অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বিলাহীৰ খেতি

বিলাহীৰ খেতি

জাত

পাঞ্জাব চুহাৰা, এচ্-১২, পাঞ্জাব কেশৰী, পুচা আর্লী দ্ৱার্ফ্ , টেস, পুচা ৰুবী, ডি চি-৪৮-১, আৰকা আডা, আর্কা আলোক, বি টি-১

জাতসমূহৰ বিবৰণ

পাঞ্জাব চুহাৰা

চাপৰ কিন্তু জোপোহা, উচ্চ  হাৰত উত্পাদন দিব পৰা, ফলবোৰ মধ্যমীয়া আকৃতিৰ, নাচপতিৰ আকৃতিৰ দৰে, মঙহাল, ১২০ দিনত পুৰঠ হব পৰা আৰু দূৰ দূৰনিলৈকে কঢ়িয়াই বহু দিনলৈ ৰাখি থব পৰা ৷

এচ-১২ : চাপৰ, জোপোহা গছবোৰ, আগতীয়াকৈ ফল ধাৰণৰ শক্তি থকা, ফলবোৰ মধ্যমীয়া আকৃতিৰ, গোল, ৰসযুক্ত ৷ গড়ে উত্পাদন ১৭৫-২৮০ কুইন্টল প্ৰতিহেক্টৰত ৷ সমতল অঞ্চলৰ ৰোবৰ বাবে উপযোগী ৷

পাঞ্জাব কেশৰী : চাপৰ, জোপোহা, ফলবোৰ সৰু, নাচপতিৰ আকৃতিৰ দৰে, কম পৰিমাণৰ মঙহাল, আগতীয়াকৈ পুৰঠ হব পৰা, উত্পাদন ২৬৮ কুইন্টল প্ৰতিহেক্টৰত, ফলবোৰ ফাটি নোযোৱা, ব্লাইট্ বেমাৰ আৰু মজাখোৱা পোকৰ দ্বাৰা সামান্য আক্ৰান্তমুক্ত কিন্তুশস্য কৃমিৰ পৰা আক্ৰান্ত হব পৰা ৷

পুচা আর্লি দ্ৱার্ফ : চাপৰ, ফলবোৰৰ ওপৰ ভাগ সামান্য সমান আকৃতিৰ, মধ্যমীয়া আকৃতিৰ, ৰোৱাৰ ৫৫-৬০ দিনত পুৰঠ হব পৰা৷

উত্পাদনঃ ২৫০-৫০০ কুইন্টল প্ৰতিহেক্টৰত ৷

মাটি : বিলাহী খেতিৰ বাবে ওখ, বালিচঁহীয়া, ৰ’দঘাই মাটি বাছনি কৰিব লাগে৷

মূল পথাৰ প্ৰস্তুতি

মূল পথাৰৰ মটিডোখৰ কেইবাবাৰো হাল কোৰ মাৰি প্ৰয়োজনীয় সাৰ গোবৰ প্ৰয়োগ কৰিব লাগে ৷ পুলি ৰোৱাৰ ১৫ দিনৰ আগেয়ে মাটি ডোখৰত প্ৰয়োজনীয় চূণ প্ৰয়োগ কৰিব লাগে ৷ মাটি পৰীক্ষা কৰাৰ পিচত বিলাহী কৰা মাটি ডোখৰত তিনি বছৰৰ ব্যৱধানত ১০ কুইন্টল/প্ৰতি হেক্টৰ হিচাবে চূণ প্ৰয়োগ কৰিব লাগে৷

পুলি ৰোৱাৰ সময়: অক্টোবৰ - নবেম্বৰ ৷

পুলিৰ ৰোৱাৰ ব্যৱধান

বিলাহী পুলি প্ৰতিটো শাৰীত এক ডেৰ ফুটৰ ব্যৱধানত (৩০-৪৫ ছেন্টিমিটাৰ) আৰু দুটা শাৰীৰ মাজত ব্যৱধান ৰাখিব লাগে দুফুট (৬০ ছেন্টিমিটাৰ)৷

সাৰ প্ৰয়োগ

পচন সাৰ প্ৰতি হেক্টৰত ১০ টন, নাইট্রোজেন ৭৫ কেজি, ফছফৰাচ ৬০ কেজি আৰু পটাচ ৬০ কেজি৷ নাইট্র'জেনৰ আধা অংশ আৰু পচন সাৰ, ফছফৰাচ আৰু পটাচ সাৰৰ সম্পূৰ্ণ অংশ শেষৰ বাৰ মাটি প্ৰস্তুত কৰাৰ সময়ত প্ৰয়োগ কৰি মাটি খিনি মৈয়াই সমান কৰি লব লাগে ৷ বাকী আধা অংশ নাইট্রোজেন পুলি ৰোৱাৰ এমাহৰ পিচত প্ৰতিটো পুলিৰ গুৰিত নতুবা দুটা শাৰীৰ মাজৰ ঠাইডোখৰত লোৰ কৰি প্ৰয়োগ কৰিব লাগে৷

বিলাহীৰ ক্ষেত্ৰত নাইট্রোজেন সাৰ গছ পুলি ৰোৱাৰ পাচত প্ৰয়োগ কৰিলে ভাল ফল পোৱা যায় ৷ সেই ক্ষেত্ৰত ৪০ কেজি নাইট্রোজেন প্ৰতি হেক্টৰত মাটিত বা গছৰ গুৰিত আৰু ২০ কেজি নাইট্রোজেন প্ৰতি হেক্টৰত গছ পুলিৰ পাতত বা ওপৰ ভাগত প্ৰয়োগ কৰিব লাগে ৷ এই সাৰ প্ৰয়োগৰ তালিকা এনেধৰণৰ -

ক) পুলি ৰোৱাৰ ৩০ দিনৰ পিছত ৯.৭১ কেজি ইউৰীয়া ১০০০ লিটাৰ পানীত মিহলায় স্প্ৰে কৰিব লাগে ৷

খ) পুলি ৰোৱাৰ ৪০ দিনৰ পিছত ১৪.৪ কেজি ইউৰীয়া ১৫০০ লিটাৰ পানীত মিহলায় স্প্ৰে কৰিব লাগে ৷

গ) পুলি ৰোৱাৰ ৫০ দিনৰ পিছত ১৯.৩ কেজি ইউৰীয়া ২০০০ লিটাৰ পানীত মিহলায় স্প্ৰে কৰিব লাগে ৷

পৰিচর্য্যা

জলসিঞ্চন : পুলি ৰোৱাৰ পিছতেই প্ৰথমটো জলসিঞ্চনৰ ব্যৱস্হা কৰিব লাগে ৷ তাৰ পিছত ১০-১৫ দিনৰ ব্যৱধানত মাটিৰ গুণাগুনৰ ওপৰত নিৰ্ভৰ কৰি প্ৰয়োগ কৰিব লাগে ৷

বনবাত নিৰাময় : পুলি ৰোৱাৰ ২০ দিনৰ পিছত বনবাত চিকুণাব লাগে ৷

পুলি ৰোৱাৰ ৩০ দিনৰ পিছত জিবাৰলিক এচিডৰ মিশ্ৰণ প্ৰয়োগ কৰিলে গছৰ স্বাস্হ্য ভাল হয় ৷

বিলাহীৰ পুলিবোৰৰ মাজে মাজে ওলকবিৰ পুলি ৰোৱাৰ ব্যৱস্হা কৰিব পাৰে ৷

শস্য ৰক্ষা

(১) ব্লাইট বেমাৰ : (ক) এই বেমাৰৰ বাবে ০.২৫ শতাংশ মেনক'জেব ৭৫ ডব্লিও পি (২ গ্রাম/লিটাৰ পানীত) তলত উল্লখ কৰাৰ দৰে প্রয়োগ কৰিব -

আগতীয়া অৱস্থা (১ ম মাহ)৬০০ লিটাৰ/হেক্টৰত মধ্য অৱস্থা (২য় মাহ) ৮০০ লিটাৰ হেক্টৰ

শেহতীয়া অৱস্থা (৩য় মাহ) ১০০০ লিটাৰ /হেক্টৰত ডাৱৰীয়া বতৰত মেনক'জেব ৭৫ ডব্লিওপিৰ (গ্রাম/লিটাৰ)পানীত মিহলায় স্প্রে কৰিব লাগে। ইয়াৰ উপৰিও দায়েথেন জেদ -৭৮ @ ০.২৫ শতাংশ (২৫ গ্রাম ১০.১ লিটাৰ পানীত)মিশ্রণ ও ব্যৱহাৰ কৰিব পাৰে। যদি ৰোগৰ লক্ষণ দেখা পোৱা যায় তেতিয়া এই মিশ্রণ ৭ ৰ পৰা ১০ দিনৰ ব্যৱধানত স্প্রে কৰিব লাগে। স্প্রে কৰোতে সদায় গছপাতবোৰৰ তলফালে ঔষধপৰাকৈ স্প্রে কৰিব লাগে।

(খ) মেটাক্গিল ৮ শতাংশ (২.৫ গ্রাম/লিটাৰত) স্প্রে কৰাৰ পিচতেই মেনক'জেব ৭৫ ডব্লিও পি (২ গ্রাম/লিটাৰ)এটাৰ পিচত ১২ দিনৰ ব্যৱধানত আনটো স্প্রে কৰিব । প্রথমটো স্প্রে ১০-১৫ ডিচেম্বৰৰ ভিতৰত কৰিব লাগে।

(গ) একশতাংশ বৰ'দ মিশ্রণও(১০ গ্রাম কপাৰ চালফেট + ১০ গ্রাম চূণ + ১ লিটাৰ পানী)এই বেমাৰ প্রতিহত কৰিব পৰা ক্ষমতা আছে।

(২) গছ মৰহী যোৱা বেমাৰ:

(ক) ১০০ পি পি এম গাঢ়তাৰ ষ্টেপ্টোমাইচিন মিশ্রণ ব্যৱহাৰ কৰিব পাৰে ।

(খ) বেমাৰ প্রতিহত কৰিব পৰা জাত ব্যৱহাৰ

(গ)খলিহৈ ব্যৱহাৰ কৰিব পাৰে ।

(ঘ) হিঙ-হালধী পাউদাৰ মিশ্রণ (১গ্রাম হিঙ + ৫ গ্রাম হালধীৰ পাউদাৰ ১০ লিটাৰ পানীত মিহলায় )১৫,৩০ আৰু ৪৫ দিনৰ ব্যৱধানত তিনিবাৰ প্রয়োগ কৰিব ।

(৩)ভেকুঁৰৰ পৰা উত্পত্তি হোৱা গছ মৰহী যোৱা বেমাৰ :

কেপটাফ ৫ শতাংশ ডব্লিও পি ০.৩ শতাংশ ঔষধৰ মিশ্রণ ব্যৱহাৰ কৰিব ।

উত্পাদন : ৩৫০-৪০০ কুইন্টল/হেক্টৰত

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate