মূল পৃষ্ঠা / কৃষি / অসমৰ খেতিসমূহ / ব্যৱসায়িক ভিত্তিত কৰিব পৰা ফুলৰ খেতি
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ব্যৱসায়িক ভিত্তিত কৰিব পৰা ফুলৰ খেতি

ব্যৱসায়িক ভিত্তিত কৰিব পৰা ফুলৰ খেতিৰ বিষয়ে লিখা হৈছে ।

 

ফুলৰ আদৰ বিশ্বজনীন । ফুল পূজা-পাৰ্বণৰ উপৰি মান্যজনক সন্মান যাচিবলৈ ব্যৱহাৰ কৰা হয় । নিজ গৃহত এখন ফুলনি, ঘাঁহৰ কাৰ্পেট থাকিলে মন প্ৰফুল্ল হয় । বিভিন্ন পূজা-পাৰ্বণ আৰু অন্য অনুষ্ঠানত যিবোৰ দৰকাৰী ফুল যেনে- পদুম, গোলাপ, জবা ফুল লাগে সেইবোৰ অসমৰ বাহিৰৰ পৰা আহে । ফলত বহু লক্ষ টকা অসমৰ বাহিৰলৈ ওলাই যায় । গুৱাহাটীৰ ওচৰত থকা দদৰা, হাজো আদি অঞ্চলত কিছু ফুলৰ খেতি শিক্ষিত চামৰ মাজত ব্যৱসায়িক ভিত্তিত কৰা পৰিলক্ষিত হৈছে । কিন্তু চাহিদা অনুসাৰে সেয়া অতি নগণ্য, সেয়েহে উদ্যানশস্য হিচাপে অসমৰ প্ৰতিখন জিলাত বিভাগীয় আঁচনি লোৱাৰ লগতে শিক্ষিত নিবনুৱা যুৱকক ফুল খেতিৰ প্ৰতি আগ্ৰহান্বিত কৰা হৈছে । অসমৰ পৰিৱেশত ব্যৱসায়িক ভিত্তিত কৰিব পৰা কেইবিধমান ফুল খেতিৰ বিষয়ে চমুকৈ আলচ কৰা হ’ল ।

ডালিয়া -

এইবিধ ফুলৰ কেইটামান ভাল জাত হ’ল- স্বামী লোকেন্বৰানন্দ, লৰ্ড বুদ্ধ, শ্ৰী ৰামকৃষ্ণ , কুইন, এলিজাবেথ আদি ডালিয়া গুটি বা ডাল পচাই নাইবা আলুৰ পৰা পাব পাৰি ।

ৰোৱা পদ্ধতি -

বীজবোৰ ভালদৰে প্ৰস্তুত কৰা নাৰ্ছাৰীত অক্টোবৰ-নৱেম্বৰ মাহত সিঁচিব লাগে । কাঠৰ বা চিমেণ্টৰ বাকচ কৰিও সিঁচিব পাৰি । তাৰ পাছত ৪-৬ মহীয়া পুলিবোৰ মাটিত টাবত ৰুব পাৰি । আলুৰ পৰা হোৱা গছৰ পৰা আগষ্ট মাহৰ পৰা ডাল কাটি ৰুব পাৰি । ফুলনিত দুশাৰীৰ মাজত প্ৰায় ৯০ ছে:মি: আৰু পুলিৰ পৰা পুলিলৈ ৫০-৭০ ছে: মি: ব্যৱধানত পুলি ৰুব । চাপৰ জাতৰ ক্ষেত্ৰত ৬০ x ৬০ ছে:মি: ব্যৱধানত পুলি ৰুব, মাটি ৰ’দ পৰা, পানীজমা নোহোৱা বালিঅহীয়া মাটি হ’লে ভাল । বেছি তাপ, বৰষুণ আৰু অতি ঠাণ্ডা ডালিয়াই ভাল নাপায় ।

তত্ত্বাৱধান :- পুলিবোৰ ১০-১৫ ছে: মি: ওখ হ’লে বাগৰি নপৰাকৈ বাঁহৰ ডাল পুতি মিহিকৈ ৰছীৰে বান্ধি দিব । লগতে গুৰিত মাটি চপাই দিব । মাটিত যথেষ্ট পৰিমাণে পচন সাৰ দিব । শিপাই আঘাত নোপোৱাকৈ অন্য সাৰো পচন সাৰৰ লগত মিহলাই ১০-১৫ গ্ৰামকৈ পুলি ৰোৱাৰ ৩০-৩৫ দিন পাছত দিব । ৰাসায়নিক সাৰ দিয়াৰ দুদিন পাছতহে পানী দিব ।

শস্য ৰক্ষা -

পুলিত মোৱাপোক, বিছা পোক আদিয়ে পাতৰ ৰস খালে মালাথিয়ন ৫০ ইচি নাইবা চুমিথিয়ন ১৫ মিলি লিটাৰ ১০ লিটাৰ পানীত গুলি আবেলিপৰত স্প্ৰে’ কৰিব । পাতত দাগ পৰা অথবা আন ধৰণৰ পচা ৰোগ হ’লে ইন্দোফিল এম-১৫-২০ গ্ৰাম ১০ লিটাৰ পানীত গুলি পাতৰ তলে-ওপৰে লাহে লাহে স্প্ৰে’ কৰিব ।

গ্লেডিওলাচ -

এইবিধ ফুলৰ উন্নত জাত কেইবিধমান হ’ল- ময়ূৰ, লেডী কিলাৰ, ছানি বয়, মৰ্ণিং ব্ৰাইড, অগ্নিৰেখা আদি । যিবোৰ ফুল ডালৰ সৈতে চপোৱা হয় । তেনে ফুলৰ খেতিৰ বাবে আলু ব্যৱহাৰ কৰা হয় । ইয়াৰ বাবে পলসুৱা মাটি হ’লে ভাল । মাটিৰ লগত পচন সাৰ, কেঁচুসাৰ মিহলাই আলু ৰুব । বেছি আলতীয়া মাটিত অলপ বালিৰ লগতে পচন সাৰ বেছিকৈ দি আলু ৰুব । আলুৰ পৰা পুলি হ’লে সাৱধানে উঠাই অন্য ঠাইত শিপাই দুখ নপোৱাকৈ ৰুব । কিন্তু ফুল ফুলা সময়ত পুলি নুঠাব । পুলিবোৰ ৪/৬ পতীয়া হ’লে এক কিলোগ্ৰাম ৰাসায়নিক সাৰৰ লগত ১০ কিলোগ্ৰাম পচন সাৰ মিহলাই গুৰিৰ পৰা কিছু নিলগত সাৰ দিব । দুদিন পাছতহে পানী দিব । আলু ৰোৱাৰ আগতে সোনকালে শিপা ওলাবৰ বাবে জিবাৰেলিক এচিদ (২৫০০ পি পি এম) ত ডুবাই মাটিত ৰুলে বৃদ্ধি, ফুলৰ আকাৰ ডাঙৰ হয় । আলু পচা ৰোগে খেতি নষ্ট কৰে । সেয়ে আলুবোৰ ৰোৱাৰ আগতে বেভিষ্টিন ১ গ্ৰাম ১ লিটাৰ পানীত গুলি আলুবোৰ ২০ মিনিট ডুবাই ৰাখি ছাঁত শুকাই লৈ ৰুব লাগে । ভূৰ পোক, থ্ৰিপছ পোক নহ’বৰ বাবে পুলি ৰোৱাৰ আগতে ৫ শতাংশ মালাথিয়ন ডাষ্ট মাটিত দিব আৰু পাছত এই পোক নিবাৰণৰ বাবে মালাথিয়ন ছটিয়াব । কিন্তু ভূৰ পোক বেছি হ’লে মালাথিয়ান ৫০ ইচি ঔষধ ৫ মিলিলিটাৰ ১০ লিটাৰ পানীত গুলি হস্তচালিত স্প্ৰে’ যন্ত্ৰৰ সহায়ত স্প্ৰে’ কৰিব । পাতবোৰ হালধীয়া হ’লে ফুল চপাব । আলুবোৰ উঠাই কেপটান ঔষধৰ মিশ্ৰণত ১৫-৩০ মিনিট ডুবাই ৰাখিব । ২০ গ্ৰাম কেপটান ১০ লিটাৰ পানীত গুলিব । আলুবোৰ বতাহ চলাচল কৰিব পৰা কোঠা নাইবা কাঠৰ ট্ৰেত মজুত কৰক । মজুত কৰা সময়ত আলুৰ গাত লাগি থকা মুগা চালবোৰ এৰুৱাই নিদিব । এইবিধ ফুল দেখিবলৈ বৰ ধুনীয়া ।

বৰ্তমান ৰাজ্য চৰকাৰে উদ্যানশস্য হিচাপে ৰজনীগন্ধা, নাৰ্জী, গোলাপ আদি ফুলৰ ব্যৱসায়িক খেতিৰ বাবে আৰ্থিক অনুদানো আগবঢ়াইছে ।

উৎস :- অসমীয়া খবৰ

4.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top