অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আলুৰ বিজ্ঞানসন্মত খেতি

আলুৰ বিজ্ঞানসন্মত খেতি

অসমৰ প্ৰধান শীতকালীন বা ৰবি শস্যসমূহৰ তালিকাত আলুৰ স্থান উল্লেখনীয়। বিজ্ঞানসন্মত পদ্ধতিৰে কৰা আলুখেতিৰ পৰা অধিক পৰিমাণৰ উৎপাদন পোৱা যায়। সেয়ে অৰ্থনৈতিকভাৱে ই এবিধ লাভজনক খেতি।

পানী ওলাই যাব পৰাৰ সুবিধা থকা, জৈৱিক পদাৰ্থ থকা, বালিচঁহীয়া পলসুৱা মাটি আলুখেতিৰ বাবে উত্তম। আলুখেতি কৰা মাটিডৰাত বছৰটোৰ বাবে নিৰ্দিষ্ট কৰা শস্যক্ৰমত এবিধ মাহজাতীয় শস্যৰ খেতি কৰিলে মাটিৰ গুণগত মান উন্নত হয়।

আলুখেতিৰ বাবে উন্নত জাতৰ বীজ সংগ্ৰহ কৰাটো অতি প্ৰয়োজনীয়। ৬০-৭০ দিনীয়া হ্ৰস্বম্যাদী জাতসমূহৰ ভিতৰত কুফ্ৰী চন্দ্ৰমুখী, কুফ্ৰী খ্যাতি প্ৰধান। এই জাতসমূহৰ লেট ব্লাইট ৰোগৰ প্ৰতিৰোধ ক্ষমতা কম। ১১০-১২০ দিনীয়া মজলীয়া জাতসমূহৰ ভিতৰত কুফ্ৰী, জ্যোতি, কুফ্ৰী পোখৰাজ, কুফ্ৰী সদাবাহাৰ আদি প্ৰধান। এই জাতসমূহৰ লেট ব্লাইট প্ৰতিৰোধ ক্ষমতা বেছি আৰু উচ্চ উৎপাদনক্ষম। ১৩০-১৪০ দিনীয়া দীৰ্ঘম্যাদী জাতসমূহৰ ভিতৰত কুফ্ৰী, সিন্দুৰী, কুফ্ৰী মেঘা, কুফ্ৰী গিৰিৰাজ আদি প্ৰধান। এই জাতসমূহৰ লেট ব্লাইট ৰোগৰ প্ৰতিৰোধ ক্ষমতা অনেক গুণ বেছি। আলুৰ উন্নত বীজ আহৰণ কৰিবলৈ কৃষি বিভাগ বা বীজ নিগমৰ সহায় ল’ব লাগে। প্ৰকৃত মোহৰ বা চিহ্ন থকা বীজ আহৰণ কৰিব পাৰিলে ভাল আৰু প্ৰতি ৩-৪ বছৰৰ অন্তৰত পুৰণা বীজখিনি সলাই লোৱা উচিত। বেমাৰ-আজাৰৰ পৰা মুক্ত, স্বাস্থ্যৱান, মধ্যমীয়া আকাৰৰ গজালি মেলা আলু, ৰোৱাৰ বাবে নিৰ্বাচন কৰিব লাগে। ডাঙৰ আকাৰৰ আলুবোৰ ২-৩ টা চকু ৰাখি কাটি টুকুৰা কৰি ল’ব লাগে। আলুবোৰৰ ওজন ২৫-৪০ গ্ৰাম আৰু প্ৰায় ২.৫ ছেন্টিমিটাৰ ব্যাসৰ হ’লে ভাল। আলুবোৰ ৰোৱাৰ আগতে প্ৰতিলিটাৰ পানীত ৫ গ্ৰামকৈ মেংকোজেব নামৰ দৰব মিহলাই লোৱা মিশ্ৰণত ১০ মিনিট সময় ডুবাই ৰাখি শোধন কৰি ল’ব লাগে। এনেদৰে শোধন কৰি লোৱাৰ পিছত আলুবোৰ ৪৮ ঘন্টাৰ বাবে ছাঁত পাতলকৈ মেলি শুকুৱাই ল’ব লাগে।

আলুখেতিৰ বাবে পথাৰখন পানী জমা নোহোৱা ঠাইত বাছি ল’ব লাগে। মাটিডৰা মিহিকৈ চহাই-মৈয়াই সমান কৰি ল’ব লাগে। আবতৰীয়া বৰষুণত যাতে পানী জমা হ’ব নোৱাৰে, তাৰ বাবে উপযুক্ত ব্যৱধানত নলাৰ ব্যৱস্থা কৰি ল’ব লাগে। মাটিডৰাত উত্তৰ-দক্ষিণ দিশত ৫০ ছেন্টিমিটাৰ ব্যৱধানত সীৰলু তৈয়াৰ কৰি ল’ব লাগে। সীৰলুত দুটা আলুৰ মাজত ব্যৱধান ১৫ ছেন্টিমিটাৰ ৰাখিব লাগে।

আলু ৰোৱাৰ উপযুক্ত সময় হ’ল অক্টোৱৰ মাহৰ মাজভাগৰ পৰা নৱেম্বৰ মাহৰ মাজভাগ। কুফ্ৰী মেঘা, কুফ্ৰী সিন্দুৰী নামৰ জাতসমূহ ডিচেম্বৰ মাহৰ মাজভাগলৈ ৰুব পাৰি। সাধাৰণতে এক হেক্টৰ মাটিত ৰুবৰ বাবে ২২ ৰ পৰা ২৫ কুইন্টল বীজৰ আৱশ্যক হয়। ৰোৱাৰ সময়ত আলুবোৰৰ গজালিবোৰ ওপৰমুৱাকৈ ৰাখি ৰুব লাগে।

সাৰ প্ৰয়োগৰ ক্ষেত্ৰত প্ৰতি বিঘা আলুতলীত ১.৩ টনকৈ পচন সাৰ বা শুকান গোবৰ প্ৰয়োগ কৰাৰ উপৰি বৰষুণ নিৰ্ভৰশীল খেতিৰ বাবে প্ৰতি বিঘাত ইউৰিয়া ১৯ কিলোগ্ৰাম, একক ছুপাৰ ফছফেট ৪৫ কিলোগ্ৰাম, মিউৰিয়েট অব্‌ পটাছ ১২ কিলোগ্ৰাম আৰু জলসিঞ্চিত খেতিৰ বাবে ইউৰিয়া ১৯ কিলোগ্ৰাম, একক ছুপাৰ ফছফেট ৯০ কিলোগ্ৰাম আৰু মিউৰিয়েট অব্‌ পটাছ সাৰ ২ কিলোগ্ৰামকৈ প্ৰয়োগ কৰিব লাগে। আলু ৰোৱাৰ আগতে নিৰ্ধাৰিত পৰিমাণৰ সাৰখিনি সীৰলুত দি পাতলকৈ মাটিৰে ঢাকি দিব লাগে, যাতে ৰোৱাৰ পিছত সীৰলুত আলুবোৰ ৰাসায়নিক সাৰৰ প্ৰত্যক্ষ সংস্পৰ্শলৈ নাহে।

আলুখেতিত জলসিঞ্চনৰ যথেষ্ট প্ৰয়োজনীয়তা আছে। প্ৰথমবাৰৰ পম ধৰা অৱস্থাত, অৰ্থাৎ ৰোৱাৰ ২৫-৩০ দিন পিছত, দ্বিতীয়বাৰ আলু ধৰা অৱস্থাত, অৰ্থাৎ ৰোৱাৰ ৫৫-৬০ দিন পিছত আৰু তৃতীয়বাৰ আলু বঢ়া অৱস্থাত, অৰ্থাৎ ৰোৱাৰ ৭০-৭৫ দিন পিছত পানী প্ৰয়োগ কৰিব লাগে। জলসিঞ্চনৰ বাবে সাধাৰণতে সীৰলু পদ্ধতিৰে পানী যোগান ধৰা হয়। বৰষুণৰ ওপৰত নিৰ্ভৰশীল খেতিত পানী-মেটেকা ব্যৱহাৰ কৰি কৃষকসকলে সুফল পাই আহিছে। আলু ৰোৱাৰ পিছত পথাৰখন পানী-মেটেকাৰে ঢাকি দিলে আলুৰ উৎপাদন বাঢ়ে। যথেষ্ট পৰিমাণৰ পানী-মেটেকাৰ অভাৱ হ’লে ধানখেৰ বা যিকোনো অপতৃণ ব্যৱহাৰ কৰিব পৰা যায়। পানী-মেটেকাৰ পৰিমাণ প্ৰতি হেক্টৰে ৫ টন হোৱা উচিত। এনে কৰিলে মাটিত থকা পানীভাগ বাষ্প হৈ উৰি যাব নোৱাৰে।

জলসিঞ্চিত পদ্ধতিত কৰা খেতিত প্ৰথম আৰু দ্বিতীয়বাৰ জলসিঞ্চন কৰাৰ পিছত সীৰলুৰ মাটিবোৰ ওপৰলৈ উঠাই দিব লাগে। বৰষুণৰ ওপৰত নিৰ্ভৰশীল খেতিত শিপা ধৰা অৱস্থাত এবাৰ আৰু গুটি ধৰা অৱস্থাত আনবাৰ আলু গছবোৰৰ গুৰিত মাটি চপাই দিব লাগে।

আলুখেতিত পোক-পতংগ আৰু ৰোগ নিবাৰণৰ বাবে যথেষ্ট সতৰ্কতা ল’ব লাগে। অন্যথা শস্যডৰা নষ্ট হ’বলৈ বেছি সময় নালাগে। ৰঙা পৰুৱা আৰু অন্যান্য মাটিত থকা পোক-পৰুৱাৰ আক্ৰমণ নিবাৰণৰ বাবে ফোৰেট-১০ জি নামৰ দানাকাৰ ঔষধ প্ৰতি বিঘা কৃষিভূমিত ২ কিলোগ্ৰামকৈ আলুৰ গুৰিত মাটি চপাই দিয়াৰ সময়ত প্ৰয়োগ কৰা উচিত। প্ৰতি বিঘা আলুখেতিত সৰিয়হৰ খলিহৈ ২০ কিলোগ্ৰামকৈ মাটি চপাই দিয়াৰ সময়ত প্ৰয়োগ কৰিলেও ৰঙা পৰুৱা আৰু বগা পৰুৱাৰ আক্ৰমণৰ পৰা ৰক্ষা পাব পাৰি। মোৱাপোক বা এপিলাক্‌না বিটলৰ আক্ৰমণ প্ৰতিৰোধ কৰিবলৈ মালামিয়ন ৫০ ইচি বা ফছফামিদন নামৰ দৰব ২০০ মিলিলিটাৰ ৬৭ লিটাৰ পানীত মিহলাই ছটিয়ালে সুফল পোৱা যায়।

আলুখেতিত দেখা দিয়া লেট ব্লাইট বেমাৰ নিবাৰণৰ বাবে মেংকোজেব নামৰ দৰব ২.৫ গ্ৰাম প্ৰতি লিটাৰ পানীত মিহলাই ১২ দিনৰ অন্তৰে অন্তৰে কমেও ছবাৰ ছটিয়াব লাগে। মেটালেক্সেনা নামৰ ঔষধ প্ৰতিলিটাৰ পানীত ২ গ্ৰাম এই ৰোগ নিবাৰণৰ বাবে অধিক শক্তিশালী আৰু ইয়াৰ পৰা অধিক সুফল পাব পাৰি। মেঘাচ্ছন্ন আকাশ আৰু ডিচেম্বৰ-জানুৱাৰী মাহৰ শীতৰ সময়ত এই ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি হয়, গতিকে আগতীয়াকৈ স্প্ৰে কৰাটো অতি প্ৰয়োজনীয়।

শস্য চপাবৰ সময়ত ল’ব লগা সাৱধানতাৰ ভিতৰত আলুৰ বাকলি টান হোৱাটো নিৰূপণ কৰাটো উচিত। ইয়াৰ বাবে শস্য চপোৱাৰ প্ৰায় ১০ দিন আগতে শস্যডৰা কাটি পেলাব লাগে। উপযুক্ত সময়ত আলু খান্দি প্ৰতিটো আলুৰ ওজন অনুপাতে ভাগ কৰিব লাগে। অন্তত: ৭-১০ দিনৰ বাবে উঠাই ৰখা আলুখিনি ভালদৰে ছাঁত শুকুৱাব লাগে। এনে কৰিলে আলুৰ বাকলি টান হয় আৰু বস্তাত ৰাখিবলৈ সুবিধা হয়।

আলুখেতি টি পি এছ ব্যৱহাৰ কৰিও কৰিব পাৰি। যিদৰে প্ৰায়বোৰ ফলৰ গছত বীজ পোৱা যায়, সেইদৰে আলু গছত লগা ফুলৰ পৰাও ফল হয় আৰু এই ফলৰ ভিতৰত ১২০-১৫০ টা মান সৰু সৰু বীজ থাকে। এই বীজবোৰকে টি পি এছ বা অসমীয়াত আলুৰ প্ৰকৃত বীজ বুলি কোৱা হয়। সাধাৰণতে এক গ্ৰাম আলু বীজৰ ভিতৰত ১৪০০-১৫০০ টা মান সৰু সৰু প্ৰকৃত আলু বীজ পোৱা যায়। এই বীজবোৰ ৰোগমুক্ত আৰু উচ্চ উৎপাদনক্ষম। এনে বীজৰ পৰা হোৱা আলু গছৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বেছি হয়। তদুপৰি বীজৰ আকাৰ সৰু হোৱা বাবে এঠাইৰপৰা আন ঠাইলৈ নিয়া যথেষ্ট উজু হয়। এবিঘা মাটিত আলুখেতি কৰিবলৈ এনে বীজৰ মাত্ৰ ২০ গ্ৰামহে প্ৰয়োজন হয়।

টি পি এছ ব্যৱহাৰ কৰি দুই ধৰণে খেতি কৰিব পাৰি। বীজ সিঁচি বা পুলি ৰুই কৰা পদ্ধতি। এই দুয়োটা পদ্ধতিৰে কৰা আলুখেতিত কিছু সংখ্যক সৰু সৰু আলুগুটি পোৱা যায়। এই সৰু সৰু আলুগুটিবিলাককে পিছৰ বছৰত আলুখেতিৰ বীজ হিচাপে ব্যৱহাৰ কৰিব পাৰি।

লেখিকা: মামণি হাজৰিকা, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate