অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মৰাপাটৰ খেতিৰে সত্ৰশালত আশাৰ বতৰা :

মৰাপাটৰ খেতিৰে সত্ৰশালত আশাৰ বতৰা :

 

নামনি অসমৰ ধুবুৰী জিলাই একালত মৰাপাট উৎপাদনত অভিলেখ স্থাপন কৰিছিল। কিন্তু নানান প্ৰাকৃতিক দুৰ্যোগ, চৰকাৰী অৱহেলা, উৎপাদনৰ খৰচ বৃদ্ধি আদি কাৰণত কৃষকসকলে হতাশ হৈ ইৰি ধানৰ খেতিত মনোযোগ দিবলৈ আৰম্ভ কৰিলে।

বৃহত্তৰ সত্ৰশাল অঞ্চলৰ ঝসকাল, পাবৰচ’ৰা, ৰণপাগলী, খেৰবাৰী, কালডোবা, বেলগুৰি ৰতিয়াদহ, কানুৰী বিষখোলা আদি গাঁৱৰ একাংশ খেতিয়কে প্ৰত্যাহ্বানমূলকভাৱে মৰাপাট খেতিত মনোনিৱেশ কৰি সমগ্ৰ অঞ্চলটোলৈ আশাৰ বতৰা কঢ়িয়াই অনা দেখা গৈছে।

অসম-বাংলাদেশ আৰু অসম-উত্তৰবংগ সীমাৱৰ্তী উক্ত গাঁওসমূহৰ একাংশ প্ৰগতিশীল কৃষকে মৰাপাট খেতি কৰি উৎসাহিত হোৱা দেখা গৈছে। পাবৰচ’ৰা গাঁৱৰ মনচাব আলী, আলিমুদ্দিন শ্বেখ, জইচউদ্দিন শ্বেখ আৰু মইজুদ্দিন শ্বেখ নামৰ কৃষককেইজনে এইবেলি পৰীক্ষামূলকভাৱে দুই-তিনি বিঘা মাটিত মৰাপাট খেতি কৰি আশানুৰূপ উৎপাদন পোৱাৰ আশা এই প্ৰতিবেদকৰ ওচৰত প্ৰকাশ কৰিছে। তেওঁলোকে যোৱা চ’ত মাহত ৬০ টকাৰে এক কিলোগ্ৰাম উন্নত মানৰ বীজ ক্ৰয় কৰি এবিঘাকৈ মাটিত সিঁচি দিছে আৰু শাওণ মাহত মৰাপাট গছ কাটি পানীত তিয়াই পোন্ধৰ দিনমানৰ পিছত উলিয়াই শুকাই বিক্ৰীৰ বাবে সাজু কৰিব। তেওঁলোকে প্ৰকাশ কৰা মতে, এবিঘা মাটিত মৰাপাট খেতিৰ বাবে সৰ্বমুঠ পাঁচ হাজাৰমান টকা খৰচ পৰে আৰু ন্যূনতম ৬-৭ মোন মৰাপাট উৎপাদন হয়। নতুন মৰাপাট প্ৰতিমোনত ১,৬০০ টকা আৰু পুৰণিবিধ ২,২০০ টকাকৈ বিক্ৰী কৰিব পাৰে বুলিও প্ৰকাশ কৰিছে।

মৰাপাট খেতি চপাই কৃষকসকলে সেই ডোখৰ মাটিতে শালিধানৰো খেতি কৰিব পাৰেগ। তদুপৰি গাঁৱৰ ওচৰেদি প্ৰৱাহিত ৰাইডাক নদীত মৰাপাট তিয়াই সহজে ধুই পৰিষ্কাৰ কৰি শুকাই বিক্ৰীৰ বাবে সাজু কৰিবও পাৰে। তদুপৰি মৰাপাটৰ ঠাৰিবোৰ খৰি হিচাপে ব্যৱহাৰ কৰিব পাৰে আৰু বিক্ৰীও কৰিব পাৰে। তেনেদৰে কালডোবা অঞ্চলৰ সুভাষ সেন, অনিল সেন আৰু কাৰ্তিক সেনেও মৰাপাটৰ খেতি কৰি উৎসাহিত হৈ পৰা দেখা গৈছে।

অকল মৰাপাটৰ খেতি কৰি অৰ্থনৈতিকভাৱে স্বচ্ছল হ’ব পৰা চৰকাৰী ব্যৱস্থাৰ অভাৱত তেওঁলোকে উত্তৰ-বংগৰ একাংশ ব্যৱসায়ীৰ ওচৰত পানীৰ দামত মৰাপাট বিক্ৰী কৰিবলৈ বাধ্যত পৰাত হতাশ হোৱা দেখা গৈছে। পূৰ্বতে ভাৰত চৰকাৰৰ মৰাপাট বিক্ৰী মৰাপাট নিগম কৰ্তৃপক্ষই সমৰ্থন মূল্যত মৰাপাট ক্ৰয় কৰিছিল যদিও সম্প্ৰতি তেনে ব্যৱস্থাৰ অভাৱত কৃষকসকল একাংশ মধ্যভোগীৰ কবলত পৰি উচিত মূল্য লাভৰপৰা বঞ্চিত হৈ পৰা বুলি অভিযোগ কৰিছে।

সম্প্ৰতি প্লাষ্টিকৰ সামগ্ৰী বজাৰত উভৈনদী হৈ পৰাত স্থানীয় লোকে মৰাপাট ক্ৰয় কৰা দেখা নাযায় আৰু সেয়ে বাধ্যত পৰি মৰাপাট উৎপাদন কৰা কৃষকসকল ওচৰৰ কালডোবা, হালাকূৰা আদি স্থানীয় বজাৰত মৰাপাট বিক্ৰী কৰিবলৈ বাধ্যত পৰি লোকচান ভুগিবলগীয়া হৈছে। মৰাপাট উৎপাদনত উৎসাহ যোগোৱাৰ উদ্দেশ্যে আৰু মৰাপাট নিগমৰ যোগেদি মৰাপাট উচিত মূল্যত ক্ৰয় কৰাৰ ক্ষিপ্ৰ আৰু কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈ অঞ্চলটোৰ কৃষকসকলে দাবী জনাইছে।

লেখক: অম্বুনাথ শৰ্মা(দৈনিক অসম)

শেহতীয়া উন্নীতকৰণ: : 2/6/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate