অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পিয়াঁজৰ খেতি

জাত সমূহ আৰু ইয়াৰ বৰ্ণনা

পুচা ৰেড্, পুচা ৰত্নাৰ, পুচা বগা (ঘুৰণীয়া), পুচা বগা (চেপেটা), এন – ৫৩, এগ্ৰিফাউণ্ড লাইটৰেড্, পাঞ্জাব ৰেড ৰাউণ্ড, পুচা মাধুৰী, আৰ্কা নিকেটন ৷

পুচা ৰেড্

গছৰ উচ্চতা ৩০ চে: মিটাৰ, মধ্যমীয়া আকাৰৰ পিয়াঁজ (৭০ – ৯০ গ্ৰাম প্ৰতিটো পিয়াঁজ), চেপেটাকৈ ঘূৰণীয়া, ৰঙা বেঙুনীয়া, কম উগ্ৰতা, ৰোৱাৰ ১২৫ – ১৪০ দিনৰ পিছত পুৰঠ হোৱা, ১২ টা পিয়াঁজৰ ওজন প্ৰায় ১ কি: গ্ৰামৰ সমান, পণ্যগাৰত ভালদৰে নষ্ট নোহোৱাকৈ ৰাখিব পৰা বিধৰ ৷

পুচা ৰত্নাৰ

গছৰ উচ্চতা ৩০ চে:মিটাৰ, পাতবোৰ গাঢ় সেউজীয়া, পিয়াঁজৰ আকৃতি ডাঙৰ, ঘূৰণীয়া আকৃতিৰ, পিয়াঁজৰ ৰঙ আৰ্কষণীয় গাঢ় ৰঙা ৰঙৰ, কম উগ্ৰতা থকা, ৰোৱাৰ ১২৫ দিন মানৰ পিছত পূৰঠ হোৱা, উচ্চ উৎপাদনক্ষম (৫০০ কুইন্টল/হেক্টৰত), পণ্যগাৰত ভালদৰে নষ্ট নোহোৱাকৈ ৰাখিব পৰা বিধৰ৷

পুচা বগা (ঘূৰণীয়া) :

পিয়াঁজবোৰৰ আকৃতি ঘূৰণীয়া আৰু বগা ৰঙৰ, গড় হিচাবত উৎপাদন ক্ষমতা ৩০০ কুইন্টল প্ৰতি হেক্টৰত৷ ভালদৰে শুকাব পৰা ক্ষমতা ৷

পুচা বগা (চেপেটা) :

পিয়াঁজৰ আকাৰ মধ্যমীয়াৰ পৰা ডাঙৰ, চেপেটাকৈ ঘূৰণীয়া আকাৰৰ, বগা ৰঙৰ, ১৩০ -১৫০ দিনৰ ভিতৰত কৃষি কাল সম্পূৰ্ণ হোৱা, উচ্চ উৎপাদনক্ষম আৰু ভালদৰে শুকাব পৰা ক্ষমতা ৷

এন – ৫৩ :

পিয়াঁজবোৰৰ ৰং উজ্জল ৰঙচুৱা, ১২০ - ১৪০ দিনৰ ভিতৰত কৃষিকাল সমাপ্ত আৰু পিয়াঁজ উৎপাদন প্ৰতি হেক্টৰত ১৯৭ কুইন্টল ৷

এগ্ৰিফাউণ্ড লাইটৰেড্ :

পিয়াঁজবোৰ প্ৰায় ঘূৰণীয়া, পাতল ৰঙচুৱা, কৃষিকাল ১২০ দিনৰ ভিতৰত, উৎপাদন প্ৰতি হেক্টৰত ২০০ কুইন্টল ৷

পাঞ্জাব ৰেড ৰাউণ্ড :

পিয়াঁজবোৰ ঘূৰণীয়া, ডিঙি অংশ ক্ষীণ, উজ্জল ৰঙা ৰঙৰ, কৃষিকাল ১২০ দিনৰ ভিতৰত আৰু উৎপাদন প্ৰতি হেক্টৰত ২০০ কুইন্টল৷

পুচা মাধবী :

পিয়াঁজবোৰ ঘূৰণীয়া, ডিঙি অংশ ক্ষীণ, পাতল ৰঙা ৰঙৰ পিয়াঁজবোৰ, প্ৰায় ১২৫ দিনৰ ভিতৰত কৃষিকাল সমাপ্ত কৰে আৰু উৎপাদন প্ৰতি হেক্টৰত ২২০ কুইন্টল ৷

আৰ্কা নিকেটন :

উচ্চ উৎপাদনক্ষম হস্ৰম্যাদী ৷

মাটি নিৰ্বাচন

ওখ বালিচঁহীয়া আৰু জৈৱিক পদাৰ্থ সমৃদ্ধ আৰু অম্লতা ৫ ৰ পৰা ৬.৫ ৰ ভিতৰত থকা মাটি পিয়াঁজ খেতিৰ বাবে উপযুক্ত ৷

মাটি প্ৰস্তুতি

 

পিয়াঁজৰ বাবে মাটিডোখৰ ভালদৰে প্ৰস্তুত কৰি পাৰিলে ধূলিময় কৰি লব লাগে ৷ মাটি প্ৰস্তুত কৰাৰ সময়তেই পচনসাৰ বা গোবৰ আদি ব্যৱহাৰ বা প্ৰয়োগ কৰিব লাগে ৷

বীজৰ পৰিমান

(ক) ৰোৱা পদ্ধতিৰ বাবে – ১০ – ১২ কি: গ্ৰাম প্ৰতি হেক্টৰত

(খ) সিচাঁ পদ্ধতিৰ বাবে – ২০ – ২৫ কি: গ্ৰাম প্ৰতি হেক্টৰত

বীজ সিঁচাৰ সময়

চেপ্তেম্বৰৰ শেষৰ সপ্তাহৰ পৰা অক্টোবৰৰ মাজভাগলৈ ৷ পাহাৰীয়া অঞ্চলৰ বাবে অক্টোবৰৰ শেষসপ্তাহলৈ পুলি ৰোৱা শেষ কৰিব লাগে৷

ৰোৱা আৰু সিচাঁৰ পদ্ধতি

ৰোৱা পদ্ধতি : ৬ – ৮ সপ্তাহ বয়সৰ পুলিবোৰ শুকান অথবা বোকা কৰি থোৱা মাটিত/ভেটিত ৰোব লাগে ৷ শুকান ভেটিত ৰোৱাৰ পাচতে জলসিঞ্চনৰ ব্যৱস্হা কৰিব লাগে ৷ পুলিবোৰ মাটিত ২ – ৩ চে: মিটাৰ দ'ত ৰোব লাগে ৷

ব্যৱধান : ২০ চে:মিটাৰ x ১০ চে: মিটাৰ (শাৰীৰ পৰা শাৰীলৈ x পুলিৰ পৰা পুলিলৈ দুৰত্ব)

সাৰ প্ৰয়োগ : গোবৰ প্ৰতি হেক্টৰত ২০ টন, নাইট্ৰোজেন প্ৰতি হেক্টৰত ৬০ কি: গ্ৰাম, ফছফৰাছ প্ৰতি হেক্টৰত ৫০ কি: গ্ৰাম, পটাছ প্ৰতি হেক্টৰত ৫০ কি: গ্ৰাম ৷ নাইট্ৰোজেন  ৪০ কি: গ্ৰাম আৰু গোবৰ/পচন সাৰ, ফছফৰাছ আৰু পটাছ সম্পূৰ্ণ অংশ মাটি প্ৰস্তুত কৰাৰ সময়ত প্ৰয়োগ কৰিব লাগে ৷ বাকী ১০ কি: গ্ৰাম নাইট্ৰোজেন পুলি ৰোৱাৰ ৩০ – ৪০ দিনৰ ভিতৰত, তাৰ পিছতে ৬০ ৰ পৰা ৭০ দিনৰ ভিতৰত বাকী থকা ১০ কি: গ্ৰাম নাইট্ৰ'জেন পাতত স্প্ৰে কৰি প্ৰয়োগ কৰিব লাগে ৷

পাহাৰীয়া অঞ্চলৰ বাবে : নাইট্ৰোজেন ১২০ কি: গ্ৰাম, ফছফৰাছ ৮০ কি: গ্ৰাম আৰু পটাছ ৩০ কি: গ্ৰাম প্ৰতি হেক্টৰত প্ৰয়োগ কৰিব লাগে৷

পৰিচৰ্য্যা

১ ৷ জলসিঞ্চন : পুলিৰোৱাৰ পৰা খেতি চপোৱালৈকে ৭ দিনৰ ব্যৱধানত মুঠ ১০ ৰ পৰা ১৫ বাৰ মান জলসিঞ্চণ কৰিব লাগে ৷ পিয়াঁজৰ আলু বৃদ্ধিৰ লগে লগে জলসিঞ্চণৰ প্ৰয়োজনীয়তাও অধিক দৰকাৰ ৷ কিন্তু খেতি চপোৱাৰ ১৫ দিনৰ আগে আগে জলসিঞ্চন বন্ধ কৰি দিব লাগে ৷

২ ৷ অপতৃণ নিয়ন্ত্ৰণ : ৰোৱাৰ আগেতে হেক্টৰে প্ৰতি ০.৫ কি: গ্ৰাম এ আই বাচালিন আৰু ৰোৱাৰ ৪০ দিনৰ পিছত হাতেৰে বনবাত নিৰাই দিব লাগে ৷

শস্য ৰক্ষা

থ্ৰিপচ্ : মালাথিয়ন ৫০ ইচি ০.২ শতাংশ, ২ মি: লিটাৰ মালাথিয়ন ৫০ ইচি প্ৰতি লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে৷ এক হেক্টৰত স্প্ৰে’ কৰিবলৈ মিশ্ৰণৰ পৰিমান ৩৭০ লিটাৰৰ প্ৰয়োজন হব ৷

শস্য চপোৱা আৰু পিয়াঁজৰ তত্ত্বাৱধান

যেতিয়া ৭০ শতাংশ পিয়াঁজৰ গছ শুকাবলৈ আৰম্ভ কৰে (ৰোৱাৰ প্ৰায় ৩–৪ মাহৰ ভিতৰত দেখা পোৱা যায়) তেতিয়াই পিয়াঁজ খেতি চপোৱাৰ উত্তম সময় ৷ বৰষুণ হৈ থাকিলে পিয়াঁজ চপাব নালাগে ৷ চপোৱাৰ ১০–১৫ দিনৰ আগেয়ে যিমান সম্ভৱ সিমান পিয়াঁজৰ গছবোৰ ডিঙিতে ভাঙি শুকোৱাত সহায় কৰি দিব লাগে ৷ পিয়াঁজ খান্দি ওলোৱাৰ পিছত পাৰিলে পথাৰতে ৰাখিব লাগে নহ’লে ছাঁত ৰাখিব লাগে ৷ তাৰ পাচত বেয়া হোৱা পিয়াঁজবোৰ বাছি আঁতৰাই পেলাব লাগে, শুকান বালিৰ (৫ চে:মিটাৰ ডাঠ) লগত মিহলি কৰি পকা মজিয়াত পিয়াঁজ বহুদিনলৈ ভালদৰে সংৰক্ষণ কৰিব পাৰি ৷

উৎপাদন : ১৫০–২০০ কুইন্টল প্ৰতি হেক্টৰত ৷

উৎস: অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট।

শেহতীয়া উন্নীতকৰণ: : 3/27/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate