অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

উন্নত পদ্ধতিৰে আলু খেতি

উন্নত পদ্ধতিৰে আলু খেতি

অসমত ৰবি বতৰত কৰা খেতিসমূহৰ ভিতৰত আলু অন্যতম। বিজ্ঞানসন্মত পদ্ধতিৰে কৰা আলু খেতিৰ পৰা অধিক পৰিমাণত উৎপাদন পোৱাৰ উপৰিও অৰ্থনৈতিকভাৱেও ই এবিধ লাভজনক খেতি।

জাতঃ

নাম

কৃষিকাল

উৎপাদন (কুইন্টল/বিঘা)বৰষুণ নিৰ্ভৰশীল খেতি

জলসিঞ্চিত খেতি

কুফ্ৰি চন্দ্ৰমুখী

৮০-১০০

১১.৩৩-১৩.৩৩

২০.০০-২১.৩৩

কুফ্ৰি জ্যোতি

১১০-১২০

১১.৩৩-১৩.৩৩

২০.০০-২১.৩৩

কুফ্ৰি সিন্ধুৰী

১১০-১২০

১১.৩৩-১৩.৩৩

১৩.৩৩-২১.৩৩

কুফ্ৰি মেঘা

১১০-১২০

১৬.০০-২০.০০

২৩.৩৩-২৬.৬৬

মাটিঃ

মাটি ওলাই যাব পৰাৰ সুবিধা থকা, জৈৱিক পদাৰ্থ থকা, বালিচহীয়া পলসুৱা মাটি। আলু খেতি কৰা মাটিডৰাত বছৰটোৰ বাবে নিৰ্দিষ্টকৈ কৰা শস্যক্ৰমত এবিধ মাহজাতীয় শস্যৰ খেতি কৰিলে মাটিৰ গুণগত মান উন্নত হয়।

মাটি প্ৰস্তুতিঃ

মাটিডৰা মিহিকৈ চহাই মৈয়াই সমান কৰি ল’ব লাগে। মাটিডৰা ভালদৰে মৈয়াই সমান কৰি ল’লে জলসিঞ্চিত পানী বা বৰষুণৰ পানীয়ে পথাৰত সৃষ্টি কৰা মাটিৰ আৰ্দ্ৰতা সমভাৱে বিয়পি কৰাত সহায়ক হয়। ৫০ ছেন্টিমিটাৰকৈ ব্যৱধান ৰাখি আলু ৰোৱা সিৰলুবোৰ খান্দি ল’ব লাগে।

ৰোৱাৰ সময়ঃ

আলু ৰোৱাৰ উপযুক্ত সময় হ’ল অক্টোৱৰ মাহৰ মাজভাগৰ পৰা নবেম্বৰ মাহৰ মাজভাগ।কুফ্ৰি সিন্ধুৰী নামৰ জাতবিধ ডিচেম্বৰ মাহৰ মাজভাগলৈ ৰুব পৰা যায়।

ৰোপন পদ্ধতিঃ

আলুবোৰৰ গজালিবোৰ ওপৰমুৱাকৈ ৰাখি ৰুব লাগে।

বীজ নিৰ্বাচন:

বেমাৰ-আজাৰৰ পৰা মুক্ত, স্বাস্থ্যৱান, মধ্যমীয়া আকাৰৰ গজালি মেলা আলু ৰোৱাৰ বাবে নিৰ্বাচন কৰা উচিত। আলুবোৰৰ ওজন ২৫-৪০ গ্ৰাম আৰু প্ৰায় ২.৫ ছেন্টিমিটাৰ ব্যাসযুক্ত হ’লে ভাল। ডাঙৰ আকাৰৰ আলুবোৰ ২-৩ টা চকু ৰাখি কাটি টুকুৰা কৰি ল’ব লাগে।

বীজ শোধন:

আলুবোৰ ৰোৱাৰ আগেয়ে প্ৰতিলিটাৰ পানীত ৫ গ্ৰামকৈ মেংকোজেব নামৰ দৰৱ মিহলাই লোৱা মিশ্ৰণত ১০ মিনিট সময় ডুবাই ৰাখি শোধন কৰি ল’ব লাগে। এই দৰৱৰ সলনি ০.১ শতাংশ বেনোমিল দ্ৰৱণত আলুবোৰ ডুবাই ৰাখিও শোধন কৰি ল’ব পাৰি। এনেদৰে শোধন কৰি লোৱাৰ পাছত আলুবোৰ ৪৮ ঘন্টাৰ বাবে ছাত পাতলকৈ মেলি শুকুৱাই ল’ব লাগে।

বীজৰ পৰিমাণ:

প্ৰতিবিঘা মাটিত ৰুবলৈ ৩.০-৩.৩ কুইন্টল আলুৰ প্ৰয়োজন। শিৰলুত দুটা আলুৰ মাজত ব্যৱধান ১৫ ছেন্টিমিটাৰ ৰাখিব লাগে।

সাৰ প্ৰয়োগ:

প্ৰতিবিঘা আলুতলীত ১.৩ টনকৈ পচন সাৰ বা শুকান গোৱৰ প্ৰয়োগ কৰিব লাগে। প্ৰতিবিঘা আলুখেতিত প্ৰয়োগ কৰিবলগীয়া ৰাসায়নিক সাৰৰ পৰিমাণ এনেধৰণৰঃ

 

বৰষুণৰ ওপৰত নিৰ্ভৰশীল খেতি (কিলোগ্ৰাম/বিঘা)

জলসিঞ্চিত খেতি (কিলোগ্ৰাম/বিঘা)

ইউৰিয়া

১৯ কিলোগ্ৰাম

১৯ কিলোগ্ৰাম

একক চুপাৰ ফচফেট

৪৫ কিলোগ্ৰাম

৯০ কিলোগ্ৰাম

মিউৰিয়েট অৱ পটাচ

১২ কিলোগ্ৰাম

২৪ কিলোগ্ৰাম

আলু ৰোৱাৰ আগেয়ে ওপৰোক্ত পৰিমাণৰ সাৰখিনি সিৰলুত দি পাতলকৈ মাটিৰে ঢাকি দিব লাগে যাতে ৰোৱাৰ পাছত সিৰলুত আলুবোৰ ৰাসায়নিক সাৰৰ প্ৰত্যক্ষ সংস্পৰ্শত নহাকৈ থাকে।

মাটি ঢাকনি:

বৰষুণৰ ওপৰত নিৰ্ভৰশীল হিচাপে কৰা খেতিত আলু ৰোৱাৰ পাছত পথাৰখন মেটেকাৰে ঢাকি দিলে আলুৰ উৎপাদন বাঢ়ে।

জলসিঞ্চনত:

আলু খেতিত তিনিবাৰ জলসিঞ্চনৰ প্ৰয়োজন। প্ৰথমবাৰ আলু ৰোৱাৰ ২৫ দিন পাছত, দ্বিতীয়বাৰ ৬০ দিন পাছত আৰু তৃতীয়বাৰ ৮০ দিন পাছত। নলা পদ্ধতিৰে জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগে। খেতি ডৰাত মাটি ঢাকনিৰ ব্যৱস্থা কৰিলে দুবাৰ জলসিঞ্চন কৰিলেই হয়। প্ৰথমবাৰ ২৫ দিন পাছত আৰু দ্বিতীয়বাৰ ৬০ দিন পাছত। সিৰলুবোৰ সম্পূৰ্ণ ডুবি যোৱাকৈ জলসিঞ্চন কৰিব নালাগে।

বনপাত নিৰনি আৰু প্ৰতিপালন:

জলসিঞ্চিত পদ্ধতিত কৰা খেতিত প্ৰথম আৰু দ্বিতীয়বাৰ জলসিঞ্চন কৰাৰ পাছত সিৰলুৰ মাটিবোৰ ওপৰলৈ উঠাই দিব লাগে। বৰষুণৰ ওপৰত নিৰ্ভৰশীল খেতিত শিপা ধৰা অৱস্থাত এবাৰ আৰু গুটি ধৰা অৱস্থাত আনবাৰ আলু গছবোৰৰ গুৰিত মাটি চপাই দিব লাগে।

শস্য ৰক্ষা:

ৰঙা পৰুৱা আৰু অন্যান্য মাটিত থকা পোক-পৰুৱাৰ আক্ৰমণ নিবাৰণৰ বাবে ফোৰেট-১০ জি নামৰ দানাকাৰ ঔষধ প্ৰতিবিঘা কৃষি ভূমিত ২ কিলোগ্ৰামকে বা মালাথিয়ন ৫ শতাংশ গুড়ি ঔষধ ৫ কিলোগ্ৰামকৈ আলুৰ গুৰিত মাটি চপাই দিয়াৰ সময়ত প্ৰয়োগ কৰক। প্ৰতিবিঘা আলুতলীত সৰিয়হৰ খলিহৈ ২০ কিলোগ্ৰামকৈ মাটি চপাই দিয়াৰ সময়ত প্ৰয়োগ কৰিলেও ৰঙা পৰুৱা আৰু বগা পৰুৱাৰ আক্ৰমণৰ পৰা ৰক্ষা পাব পাৰি।

মোৱা পোক আৰু এপিলাকনা বিটলৰ আক্ৰমণ প্ৰতিৰোধ কৰিবলৈ মালাথিয়ন ৫০ ইচি বা ফচফামিদন নামৰ দৰৱ ২০০ মিলিমিটাৰ ৬৭ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিলে সুফল পোৱা যায়।

বেমাৰ-আজাৰ:

আলু খেতিত দেখা দিয়া লেট ব্লাইট বেমাৰ নিবাৰণৰ বাবে মেনকোজেব্ (৭৫ শতাংশ এআই)নামৰ দৰৱ ২.৫ গ্ৰাম প্ৰতিলিটাৰ পানীত মিহলাই স্প্ৰে কৰাৰ ১২ দিন পাছত অকল মেনকোজেব্ ২.৫ গ্ৰাম প্ৰতিলিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে। এনেধৰণৰ স্প্ৰে কৰাৰ পাছত আনটোলৈ ১২ দিনৰ অন্তৰে-অন্তৰে মুঠ ৬ বাৰ কৰিলে লেট ব্লাইট বেমাৰৰ আক্ৰমণৰ পৰা খেতি ডৰা সম্পূৰ্ণকৈ মুক্ত কৰি ৰাখিব পাৰি।

মেঘাচ্ছন্ন আকাশ, কিনকিনিয়া বৰষুণ, তাপমাত্ৰা কমি যোৱা আদি পৰিৱেশে আলু খেতিত লেট ব্লাইট বেমাৰ বিয়পোৱাত সহায় কৰে। বতৰৰ এনে অৱস্থাত খেতিডৰা এই বেমাৰ নহ’বলৈ মেনকোজেব্ দৰৱ স্প্ৰে কৰা উচিত। ইয়াৰ সলনি জিনেব নামৰ দৰৱ ২৫ গ্ৰাম ১০ লিটাৰ পানীত মিহলাই প্ৰস্তুত কৰা মিশ্ৰণো প্ৰয়োগ কৰিব পাৰি। যদিহে বেমাৰৰ সাধাৰণ লক্ষণো দেখা দিয়ে তেনেহ’লে বতৰৰ ওপৰত নিৰ্ভৰ কৰি ৭-১০ দিনৰ মূৰে মূৰে এনে দৰৱ খেতিডৰাত স্প্ৰে কৰিব লাগে। আলুৰ গছবোৰৰ পাতৰ তলভাগ ভালদৰে তিতি যোৱাকৈ স্প্ৰে কৰিব লাগে।

চপোৱা:

আলু গছবোৰ পূৰঠ হৈ শুকাবলৈ আৰম্ভ কৰিলে আলু চপাবলৈ হয়।

আলু খেতিভিত্তিক শস্যক্ৰম:

এডৰা মাটিত আলুখেতি কৰাৰ উপৰিও বছৰটোৰ বিভিন্ন সময়ত সেই একেডৰা মাটিত অইন খেতি কৰিলে কৃষক ৰাইজৰ উপাৰ্জন নিশ্চিতভাৱে বৃদ্ধি পায়। মাটিৰ অৱস্থান আৰু গঠন বিশেষে আলু খেতিভিত্তিক কেতবোৰ শস্যক্ৰম এনেধৰণৰঃ

১) ওখ মাটি:

ক) গ্ৰীষ্মকালীন মগুমাহ (ফেব্ৰুৱাৰীৰ মাজভাগ-মে ৰ প্ৰথম ভাগ)- আলু (অক্টোৱৰৰ মাজভাগ-ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহ) (ব্ৰক্ষ্মপুত্ৰ উপত্যকাৰ উত্তৰ মণ্ডলৰ বাবে) ২) মধ্যমীয়া/মধ্যমীয়াভাৱে দ মাটি: ক) হ্ৰস্ব কৃষিকালযুক্ত ৰোৱা শালিধান (জুন-অক্টোৱৰ)- আলু (নৱেম্বৰ-ফেব্ৰুৱাৰী)(পাতল মাটিৰ ক্ষেত্ৰত) (ব্ৰক্ষ্মপুত্ৰ উপত্যকাৰ উজনি মণ্ডলৰ বাবে) খ) গ্ৰীষ্মকালীন শাক-পাচলি (এপ্ৰিল-জুলাই)-ৰোৱা শালিধান (জুলাই-নৱেম্বৰ)-আলু (নৱেম্বৰ-ফেব্ৰুৱাৰী) (ব্ৰক্ষ্মপুত্ৰ উপত্যকাৰ উজনি মণ্ডলৰ বাবে) গ) মগুমাহ (মাৰ্চ-এপ্ৰিল)-ৰোৱা শালিধান (জুলাই/আগষ্ট-নৱেম্বৰ) -আলু (নৱেম্বৰ-ফেব্ৰুৱাৰী) (ব্ৰক্ষ্মপুত্ৰ উপত্যকাৰ উত্তৰ মণ্ডলৰ বাবে) ঘ) মৰাপাট (মাৰ্চ-জুন)-আলু (নৱেম্বৰ-ফেব্ৰুৱাৰী) (ব্ৰক্ষ্মপুত্ৰ উপত্যকাৰ মধ্য মণ্ডলৰ বাবে) বানাক্ৰান্ত অঞ্চলৰ বাবেঃ ক) গ্ৰীষ্মকালীন শাক-পাচলি (ফেব্ৰুৱাৰী-মে’)-পলমকৈ ৰোৱা শালি (আগষ্টৰ শেষভাগ-নৱেম্বৰ)-আলু (ডিচেম্বৰ-ফেব্ৰুৱাৰী) খ) গ্ৰীষ্মকালীন ধান (জানুৱাৰী-মে’)- বানপানী (জুলাই-অক্টোৱৰ)-আলু (নৱেম্বৰ-ফেব্ৰুৱাৰী)

উৎস: কৃষি বিভাগ,অসম

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate