অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ব্যৱসায়ভিত্তিত ফুলৰ খেতিঃ

ব্যৱসায়ভিত্তিত ফুলৰ খেতিঃ

 

বাৰিষা শেষ হোৱাৰ পাছতেই শীতৰ ফুল ফুলাৰ বতৰ। শীতকালৰ কুঁৱলীৰ বতৰ ডালিয়া ফুলৰ বতৰ। ঠাণ্ডা জলবায়ু ইয়াৰ কাৰণে অতি উপযুক্ত। সাধাৰণতে আগষ্ট মাহতে এই খেতিৰ বাবে সজাগ হ’ব লাগে যদিও বাৰিষা বৰষুণৰ বতৰৰ বাবে এই খেতি কৰিব পৰা নাযায়। আমাৰ ৰাজ্যত ফুলৰ প্ৰতি আগ্ৰহ বহু বৃদ্ধি হৈছে। অকল অসমৰ নগৰ কেইখনৰ মানুহৰ মাজতে নহয়, গাঁও অঞ্চলতো কমসংখ্যক হ’লেও ফুল ৰোৱা মানুহ নোহোৱা নহয়।

অসমৰ নগৰ-চহৰত বৰ্তমান ভালেসংখ্যক নাৰ্ছাৰী হৈছে। বহুতেই নাৰ্ছাৰীক ব্যৱসায় হিচাপে গ্ৰহণ কৰিছে যদিও আশানুৰূপ আৰু উন্নতমানৰ নাৰ্ছাৰীৰ অসমত খুবেই অভাৱ। সৰহভাগ নাৰ্ছাৰীয়েই পশ্চিমবংগৰ নাৰ্ছাৰীৰ পৰা পুলি আনি বিক্ৰী কৰা দেখা যায়। শীতকালীন ফুলৰ বতৰত আমাৰ মানুহে সাধাৰণতে ডালিয়া, ক্ৰিছেনথিয়াম, ফ্লুক্স, পিটুনিয়া, কেলেণ্ডুলা, নাৰ্জী, হলিহক আদি ফুলকে বেছিকৈ লগায়। ফ্লক্স, কেলেণ্ডুলা, পিটুনিয়া আদি ফুলৰ গুটি ভালকৈ ঘৰতে ৰাখিলে সহজতে পাছত পুলি কৰিব পাৰি। ডালিয়া ফুলৰ কাটিং ঘৰতে অসংখ্য কৰিব পাৰি, যদিহে ফুল ফুলাৰ পাছত আলুটো ভালকৈ সংৰক্ষণ কৰা হয় নতুবা মাতৃগছ জোপা বাৰিষা কালত বৰষুণৰ পৰা বচাই যত্নৰে জীয়াই ৰখাব পাৰি। এজোপা মাতৃগছৰ পৰা অক্টোৱৰ-নৱেম্বৰ মাহত যথেষ্ট সংখ্যক ডালিয়াৰ কাটিং সহজেই কৰিব পাৰি।

বজাৰত একোটা কাটিং পুলিৰ দামো অধিক। নাৰ্ছাৰী ব্যৱসায়েৰে নিবনুৱা যুৱক বা যুৱতী স্বাৱলম্বী হৈছে। আধুনিক কৃষিত নাৰ্ছাৰীৰ গুৰুত্ব অপৰিসীম। নাৰ্ছাৰীৰ বাহিৰে কৃষিকৰ্ম অসম্পূৰ্ণ বুলিয়েই ক’ব পাৰি। এই নাৰ্ছাৰীৰ প্ৰথম কামেই হ’ল গছপুলি উৎপাদন আৰু যত্ন লোৱা। আমাৰ বহুতো নিবনুৱা যুৱক-যুৱতীয়ে ব্যৱসায়ভিত্তিত ফুলৰ খেতিৰ ওপৰত অধ্যয়ন কৰি, ঘৰতে নাৰ্ছাৰীৰ ব্যৱসায় কৰিব পাৰে।

নাৰ্ছাৰী খুলি ফুল খেতিৰ ব্যৱসায় আৰম্ভ কৰোতে প্ৰথমে কমকৈ তাৰ পাছত ক্ৰমান্বয়ে বহলাব পাৰি। চাকৰিৰ সলনি ইয়ো এটা ভাল উপাৰ্জনৰ পথ হ’ব পাৰে। ফুল খেতি সাধাৰণতে সৌন্দৰ্য বৰ্ধনৰ বাবে কৰা হয় যদিও ইয়াৰ ব্যৱসায়িক দিশটোও সমানে গুৰুত্বপূৰ্ণ। অসমৰ মাটি আৰু জলবায়ু ফুল খেতিৰ বাবে উপযোগী যদিও বৰ্তমানলৈকে ব্যৱসায়িক ভিত্তিত ফুল খেতি আশানুৰূপভাৱে সম্প্ৰসাৰিত হোৱা নাই। অসমত উৎপাদিত ফুলে ৰাজ্যখনৰ চাহিদা পূৰণ কৰিবলৈ সামৰ্থ নোহোৱাৰ বাবেই আন আন ৰাজ্যৰ পৰা ফুল আমদানি কৰিবলগীয়া হয়।

এক কথাত ক’বলৈ গ’লে ফুল ভাল নোপোৱা, ফুলৰ সৌন্দৰ্যত মুগ্ধ নোহোৱা মানুহ নিশ্চয় নাই। সৰু-ডাঙৰ ধনী-দুখীয়া সকলোৱে ফুলৰ সৌন্দৰ্যত মুগ্ধ হয়। ফুলৰ ৰং, ৰূপ, গুণ, অতুলনীয়। তাহানিৰ পৰা মানুহে বিভিন্ন ঔষধি গুণসম্পন্ন ফুল ঔষধ হিচাপে ব্যৱহাৰ কৰি আহিছে।

(উৎসঃ খবৰ, দণ্ডিৰাম বৰা)।

শেহতীয়া উন্নীতকৰণ: : 2/29/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate