অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আলুখেতি

জাত সমূহৰ বৰ্ণনা

নাম

কৃষিকাল (দিন হিচাবত)

উৎপাদন (কুইন্টল/হেক্টৰত)

গছৰ আকৃতি /বৰ্ণনা

আলুৰ আকৃতি

বেমাৰৰ সৈতে প্ৰতিক্ৰিয়া

বৰষুণৰ ওপৰত ভিত্তি

জলসিঞ্চনৰ ব্যৱস্হা থকা

কুফ্ৰি চন্দ্ৰমুখী

৮০-১০০

৮৫-১০০

১৫০-১৬০

মধ্যমীয়া ওখ আৰু থিয়

কিছুপৰিমানে গোলাকৃতিৰ, বেকা হৈ যোৱা, ছালৰ ৰঙ বগা, চকুবোৰ সমান

ব্লাইট বেমাৰ প্ৰতিহত কৰিব পৰা ক্ষমতা

কুফ্ৰি জ্যোতি

১১০-১২০

৮৫-১০০

১৫০-১৬০

ওখ আৰু থিয়

গোলাকৃতিৰ, ছালৰ ৰঙ বগা, চকুবোৰ সমান, মাংসভাগৰ ৰঙ মদৰুৱা

ব্লাইট বেমাৰ প্ৰতিহত কৰিব পৰা ক্ষমতা

কুফ্ৰি সেন্দুৰী

১১০-১২০

৮৫-১০০

১০০-১৬০

ওখ আৰু থিয়

ঘূৰণীয়া আকৃতিৰ, ছালৰ ৰঙ পাতল ৰঙচুৱা, চকুবোৰ সমান, মাংসভাগ পাতল হালধীয়া আৰু আঠাযুক্ত

ব্লাইট বেমাৰ সামান্য প্ৰতিহত কৰিব পৰা ক্ষমতা আছে

কুফ্ৰিমেঘা

১০০-১২০

১২০-১৫০

১৭৫-২০০

-

মধ্যমীয়া আকৃতিৰ, ঘূৰণীয়াকৈ বগা ৰঙৰ, চকুবোৰ সমান, মাংসভাগ মদৰুৱা ৰঙৰ, সংৰক্ষণশীল আৰু আলুবোৰ ফাটি নোযোৱা

ব্লাইট বেমাৰ প্ৰতিহত কৰিব পৰা ক্ষমতা থকা

ব্ৰহ্মপুত্ৰ উত্তৰ পাৰে কুফ্রি মেঘা জাতটো ডিচেম্বৰ মাহৰ মধ্য ভাগলৈকে ৰুব পাৰি ৷

মাটি নিৰ্বাচন

পানী জমা হব নোৱাৰা পলসুৱা বা বালিঅঁহীয়া মাটি এই খেতিৰ বাবে উপযোগী ৷ মাটি ডোখৰ জৈৱিক পদাৰ্থ সমৃদ্ধ হোৱা দৰকাৰ৷ আলুখেতি কৰিবলৈ শস্য ক্ৰমৰ লগত এটা মাহজাতীয় শস্য যোগ দিলে মাটিডোখৰ উপকৃত হয় ৷

মাটি প্ৰস্তুতি

মাটিডোখৰ যাতে ভালদৰে চাহ হয় তালৈ লক্ষ্য ৰাখি ভালদৰে কেইবাবাৰো চহাব লাগে আৰু ভালদৰে সমান কৰিব লাগে যাতে খেতিডৰাৰ মাজত পানী ৰব নোৱাৰে ৷ আলুবোৰ দিবলৈ মাটিডৰাত ৫০ চে: মিটাৰ দূৰত্বত লোৰ খান্দিব লাগে ৷

ৰোৱাৰ সময়

মধ্য অক্টোবৰৰ পৰা মধ্য নবেম্বৰ মাহলৈকে আলু ৰোৱাৰ বাবে উপযুক্ত সময়৷ কুফ্ৰি সেন্দুৰী জাতটোৰ বাবে ৰোৱাৰ সময় মধ্য ডিচেম্বৰলৈকে পিচুৱাব পাৰি ৷

ৰোৱাৰ পদ্ধতি

চকুৰ পৰা পোখা মেলা আলুবোৰ লোৰবোৰত গজালিবোৰ ওপৰমুৱাকৈ ৰুব লাগে ৷ গজালিবোৰ ভাগি নাযায় তাকৈ চকু ৰাখিব লাগে৷

বীজ নিৰ্বাচন

ৰুবৰ বাবে আলুৰ বীজবোৰ ভাইৰাচ মুক্ত আৰু গজালি ওলোৱা হব লাগে ৷ ৰুবৰ বাবে আলুবোৰৰ আকাৰ ২.৫ চে:মিটাৰ মান পৰিধিৰ হব লাগে ৷ যদি আলুবোৰৰ আকাৰ ডাঙৰ হয় তেতিয়া আলুটো দীঘলে দীঘলে কাটি লব লাগে, চাব লাগে যাতে প্ৰত্যেকটো ভাগত ২-৩ টাকৈ চকু থাকে ৷

ৰোৱৰ বাবে আলু সংগ্ৰহ

ৰুবৰ বাবে আলুবোৰ অনুমোদিত জাতৰ হব লাগে আৰু কোনো স্বীকৃতি প্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰাহে সংগ্ৰহ কৰিব লাগে ৷

বীজ শোধন

কাটি ৰোৱাৰ বাবে ব্যৱস্হা কৰা আলুবোৰ ৰোৱাৰ আগেয়ে মেনক’জেব (ডায়েথেন এম - ৪৫) ৫ গ্ৰাম ১ লিটাৰ পানীত মিহলাই আলুবোৰ ১০ মিনিট সময় ডুবাই ৰাখিব লাগে ৷ যদি উপৰোক্ত ঔষধৰ অভাৱ হয় তেন্তে ০.১ শতাংশ বিনমিল (বেনলেট) জাতীয় ঔষধৰ মিশ্ৰনো ব্যৱহাৰ কৰিব পাৰে ৷ তাৰ পিছত আলুবোৰ ভালদৰে  শুকাবলৈ দিব লাগে আৰু মৰাপাটৰ বস্তাৰে ২-৩দিন মান ঢাকি ৰাখিব লাগে ৷

বীজৰ পৰিমান

যদি বীজৰ আলুবোৰৰ আকাৰ ২.৫ চে:মিটাৰ (২৫ গ্ৰাম) মান পৰিধিৰ হয় তেতিয়া হেক্টৰে প্ৰতি ২২.৫-২৫ কুইন্টল আলুৰ প্ৰয়োজন হব আৰু শাৰীৰ মাজত আলুৰ পৰা আলুৰ ব্যৱধান ১৫ চে:মিটাৰ মান ৰাখিব ৷ যদি আলুৰ আকৃতি ডাঙৰ হয় তেতিয়া শাৰীৰ ভিতৰৰ আলুৰ পৰা আলুৰ দুৰত্ব বঢ়াই দিবও পাৰে ৷

সাৰ প্ৰয়োগ

ৰোৱাৰ আগেয়ে প্ৰতি হেক্টৰত ২০ গাড়ী মান পামজাত সাৰ প্ৰয়োগ কৰি লব লাগে ৷

পুষ্টিৰ পৰিমান (কি:গ্ৰাম/হেক্টৰত)

সাৰ

সাৰৰ পৰিমান ( কি: গ্ৰাম)

হেক্টৰত

বিঘাত

(ক) বৰষুণৰ ওপৰত নিৰ্ভৰশীল

নাইট্ৰোজেন ৬০

ইউৰীয়া

১১৩

১৯

ফছফৰাছ ৫০

একক চুপাৰ ফছফেট

৩১২

৪৫

পটাছ ৫০

মিউৰেট অৱ পটাছ

৮৩

১২

(খ) জলসিঞ্চনৰ ব্যৱস্হা থকা

নাইট্ৰোজেন ৬০

ইউৰীয়া

১৩৩

১৯

ফছফৰাছ ১০০

একক চুপাৰ ফছফেট

৬২৪

৯০

পটাছ ১০০

মিউৰেট অৱ পটাছ

১৬৮

২৪

ৰাসায়নিক সাৰৰ সম্পূৰ্ণ অংশ মিহলাই লোৰবোৰত প্ৰয়োগ কৰি পাতলীয়াকৈ মাটিৰে ঢাকি দিব লাগে আৰু লক্ষ্য ৰাখিব লাগে যাতে ৰাসায়নিক সাৰ আৰু আলুৰ মাজত সংস্পৰ্শ নহয় ৷

ভূমি আৱৰণী (Mulching) : বৰষুণৰ ওপৰত নিৰ্ভৰশীল আলু খেতিত ভূমি আৱৰণীৰ প্ৰয়োগে যথেষ্ট পৰিমানে উৎপাদন বৃদ্ধিত সহায় কৰে ৷ মেটেকা গছেৰে ভূমি আৱৰণী কৰিব পাৰি কিন্তু এই সামগ্ৰীৰে ভূমি আৱৰণী কৰিলে আলুৰ ছালবোৰ মাজে মাজে সেউজীয়া ৰঙৰ হয় কাৰণ সূৰ্য্যৰ পোহৰ পোনে পোনে আলুৰ ওপৰত পৰিলে এনে ৰং ধৰে ৷ আলুবোৰত সেউজীয়া ৰং ধৰিলে ব্যৱহাৰৰ অনুপযোগী হয় ৷ এনে অসুবিধাৰ পৰা হাত সাৰিবলৈ এই আৱৰণীৰ ওপৰিও মাটিৰে এটা পাতল তৰপ দিব লাগে আৰু তেনে কৰিলে আলু সেউজীয়া হোৱাৰ পৰা কিছু পৰিমানে ৰক্ষা পাব পাৰে ৷ এনে প্ৰথা প্ৰয়োগ কৰিলে আলুখেতি কিছু পৰিমানে এন্দুৰৰ আক্ৰমণৰ পৰাও হাত সাৰিব পাৰি ৷

জলসিঞ্চনৰ ব্যৱস্থা

আলু খেতিৰ লোৰবোৰত জলসিঞ্চনৰ ব্যৱস্হা কৰিব লাগে ৷ সাধাৰণতে আলু খেতিত তিনিটা সময়ত জলসিঞ্চনৰ কৰিব লাগে ৷ প্ৰথম : ২৫ দিনত, দ্বিতীয় : ৬০ দিনত আৰু তৃতীয় : ৮০ দিনত ৷ ভূমি আৱৰণী প্ৰয়োগ কৰা খেতিত গজালি ওলোৱাৰ ২৫ আৰু ৬০ দিনৰ পিছত প্ৰয়োগ কৰিব লাগে ৷ জলসিঞ্চনৰ কৰাৰ সময়ত এটা কথা মনত ৰাখিব লাগে যাতে পানী আলুৰ লোৰবোৰ পূৰাই পানী প্ৰয়োগ কৰা নহয় ৷

অপতৃণ নিয়ন্ত্ৰণ আৰু পৰিচৰ্য্যা

প্ৰথম আৰু দ্বিতীয়বাৰ জলসিঞ্চন কৰাৰ আগে আগে গছৰ গুৰিত মাটি চপাই দিব লাগে ৷ কিন্তু বৰষুণৰ ওপৰত নিৰ্ভৰশীল খেতিত ৰোৱাৰ ২৫ আৰু ৬০ দিন মানত গছৰ গুৰিত মাটি চপাই দিব লাগে ৷ মাজে মাজে খেতি ডৰাত বনবাতবোৰ নিৰাই চাফা কৰি ৰাখিব লাগে ৷

শস্য ৰক্ষা

(ক) পোক–পৰুৱা :

  • যি বোৰ খেতি পথাৰত ৰঙা পৰুৱা আৰু  অন্য মাটিত থকা পোকৰ উপদ্ৰৱ বেচি তেনে ঠাইত খেতি ডৰাত মাটি চপোৱাৰ সময়তে হেক্টৰত ১৫ কি: গ্ৰামকৈ ফৰেট (থিমেট) ১০ জাতৰ দানা যুক্ত ঔষধ নতুবা হেক্টৰে প্ৰতি ৪০ কি: গ্ৰাম মালাথিয়ন ৫ শতাংশ পাউদাৰ প্ৰয়োগ কৰিলে এনে পোকৰ আক্ৰমণৰ পৰা হাত সাৰিব পাৰি ৷
  • মাটি চপোৱাৰ সময়ত হেক্টৰে প্ৰতি ১৫০ কি: গ্ৰাম খলিহৈ প্ৰয়োগ কৰিলে ৰঙা পৰুৱা আৰু উঁইৰ আক্ৰমণৰ পৰা হাত সাৰিব পাৰি ৷
  • মোৱাপোক আৰু এপিলেক্না বিটল পোকৰ আক্ৰমণৰ পৰা হাত সাৰিবলৈ হেক্টৰে প্ৰতি ১.৫ লিটাৰ ৫০ ই. চি. শক্তিৰ মালাথিয়ন ঔষধ ৫০০-৬০০ লিটাৰ পানীৰ মিশ্ৰণ নাইবা হেক্টৰে প্ৰতি ১.৫ লিটাৰ ডাইমেক্ৰণ ঔষধ ৫০০-৬০০ লিটাৰ পানীত মিহলায় স্প্ৰে কৰিব লাগে ৷

(খ) বেমাৰ :

ব্লাইট বেমাৰৰ বাবে

  • ১-২ দিনৰ ব্যৱধানত ডায়েথেন এম ৪৫ ঔষধ প্ৰতি লিটাৰ পানীত ২.৫ গ্ৰাম মিহলাই নাইবা ৰিভমিল এম জেদ-৭২ ঔষধ ২ গ্ৰাম/ লিটাৰ পানীত মিহলাই আৰু ডায়েথেন এম ৪৫ ঔষধ ২.৫ গ্ৰাম/ লিটাৰ পানীত মিহলাই এটাৰ পিছত আনটো ঔষধ ১২ দিনৰ ব্যৱধানত গছত শক্তিশালী স্প্ৰেয়াৰেৰে তলত দিয়া ধৰণে স্প্ৰে কৰিব পাৰিলে ব্লাইট বেমাৰৰ পৰা সকাহ পাব পাৰি ৷
  • আগতিয়া বা প্ৰাৰম্ভিক অৱস্হাত (১ম মাহত) ৬০ লিটাৰ পানী প্ৰতি হেক্টৰত ৷
  • মধ্যভাগত (২য় মাহত) ৮০০ লিটাৰ পানী প্ৰতি হেক্টৰত ৷
  • শেহতীয়া/প্ৰাত: ভাগত (৩য় মাহত) ১০০০ লিটাৰ পানী প্ৰতি হেক্টৰত ৷
  • প্ৰথমটো স্প্ৰে ১০–১৫ ডিচেম্বৰৰ ভিতৰত প্ৰয়োগ কৰিব লাগে ৷ যদিহে স্প্রে কৰোঁতে বৰষুণ হয় তেন্তে স্প্ৰে কৰিব লগা মিশ্ৰণটোত ০.৫ মি:লিটাৰ ট্রাইটন নামর আঠা প্ৰতি লিটাৰ পানীত সংযোগ কৰি লব লাগে ৷
  • বতৰৰ ওপৰত নিৰ্ভৰ কৰি বিশেষকৈ বতৰ যদি মেঘাচ্চন্ন হৈ থাকে তেনে অৱস্হাত প্ৰতিষেধক হিচাবে ডায়েথেন এম ৪৫ ঔষধ স্প্ৰে কৰিব লাগে ৷ ডায়েথেনৰ ঠাইত জিনেব (ডায়েথেন এম ৭৮) প্ৰতিলিটাৰ পানীত ২৫ গ্ৰাম ঔষধৰ মিশ্ৰনো ব্যৱহাৰ কৰিব পাৰে ৷ যদি বেমাৰৰ লক্ষণ পৰিলক্ষিত হয় তেনে অৱস্হাত ৭ ৰ পৰা ১০ দিনৰ ব্যৱধানত বতৰৰ ওপৰত লক্ষ্য ৰাখি স্প্ৰে কৰাৰ ব্যৱস্হা কৰিব লাগে ৷ স্প্ৰে কৰোতে গছ পাতৰ তলফালেও ঔষধ পৰাকৈ স্প্ৰে কৰিব লাগে ৷

পথাৰতে বীজৰ বাবে আলু সংৰক্ষণ

  • বীজৰ বাবে সংগ্রহ কৰা আলু সদায় পুৰঠ আলুগছৰ পৰাহে সংগ্রহ আৰু সংৰক্ষণ কৰিব লাগে ।
  • সৰু আকৃতিৰ (৫-১৫ গ্রাম ওজনৰ) আলুহে সংৰক্ষণ কৰিবলৈ সুবিধা হয় ।
  • ৭৫ গ্রাম/মিটাৰ হিচাবে ৰক্ষা আলুহে লাভজনক অথবা সুবিধাজনক ।
  • বীজৰ বাবে সংগ্রহ কৰা আলুবোৰ ১০-১৫ দিনমান চাঁত শুকুৱাব লাগে আৰু তাৰ পিচত ৩ শতাংশ বৰিক পাউদাৰ ৩০ মিনিটমান শোধন কৰিব লাগে । ইয়াৰ পিচতো আকৌ ০.২৫ শতাংশ মেনক'জেব ঔষধৰ দ্বাৰা ২০ মিনিট সময় আলুবীজবোৰ শোধন কৰিব লাগে ।
  • আলুত হোৱা পখীলাৰ বাবে বীজবোৰ ৫ শতাংশ মালাথিয়ণৰ পাউদাৰ শোধন কৰিব লাগে ।
  • ৪ চে:মি: মান ডাঠ নিমগছৰ অথবা ইউকেলিপটাচ্ গছৰ পাত সংৰক্ষণ কৰিব লগা আলুৰ তলত আৰু ওপৰত প্রলেপ দিলেও আলুত হোৱা পখিলাৰ পৰা হাত সাৰিব পাৰি ।
  • সঘনাই সংৰক্ষণ কৰা আলুবোৰ নীৰিক্ষণ কৰিব লাগে আৰু পচিযোৱা আলুবোৰ আতৰায় দিব লাগে।
  • আগষ্ট মাহত আলুবোৰৰ দেহৰ পৰা ওলোৱা পুখাবোৰ চিঙি পেলাব লাগে ।

উৎস: অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate