অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ব্রকলী

জাঁত সমুহ

 

(ক) আগতীয়া সঁচ : আর্লি দেনিস জায়েন্ট , দি চিক' গ্রীণ বাদ , স্পাৰটন্ আর্লি আৰু এটলান্টিক ।

(খ) মধ্যমীয়া সঁচ : গ্রীণ স্পাউটি্ মিডিয়াম

(গ) শেহতীয়া সঁচ : ৱালথাম ২৯ , গ্রীণ ,মাউন্ঠেন , কষ্ঠেল আৰু আটলান্টিক ।

(ঘ) বর্ণসঙ্গৰ সঁচ : চাউদার্ণ কমটে , প্রিমিয়াম ক্র'প , ক্লীপাৰ , লেজাৰ ,কৰচয়েৰ , ক্রুজাৰ , এথাৰকেল্দ, ক'ৰণা (মধ্যবত্তী), লেট ক'ৰণা ,গ্রীণ চার্ফ (শেহতীয়া )

বর্ণনা

(ক) আগতীয়া সঁচ : পথাৰত পুলি ৰোৱাৰ ৬-৭ সপ্তাহৰ পিছত এইবিধ সঁচ চপাব পৰা হয় ।

(খ) মধ্যমীয়া সঁচ : পুলি পথাৰত ৰোৱাৰ ১০০ দিনৰ পিছত চপাব পৰা হয় ।

(গ) শেহতীয়া সঁচ : গ্রীণ স্পাউটিং দুবছৰীয়া জাত আৰু পুলি এটা শীতকালত ৰোৱাৰ পিছত পাছৰ বছৰ শীত অহাৰ আগে আগে চপাব পাৰি ।

মাটি নির্ব্বাচন

ব্রকলীৰ বাবে ওখ , ৰদঘাই সাৰুৱা মাটি বাচনি কৰিব লাগে । সামান্য পৰিমাণে অম্লজাত মাটিতো এই খেতি কৰিব পাৰি ।

মাটি প্রস্তুতি : মাটি প্ৰস্তুতি : মূখ্য বাৰীখনত যথেষ্ট পৰিমাণৰ পচন সাৰ বা গোবৰ প্ৰয়োগ কৰি কেইবাবাৰো চাহ কৰি মৈয়াই সমান কৰি লব লাগে ৷ প্ৰত্যেক তিনিবছৰৰ ব্যৱধানত মাটি পৰীক্ষা কৰি চূণ প্ৰয়োগৰ ব্যৱস্হা কৰিব লাগে ৷ পুলি ৰোৱাৰ ৩০ দিনমানৰ আগে আগে চূণ প্ৰয়োগ কৰিব লাগে ৷

সিঁচাৰ / ৰোৱাৰ সময়

১. আগতীয়া জাত : মধ্য জুলাইৰ পৰা আগষ্ট মাহৰ প্ৰথম সপ্তাহলৈ (অক্টোবৰ মাহত পুৰঠ হয়) ৷ মূল বতৰত ৰোৱা জাত : চেপ্তেম্বৰৰ প্ৰথম সপ্তাহৰ পৰা অক্টোবৰৰ শেষৰ সপ্তাহলৈ ৷
২. শেহতীয়া জাত : নবেম্বৰৰ প্ৰথম সপ্তাহলৈকে (ফেব্ৰুৱাৰীৰ পৰা মাৰ্চ মাহত পুৰঠ হয়) ৷

গুটিৰ পৰিমাণ : ৫০০ - ৭০০ গ্রাম / হেক্টৰত ( ৰোৱাৰ বাবে ) 
২.০ -২.৫ কি: গ্রাম / হেক্টৰত (সিঁচাৰ বাবে )

ৰোৱাৰ ব্যৱধান

(শাৰীৰ পৰা শাৰীলৈ x পুলিৰ পৰা পুলিলৈ) 
আগতীয়া : ৪৫ ছে: মি: x ৪৫ ছে: মি:

মূল : ৬০ ছে: মি: x ৬০ ছে: মি:
শেহতীয়া : ৪৫ ছে: মি: x ৪৫ ছে: মি:

সাৰ প্রয়োগ

পচন সাৰ ২০ টন/হেক্টৰত , নাইট্র'জেন ১০০ -২০০ কি: গ্রাম / হেক্টৰত ফচফৰাচ ৬০-৮০ কি: গ্রা: /হেক্টৰত , পটাচ ৪০-৬০ কি: গ্রা: /হেক্টৰত প্রয়োগ কৰিব । নাইট্রজেন সাৰ সমুদায় একেলগে প্রয়োগ নকৰি দুটা ভাগত প্রয়োগ কৰিলেও ভালফল পোৱা যায়। ব্রকলীৰ ক্ষেত্রত সুৱাগ আৰু মলিঠেদেনাম প্রয়োগ কৰিলৈ ভালফল পোৱা যায় ।

পৰিচর্য্যা

১. জলসিঞ্চন : ফুলকবি খেতিতকৈ ব্রকলীৰ খেতিত পানীৰ পৰিমাণ যথেষ্ট পৰিমাণে প্রয়োজন হয় । সেইখেতিকে পাতলীয়া ধৰণে মাজে মাজে জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগে ।

২. অপতৃণ নিয়ন্ত্রণ : প্রাৰম্ভিক অৱস্থাত পুলিবোৰৰ মাজে মাজে কোৰ মাৰি মাটিখিনি লৰায় দিব লাগে যাতে বতাহ চলাচল কৰাত সহায় হয় আৰু লগতে অপতৃণৰ পৰাও ৰক্ষা পাব পাৰি ।

শস্য ৰক্ষা

১. পাত খোৱা পোকৰ বাবে মালাথিয়ন ৫০ শক্তিৰ ঔষধ ০.১৫ শতাংশ (১.৫ মি: লিটাৰ প্ৰতি লিটাৰ পানীত) স্প্ৰে কৰিব লাগে৷ মাটিত থকা পোক যেনে- উঁইচিৰিঙ্গা, ৰঙা পৰুৱা আদিৰ বাবে মালাথিয়ন ৫ শতাংশ শক্তিৰ পাউদাৰ হেক্টৰে প্ৰতি ২০ কেজিকৈ প্ৰয়োগ কৰিব লাগে ৷
২. গুৰি পছা বেমাৰ ( ব্লেক ৰট ) প্ৰতিকাৰৰ বাবে এগ্ৰমাইচিন নামৰ দৰৱ প্ৰতিলিটাৰ পানীত ১০০ মিলিগ্ৰাম হিচাবে মিহলাই পুলি ৰোৱাৰ আগেয়ে মাটিত প্ৰয়োগ কৰিব লাগে ৷

শস্য চপোৱা

ফুলবোৰ ফাটি নোযোৱাৰ আগতেই আৰু সেউজীয়া অৱস্থাতে চপোৱাৰ ব্যৱস্থা কৰিব লাগে । একেজোপা গছত আকৈ ফুল ধৰিব পৰাকৈ ফুলবোৰ সংগ্রহ কৰাৰ ব্যৱস্থা কৰিব লাগে যাতে গছজোপায়ে কষ্ট নাপায় ।

উত্পাদন

সঁচৰ ওপৰত নির্ভৰ কৰি ব্রকলীৰ উত্পাদন ৰ পৰিমাণ সালসলনি হব পাৰে । তথাপিতো ৫ -১৫ টন / হেক্টৰে প্রতি উত্পাদন পাব পাৰি ।

উৎস: অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate