অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ধনীয়া খেতি

জাত সমুহ


 

গুটিৰ আকাৰ ডাঙৰ : ইউ ডি ২১, জি এন ইউ আই, চি এচ আই, চি আই এম পি ৩৩ (সাধাৰণতে জলসিঞ্চনৰ ব্যৱস্হা থকা ঠাইতহে খেতি কৰে)

গুটিৰ আকাৰ সৰু : ইউ পি ৪১, পুৰা ৩৬০ আৰু স্হানীয় জাত (সাধাৰণতে বৰষুণৰ ওপৰত নিৰ্ভৰ কৰি কৰা জাত)

মাটি নিৰ্বাচন

পানী নোৰোৱা পাতল বা গধুৰ, যথেষ্ট জৈৱিক পদাৰ্থ থকা আৰু অম্লতা . পৰা .০ৰ ভিতৰত থকা মাটিহে ধনীয়া খেতিৰ বাবে উপযুক্ত

মাটি প্ৰস্তুতি

মাটি ডৰা ভালদৰে চহাই ধূলিময় কৰি তাত পচন সাৰ প্ৰয়োগ কৰিব লাগে আৰু মৈয়াই সমান কৰি লব লাগে

বীজৰ পৰিমান

পৰা ১০ কি: গ্ৰাম প্ৰতি হেক্টৰত

বীজ সিচাঁৰ সময়

অক্টোবৰৰ মাজভাগৰ পৰা নবেম্বৰ মাহৰ শেষলৈকে

বীজ শোধন

বীজবোৰ সম্পূৰ্ণ অঙ্কুৰিত হবৰ বাবে সিচাঁৰ আগতে ১২-২৪ ঘন্টামান পানীত তিয়াই থব লাগে পানীৰ ওপৰ ভাগত ওপঙি অহা বীজবোৰ আঁতৰাই পেলাব লাগে বীজ সিচাঁৰ আগেয়ে বীজবোৰ কেপ্টান ৫০ ডব্লিও পি গ্ৰাম প্ৰতি কি:গ্ৰাম বীজত শোধন কৰি লব লাগে আৰু বীজবোৰ চতিওৱাৰ আগে আগে দুফাল কৰি লব লাগে দুফাল কৰোঁতে চাব লাগে যাতে বীজবোৰে কষ্ট নাপায়

বীজৰ ব্যৱধান

৩০ চে:মিটাৰ ব্যৱধানৰ শাৰীত বীজবোৰ চতিয়াব লাগে আৰু পিছত গছৰ পৰা গছলৈ ২০ চে:মিটাৰ ব্যৱধান ৰাখি বীজ সিঁচাৰ ৩০-৪০ দিনৰ পিছত পাতল কৰি দিব লাগে
সাৰ প্ৰয়োগ : পচন সাৰ ১০-১৫ টন, নাইট্ৰোজেন ৫০ কি:গ্ৰাম, ফছফৰাছ ৫০ কি:গ্ৰাম আৰু পটাছ ৫০ কি:গ্ৰাম প্ৰতি হেক্টৰত মাটি প্ৰস্তুত কৰোতেই প্ৰয়োগ কৰিব লাগে

পৰিচর্য্যা

জলসিঞ্চণ: বীজ সিঁচাৰ ৩০ দিনৰ পিছত প্ৰথমবাৰ জলসিঞ্চণ কৰিব লাগে আৰু তাৰ পিছত সম্পূৰ্ণ ফুল ফুলাৰ সময়ত

যিমান পাৰে সিমান বাৰেই বনবাতবোৰ নিৰাময় কৰি ৰাখিব লাগে

শস্য ৰক্ষা

গছ লেৰেলি যোৱা বেমাৰৰ বাবে বীজ সিঁচাৰ আগেয়েই ব্যৱস্হা গ্ৰহণ কৰিব লাগে

পাতত বগা চামনি পৰা ৰোগ নিৰাময়ৰ বাবে ৱেটেবল ছালফাৰ প্ৰতি হেক্টৰত কি: গ্ৰাম প্ৰয়োগ কৰিব লাগে

গা গছত টেমুনা হোৱা বেমাৰৰ প্ৰতিষেধক হিচাবে বীজবোৰ ভালদৰে দত দি শুকুৱাব লাগে

শস্য চপোৱা

মাহতে ধনীয়াৰ কৃষিকাল সম্পূৰ্ণ হয় বীজৰ উত্পাদন আৰু বীজত থকা তেলৰ পৰিমান নিৰ্ভৰ কৰে শস্য চপোৱাৰ সময়ৰ ওপৰত ধনীয়া গুটিবোৰ সম্পূৰ্ণ পূৰঠ লেহে চপোৱাৰ ব্যৱস্হা কৰিব লাগে পূৰঠ নোহোৱা ধনীয়া গুটিয়ে ধনীয়াৰ সুন্দৰ গোন্ধটো হ্ৰাস কৰে

উৎপাদন

প্ৰতি হেক্টৰত ৪৫ কুইন্টল বীজ

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate