অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শিমলু আলু

শিমলু আলু

শিমলু আলুক ইংৰাজীত টেপিয়কা (Tapioca) বা কেছেভা (Cassava) বুলিও কোৱা হয়৷ এই খেতি ভাৰতৰ কেৰেলা, তামিলনাডুৰ কিছু অংশত, অন্ধপ্ৰদেশ, কৰ্ণাটক আৰু অসমতো কৰা হয়৷ শিমলু আলুবোৰ পানীত উতলাই বা নানা পদ্ধতিৰে তৈয়াৰ কৰা খাদ্য যেনে পাপৰ, চিপচ্, চাগু, বিস্কুট আদি কৰিও খাব পাৰি৷

জাত সমুহ

এইচ-৪৩, এইচ-৯৭, এইচ-১৬৫, এইচ-২৩০৪, এচ-৮৬৫, ট্ৰাইপ্লইড-২-১৪ আদিয়েই প্ৰধান আৰু অসমৰ বাবে অনুমোদিত৷

মাটি নিৰ্বাচন আৰু জলবায়ুৰ প্ৰয়োজনীয়তা

শিমলু আলুৰ খেতি সাধাৰণতে সকলো প্ৰকাৰৰ মাটিতে কৰিব পাৰি যদিও খাৰযুক্ত আৰু অম্লতা নথকা মাটিত ইয়াৰ খেতি কৰা নহয়৷ বেচিকৈ পানী জমা হোৱা মাটিতো এই খেতি ভাল নহয় ৷ এই খেতিয়ে গৰম সেমেকা জলবায়ুহে বেছি ভাল পায় আৰু যি ঠাইত বছৰি গড়ে ১৫০০-২০০০ মি:মিটাৰ বৰষুণ হয় সেই ঠাইতহে এই খেতি ভাল হয়৷

মাটি নিৰ্বাচন আৰু প্ৰস্তুতি

পাহাৰীয়া এঢলীয়া মাটিত যি ঠাইত অন্য খেতি কৰিব নোৱাৰি এনে ঠাইহে বাচি লব লাগে৷ মাটিডোখৰ ২-৩ বাৰ মান ২৫-৩০ চে:মিটাৰ মান দকৈ হালবাই লব লাগে৷

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate