জাত সমুহ
পুছা পাৰ্বতী, কনটেণ্ডাৰ, ইউ পি এফ ২০৩, ইউ পি এফ ১৯১ আৰু প্ৰিমিয়াৰ৷
কনটেণ্ডাৰ: জোপোহা, ৫০ দিনৰ ভিতৰত চিঙিব পৰা, ছিৰাবোৰ ঘূৰণীয়া, সেউজীয়া ৰঙৰ, দীঘল ছেইবোৰ আগলৈ ঘূৰ খায় যোৱা, ডাঠ মঙহাল আৰু শোঙ নথকা, যথেষ্ট উত্পাদনক্ষম, বৰ গৰম আৰু শুকান ঠাইৰ বাহিৰে সকলো ঠাইতে ইয়াৰ খেতি কৰিব পাৰি৷ হেক্টৰে প্ৰতি ১৬০ কুইন্টল কেঁচা ফেন্সবীন উত্পাদন হয়৷
পুছা পাৰ্বতী: জোপোহা আৰু ছেইবোৰ বৰ আকৰ্ষণীয় হয়৷ ছিৰাবোৰ পাতল সেউজীয়া ৰঙৰ, ঘূৰণীয়া আকৃতিৰ আৰু মঙহাল, আগতিয়াকৈ খেতি কৰিব পৰা জাত আৰু উত্পাদনো কনটেণ্ডাৰ জাততকৈ আগতে পাব পাৰি৷ হেক্টৰে প্ৰতি ১৭০ কুইন্টল কেঁচা ফেন্সবীন উত্পাদন পাব পাৰি৷
ওখ, বালিচঁহীয়া, অম্লতা ৫.৫-৬.০ ভিতৰত থকা মাটি এই খেতিৰ বাবে উপযোগী৷
মাটি ডোখৰ ভালদৰে কেইবাবাৰো হাল বাই সমান কৰি লব লাগে ৷
৫০ কি:গ্ৰাম/হেক্টৰত৷
বীজ সিঁচাৰ সময়
অক্টোবৰ – মাৰ্চ।
বীজ শোধন
কেপ্টান ৫০ ডব্লিও পি ৩ গ্ৰাম প্ৰতি কি:গ্ৰাম বীজৰ নিৰিখত প্ৰয়োগ কৰিব লাগে ৷
বীজৰ ব্যৱধান
৪৫ চে:মিটাৰ x ৩০ চে:মিটাৰ (শাৰীৰ পৰা শাৰীলৈ x গছৰ পৰা গছলৈ)
পাম সাৰ ২০ টন, নাইট্ৰোজেন ৩০ কি:গ্ৰাম, ফছফৰাছ ৪০ কি:গ্ৰাম আৰু পটাছ ২০ কি:গ্ৰাম প্ৰতি হেক্টৰত প্ৰয়োগ কৰিব৷ নাইট্ৰোজেনৰ আধা অংশ, আনবোৰ ৰাসায়নিক সাৰ আৰু পাম সাৰৰ সম্পূৰ্ণ অংশ মাটি প্ৰস্তুত কৰোতে আৰু বাকী থকা নাইট্ৰোজেনৰ অংশ ফুল ফুলাৰ সময়ত গছত প্ৰয়োগ কৰিব৷
জলসিঞ্চন: খেতিডৰাত পানীৰ অভাৱ হ’বলৈ দিব নালাগে৷ গতিকে সঠিক সময়ত পানীৰ যোগান ধৰিব লাগে৷ বিশেষকৈ প্ৰথম গছ বঢ়াৰ অৱস্হাত, ফুল ফুলাৰ অৱস্হাত আৰু ছিৰা ধৰিবলৈ লোৱা অৱস্হাত গছবোৰ পানীৰ অভাৱত ভূগিবলৈ দিব নালাগে৷
অপতৃণ নিয়ন্ত্ৰণ: খেতিডৰাত অপতৃণবোৰ ওলোৱাৰ ২০ দিন মানৰ পিচত বনবাতবোৰ নিৰাই পেলাব লাগে৷ তাৰ পিছতো সময় অনুযায়ী বনবাতবোৰ নিৰাই থাকিব লাগে৷
মোৱা পোক, জেছিদ আদিৰ পৰা খেতিডৰাক ৰক্ষা কৰিবলৈ মালাথিয়ন ৫০ ইচি ঔষধ ১ মি:লিটাৰ ৫ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে৷
গছ মৰহি যোৱা, শিপা পঁচা আদি বেমাৰ নিয়ন্ত্ৰণৰ বাবে কেপ্টান ২-৩ গ্ৰাম ঔষধ প্ৰতি কি:গ্ৰাম বীজৰ লগত মিহলি কৰি বীজবোৰ সিঁচাৰ আগেয়ে শোধন কৰি লব লাগে৷
পাতত দাগ পৰা বেমাৰৰ বাবে ২ গ্ৰাম মেনক’জেব ৭৫ ডব্লিও পি প্ৰতি লিটাৰ পানীত মিহলাই ১৫ দিনৰ ব্যৱধানত পাতত স্প্ৰে কৰিব৷
ব্লাইট বেমাৰৰ (বেক্টেৰীয়াৰ পৰা হোৱা) বাবে বীজবোৰ ষ্ট্রেপ’মাইছিন ছালফেট ঔষধ প্ৰতি কি:গ্ৰাম বীজৰ বাবে ২.৫ গ্ৰামকৈ ঔষধৰে শোধন কৰিহে সিঁচাৰ ব্যৱস্হা কৰিব৷
মজাইক বেমাৰৰ বাবে প্ৰতিষেধক ব্যৱস্হা হিচাবে ৰ'গৰ নাইবা মন’ক্ৰট’ফচ্ আদিৰে স্প্ৰে কৰিব৷
প্ৰথম ফুলফুলাৰ ২ – ৩ সপ্তাহৰ পিচৰ পৰা ছিৰা বোৰ চিঙিব পৰা হয় ৷ ছিৰাবোৰ কোমল আৰু সতেজ হৈ থকাৰ অৱস্হাতে চিঙাৰ ব্যৱস্হা কৰিব লাগে ৷
উৎপাদন
প্ৰতি হেক্টৰত কেঁচা ছিৰা ৮০ – ১২০ কুইন্টলকৈ উৎপাদন পাব পাৰি ৷
উৎস: অসম কৃষি বিশ্ববিদ্যালয়।
শেহতীয়া উন্নীতকৰণ: : 6/21/2020