অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কেপচিকাম খেতি

কেপচিকাম খেতি

জাত

কেলিফ’ৰ্ণীয়া ৱণ্ডাৰ, এলিফেন্ট ট্ৰাঙ্কম্, আৰ্কা মোহিনী, আৰ্কা সৌৰভ, ইলেক্সচ্ ১৬।

মাটি নিৰ্বাচন

বালিঅঁহীয়া, ওখ, পানী আবদ্ধ নোহোৱা, জৈৱিক পদাৰ্থ সমৃদ্ধ, ৬.০-৬.৫ ৰ ভিতৰত অম্লতা থকা মাটি জলকীয়া খেতিৰ বাবে উপযোগী৷

মাটি প্ৰস্তুতি

মাটি ডোখৰ ভালদৰে চহাই ধুলিময় কৰি তাত পচন সাৰ বা গোবৰ প্ৰয়োগ কৰিব লাগে ৷

বীজ সিঁচাৰ সময়

ডিচেম্বৰৰ পৰা জানুৱাৰীৰ ভিতৰত ৷

পুলি ৰোৱাৰ প্ৰণালী

সিঁচা পদ্ধতি

বীজবোৰ পাতলকৈ ৪০-৪৫ চে:মিটাৰ ব্যৱধানৰ শাৰীত ছটিয়াব লাগে৷ তাৰ পাচত আৰু পাতল কৰি দিব লাগে৷

ৰোৱা পদ্ধতি

৪-৫ সপ্তাহ মানৰ পুলি পথাৰত ৰুব লাগে৷

ব্যৱধান

শাৰীৰ পৰা শাৰীলৈ ৪৫ চে:মিটাৰ আৰু পুলিৰ পৰা পুলিলৈ ৪৫ চে:মিটাৰ৷

সাৰ প্ৰয়োগ

পচন সাৰ ১০ টন, নাইট্ৰোজেন ১২০, ফছফৰাছ ৬০, পটাছ ৬০ কি:গ্ৰাম প্ৰতি হেক্টৰত প্ৰয়োগ কৰিব লাগে ৷ নাইট্ৰোজেন আধা অংশ আৰু বাকী সাৰ তথা পচন সাৰৰ সম্পূৰ্ন অংশ মাটি প্ৰস্তুত কৰাৰ সময়তে প্ৰয়োগ কৰিব লাগে ৷ বাকী থকা নাইট্ৰোজেনৰ আধা অংশ পুলি ৰোৱাৰ ৩০-৩৫ দিনৰ ভিতৰত গছত প্ৰয়োগ কৰিব লাগে ৷
আনহাতে সিঁচা পদ্ধতিৰ বাবে নাইট্ৰোজেন ১৫০, ফছফৰাছ ৭৫ আৰু পটাছ ৭৫ কি:গ্ৰাম প্ৰতি হেক্টৰত একেলগে মাটি প্ৰস্তুত কৰাৰ সময়তে প্ৰয়োগ কৰিব লাগে ৷

শস্য ৰক্ষা

এন্থ্রেকন’জ বেমাৰৰ বাবে কেপ্টান ৫০ ডব্লিও পি ০.২ শতাংশ (২ গ্ৰাম প্ৰতি লিটাৰ পানীত) বা ডাইফলাটন ০.২ শতাংশ স্প্ৰে কৰিব লাগে ৷

শিপাত গাঠিধৰা উদ্ভিদ কৃমিৰ বাবে নিম গুটিৰ খলিহৈ, সৰিয়হৰ খলিহৈ বা পশুৰ পৰা তৈয়াৰী সাৰ প্ৰয়োগ কৰিলে এই ব্যাধিৰ পৰা আঁতৰত ৰাখিব পাৰি ৷

উত্পাদন :

৭০-৮০ কুইন্টল কেঁচা জলকীয়াৰ উত্পাদন প্ৰতি হেক্টৰৰ পৰা পাব পাৰি।

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate