অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নহৰুৰ খেতি

জাত

বচা বচা স্থানীয় জাত, একনলিয়া, ৫৬–৪ আৰু জি–১ ৷

মাটি নিৰ্বাচন

পানী আবদ্ধ নোহোৱা পলসুৱা আৰু জৈৱিক পদাৰ্থ সমৃদ্ধ মাটি নহৰু খেতিৰ বাবে প্ৰয়োজন, অম্লতা ৫.৫ – ৭.০ ভিতৰত ৷

মাটি প্ৰস্তুতি

নহৰুৰ বাবে মাটিডোখৰ ভালদৰে প্ৰস্তুত কৰি পাৰিলে ধূলিময় কৰি লব লাগে ৷ মাটি প্ৰস্তুত কৰাৰ সময়তেই পচনসাৰ বা গোবৰ আদি ব্যৱহাৰ বা প্ৰয়োগ কৰিব লাগে ৷

বীজৰ পৰিমান

৩৫০ – ৫০০ কিলো নহৰুৰ ফুটা প্ৰতি হেক্টৰত প্ৰয়োজন হয় ৷

বীজ সিঁচাৰ সময়

চেপ্তেম্বৰৰ পৰা অক্টোবৰৰ ভিতৰত ৷

সাৰ প্ৰয়োগ

পচন সাৰ প্ৰতি হেক্টৰত ২০ টনকৈ, নাইট্ৰোজেন ১০০ কি: গ্ৰাম, ফছফৰাছ ৮০ কি:গ্ৰাম আৰু পটাচ ৬০ কি:গ্ৰাম প্ৰতি হেক্টৰত প্ৰয়োজন ৷ এই অনুমোদিত নাইট্ৰোজেন সাৰৰ আধা অংশ ফছফৰাছ আৰু পটাছৰ সম্পূৰ্ণ অংশ মাটি প্ৰস্তুত কৰাৰ সময়তেই প্ৰয়োগ কৰিব লাগে ৷ বাকী থকা নাইট্ৰোজেন সাৰৰ অংশ বীজ সিঁচাৰ ৩০ দিনৰ পিছত গছত প্ৰয়োগ কৰিব লাগে ৷

পৰিচৰ্য্যা

১ ৷ জলসিঞ্চন : প্ৰথম অৱস্হাত ৭ দিনৰ ব্যৱধানত জলসিঞ্চনৰ ব্যৱস্হা কৰিব লাগে ৷ পিছত পূৰঠ হোৱাৰ সময়ত ১৫ দিনৰ ব্যৱধানত আৰু শস্য চপোৱাৰ ১৫ দিনৰ আগত জলসিঞ্চনৰ ব্যৱস্হা বন্ধ কৰি দিব লাগে ৷


২ ৷ অপতৃণ নিয়ন্ত্ৰণ : বীজ সিঁচাৰ ৩০ দিনৰ পিচত আৰু ৬০ দিনৰ পিচত বনবাত নিয়ন্ত্ৰণৰ ব্যৱস্হা কৰিব লাগে ৷

শস্য চপোৱা আৰু তত্ত্বাৱধান

নহৰু খেতিৰ কৃষিকাল মাত্ৰ ৪ ৰ পৰা ৫ মাহৰ ভিতৰত শেষ হয় ৷ যেতিয়া পাতবোৰ শুকাবলৈ আৰম্ভ কৰে তেতিয়া নহৰু চপোৱা বা খন্দাৰ ব্যৱস্হা কৰিব লাগে৷ নহৰুবোৰ ৭ ৰ পৰা ১০ দিনমান ভালদৰে তত্ত্বাৱধানত ৰাখিব লাগে ৷

শস্যৰক্ষা

১ ৷ থ্ৰিপচ্ : মালাথিয়ন ৫০ ইচি ০.২ শতাংশ (২ মি: লিটাৰ মালাথিয়ন ৫০ ইচি প্ৰতি লিটাৰ পানীত মিহলাই) স্প্ৰে কৰিব লাগে৷ এক হেক্টৰত স্প্ৰে’ কৰিবলৈ ৩৭০ লিটাৰ মিশ্ৰণৰ প্ৰয়োজন হব ৷

উৎপাদন: ৬০ – ৯০ কুইন্টল প্ৰতি হেক্টৰত ৷

উৎস: অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট।

শেহতীয়া উন্নীতকৰণ: : 7/20/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate