প্লাম নাতিশীতোষ্ণ অঞ্চলৰ সুস্বাদু ফলৰ ভিতৰত অন্যতম। সকলোৰে প্ৰিয় এই ফলবিধ জাম, জেলি হিচাপেও ব্যৱহাৰ কৰা হয়।
প্লামৰ উৎপত্তি স্থান হৈছে উত্তৰ আমেৰিকা। কানাডাত এইবিধ ফলৰ খেতিয়ে বিশেষভাৱে বিস্তাৰ লাভ কৰিছে। ভাৰতত-
শ্ৰেণী বিভাগ:
প্লামৰ বৈজ্ঞানিক নাম প্ৰুনাছ ছেলিচিনা(Prunus Salicina) আৰু ই ৰোজেচি(Rosacae) পৰিয়ালৰ অন্তৰ্ভুক্ত।
ইউৰোপীয় জাতৰ প্লাম প্ৰুনাছ ডনেষ্টিকা(Prunus Donestica)ৰ খেতি পাহাৰৰ বেছি উচ্চতাত কৰা হয়।
প্লাম এবিধ চাপৰ জাতীয় গছ। গছবিধ শীতৰ সময়ত সুপ্ত অৱস্থাত থাকে আৰু ফেব্ৰুৱাৰী মাহৰ প্ৰথমভাগত ফুলেৰে ভৰি পৰে। ফলবিধ গোলাকাৰ, পকিলে গাঢ় ৰঙা ৰঙৰ হয়।
ফলৰ পুষ্টি আৰু ঔষধ গুণ:
প্ৰতি ১০০ গ্ৰাম ফলত থাকে-
প্লাম হজমকাৰক, ইয়ে শৰীৰৰ ক্লান্তি আৰু অৱসাদ দূৰ কৰে। তদুপৰি মেহ আৰু অৰ্শনাশক।
মাটি:
এইবিধ গছৰ বাবে আপেল, নাচপতিৰ নিচিনা বালিচহীয়া মাটি উপযুক্ত। বেছি আম্লিক মাটিত গছজোপাৰ বৃদ্ধি ভাল নহয়।
সেই কাৰণে এনে মাটিত চূণ প্ৰয়োগ কৰাৰ পিছত গছ ৰোপণ কৰিব লাগে।
সাধাৰণতে গ্ৰাফটিং(Grafting) বা জোৰ কলম পদ্ধতিৰে পুলি উৎপাদন কৰা হয়। প্লামৰ বিভিন্ন জাতে বিভিন্ন মূলাধাৰ(Root Stock) পছন্দ কৰে।
বেছিভাগ জাতকে মাহৰ বেলেনবি মূল্যাধাৰত জোৰা দিয়া হয়। কাৰণ, এইবিধ মূলাধাৰ দৃঢ় আৰু মাটিৰ গভীৰতালৈ যাব পাৰে।
জাত:
খেতিৰ ঠাই:
এইবিধ ফলৰ খেতিৰ কাৰণে ৰ’দ পৰা ঠাইৰ প্ৰয়োজন। ঠাইডোখৰৰপৰা পানী ওলাই যোৱাৰ সুব্যৱস্থা থাকিব লাগে।
খেতিৰ মাটি ঘাঁহমুখ কৰি নিৰ্দিষ্ট ঠাইত গাঁত খান্দিব লাগে। গাঁও ৫০ ঘন ছেন্টিমিটাৰ জোখত খান্দি মাটিৰ লগত সাৰ মিহলি কৰিব লাগে।
প্ৰতিটো গাঁতত ১৯ কিলোগ্ৰাম গোবৰ সাৰ দি ভালকৈ মাটিৰ সৈতে মিহলি কৰি ল’ব লাগে।
পুলি ৰোপণ পদ্ধতি:
দুবছৰৰ কলমৰ পুলি গাঁতৰ মাজ অংশত স্থাপন কৰি চাৰিওপিনে মাটি চপাই দিব লাগে। তাৰ পিছত পানী প্ৰয়োগ লাগে।
পুলি ৰোপণৰ সময়:
সাধাৰণতে নৱেম্বৰৰপৰা ফেব্ৰুৱাৰী মাহৰ ভিতৰত পুলি ৰোপণ কৰা হয়।
পুলিৰ দূৰত্ব:
দুজোপা গছৰ মাজৰ দূৰত্ব ৪ৰ পৰা ৬ মিটাৰ ৰাখিব লাগে। গছৰ পুলি লগোৱাৰ সময়ত গছৰ প্ৰধান ডাল ৩০ ছেন্টিমিটাৰ উচ্চতালৈ ৰাখি বাকীখিনি কাটি দিব লাগে।
সাৰ প্ৰয়োগ:
গছৰ শ্ৰীবৃদ্ধি আৰু উৎপাদনৰ কাৰণে ৩৫০ গ্ৰাম নাইট্ৰ’জেন, ১৭৫ গ্ৰাম ফছফৰাছ আৰু ৩৫০ গ্ৰাম পটাছ প্ৰয়োগ কৰিব লাগে।
গছৰ পাতত ৯ শতাংশ ইউৰিয়া প্ৰয়োগৰ ফলত গছৰ বৃদ্ধি আৰু উৎপাদন বাঢ়ে।
ফল স্বাদযুক্ত হোৱাৰ উপৰি গছৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াবৰ কাৰণে ট্ৰেচেল ২-৩ গ্ৰাম প্ৰতি লিটাৰ পানীত মিহলাই ২-৩ বাৰ গছৰ পাতত স্প্ৰে কৰিব লাগে।
জলসিঞ্চন:
পুলি লগোৱাৰ কেইদিনমানৰ অন্তৰে অন্তৰে পানী প্ৰয়োগ কৰিব লাগে। বৰষুণ আৰম্ভ হ’লে পানীৰ প্ৰয়োজন নহয়।
মাধ্যমিক পৰিচৰ্যা:
ঘাঁহ বিনাশ কৰিবলৈ এট্ৰাজিন(Atrazine) বা ডাই-ইউৰ’ন(Di-uron) ৪ কিলোগ্ৰাম অথবা টাৰবেচিল(Terbacil) ৩ কিলোগ্ৰাম প্ৰয়োগ কৰিব লাগে।
ডাল কটা পদ্ধতি(Pruning):
প্লামৰ ডাল কটাটো এটা প্ৰধান কাম। প্ৰথম শীতকালত প্ৰধান ডালৰ আগবোৰ কাটিব লাগে, যাতে শাখা ডালবোৰ বেছি হয়।
দ্বিতীয় শীতৰ সময়ত গছৰ মাজৰ সৰু ডালিবোৰ কাটিব লাগে।
তৃতীয় আৰু চতুৰ্থ শীতত পাতলকৈ সৰু আৰু শুকান ডালবোৰ কাটি দিব লাগে। ইয়াৰ ফলত ফলৰ বৃদ্ধি হয় আৰু গুণগত মান উন্নত হয়।
ডালবোৰত ফল বেছিকৈ লাগিলে ডাল ভাঙি যোৱাৰ সম্ভাৱনা থাকে। সেই কাৰণে অলপ ফল চপাই পাতল কৰিব লাগে।
ফল সংগ্ৰহ:
ফলৰ গাত ভালকৈ ধৰিলে ফল চপাব লাগে। ইয়াৰ ফলত ফলৰ স্বাদ আৰু গোন্ধ ভাল থাকে।
কিন্তু দূৰৈৰ বজাৰলৈ প্ৰেৰণৰ বাবে ফল অলপ আগতীয়াকৈ চপাব লাগে। ফল সংৰক্ষণ কৰিবলৈ পকা আৰু দৃঢ় অৱস্থাতে ফল উঠাব লাগে।
উৎপাদন:
এজোপা গছৰপৰা ২০ কিলোগ্ৰাম ফল উৎপাদন হয়।
বগা গুড়ি ৰোগ(Powdery mildew):
আক্ৰান্ত গছৰ পাত, শাখা আৰু ফলৰ ওপৰত বগা বা ধূসৰ গুড়ি দেখা যায়। আক্ৰান্ত অংশবোৰ পচি যায়। প্ৰতি লিটাৰ পানীত ২.৫ গ্ৰাম কেৰাথেন মিহলাই ছটিয়াই এই ৰোগৰপৰা হাত সাৰিব পাৰি।
শিপা ছিদ্ৰকাৰী পোক(Root borer):
এইবিধ পোকে শিপা আৰু কাণ্ডত ছিদ্ৰ কৰে। আক্ৰান্ত গছ নিস্তেজ হৈ মৰি যায়। আক্ৰান্ত গছৰ গুৰিত ৫ শতাংশ এলড্ৰিন বা ১০ শতাংশ বি এইচ প্ৰয়োগ কৰিব লাগে।
উলি এফিছ(Wooly aphis):
পোকবোৰে গছৰ কাণ্ড, শাখা আৰু শিৰাত আক্ৰমণ কৰে। আক্ৰমণ কমাবলৈ প্ৰতি লিটাৰ পানীত এক মিলি লিটাৰ ৰ’গ’ৰ মিহলাই গছত স্প্ৰে কৰিব লাগে।
লেখিকা: ড° মিনছুৰা বেগম(দৈনিক অসম)
শেহতীয়া উন্নীতকৰণ: : 3/9/2020