অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শস্যক্ৰম আঁচনিত ঘাঁহ খেতিৰ অন্তৰ্ভূক্তি

শস্যক্ৰম আঁচনিত ঘাঁহ খেতিৰ অন্তৰ্ভূক্তি

শস্যক্ৰম মানে হৈছে একেডৰা মাটিত এবছৰত দুটা বা তাতোধিক শস্যৰ খেতি এটা চপোৱাৰ পিছত আনটো আৰস্ক কৰাটো বুজায়।

অসম এখন কৃষি প্ৰধান ৰাজ্য য’ত শতকৰা ৮০ বা ততোধিক মানুহ প্ৰত্যক্ষ বা পৰোক্ষ ভাৱে কৃষিৰ ওপৰত নিৰ্ভৰশীল। অসমৰ কথা বাদেই আনকি সমগ্ৰ ভাৰতবৰ্ষতেই বিশেষ কিছু সৰু অঞ্চলৰ বাদে খেতিৰ বাবে উপযুক্ত মাটিৰ শতকৰা ২ ভাগ ঘাঁহ জাতীয় শস্যৰ কৃষি কৰ্ম খুবেই নগন্য, জনসংখ্যাৰ বিস্স্কোৰণ আৰু ধান-মাহ, শাক-পাচলিৰ পৰা হোৱা লাভজনক উপাৰ্জনেই ইয়াৰ মূল কাৰণ বুলি কব পাৰি।

বৰ্তমান অসমত দিনে দিনে বৃদ্ধি পোৱা জনসংখ্যাৰ বাবে চৰনীয়া পথাৰৰ অভাৱ দেখা যায়, ইয়াৰ ওপৰিও ধানৰ নৰা বা শুকান ঘাঁহ-বনত প্ৰ’টিন জাতীয় খাদ্য যথেষ্ট কম পৰিমাণে উঅপলব্দ হয় গতিকে এইবোৰৰ লগত পুষ্টিকৰ সেউজীয়া ঘাঁহ জাতীয় শস্য মিহলাই গৰু ম’হৰ খাদ্য প্ৰস্তুত কৰা উচিত।

অসমত জাৰ কালি বা জ’হ কালি বিশেষকৈ গৰু-ম’হৰ খাদ্যৰ অভাৱ পৰিলক্ষিত হয় সেইবাবে ধান কৰা মাটিত ধানডৰা চপোৱাৰ পিছত বা জহকালি ৰৱি শস্য সপোৱাৰ পিছত পুষ্টিকৰ ঘাঁহৰ খেতি কৰিব পৰা যায়।

শস্যক্ৰম

১) ধান-অট (ঘাঁহৰ বাবে)-মগুমাঁহ

২) ধান-পিয়াজ-লেচেৰা মাঁহ (ঘাঁহৰ বাবে)

শস্যক্ৰম ন্ং১ : ধান-অট (ঘাঁহৰ বাবে)-মগুমাঁহ

সঁচ                 সময়সীমা

ধান-সত্যৰঞ্জন/বসুন্ধৰা   ১৩০-১৩৫ দিন

অট-কেণ্ট/চবজাৰ      প্ৰথমবাৰ ৬০-৭০দিনৰ পাছত আৰু

দ্বিতীয় বাৰ ৫০% ফুল ফুলাৰ সময়ত

কাটিব লাগে।

মগুমাঁহ-প্ৰতাপ         ৬৫-৭০ দিনত প্ৰথম বাৰ চিঙিব পৰা

যায়।

সাৰ :

ধান : প্ৰতি বিঘাত ইউৰীয়া ২৪ কিলোগ্ৰাম, চিঙ্গল চুপাৰ ফচফেট ৩৩ কিলোগ্ৰাম আৰু মিউৰিয়েট অৱ পটাচ ৯ কিলোগ্ৰাম।

অট : প্ৰতি বিঘাত ১২ কিলোগ্ৰাম ইউৰীয়া, ১৭ কিলোগ্ৰাম চিঙ্গল গুপাৰ ফচফেট আৰু ৪ কিলোগ্ৰাম মিউৰিয়েট অৱ পটাছ।

মগুমাঁহ : প্ৰতি বিঘাত ৩ কিলোগ্ৰাম ইউৰীয়া; ২৯ কিলোগ্ৰাম চিঙ্গল চুপাৰ ফচফেট আৰু ২ কিলোগ্ৰাম মিউৰিয়েট অৱ পটাচ, ইয়াৰ ওপৰিও ১৫০ গ্ৰাম ৰাইজবিয়াম সাৰ প্ৰতি ৩-৪ কিলোগ্ৰাম গুটিত মিহলাই লব লাগে।

প্ৰথমে গুটিখিনি পৰিস্কাৰ পানীৰে অলপ সেমেকাই লব লাগে আৰু তাৰ পিছত ৰাইজবিয়াম সাৰখিনি এনেদৰে ব্যৱহাৰ কৰিব লাগে যাতে ৰাইগবিয়ামখিনি এটা পাতল চামনিৰ দৰে গুটিৰ ওপৰত লাগি ধৰে আৰু তাৰ পিছত ছা’ত শুকুৱাৰ ব্যৱস্থা কৰিব লাগে।

সাৰ ব্যৱহাৰৰ পদ্ধতি :

ধানৰ ক্ষেত্ৰত :

১) আধাভাগ ইউৰীয়াৰ লগতে আটাইখিনি চিঙ্গল চুপাৰ ফচফেট আৰু মিউৰীয়েট অৱ পটাছ পথাৰ ডৰা বোকা কৰা সময়ত ব্যৱহাৰ কৰিব লাগে।

২) বাকীখিনি ইউৰীয়াৰ আধা পোখামেলাৰ সময়ত (ধান ৰোৱাৰ পৰা ২০-৩০ দিন পিছত) আৰু বাকী আধা গেঢ় ধৰা সময়ত ব্যৱহাৰ কৰিব লাগে।

অটৰ ক্ষেত্ৰত :

তিনি ভাগৰ দুভাগ ইউৰীয়া আৰু আটাইখিনি চিঙ্গল চুপৰ ফচফেট আৰু মিউৰীয়েট অৱ পটাছ মাটি ডৰা ভালদৰে প্ৰস্তুত কৰাৰ পিছত ব্যৱহাৰ কৰিব লাগে; বাকীখিনি ইউৰীয়া প্ৰথম বাৰ কটৰ পিছত (৬০-৭০ দিন গুটি গজালি ওল্পৱাৰ পৰা)।

মগুমাঁহৰ ক্ষেত্ৰত : আটাইখিনি সাৰ মাটি ডৰা ভালদৰে প্ৰস্তুত কৰাৰ পিছত মাটিত মিহলাই দিব লাগে।

চুণৰ ব্যৱহাৰ :

যিহেতু অসমৰ মাটিৰ অম্লতা বেছি সেই বাবে ১৩০০ গ্ৰাম ডলমাইট বিঘাই প্ৰতি বোকা কৰাৰ ৪ দিন আগত ব্যৱহাৰ কৰি ভাল ফল পোৱা যায়।

গুটিৰ নিৰিখ : প্ৰতি বিঘা মটিৰ বাবে ৬ কিলোগ্ৰাম ধান কঠিয়া তলিত ব্যৱহাৰ কৰিব লাগে; অটৰ ক্ষেত্ৰত প্ৰতি বিঘা মাটিৰ বাবে ১৩ কিলোগ্ৰাম আৰু মগুমাঁহৰ ক্ষেত্ৰত ৩ কিলোগ্ৰাম গুটিৰ প্ৰয়োজন।

গুটি দিয়া বা ৰোৱাৰ সময় :

ধানৰ ক্ষেত্ৰত কঠীয়া খিনি মূল পথাএঅৰ জুলাইৰ প্ৰ্থম সপ্তাহত ৰোৱাৰ ব্যৱস্থা কৰিব লাগে। অটৰ ক্ষেত্ৰত নৱেম্বৰৰ প্ৰথম সপ্তাহত আৰু মগু মাঁহৰ ক্ষেত্ৰ্ত মাৰ্চৰ প্ৰথম সপ্তাহত গুটি মূল পথাৰত সিচিব লাগে।

গুটি দিয়া বা ৰোৱাৰ পদ্ধতি :

ধানৰ ৩০ দিনীয়া কঠীয়া ২ ডালকৈ ২০ চেঃ মিঃx১৫ চেঃ মিঃ ব্যৱধানত ৰোৱা হয়ষ কঠীয়া তলিত বীজ জুনৰ ১ তাৰিখে দিলে ১৫ অক্টোবৰৰ ভিতৰত ধান পূৰঠ হয়।

অটৰ গুটি দুটা শাৰীৰ মাজত ২৫ চেঃ মিঃ ব্যৱধানত ৪-৫ চেঃ মিঃ দ’ত দিয়া হয় আৰু মগুমাঁহৰ ক্ষেত্ৰ্ত গুটিবোৰ ৩০ চেঃ মিঃ x ১০ চেঃ মিঃ ব্যৱধানত দিব লাগে।

পানী যোগানৰ ব্যৱস্থা :

প্ৰথম বাৰ কটাৰ পিছত এবাৰ পানী যোগানৰ ব্যৱস্থা কৰিব পাৰিলে অটৰ উৎপাদন যথেষ্ট পৰিমাণে বৃদ্ধি পায় যদিও এই খেতিটো সম্পূৰ্ণ ৰুপে বৰষুণৰ ওপৰত নিৰ্ভৰ কৰিও অনায়াসে কৰিব পৰা যায়।

অটৰ কটাৰ নীয়ম : প্ৰথম বাৰ গজালী ওলোৱাৰ ৬০-৭০ দিন পিছত গেঢ় ধৰাৰ সময়ত মাটিৰ পৰা ১৫ চেঃ মিঃ ওখত কটা হয় আৰু দ্বিতীয় বাৰ শতকৰা ৫০ ভাগ ফুল ফুলাৰ সময়ত কটাৰ ব্যৱস্থা কৰাব লাগে।

অৰ্থনীতি আৰু কৰ্মদিনৰ সুযোগ : ওপৰত উল্লেখিত শস্যক্ৰম কৰিলে প্ৰতি টকাৰ বিপৰীত ২.৭৪ টকা ওভোটাই পোৱাৰ সস্কাৱনা থাকে আন কথাত কবলৈ গ’লে এটকা খৰছ কৰিলে ১.৭৪ টকা লাভ পাব পাৰি ইয়াৰ ওপৰি এই ক্ষেত্ৰত বছৰি প্ৰতি বিঘাত ২৫ কৰ্মদিনৰ সুবিধা কৰিব পৰা যায়।

 

শস্যক্ৰম ন্ং ২ : ধান-পিয়াগ-লেচেৰা ঘাঁহ (ঘাঁহৰ বাবে)

সচ :

ধান : প্ৰথনটো শস্যক্ৰমৰ দৰে সম্পূৰ্ণ একে।

পিয়াজ : এন – ৫৩ (কঠীয়া তলীত বীজ দিয়াৰ পৰা মূল পথাৰত পিয়াজ উঠোৱালৈকে ১৫০ দিন)

লেচেৰা মাঁহ (ঘাঁহৰ বাবে) : ই.চি. ৪২১৬ শতকৰা ৫০ ভাগ ফুল ফুলাৰ সময়ত (গজালী উলোৱাৰ পৰা ৬০ দিন পিছত) এবাৰ কাটিব পাৰি।

ৰোৱাৰ সময় : পিয়াজৰ গুটি-প্ৰতি বিঘাৰ বাবে ১৩০০ গ্ৰাম কঠীয়া তলীত চেপ্তেম্বৰৰ শেষ সপ্তাহত দিব লাগে আৰু নবেম্বৰৰ প্ৰথম সপ্তাহত মূল পথাৰত ৰুব পৰা যায়। লেচেৰা ঘাঁহৰ গুটি প্ৰতি বিঘাত ৭ কিলোগ্ৰাম হিচাপে মাৰ্চ মাহৰ তৃতীয় সপ্তাহত পথাৰত দিব পৰা যায়।

ৰোৱাৰ পদ্ধতি : পিয়াজৰ কঠীয়া ৬-৮ সপ্তাহ বয়স হ’লে পথাৰত ২০ চেঃ মিঃ ব্যৱধানত শুকান মাটিত বা বোকা মাটিত ২-৩ চেঃ মিঃ দ’ত ৰুব লাগে। শুকানকৈ ৰোৱাৰ পিছতেই পানী যোগানৰ ব্যৱস্থা কৰিব লাগে।

ঘাঁহৰ বাবে কৰা লেচেৰা মাঁহ ৩৫ চেঃ মিঃ x ১০ চেঃ মিঃ ব্যৱধানত শাৰী শাৰীকৈ মূল পথাৰত দিব লাগে।

সাৰৰ নীৰিখ আৰু প্ৰয়োগ প্ৰণালী : পিয়াজৰ ক্ষেত্ৰত প্ৰ্তি বিঘা মাটিত ১৮ কিলোগ্ৰাম ইউৰীয়া, ৪২ কিলোগ্ৰাম চিঙ্গল চুপাৰ ফচফেট আৰু ১১ কিলোগ্ৰাম মিউৰিয়েট অৱ পটাছ ব্যৱহাৰ কৰাৰ প্ৰয়োজন, ইয়াৰে আধা ভাগ ইউৰীয়া আৰু সকলোখিনি চুপাৰ ফচফেট আৰু মিউৰিয়েট অৱ পটাছ মাটিডৰা সম্পূৰ্ণভাৱে প্ৰস্তুত কৰাৰ পিছত মাটিত ভালদৰে মিহলাই দিব লাগে, বাকী আধা ভাগ ইউৰীয়া পিয়াজ ৰুৱাৰ ৩৫ দিন পিছত মাটিৰ ছটিয়াই দিয়া হয়।

লেচেৰা মাঁহৰ ক্ষেত্ৰত প্ৰতি বিঘাত ৬ কিলোগ্ৰাম চিঙ্গল চুপাৰ ফচফেট আৰু ৫ কিলোগ্ৰাম মিউৰিয়েট অৱ পটাছ মাটি দৰা প্ৰস্তুত কৰাৰ পিছত ভালদৰে মাটিত মিহলাই দিব লাগে।

পানী যোগানৰ ব্যৱস্থা : ৭-১০ দিন অন্তৰে অন্তৰে পানী যোগানৰ ব্যৱস্থা কৰা প্ৰয়োজন; কিন্ত পিয়াজ চপোৱাৰ ১৫ দিন আগতে পানী যোগন বন্ধ কৰিব লাগে।

ঘাঁহৰ বাবে ৰোৱা লেচেৰা মাহৰ বাবে পানী যোগানৰ প্ৰয়োজন নাই।

শস্য চপোৱাৰ নিয়ম : যেতিয়া শতকৰা ৭০ ভাগ গছ শুকাবলৈ আৰম্ভ কৰে তেতিয়া পিয়াজ পূৰঠ হয়। পিয়াজ চপোৱা ১০-১৫ দিন আগতে মাটিৰ সমান পৰ্য্যায়ত পিয়াজৰ গছবোৰ ভাঙি দিব লাগে যাতে পিয়াজ বোৰ ভালদৰে শুকাব পাৰে। বৰষুণৰ বতৰত পিয়াজ কেতিয়াও চপাব নালাগে। পিয়াজখিনি উঠোৱাৰ পিছত ছা’ত শুকোৱাৰ ব্যৱস্থা কৰিব লাগে।

অৰ্থনীতি আৰু কৰ্মদিনৰ সৃষ্টি : ওপৰোক্ত শস্যক্ৰম কৰাৰ পিছত লাভ-লোকচানৰ সমানুপাতিক হৈছে ৩.০৪ আন অৰ্থত কবলৈ গ’লে এটকা খৰছ কৰি ২.০৪ টকা লাভ হিচাপে উপাৰ্জ্জন কৰিব পাৰি। ইয়াৰ ওপৰিও উক্ত শস্যক্ৰমৰ দ্বাৰা প্ৰতি বিঘাত ৩১ কৰ্মদিনৰ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে।

লিখক: ড অজিৎ বৈশ্য।

শেহতীয়া উন্নীতকৰণ: : 3/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate