অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বালিজানাৰ বেঙেনা: নামেই যাৰ পৰিচয়

বালিজানাৰ বেঙেনা: নামেই যাৰ পৰিচয়

গোৱালপাৰা জিলাৰ বালিজানা অঞ্চলৰ কৃষকে বিগত ৫০ বছৰ ধৰি খেতি কৰি অহা এবিধ পাতল সেউজবৰণীয়া বেঙেনা-অপূৰ্ব সোৱাদৰ বাবেই যিবিধ থলুৱা বেঙেনাই অকল গোৱালপাৰা জিলাই নহয়, সমগ্ৰ ৰাজ্যজুৰি ক্ৰেতা-বিক্ৰেতাৰ মন মুহিবলৈ সক্ষম হৈছে।

সাধাৰণ শ্ৰেণীৰ বেঙেনাতকৈ প্ৰায় দুগুণ মূল্যত বিক্ৰী হোৱা এই বেঙেনাবিধৰ খেতিৰ সম্প্ৰসাৰণৰ বাবে গোৱালপাৰা জিলাৰ জিলা কৃষি বিষয়াৰ কাৰ্য্যালয়ে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে। জিলাখনৰ বালিজানা উন্নয়ন খণ্ডৰ অন্তৰ্গত আগিয়া কৃষি উন্নয়ন চক্ৰৰ ডালুক আৰু জিঞ্জিৰাম গাঁওৰ ১৮০ টা কৃষক পৰিয়ালক সামৰি প্ৰায় ১০০ বিঘা কৃষিভূমিত এই বিশেষ বেঙেনাবিধৰ খেতি কৰি থকা হৈছে।

অক্টোৱৰ মাহত এইবিধ বেঙেনাৰ বীজ সিঁচা হয় আৰু মাৰ্চ মাহৰ শেষলৈকে বেঙেনা চপোৱা হয়। শাৰী আৰু গছৰ মাজত ৯০ ছেন্টিমিটাৰ×৭৫ ছেন্টিমিটাৰ ব্যৱধান ৰাখি ৰোৱা এই বেঙেনা খেতিৰ পৰা প্ৰতিবিঘা মাটিত ৯০-১০০ কুইন্টল উৎপাদন পোৱা যায়। আকাৰত যথেষ্ট ডাঙৰ, পাতল সেউজীয়া এই বেঙেনাৰ ওজন এটাত ১ কিলোগ্ৰাম পৰ্য্যন্ত হয়। গড় ওজন প্ৰতিটোৰ ২৫০ গ্ৰাম। এজোপা গছত ২০-২৫ টাকৈ ফল ধৰা এই বিশেষ বেঙেনাবিধৰ মূল্য বৰ্তমান গোৱালপাৰা জিলাৰ বিভিন্ন বজাৰত প্ৰতি কিলোগ্ৰামত ৪০.০০-৫০.০০ টকা।

ডালুক-জিঞ্জিৰাম উৎপাদক সমিতিৰ সম্পাদক পৰমেশ্বৰ ৰায়ে এইবিধ বেঙেনা খেতি কৰি ৫০০ জোপা গছৰ পৰা মুঠ ১ লাখ টকা উপাৰ্জন কৰিবলৈ হৈছে বুলি গোৱালপাৰা জিলাৰ জিলা কৃষি বিষয়া ড০ ভূমিধৰ কলিতাই জনাইছে। কৃষি বিভাগে ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত প্ৰতিটো বিধানসভা সমষ্টিত ৰূপায়ন কৰিবলৈ লোৱা ৫০ হেক্টৰকৈ কৃষিভূমিত জৈৱিক কৃষি আঁচনিৰ অধীনত ডালুক-জিঞ্জিৰাম উৎপাদক সমিতিৰ এই কৃষিভূমিও অন্তৰ্ভুক্ত কৰা বুলি জিলা কৃষি বিষয়াই ড০ কলিতাই জনাইছে।

উৎস: কৃষি বিভাগ, অসম

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate