অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আত্মসংস্থাপনৰ বাবে উদ্যান শস্য

আত্মসংস্থাপনৰ বাবে উদ্যান শস্য

এতিয়া কথা হ’ল- উদ্যান শস্য বুলি কলে আমি কোনবোৰ শস্যৰ কথা ভাবিম। আমাৰ কৃষক ৰাইজে পৰম্পৰাগতভাৱে বিবিধ উদ্যান শস্যৰ খেতি কৰি আহিছে। শাক-পাচলি, ফলমূল, মচলা, ফুল, ঔষধি গছ-লতা আদিয়ে হ’ল উদ্যান শস্যফুল আৰু ঔষধী গছ-লতাৰ বাহিৰে বাকী উদ্যান শস্যবোৰৰ খেতি কৃষক ৰাইজে অতীতৰে পৰা কৰি আহিছে। সেইবোৰ খেতিয়েই বৰ্তমান উন্নত প্ৰণালীৰে তথা ব্যৱসায়িক ভিত্তিত কৰিবলৈ কৃষি বিভাগ উৎসাহিত কৰিছে। উদ্যান শস্যৰ খেতি কৰি বহু কৃষক তথা নিবনুৱা যুৱক যুৱতীয়ে সাফল্যৰ মুখ দেখিছে।

 

অসমৰ মাটি আৰু জলবায়ু নানাবিধ উদ্যান শস্যৰ বাবে বিশেষভাৱে উপযোগী। কেতবোৰ উদ্যান শস্য বাৰিষাকালত অৰ্থাৎ খাৰিফ বতৰত, কেতবোৰ উদ্যান শস্যৰ খেতি এবাৰ কৰাৰ পাছত বহু বছৰলৈকে ফল পাই থাকিব পাৰি। নানাবিধ ফলমূল এনে ধৰণৰ উদ্যান শস্য।

উদ্যান শস্যৰ খেতিৰ বাবে মাটি নিৰ্বাচনত বিশেষ গুৰুত্ব প্ৰদান কৰিব লাগে। কাৰণ উদ্যান শস্যৰ খেতি পানী জমা হোৱা পথাৰত কৰিব নোৱাৰি। অৱশ্যে খৰালিকালত বৰষুণ বা বানৰ সমস্যা নাথাকে বাবে অলপ দ মাটিতো বতৰীয়া শাক-পাচলিৰ খেতি কৰিব পাৰি। কিন্তু বাৰিষাৰ সময়ছোৱাত কৰা উদ্যান শস্য তথা বহু বছৰলৈ জীয়াই থকা ফলমূলজাতীয় উদ্যান শস্যৰ খেতিৰ বাবে বান আৰু বৰষুণে সমস্যাৰ সৃষ্টি কৰিব নোৱাৰা ওখ মাটি নিৰ্বাচন কৰিব।

বাৰিষা আৰু খৰালিকালত নানাবিধ শাক-পাচলিৰ খেতি আগতীয়াকৈ কৰিব পাৰিলে যথেষ্ট দামত বিক্ৰী কৰিব পৰা যায়। তেতিয়া লাভো তুলনামূলকভাৱে বেছি হয়। মূল বতৰত শাক-পাচলিৰে বজাৰ ভৰি পৰে বাবে দাম যথেষ্ট কমি যায়। গতিকে আগতীয়া খেতিৰ দৰে শেহতীয়াকৈয়ো নানাবিধ শাক-পাচলিৰ খেতি কৰিব পাৰি।

অসমত বহুকেইবিধ মচলাজাতীয় শস্যৰ খেতি কৰিব পাৰি। নানাবিধ মচলাৰ চাহিদাও অসমত দিনে দিনে বাঢ়ি গৈছে। বিশ্বষকৈ আদা, হালধি, জলকীয়া, পিঁয়াজ, নহৰু, জালুক, ডালচেনি আদি মচলাৰ খেতি আমাৰ কৃষকৰ বাবে যথেষ্ট লাভজনক বুলি কৃষি বিশেষজ্ঞসকলে মতপ্ৰকাশ কৰিছে। গতিকে উন্নত প্ৰণালীৰে তথা ব্যৱসায়িক ভিত্তিত আমাৰ কৃষকসকলে এইবোৰ মচলাজাতীয় শস্যৰ খেতি কৰিলে লাভ নিশ্চয় হ’ব।

বিভিন্নধৰণৰ ফুলৰ খেতিও উদ্যান শস্যৰ খেতিৰেই ভিতৰুৱা। পূজা-পাতল তথা নানাবিধ ধৰ্মীয় আৰু মাংগলিক কাৰ্যত যথেষ্ট পৰিমাণে ফুলৰ প্ৰয়োজন হয়। তেনেদৰে সৌন্দৰ্য্য বৰ্ধনৰ বাবেও বিশেষকৈ চহৰ অঞ্চলত ফুলৰ ব্যৱহাৰ ব্যাপক হাৰত বাঢ়িছে। চাহিদা অনুপাতে অসমত ফুলৰ উৎপাদন কম। সেইবাবে চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ পৰা দিনে বহু লাখ লাখ টকা মূল্যৰ ফুল অসমলৈ আহে। কিন্তু আমাৰ পৰিৱেশত খাপ খোৱা নাৰ্জি, গ্লেডিঅ’লাছ, ৰজনীগন্ধা, গোলাপ আদিকে ধৰি বিবিধ ফুলৰ খেতি যদি আমাৰ নিবনুৱা যুৱকসকলে কৰিবলৈ আৰম্ভ কৰে তেন্তে লাভ হ’বই বুলি নিশ্চিতভাৱে ক’ব পাৰি।

এতিয়া আহোঁ ফলমূলৰ খেতিৰ কথালৈ। অসমত বহু কেইবিধ ফলমূলৰ খেতি বিস্তৃত হাৰত কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।ফলমূলৰ চাহিদাও অসমত বৰ ব্যাপক। বিবিধ জাতৰ কল, মাটিকঁঠাল, নাৰিকল, তামোল, আম, লিচু, মধুৰিআম আদি ফলৰ খেতি আমাৰ কৃষকে কৰিব পাৰে। অলপ আচহুৱা যেন লাগিলেও কঁঠালৰ খেতিও বৰ লাভজনক। গতিকে ঘৰৰ চাৰিওফালে তথা পুখুৰীৰ পাৰত, বাৰীখনত কঁঠালৰ পুলি ৰুই দিলে সময়ত কঁঠাল বিক্ৰী কৰিও যথেষ্ট অৰ্থ উপাৰ্জন কৰিব পৰা যাব। তেনেদৰে অমিতাৰ খেতিও ব্যৱসায়িক ভিত্তিত কৰিলে আমাৰ কৃষক ৰাইজ লাভৱান হ’ব।

বাৰীৰ তামোল-গছবোৰত পাণ আৰু জালুকৰ গছ লগালে সময়ত পাণ আৰু জালুক বেছিও বহু টকা উপাৰ্জন কৰিব পাৰিব। ক’বলৈ পাহৰিছিলোৱেই ডালচেনি আৰু তেজপাত নামৰ মচলা দুবিধৰ চাহিদাও অসমত অত্যন্ত বেছি। গতিকে এই দুয়োবিধ মচলাৰ খেতিও আমাৰ কৃষক ৰাইজে কৰিব পাৰে। তেনেদৰে নেমু আৰু সুমথিৰাৰ খেতি বিস্তৃত হাৰত কৰিলেও আমাৰ কৃষকসকল নিশ্চয় লাভবান হ’ব।

উদ্যান শস্যৰ বাবে কৃষি বিভাগে যিবোৰ আঁচনি ৰূপায়ণ কৰিছে সেইবোৰ আঁচনিৰ সুবিধা আমাৰ কৃষকসকলে ল’ব লাগে। উদ্যান শস্যৰ সম্প্ৰসাৰণৰ বাবে চৰকাৰে কৃষি ঋণৰ উপৰি নানাবিধ সুবিধা কৃষকলৈ আগবঢ়াইছে। সেই সুবিধাবোৰ ঠিক মতে গ্ৰহণ কৰি আমাৰ কৃষক ৰাইজ তথা নিবনুৱা যুৱকসকলে নানাবিধ উদ্যান শস্যৰ খেতি কৰি আত্মসংস্থাপনৰ পথ সুগম কৰি ল’লে নিজৰ লগতে ৰাজ্যখনৰ আৰ্থিক অৱস্থা যথেষ্ট উন্নত হ’ব বুলি আমি আশাবাদী।

উৎসঃ অসমীয়া খবৰ

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate