অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শাক-পাচলিৰ পুলিবাৰী প্ৰস্তুত প্ৰণালী

শাক-পাচলিৰ পুলিবাৰী প্ৰস্তুত প্ৰণালী

পুলিবাৰী প্ৰস্তুত কৰিবৰ বাবে এডোখৰ ৰ’দঘাই ওখ সাৰুৱা মাটি বাছনি কৰিব লাগে ৷ সৰহ পৰিমাণে পচন সাৰ প্ৰয়োগ কৰি ভালদৰে মাটিডোখৰ চহাই ১ মিটাৰ বহল আৰু সূবিধাজনক দৈৰ্ঘ্যৰ ১০-১৫ ছে: মি: ওখ ভেটি প্ৰস্তুত কৰি লব লাগে ৷ এডোখৰ ১০ বৰ্গ মিটাৰ ভেটিৰ বাবে ২০ কেজি বালি বা পলস আৰু ২০ কেজি পচনসাৰ মিহলাই ভেটিটোত প্ৰয়োগ কৰি ভালদৰে মিহলাই দিব লাগে ৷ ভেটি ডোখৰত কোনো বেমাৰৰ জীৱাণুৰ জন্ম নহবলৈ বা থাকিলেও বংশ বৃদ্ধি নহবৰ বাবে বা মুক্ত কৰিবৰ বাবে ০.১ শতাংশৰ কেপ্টান্ বা ফাইট’লেন বা ৪ শতাংশ ফৰমেলিনৰ দ্ৰৱণ মাটি ডোখৰত ভালদৰে তিতি যোৱাকৈ প্ৰয়োগ কৰিব লাগে৷ এই ঔষধৰ মিশ্ৰণ প্ৰয়োগ কৰাৰ লগে লগে ২ দিনৰ বাবে পলিথিনেৰে বা মৰাপাটৰ বস্তাৰে ঢাকি ৰাখিব লাগে ৷ ২ দিনৰ পাচত ঢাকনি আঁতৰায় মাটি ডোখৰ কোৰ মাৰি ৩-৪ দিনৰ বাবে মুকলি কৰি ৰাখিব লাগে ৷ প্রতি কেজি শুকান বীজৰ বাবে ৩ গ্ৰাম কেপ্টাফ বা থিৰাম বা ব্ৰাচিক’ল ঔষধ বীজত থকা বা জন্ম হব পৰা বেমাৰৰ বাবে শোধন কৰি লব লাগে ৷ মাটিত বাস কৰা কীট-পতঙ্গৰ পৰা পুলিবোৰ ৰক্ষা কৰিবলৈ ৫ শতাংশ শক্তিযুক্ত মালাথিয়ান পাউদাৰ ২০ গ্ৰাম প্ৰতি ১০ বৰ্গ মিটাৰ ভেটিত প্ৰয়োগ কৰিব ৷ শোধন কৰা বীজখিনি এতিয়া ভেটিটোত শাৰী শাৰীকৈ (২.৫ ছে: মি: আঁতৰে আঁতৰে আৰু ১-২ ছে: মি: লোৰ) কৰা পাতল গাতবোৰত সিঁচি দিব আৰু সিঁচি শেষ হলে লোৰবোৰ শুকান বালি মিহলি কৰা মাটিৰ গুড়িৰে ঢাকি দিব৷ পাৰিলে ভেটিটোৰ ওপৰ ভাগ এডাল কাঠেৰে সমান কৰি দিব ৷ ভেটিৰ ওপৰভাগ তিতি যোৱাকৈ সম পৰিমাণে পানী দিব লাগে ৷ পাচত ভেটিবোৰ খেৰ বা কলপাতেৰে বীজ নগজালৈকে ঢাকি ৰাখিব লাগে ৷ পুলিবোৰ গজি উঠাৰ পিচত ঢাকনিবোৰ আঁতৰাই দিব লাগে আৰু পানীৰ যোগান ধৰিব লাগে ৷ যেতিয়া পুলিবোৰ ১০-১৫ ছে: মি: মান ওখ হব বা ৩০-৩৫ দিন হব তেতিয়া উভালি মূল পথাৰত ৰোৱাৰ ব্যৱস্হা কৰিব লাগে ৷ পুলিবাৰীৰ পৰা পুলিবোৰ উভলাৰ প্ৰায় সাত দিন মানৰ আগৰে পৰা পানীৰ পৰিমাণ লাহে লাহে  কমাই আনিব লাগে যাতে পুলিবিলাক কঠিন হয় ৷ পুলিবোৰ উভলাৰ ৬ ঘন্টা মান আগেয়ে পুলিবাৰীখন ভালদৰে পানীৰে তিতায় লব লাগে যাতে পুলিবোৰ উভালিবৰ সময়ত কোনো আঘাত নাপায় আৰু পর্য্যাপ্ত পৰিমাণে শিপা পুলিটোৰ গাত লাগি আহে ৷ পুলিবোৰত যাতে সম্পূৰ্ণ  সূৰ্য্যৰ তাপ বা ৰ’দ পৰে তাৰ বাবে ওপৰৰ পৰা চালিখন আঁতৰাই দিব লাগে৷

পুলিবোৰ মূল পথাৰত ৰোৱাৰ আগে আগে ঔষধৰ দ্বাৰা শোধন কৰি লব লাগে যাতে প্ৰাৰম্ভিক পৰ্য্যায়ৰ যিকোনো কীট-পতঙ্গ বা বেমাৰৰ পৰা হাত সাৰিব পাৰে ৷

গৌণ পুলিবাৰী: যদিহে কবি, বিলাহী, বেঙেনা আদি ব্যৱসায়িক ভিত্তিত কৰিব বিচাৰে তেন্তে দ্বিতীয় পুলিবাৰীৰ আৱশ্যক হয় ৷ এনেক্ষেত্ৰত প্ৰথম পুলিবাৰীৰ কাষত আগৰ দৰেই ওখ ভেটি তৈয়াৰ কৰি পিচত প্ৰথম পুলিবাৰীৰ  পৰা ২৫-২৬ দিন বয়সীয়া পুলি বিলাক সাৱধানে উঠাই ৫-১০ ছে: মি:ৰ ব্যৱধানত শাৰী শাৰীকৈ দ্বিতীয় পুলি বাৰীত ৰোপন কৰিব লাগে ৷ এনে ক্ষেত্ৰত দ্বিতীয় ভেটিৰ ওপৰতে ২ দিন মানৰ বাবে ছাঁৰ ব্যৱস্হা কৰিব লাগে ৷ 

বৰ্ণসংকৰ জাতৰ শাক পাচলি ৰোৱাৰ কৃষি নিৰ্দ্দেশনা

বৰ্ণসংকৰ জাতৰ শাক পাচলিবোৰ আমাৰ থলুৱা জাতৰ শাক পাচলিৰ জাতবোৰতকৈ বহু পৰিমাণে উন্নত আৰু ইহঁতৰ উৎপাদন ক্ষমতাও বেচি ৷ বৰ্ত্তমান বহুকেইটা চৰকাৰী বা বেচৰকাৰী প্ৰতিস্হানে এনেবোৰ বীজ উৎপাদন কৰিব ধৰিছে ৷ ইয়াৰ ওপৰিও বহু বেচৰকাৰী প্ৰতিস্হানে এনেবোৰ জাত বিদেশৰ পৰা আমদানি কৰে আৰু ঘৰুৱা বজাৰত বেচি দামত বেচে ৷ এইবোৰ জাত আমাৰ কৃষকবোৰে গ্ৰহণ কৰিব ধৰিছে ৷ এনেক্ষেত্ৰত বিশ্ববিদ্যালয়ৰ বাবে প্ৰতিটো জাতৰ ববে কৃষি পৰামর্শাৱলী উদ্ভাৱন কৰিবলৈ কিছু অসুবিধা আছে ৷ গতিকে কোম্পানীভদে যি কৃষি প্ৰযুক্তি যোগাইছে তাকে কৃষক সকলৰ গ্ৰহণ কৰিবলৈ নিদ্দেৰ্শ দিয়া হয় ৷ কিন্ত কিছুমান এনে বৰ্ণ-সংকৰ বিলাহী, কবি, ফুলকবি, কেপচিকাম আৰু টিয়হৰ জাত যিবোৰ ভাৰতীয় উদ্যান শস্য গবেষণা প্ৰতিস্হান আৰু হেক্স্ট নামৰ প্ৰতিস্হানটোৱে উদ্ভাৱন কৰিছে সেইবোৰ অসম কৃষি বিশ্ববিদ্যালয়ে অসমত প্ৰমাণ কৰি কৃষকৰ ওচৰলৈ অনুমোদন কৰিছে ৷ 

বিভিন্ন বৰ্ণসংকৰ জাতৰ শাক-পাচলিৰ তুলনামূলক কৃষি নিদ্দেৰ্শনা বোৰ উল্লেখ কৰা হৈছে

শাক-পাচলিৰ জাত

সিঁচা আৰু ৰোৱাৰ সময়

বীজৰ পৰিমাণ

সাৰ প্ৰয়োগ
(প্রতি হেক্টাৰত)

ব্যৱধান

প্ৰথম ৰোৱাৰ পৰা শস্য চপোৱালৈ

উৎপাদন প্ৰতি হেক্টৰত

বিলাহী : 
ল্পপালী
বৈশালী
নবীন
মঙ্গলা

অতি মাত্ৰা বৰষুণৰ সময়ৰ বাহিৰে গোটেই বছৰ

১৫০ গ্ৰাম

পচনসাৰ - ৩৫০কু:
নাইট্রোজেন-১২০কে:
ফচফৰাচ্-২০০কে:
পটাচ-২০০কে:

৪৫x৭৫ছে:মি
৭৫x৭৫ছে:মি
৬০x৯০ছে:মি

৪৫-৭৫
দিন

৩০০-৪০০ কু:

কবি : 
গঙ্গা যমুনা,
কাবেৰী, গ্ৰীণ, এব্দপ্ৰেস

অতি মাত্ৰা বৰষুণৰ সময়ৰ বাহিৰে গোটেই বছৰ কাবেৰী জাতটোৱে অতিমাত্ৰা গৰম সহ্য কৰিব পাৰে

৩০০ গ্ৰাম

পচনসাৰ - ২৫০কু:
নাইট্রোজেন-১৭০কে:
ফচফৰাচ্-১২০কে:
পটাচ-২০০কে:

৪৫x৩০ছে:মি
৪৫x৬০ছে:মি

১০০-১১০
দিন

৩০০-৩৫০ কু:

ফুলকৰি : 
স্বাতী, হিমানী

জুন-জুলাই মাহ, এই জাতসমূহে অতি মাত্ৰা গৰম সহ্য কৰিব পাৰে

৩০০ গ্ৰাম

পচনসাৰ - ২৫০কু:
নাইট্রোজেন-১৭০কে:
ফচফৰাচ্ -১০০কে:
পটাচ - ১২০কে:

৪৫x৩০ছে:মি
৪৫x৬০ছে:মি

৭০-৭৫ দিন

১২০-১৫০ কু:

বেঙেনা
সুফল,
ৰাউন্দ-১৪
লং - ১৩

চেপ্তেম্বৰ-নবেম্বৰ মাহ, লং-১৩ নামৰ জাতটো গোটেই বছৰ কৰিব পাৰি

২০০ গ্ৰাম

পচনসাৰ - ২৫০কু:
নাইট্রোজেন-১২০কে:
ফচফৰাচ্ -১০০কে:
পটাচ -১০০কে:

৬০x৯০ছে:মি
৯০x৯০ছে:মি

৭৫-৮০ দিন

২৫০-৩০০ কু:

কেপচিকাম
ভাৰত

আগষ্ট- চেপ্তেম্বৰ
জানুৱাৰী-ফেব্ৰুৱাৰী

৩৭৫ গ্ৰাম

পচনসাৰ - ৩৬০কু:
নাইট্রোজেন-১৭০কে:
ফচফৰাচ্ -১২০কে:
পটাচ -১২০কে:

৩০x৬০ছে:মি
৪৫x৬০ছে:মি

৫-৬ মাহ

১৮০ – ২৪০ কু:

টিয়হ : 
প্ৰিয়া

মাৰ্চ- এপ্ৰিল

৩৭৫ গ্ৰাম

পচনসাৰ - ২৫০কু:
নাইট্রোজেন-১২০কে:
ফচফৰাচ্ - ৭৫ কে:
পটাচ - ৭৫ কে:

১২০x৬০ ছে.মি.

৩ মাহ

১০০ কু:

ভেন্দি : 
বিজয়, বিশাল, বৰষা

জানুৱাৰী

৩৫০০ গ্ৰাম

পচনসাৰ - ২৫০কু:
নাইট্রোজেন-১২০কে:
ফচফৰাচ্ - ৯০ কে:
পটাচ - ৬৫ কে:

৩০x৬০ছে:মি
৪৫x৬০ছে:মি

৫ মাহ

১৫০ কু:

 

আদৰ্শ শাক-পাচলিৰ বাৰী প্ৰস্তুত প্ৰণালী

শাক-পাচলি বাৰীৰ উদ্দেশ্য

দৈনিক ব্যৱহাৰ হোৱা বা প্ৰয়োজনীয় শাক-পাচলি ঘৰতে হোৱাৰ বাবে ( ৪৫ গ্ৰাম ফলমূল, ৭৫-১২০ গ্ৰাম সেউজীয়া শাক-পাচলি, ৮৫ গ্ৰাম শিপা বা আলু জাতীয় শাক-পাচলি,  ৮৫ গ্ৰাম অন্য শাক-পাচলি) ৷

সতেজ আৰু উৎকৃষ্ট গুণ সম্পন্ন শাক-পাচলিৰ উৎপাদন৷

পৰিয়ালৰ সদস্য সকলৰ অৰ্থবিহীন শ্ৰম৷

পৰিয়ালৰ সদস্য সকলৰ পৰা পোৱা উৎসাহ-উদ্দীপনা আৰু সৎ কামত লগোৱা ৷

শাকনি বাৰীৰ প্ৰস্তুতি

ঘৰৰ পাছফালে এডোখৰ ওখ, সহজে পানী ওলাই যাব পৰা ৰ’দঘাই মাটি বাচিব লাগে ৷

বাৰীখন আয়তক্ষেত্ৰাকাৰ (rectangular) হলে ভাল ৷

বাৰীখনত ৰোব লগা শস্যবোৰ ঘৰৰ সদস্য সকলে ভালপোৱা শাক-পাচলি, বাৰীখনৰ আকাৰ আৰু সদস্য সকলে জিৰণি সময় বাৰীখনত নিয়োগ কৰাৰ ওপৰত নিৰ্ভৰ কৰে ৷

এটা ৫ জনীয়া পৰিয়ালৰ বাবে নিতৌ ১.৫ কেজি শাক-পাচলি পাব পৰাকৈ ২০০ বৰ্গমিটাৰ মানৰ এখন বাৰীয়েই যথেষ্ঠ ৷

বাৰীখনৰ উত্তৰদিশে সোনকালে হোৱা ফলমূলৰ পুলি যেনে:- কল, অমিতা, নেমু ইত্যাদিবোৰ ৰুব লাগে ৷ আনটো দিশে লতা বা লাওঁ জাতীয় শাক-পাচলি ৰোব লাগে ৷

এই শাক-পাচলি দৈনিক পাবলৈ একোটা শস্যৰ খেতি সৰু সৰু ঠাইত কেইবাঠাইতো কৰিব লাগে ৷

এটা ভেটিৰ পৰা আনটো ভেটি পৃথক কৰা ওখ ৰাস্তাত যিকোনো শিপা জাতীয় শস্য যেনে:- চালগোম, ওলকবি বা গাজৰ আদি ৰুব লাগে ৷

একে লেঠাৰিকৈ থকা ভেটিবোৰত আগতীয়াকৈ উৎপাদন পাব পৰা বা আগতীয়া জাতৰ শাক-পাচলি ৰোব লাগে যাতে এটা খেতি চপোৱাৰ পাচত অন্যখেতি সেই একেডোখৰ মাটিতে কৰিব পাৰি ৷

বেঙেনা, বিলাহী, জলকীয়া আদিৰ খেতি দীৰ্ঘ-দিনীয়া, সেই গতিকে এনেবোৰ খেতিৰ গছবোৰৰ মাজৰ খালি অংশত খৰতকীয়া খেতি যেনে:- পালেং, বিট্, লেটুচ বা চালগোম আদি লগাব লাগে ৷

ঘৰৰ পৰা ওলোৱা বা বাৰীৰ পৰা ওলোৱা অন্যবোৰ আৱৰ্জনাবোৰৰ পৰা পচন সাৰ তৈয়াৰ কৰিব পৰাকৈ বাৰীৰ চুকত ১ বা ২টা পচন সাৰৰ গাঁত খান্দিব লাগে যাতে সেই সাৰ বাৰীতে প্ৰয়োগ কৰিব পাৰি ৷

আদৰ্শ শাক-পাচলিৰ বাৰীৰ বাবে কেইটামান অনুমোদিত শস্যক্ৰম :

মূলা + ওলকবি + বীট (অক্টোবৰৰ পৰা ডিচেম্বৰলৈ) ; চালগোম (জানুৱাৰী – মাৰ্চ) ; কেৰেলা (এপ্ৰিল – জুলাই) ; লাই + পালেং (আগষ্ট - চেপ্তেম্বৰ) ৷

পলমকৈ কৰা বন্ধা কবি খেতি (নবেম্বৰ – ফেব্ৰুৱাৰী) ; ভেন্দি (মাৰ্চ - জুন) ; আগতীয়া ফুলকবি (জুলাই – অক্টোবৰ) ৷

বিলাহী (চেপ্তেম্বৰ - ডিচেম্বৰৰ আগভাগ) ; পলমকৈ ৰোৱা ফুলকবি (ডিচেম্বৰৰ শেষৰ ফালৰ পৰা মাৰ্চ মাহলৈ) : ভেন্দি (এপ্ৰিল মাহৰ পৰা জুলাইলৈ) ৷

মধ্যকালীন ফুলকবি (অক্টোবৰ মাহৰ পৰা জানুৱাৰীলৈ) ; মৰিছা (ফেব্ৰুৱাৰীৰ পৰা মে’ মাহলৈ) ; ভেন্দি (জুন মাহৰ পৰা চেপ্তেম্বৰলৈ) ৷

চালগোম (চেপ্তেম্বৰ মাহৰ পৰা নবেম্বৰ মাহলৈ) ; পালেং আৰু ফ্ৰেঞ্চবিন (ডিচেম্বৰৰ পৰা এপ্ৰিললৈ) ; কেৰেলা (মে’ মাহৰ পৰা আগষ্ট মাহলৈ) ৷

আলু (অক্টোবৰৰ পৰা জানুৱাৰী) ; তিয়ঁহ (ফেব্ৰুৱাৰীৰ পৰা জুন মাহলৈ) ; জিকা (জুলাই মাহৰ পৰা অক্টোবৰলৈ) ৷

আলু (অক্টোবৰৰ পৰা জানুৱাৰীলৈ) ; কেৰেলা (ফেব্ৰুৱাৰীৰ পৰা মে’ মাহলৈ) ; ভেন্দি (জুন মাহৰ পৰা চেপ্তেম্বৰলৈ) ৷

বেঙেনা (চেপ্তেম্বৰ মাহৰ পৰা জানুৱাৰীলৈ) ; ধুন্দুলী (ফেব্ৰুৱাৰীৰ পৰা মে’ মাহলৈ) ; লেচেৰামাহ (জুন মাহৰ পৰা আগষ্টলৈ)৷

পিয়াজ (অক্টোবৰৰ পৰা ফেব্ৰুৱাৰীৰ) ; লেচেৰামাহ (মাৰ্চ মাহৰ পৰ মে’ মাহলৈ) ; তিয়ঁহ (জুনমাহৰ পৰা চেপ্তেম্বৰলৈ) ৷

নহৰু আৰু ধনীয়া (পাতৰ বাবে) (চেপ্তেম্বৰ মাহৰ পৰা জানুৱাৰীলৈ) ; ফ্ৰেঞ্চবিন্ (ফেব্ৰুৱাৰী মাহৰ পৰা এপ্ৰিল মাহলৈ) ; লেচেৰামাহ (মে’ মাহৰ পৰা চেপ্তেম্বৰ মাহলৈ) ৷

গাজৰ (অক্টোবৰৰ পৰা ফেব্ৰুৱাৰীৰ) ; কেপচিকাম (ফেব্ৰুৱাৰী মাহৰ পৰা জুন মাহলৈ); বেঙেনা (জুলাই মাহৰ পৰা অক্টোবৰলৈ) ৷

বিলাহী (অক্টোবৰৰ পৰা জানুৱাৰী মাহলৈ); জিকা (ফেব্ৰুৱাৰীৰ পৰা মে’ মাহলৈ); টিয়হ (জুন মাহৰ পৰা চেপ্তেম্বৰ মাহলৈ)৷

নিগাজিকৈ চাং আৰু বেৰা দিয়াৰ ব্যৱস্হাৱলীৰ বাবে শস্য চক্ৰ

কেৰেলা (ডিচেম্বৰৰ পৰা মাৰ্চ মাহলৈ); তিয়ঁহ (এপ্ৰিল মাহৰ পৰা জুন মাহলৈ); লাও (জুলাই মাহৰ পৰা নবেম্বৰ মাহলৈ) ৷

ৰঙালাও (চেপ্তেম্বৰ মাহৰ পৰা ফেব্ৰুৱাৰীলৈ); জিকা (মাৰ্চ পৰা জুন মাহলৈ); কেৰেলা (জুলাইৰ পৰা অক্টোবৰ মাহলৈ) ৷

তিয়ঁহ (ডিচেম্বৰৰ পৰা মাৰ্চলৈ); কেৰেলা (এপ্ৰিলৰ পৰা জুলাইলৈ); দলিকচবিন ( আগষ্টৰ পৰা ডিচেম্বৰলৈ) ৷

লেচেৰামাহ (জানুৱাৰীৰ পৰা মাৰ্চলৈ); কোমোৰা (এপ্ৰিলৰ পৰা জুলাইলৈ); দলিকচ বিন (আগষ্টৰ পৰা ডিচেম্বৰলৈ)৷

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate