী(Peach) ৰোজেছি(Rosacea) গোত্ৰৰ অন্তৰ্গত। ইয়াৰ বৈজ্ঞানিক নাম প্ৰুনাছ পাৰছিকা(Prunus Persica)।

গছৰ বৰ্ণনা:

গছবিধ ৮ৰ পৰা ১২ মিটাৰ ওখ হয়। ফুল ৰঙা নাইবা গুলপীয়া ৰঙৰ হয়।

ফলৰ পুষ্টি আৰু ঔষধি গুণ -

প্ৰতি ১০০ ভাগ ফলত-

  • ১.৫ ভাগ প্ৰ’টিন,
  • ০.২ ভাগ চৰ্বি,
  • ০.৬ ভাগ খনিজ পদাৰ্থ,
  • ৭.৬ ভাগ কাৰ্বহাইড্ৰেট,
  • ০.২ ভাগ কেলছিয়াম,
  • ০.০৩ ভাগ ফছফৰাছ,
  • ১.৭ ভাগ লৌহ আৰু ভিটামিন ‘এ’ আৰু ‘বি’ থাকে।

প্ৰতি কিলোগ্ৰাম ফলৰপৰা ৪৭০ কেল’ৰি শক্তি পাব পাৰি।

নৰা বগৰীয়ে চকুৰ স্বাস্থ্য ৰক্ষা, ওজন কমোৱা আৰু মানুহৰ ছালৰ ৰক্ষণাবেক্ষণত সহায় কৰে। ইয়ে মানৱ দেহৰ কলেষ্টেৰল কমোৱাত সহায় কৰাৰ লগতে কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পাৰে।

মাটি:

নৰা বগৰীৰ খেতি কৰাৰ বাবে বালিচহীয়া মাটি উত্তম। মাটিত যথেষ্ট পৰিমাণে জৈৱিক সাৰ থকা প্ৰয়োজন।

মাটিত জৈৱিক সাৰ নাথাকিলে সেউজ সাৰৰ খেতি কৰি জৈৱ পদাৰ্থৰ পৰিমাণ বৃদ্ধি কৰিব পাৰি। তদুপৰি মাটিত চূণৰ পৰিমাণ বেছি থাকিলে গছৰ শ্ৰীবৃদ্ধি আৰু ফল উৎপাদন ভাল হয়।

বংশ বিস্তাৰ:

সাধাৰণতে এবছৰীয়া পুলিৰ ওপৰত টি-বাডিং(T-budding) কৰি বং বিস্তাৰ কৰোৱা হয়। বীজ অক্টোবৰ বা নৱেম্বৰ মাহত বীজতলীত সিঁচিব লাগে। যেতিয়া গা-গছত ৪-৫ টা পাত হয় তেতিয়া টি বাডিং কৰিব লাগে।

জাত:

  • এলবাৰ্টা(Elbarta),
  • চাইনা-ফ্লেট(China Flat),
  • ছুফেদা এল আৰ ব্ৰাদাৰ্ছ,
  • ৱৰ্লড ইজিয়েষ্ট(World’s Easiest),
  • এলটন,
  • চি অ’ স্মিথ(C.O Smith) ইত্যাদি।

ফ্লোৰডাচুন, শান-ই-পাঞ্জাব, ছানৰেড ইত্যাদি জাতৰ বীজ সমতলত আৰু অপেক্ষাকৃত কম ঠাণ্ডা ঠাইত হয় আৰু উৎপাদনো ভাল হয়।

খেতি কৰা পদ্ধতি:

মাটি প্ৰস্তুতিকৰণ:

গছ লগোৱাৰ আগেয়ে উপযুক্ত বাগিচা বাছনি কৰিব লাগে। নৰা বগৰী চপোৱাৰ পিছত বেছি দূৰলৈ পৰিবহন কৰা অসুবিধা।

সেইবাবে পকী ৰাস্তাৰ ওচৰত বাগিচাৰ স্থান বাচনি কৰিব লাগে। মাটি প্ৰস্তুত হ’লে ভালকৈ মাটি চাফা কৰি ল’ব লাগে।

পুলি ৰোপণ:

মাটি প্ৰস্তুত হ’লে ৫-৬ মিটাৰ দূৰত্বত এক ঘনমিটাৰ জোখৰ গাঁত খান্দি প্ৰতিটো গাঁতত ২০ কিলোগ্ৰাম জৈৱ সাৰৰ লগত এলড্ৰিন পাউডাৰ মিহলি কৰি পুলি লগাব পাৰি। পুলি লগোৱাৰ পিছত কেইদিনমানলৈকে নিয়মিত পানী প্ৰয়োগ কৰিব লাগে।

গছজোপা হাউলি যোৱাৰপৰা ৰঙা কৰিবলৈ বাঁহ পুতিব লাগে। মাটিৰপৰা কলমৰ ঠাইডোখৰ ২৫-৩০ ছেন্টিমিটাৰ ওখ হ’ব লাগে। মাটি বেছি উৰ্বৰ হ’লে গছৰ পৰা গছৰ দূৰত্ব ৬ মিটাৰ কৰিব লাগে।

পুলি ৰোপণৰ সময়:

এবছৰ বয়সৰ সুস্থ আৰু সবল পুলি নিৰ্বাচন কৰি শীতকালত গছৰ সুপ্ত অৱস্থাত ৰোপণ কৰিব লাগে।

সাৰ প্ৰয়োগ:

সৰু গছত বছৰে ২৫ গ্ৰাম নাইট্ৰ’জেন আৰু পৰ্যাপ্ত পৰিমাণে জৈৱ সাৰ প্ৰয়োগ কৰিব লাগে। ফল ধৰা গছত(৮ বছৰ বয়সত) বছৰি ২৫০ গ্ৰাম নাইট্ৰ’জেন সাৰ আৰু পটাছ, ৪০ গ্ৰাম ফছফেট প্ৰয়োগ কৰিব লাগে।

এইবোৰৰ লগতে বছৰি ১০ কিলোগ্ৰাম জৈৱ সাৰ প্ৰয়োগ কৰিব লাগে। আধা পৰিমাণৰ নাইট্ৰ’জেন সাৰ আৰু বাকী সাৰবোৰ ডিচেম্বৰ-জানুৱাৰী মাহত ফুল ধৰাৰ আগেয়ে প্ৰয়োগ কৰিব লাগে।

ফল ধৰা পিছত নাইট্ৰ’জেন সাৰৰ বাকী অংশ প্ৰয়োগ কৰিব লাগে। ফল ধৰাৰ পিছত নাইট্ৰ’জেন সাৰৰ বাকী অংশ প্ৰয়োগ কৰা হয়।

জলসিঞ্চন:

সাৰ প্ৰয়োগৰ পিছত জলসিঞ্চন কৰিব লাগে। দুবাৰ সাৰ প্ৰয়োগৰ পিছত প্ৰয়োজন হ’লে ৪-৫ বাৰ জলসিঞ্চন কৰিব লাগে।

মে’-জুন মাহত বৰষুণ নিদিলে, গৰম বেছি হ’লে আৰু ফল মৰি গ’লে জলসিঞ্চন কৰিব লাগে।

মাজভাগৰ পৰিচৰ্যা:

বাগিচাখন পৰিষ্কাৰ কৰি ৰখা প্ৰয়োজন। গৰমকালত গছৰ প্ৰধান শাখাবোৰ ৰাখি বাকী শুকাই যোৱা, ৰোগাক্ৰান্ত, বয়স হোৱা ডালবোৰ কাটি দিব লাগে।

প্ৰতিজোপাৰ মাজডোখৰ খালী ৰাখিব লাগে, যাতে সূৰ্যৰ ৰশ্মি প্ৰৱেশ কৰিব পাৰে।

ফল সংগ্ৰহ:

গছত ফল পকিলে শীঘ্ৰে উপযুক্ত ব্যৱস্থা ল’ব লাগে। কাৰণ মাত্ৰ কিছুদিনৰ ভিতৰতে ফল নষ্ট হয় আৰু আৰ্থিক ক্ষতি হোৱাৰ সম্ভাৱনা থাকে।

দূৰৈৰ বজাৰলৈ ফল পঠিয়াবৰ বাবে ফলত্বক ডাঠ হৈ থকা অৱস্থাত ফল উঠাব লাগে।

ৰোগ আৰু পোক:

পাত কেঁকোৰা ৰোগ(Peach leaf curl disease):

এইবিধ ৰোগৰ কাৰক হৈছে টেফ্ৰিমা ডিফ’ৰমেনছ(Taphrina deformans)। ই এবিধ মাৰাত্মক ৰোগ। ইয়াৰ ফলত পাত কেঁকোৰা হয় আৰু পুৰি যোৱাৰ নিচিনা দেখি আৰু সোনকালে সৰি যায়।

ইয়াৰপৰা ৰক্ষা পাবলৈ চূণ আৰু গন্ধক(১:১০) ভাগ পানীত মিহলাই গছত প্ৰয়োগ কৰিব লাগে। তদুপৰি ব্লাইট’ক্স(৫০ শতাংশ ডব্লিউ পি) ৫ গ্ৰাম/লিটাৰ বা জিৰাম ২ গ্ৰাম/লিটাৰ মিহলি কৰি ২০ দিনৰ মূৰত স্প্ৰে কৰিব লাগে।

ফল সংগ্ৰহৰ ২০ দিন আগলৈকে পাতত প্ৰয়োগ কৰিব পাৰি।

পাত আৰু ফলৰ ক’লা দাগ(Black dot disease)-

এইবিধ ৰোগৰ কাৰক হৈছে ষ্টিগমিনা কাৰ্পফাইলা(Stigmina Carpophylla)। এই ৰোগ হ’লে গছৰ পাত আৰু ফলৰ ওপৰত ক’লা দাগৰ সৃষ্টি হয়।

শীতকালত বৰষুণ হ’লে এইবিধ ৰোগে দেখা দিয়ে। ৰোগ প্ৰতিৰোধৰ কাৰণে কেপটান(Captan) ০.২ শতাংশ ছেপ্টেম্বৰ মাহত এবাৰ আৰু মাৰ্চত এবাৰ প্ৰয়োগ কৰিব লাগে।

ৰ’দে পোৰা ৰোগ(Sun-Scald):

বসন্ত কালৰ আৰম্ভণিতে এই ৰোগ দেখা দিয়ে। মূল কাণ্ডৰ যি অংশ সূৰ্যৰ ফালে থাকে, সেইবোৰ অংশত ছাল ফাটি যায়।

এই ৰোগৰপৰা ৰক্ষা পাবৰ বাবে ছাল কাটি মাৰ্চ মাহৰ আৰম্ভণিতে কাণ্ডত বগা ৰং লগাই ঢাকি দিব লাগে। কাণ্ড খেৰেৰে বান্ধি ৰাখিও এই ৰোগৰপৰা গছবিধক ৰক্ষা কৰিব পাৰি।

এফিড(Peach Leaf Curling aphid)-

ই এবিধ মাৰাত্মক পোক। এই পোকবিধ মাৰ্চৰপৰা মে’ মাহলৈ গছবিধক আক্ৰমণ কৰে। এইবিধ পোকে কেঁচাপাতৰপৰা ৰস শোষণ কৰে। ফলত আক্ৰান্ত পাতবোৰ কেঁকোৰা আৰু বিকৃত হৈ যায়।

আক্ৰান্ত গছবোৰৰ বৃদ্ধি কমি যায় আৰু অকালতে ফল সৰে। ইয়াৰপৰা ৰক্ষা পাবৰ বাবে ডাইমিথ’য়েট দুই মিলি লিটাৰ এক লিটাৰ পানীত মিহলাই প্ৰথমবাৰ জানুৱাৰী মাহৰ শেষত আৰু দ্বিতীয়বাৰ ফল ধৰাৰ লগে লগে, বিশেষকৈ পাতৰ তলফালে স্প্ৰে কৰিব লাগে।

স্কেল পোক(Peach Scale insact)-

এই পোকবিধো অতি ক্ষতিকাৰক পোক। ইয়াৰ আক্ৰমণ কমাবৰ বাবে ৰ’গৰ ২ মিলি লিটাৰ প্ৰতি লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে।

উৎপাদন:

নৰা বগৰীৰ গছ ১৮ৰ পৰা ২০ বছৰ ধৰি উৎপাদনক্ষম হৈ থাকে। এজোপা গছৰপৰা গড়ে ৩০ৰ পৰা ৪০ কিলোগ্ৰাম উৎপাদন হয়।

লেখিকা: ড° মিনছুৰা বেগম(দৈনিক অসম)

2.71428571429
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top