অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ভেণ্ডিৰ খেতি

জাত

পুছা ছাৱানী, আৰ্কা অনামিকা, পাৰভানি ক্ৰান্তি, স্হানীয় জাত, ৰেড অণ্ডাৰ (পাহাৰীয়া অঞ্চলৰ বাবে), পঞ্চশীৰা (ব্ৰহ্মপুত্ৰৰ উত্তৰ পৰিমণ্ডলৰ বাবে) ৷

জাতৰ বৰ্ণনা

পুছা ছাৱানী : গা-গছ আৰু পাতবোৰত মজলীয়াকৈ শুঙ্ থাকে ৷ ওপৰৰ পাতবোৰ বেঙুনীয়া, গা গছজোপাও পাতলীয়াকৈ বেঙুনীয়া ৰঙৰ৷ ভেণ্ডিবোৰ মিহি আৰু সেউজীয়া ৰঙৰ, প্ৰায় সকলো সময়তে খেতি কৰিব পৰা ৷

 


আৰ্কা অনামিকা : গছবোৰ ওখ (১৮০ চে:মিটাৰ), আৰু থিয়, ভেণ্ডিবোৰ দীঘল (২০ চে:মিটাৰ), সেউজীয়া আৰু কোমল হয় ৷ ১২০-১৩০ দিনৰ ভিতৰত ইয়াৰ কৃষিকাল সমাপ্ত হয় ৷ উত্পাদন ১৭৫-২৫০ কুইন্টল প্ৰতি হেক্টৰত পোৱা যায় ৷ হালধীয়া পৰা ভাইৰাচ বেমাৰ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা আছে ৷

পাৰভানি ক্ৰান্তি : উচ্চ উত্পাদন ক্ষমতা থকা আৰু হালধীয়া পৰা ভাইৰাচ বেমাৰ প্ৰতিৰোধৰ ক্ষমতা থকা ৷

ৰেড অণ্ডাৰ : উত্পাদন ক্ষমতা গড় হিচাবত ১২৫ কুইন্টল প্ৰতি হেক্টৰত ৷

পঞ্চশিৰা : গছবোৰ ১৫৮ চে:মিটাৰ মান ওখ হয়, ভেণ্ডিবোৰ ১৯ চে:মিটাৰ মান দীঘল হয় ৷ গড় হিচাবত প্ৰতি হেক্টৰত ১৫০ কুইন্টল মান উত্পাদন পাব পাৰি ৷

মাটি প্রস্তুতি

মাটি ডৰা ভালদৰে চহাই যথেষ্ট পৰিমানৰ পচনসাৰ প্ৰয়োগ কৰি লব লাগে ৷

বীজৰ পৰিমান :

  • ২১ কি: গ্ৰাম বীজ প্ৰতি হেক্টৰৰ বাবে প্ৰয়োজন (জানুৱাৰীৰ পৰা মাৰ্চ মাহৰ ভিতৰত সিঁচিবৰ বাবে) ৷
  • ৭ কি: গ্ৰাম বীজ প্ৰতি হেক্টৰৰ বাবে প্ৰয়োজন (মে মাহৰ পৰা জুলাই মাহৰ ভিতৰত সিঁচিবৰ বাবে) ৷

সিঁচাৰ সময়

জানুৱাৰীৰ মাজভাগৰ পৰা জুলাই মাহলৈ

ব্যৱধান

বসন্ত, গ্ৰীষ্ম কালিৰ বাবে শাৰীৰ পৰা শাৰী আৰু গছৰ পৰা গছৰ দূৰত্ব ৩০ চে: মিটাৰ হব লাগে ৷
বৰ্ষাকালিৰ বাবে ৪৫ চে: মিটাৰ x ৩০ চে: মিটাৰ হব লাগে ৷

বীজশোধন আৰু বীজ সিঁচাৰ পদ্ধতি :

বীজ সিঁচাৰ আগেয়ে বীজবোৰ ২৪ ঘন্টা মান পানীত তিয়াই থব লাগে ৷ এনে কৰিলে বীজ অঙ্কুৰণত সহায় হয় ৷ বীজবোৰ পোনে পোনেই বীজ দিবৰ বাবে কৰি যোৱা গাঁত বা ভেটিত সিঁচিব লাগে ৷ পাৰিলে বীজ সিঁচাৰ পিছত পাতলীয়াকৈ মাটিৰে বা পচন সাৰেৰে ঢাকি দিব লাগে ৷

সাৰ প্ৰয়োগ

পচন সাৰ প্ৰতি হেক্টৰৰ বাবে ১০ টন মানৰ প্ৰয়োজন ৷ ৫০ কি: গ্ৰাম ফছফৰাছ, ৫০ কি: গ্ৰাম নাইট্ৰজেন আৰু ৫০ কি: গ্ৰাম পটাছ প্ৰতি হেক্টৰৰ বাবে প্ৰয়োজন হয় ৷ সম্পূৰ্ণ পৰিমানৰ পচন সাৰ, ফছফৰাছ আৰু পটাছ আৰু আধা পৰিমানৰ নাইট্ৰ'জেন বীজ সিঁচাৰ সময়ত বা শেষৰবাৰ মাটি চহোৱাৰ সময়ত আৰু বাকী অংশ নাইট্ৰ'জেন বীজ সিঁচাৰ ৩৫-৪০ দিনৰ ভিতৰত টপ দ্ৰেচ হিচাবে ব্যৱহাৰ কৰিব লাগে ৷

পৰিচৰ্য্যা

অপতৃণ নিয়ন্ত্ৰণ

বীজ সিঁচাৰ আগেয়ে বাচালিন ১.০ কি: গ্ৰাম শক্তিৰ প্ৰতিহেক্টৰত আৰু বীজ সিঁচাৰ ২৫-৩০ দিনৰ পিছত এবাৰ হাতেৰে বনবাতবোৰ উভালি পেলাব লাগে ৷

শস্যৰক্ষা

১৷ গছ আৰু ফলত ধৰা মজাখোৱা পোক আৰু জেছিদ: ০.৫ মি: লিটাৰ প্ৰতিলিটাৰ পানীত ডেল্টামেথ্রিন (ডেছিচ ২.৮ ইচি) নামৰ কীটনাশকটো মিহলাই

নতুবা

ডাইক্লোৰভচ্ ১০০ ইচিৰ ০.৫ মি: লিটাৰ প্ৰতি লিটাৰ পানীত

নাইবা

মালাথিয়ন ৫০ ইচিৰ ২ মি: লিটাৰ প্ৰতি লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে ৷ স্প্ৰে কৰাৰ পাচত ফল চিঙালৈকে অপেক্ষা কৰাৰ সময় হ’ল ৩ দিনমানৰ পিচৰপৰাহে ফলবোৰ চিঙিব লাগে।

২৷ কাট ৱৰ্ম : মালাথিয়নৰ ৫০ শতাংশ পাউদাৰ প্ৰতি হেক্টৰত ২০ কেজিকৈ প্ৰয়োগ কৰিব ৷

৩৷ শিৰা হালধীয়া পৰা মজাইক (ভাইৰাচ) বেমাৰ : এই বেমাৰৰ বাবে-

(ক) মেটা চিষ্টক্স নাইবা ৰগৰ নামৰ ঔষধ এই বেমাৰৰ বাহক যেনে জেচিদ বা মোৱাপোক আদি মাৰিবলৈ ব্যৱহাৰ কৰিব পাৰে।এইবিধ পোক পৰিলক্ষিত হোৱাৰ আগেয়ে প্ৰয়োগ কৰিব লাগে ৷ প্ৰথমবাৰ পুলি ওলোৱাৰ ২০ দিনৰ ভিতৰত আৰু সৰ্বমুঠ ৫ ৰ পৰা ৬ বাৰ মান স্প্ৰে কৰিব লাগে ৷

(খ) এই ভাইৰাচ বেমাৰৰ পৰা বাচিবলৈ বতৰৰ আগতেই খেতি কৰিব পাৰিলে ভাল ফলাফল পোৱা যায় ৷

(গ) সৰ্বাধিক উত্পাদন পাবলৈ আৰু ভাইৰাচ বেমাৰৰ পৰা খেতিডৰা আঁতৰাই ৰাখিবলৈ ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহৰ ভিতৰত বীজ সিঁচিব লাগে ৷

(ঘ) শিপাত গাঠি ধৰা উদ্ভিদ কৃমিৰ পৰা গছক বছাবলৈ ৩০ কি: গ্ৰাম প্ৰতি হেক্টৰত ফুৰাদন ৩ জি দানা ব্যৱহাৰ কৰিব লাগে

শস্য চপোৱা

প্ৰথমবাৰ ফল চিঙিবলৈ বীজ সিঁচাৰ পৰা ৪৫-৫০ দিনৰ প্ৰয়োজন হয় ৷ ৪-৫ দিনৰ ব্যৱধানত ফলবোৰ চিঙিব লাগে ৷ ঔষধ স্প্ৰে বা ব্যৱহাৰ কৰাৰ আগেয়ে ফলবোৰ চিঙি লব লাগে ৷

উত্পাদন :

১৫০-২০০ কি: গ্ৰাম প্ৰতি হেক্টৰত৷

উৎস: অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate