অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পালেং শাকৰ খেতি

জাত সমুহ

জ’বনাৰ গ্ৰীণ, অ’ল্ড গ্ৰীণ, এচ – ২৩ আৰু পুচা জ্যোতি ৷

জাতৰ বৰ্ণনা

১ ৷ অ’ল্ড গ্ৰীণ : পাতবোৰ সম পৰিমানে সেউজীয়া ৰঙৰ, কোমল ৷ ৪০ দিনত পূৰঠ হয়, সেউজীয়া পাতৰ ঊৎপাদন ১২৫ কি:গ্ৰাম প্ৰতি হেক্টৰত আৰু ১৫ দিনৰ ব্যৱধানত ৬-৭ বাৰ মানলৈ সেউজীয়া পাতবোৰ কাটি থাকিব পাৰি ৷ এই জাতটো গোটেই বছৰ সিঁচি থাকিব পাৰি৷

২ ৷ পুচা জ্যোতি : পাতবোৰ বহল, সমপৰিমানে সেউজীয়া, কোমল, ডাঠ হয় ৷ পাতত উচ্চ হাৰত পটাছ, কেলচিয়াম, ছডিয়াম, আইৰণ, এচকৰবিক এচিদ আদি পোৱা যায় ৷ ৬-৭ বাৰলৈ পাতবোৰ কাটিব পাৰি ৷

মাটি নিৰ্বাচন

পানী জমা নোহোৱা ওখ বালিচঁহীয়া, জৈৱিক পদাৰ্থ সমৃদ্ধ আৰু অম্লতা ৬-৭ ৰ ভিতৰত থকা মাটি এই খেতিৰ বাবে উপযোগী ৷

মাটি প্ৰস্তুতি

মাটি ডোখৰ ভালদৰে চহাই পামজাত সাৰ প্ৰয়োগ কৰি মৈয়াই সমান কৰি লব লাগে ৷

বীজৰ পৰিমান :

হেক্টৰে প্ৰতি ২০-২৫ কি:গ্ৰাম বীজৰ প্ৰয়োজন হব ৷

বীজ সিঁচাৰ সময় :

ছেপ্তেম্বৰৰ দ্বিতীয় সপ্তাহৰ পৰা আৰম্ভ কৰি ডিচেম্বৰ মাহলৈকে বীজ সিঁচিব পাৰি ৷

বীজ শোধন :

প্ৰতি কি:গ্ৰাম বীজৰ বাবে ৩ গ্ৰাম কেপ্টান ৫০ ডব্লিও পি ঔষধেৰে বীজবোৰ শোধন কৰি লব৷

ব্যৱধান :

বীজবোৰ ২০ চে:মিটাৰ দূৰত্বৰ শাৰীত সিঁচিব লাগে ৷ বীজবোৰ অঙ্কুৰিত হোৱাৰ ১০-১২ দিনৰ পিছত গছৰ পৰা গছৰ মাজত ৫-৭ চে:মিটাৰ দূৰত্ব ৰাখি পাতলাই দিব লাগে ৷

সাৰ প্ৰয়োগ :

হেক্টৰে প্ৰতি ২০ টন পামজাত সাৰ, ৮০ কি:গ্ৰাম নাইট্ৰোজেন, ৬০ কি:গ্ৰাম ফছফৰাছ সাৰ প্ৰয়োগ কৰিব লাগে ৷

পৰিচৰ্য্যা

১ ৷ জলসিঞ্চন :   বীজ সিঁচাৰ পাছতে প্ৰথমবাৰ আৰু পিছত ১০-১২ দিনৰ ব্যৱধানত জলসিঞ্চনৰ ব্যৱস্হা কৰিব লাগে ৷
২ ৷ অপতৃণ নিয়ন্ত্ৰণ : বনবাতবোৰ খেতিডৰাত ওলোৱাৰ ২০ দিন মানৰ ভিতৰত নিৰাই দিব লাগে ৷

শস্য ৰক্ষা :

পাতত দাগ পৰা বেমাৰৰ বাবে বেমাৰ হোৱাৰ আগতেই ব্যৱস্হা লব লাগে ৷

উৎপাদন :

সেউজীয়া পালেং পাতৰ উৎপাদন প্ৰতি হেক্টৰত ৩০-১০০ কুইন্টললৈ পাব পাৰি ৷

উৎস: অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate