অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বৰোধান

অনুমোদিত জাত

জাত
বীজ সিচাঁ সময়
কঠীয়া ৰোৱা সময়
খেতি চপোৱা সময়
কৃষি কাল
(দিন হিচাপত)
কৃষি জলবায়ু পৰিমণ্ডল
গড় উৎপাদন টন/হেক্টৰ
বৰো-১
নম্বেবৰ
ডিচেম্বৰ/জানুৱাৰী
এপ্ৰিল/মে’
১৫০
১,২,৩,৪.৫
বৰো -২
নম্বেবৰ
মে’
১৬৫
৩.০
কালচাৰ-১
এপ্ৰিলৰ মাজ ভাগ
১৪০-১৪৫
১,৪,৫
২.০
কলিঙ্গ
মেৰ মাজ ভাগ
১৭৫
১,৪
৩.০
কৃষ্ণা
এপ্ৰিল
১৪৫-১৫৫
৩.৫
*মাচুৰি
অক্টোবৰ
নম্বেবৰ/ ডিচেম্বৰ
মে’
১৮০-১৯০
১,২,৩,৪
৪.০
*আইআৰ - ৫০
নম্বেবৰ/ ডিচেম্বৰ
ডিচেম্বৰ/জানুৱাৰী
এপ্ৰিল/মে’
১৫৫-১৬০
৩.০
কাবেৰী
১৫০-১৫৫
৩.০
ভাংলামী
১৫৫-১৬০
৩.৫
জয়মতী
মে’-জুন
১৭৫
২,৩
৫.১
বিষ্ঞুপ্ৰসাদ
এপ্ৰিল
১৬৫
১,২,৩,৪,৫
৫.১
জ্যোতিপ্ৰসাদ

নতুনকৈ অনুমোদিত বৰো ধানৰ জাতসমূহ

জাত
বীজ সিচাঁ সময়
কঠীয়া ৰোৱা সময়
খেতি চপোৱা সময়
কৃষি কাল
(দিন হিচাপত)
কৃষি জলবায়ু পৰিমণ্ডল
গড় উৎপাদন টন/হেক্টৰ
বেমাৰৰ প্রতি প্রতিক্রিয়া
দিননাথ
নম্বেবৰ
ডিচেম্বৰ/জানুৱাৰী
এপ্ৰিল/মে’
১৫০
১,২,৩,৪.৫
৬.২৮
ব্লাইট বেমাৰ সামান্যপ্রতিহত কৰিব পৰা
স্বর্ণত
নম্বেবৰ
মে’
১৬৫
৬.১৬
ব্লাইট বেমাৰ প্রতিহত আৰু চিঠব্লাইট বেমাৰ সামান্য প্রতিহত কৰিব পৰা
কণকলতা
ডিচেম্বৰ
এপ্ৰিলৰ মাজ ভাগ
১৪০-১৪৫
২,৩,৪,৫
৫.০-৫.৫
ব্লাইট বেমাৰ প্রতিহত আৰু চিঠব্লাইট বেমাৰ সামান্য প্রতিহত কৰিব পৰা

* ১) ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰ, ২) ব্ৰহ্মপুত্ৰৰ উজনি অঞ্চল, ৩) ব্ৰহ্মপুত্ৰ উপত্যকাৰ মধ্যঅঞ্চল, ৪) ব্ৰহ্মপুত্ৰ উপত্যকাৰ নামনি অঞ্চল, ৫) বৰাক উপত্যকা, ৬) পার্বত্য অঞ্চল ৷

** ব্লাষ্টৰোগ হোৱা অঞ্চলৰ বাবে অনুমোদিত নহয় ৷

*বিভিন্ন জাতৰ কৃষিকাল সমুহ তিতাবৰ ধান গবেষণা কেন্দ্ৰত কৰা পৰীক্ষাৰ ওপৰত ভিত্তি কৰি নিৰ্ণয় কৰা হৈছে ৷ বেছি শীত পৰা অঞ্চলত কৃষিকাল কিছু হ্ৰাস পাব ৷

মাটি নিৰ্বাচন

এই ধানৰ বাবে সচৰাচৰ বৰোধানৰ খেতি কৰা দ মাটি নাইবা জলসিঞ্চনৰ সুবিধা থকা অঞ্চল নিৰ্বাচন কৰিব ৷

বীজ নিৰ্বাচন: বীজবোৰ পৰিষ্কাৰ পানীত তিয়াই সুস্হ বীজবোৰ নির্বাচন কৰিব আৰু পানীত ওপঙি উঠা বেয়া বীজবোৰ বাদ দিব৷

বীজ শোধন : (ক) তিওৱা পদ্ধতি : বীজ নিৰ্বাচন কৰাৰ পিচত তলত দিয়া যিকোনো এবিধ ঔষধত বীজবোৰ ২৪ ঘন্টা তিয়াই শোধন কৰি লব ৷

ঔষধ
পৰিমাণ
এক হেক্টৰ মাটিৰ বীজ শোধন কৰিবলৈ ঔষধৰ খৰছ
মেনকোজেৰ (ডাইথেন এম-৪৫)
২.৫ গ্ৰাম/১ লিটাৰ পানীত
২২.০০ টকা
কেপন্টান (কেপটাফ)
৩৪.০০ টকা
কেপটাফ’ল (কলটাফ)
৫০.০০ টকা
কাৰ্বেন্ডেজাইম (বেভিষ্টিন)
১ গ্ৰাম/১ লিটাৰ পানীত
৩৭.০০ টকা

১ কিলো বীজ শোধনৰ বাবে ১ লিটাৰ ঔষধ মিশ্ৰণৰ প্ৰয়োজন

পানীত তিয়াই বীজ নিৰ্বাচন কৰিব

২৪ ঘন্টা ঔষধ মিশ্ৰণত তিয়াই থব

৪৮ ঘন্টা বীজবোৰ ছাঁত ঢাকি বাখিব

শুকান পদ্ধতি

তলত দিয়া যিকোনো এবিধ ঔষধৰ  সৈতে বীজবোৰ এটা বন্ধ টেমাত লৈ পাঁচ মিনিট মান ভালদৰে জোকাৰি বীজৰ সৈতে ঔষধ ভালদৰে মিহলাই লব লাগে ৷

ঔষধ
পৰিমাণ
এক হেক্টৰ মাটিৰ বীজ শোধনৰ বাবে খৰছ
মেনকোজেব (ডাইথেন এম-৪৫)
২.৫ গ্ৰাম/১ কিলো বীজ
২০.০০ টকা
কেপটান (কেপটাফ)
৩৪.০০ টকা
কেপটাফল (ফলটাফ)
৫০.০০ টকা
কাৰ্বেনডেজাইম (বেভিষ্টিন)
২ গ্ৰাম/১ িলো বীজত
৭৫.০০ টকা

কঠীয়া উত্পাদন

(ক) কঠীয়াতলী প্রস্তুতি : সমান ,১২৫ চে :মি: বহল আৰু ১০ মিটাৰ দীঘল বীজতলীৰ প্রয়োজন । দুখন বীজতলীৰ মাজত ৩০ চে:মি: মানৰ এটা ব্যৱধান থাকিব লাগে । ১ বিঘা মাটি ৰোবৰ বাবে ৬-৮ খনমান এনে বীজতলীৰ প্রয়োজন হয় । শীতকালি (ডিচেম্বৰৰ শেষ ভাগৰ পৰা জানুৱাৰীৰ মাজভাগলৈ) কঠীয়া উত্পাদন কৰিবলৈ পলিথিনেৰে আৱৰা সৰু ঘৰ সদৃশ গাঁথনিৰ প্রয়োজন হয় । এই পলিথিনৰ গাঁথনিটোৰ আকাৰ ওখই ৭৫ চে:মি: ,বহলে ১২৫ চে:মি: আৰু দীঘলটো নিজৰ ওপৰত নির্ভৰ কৰি সাজি লব লাগে । এই পলিথিনৰ ঘৰটো এটা সৰু আকাৰৰ ঘৰ আৰু ইয়াক সময় অনুযায়ী ইফাল সিফাল কৰিব পাৰি । এইটো কঠীয়া তলীখনৰ ওপৰত বহুৱাই দিব পাৰি আৰু এনে কৰিলে ভিতৰৰ উষ্ণতা বৃদ্ধিপাব আৰু কঠীয়াবোৰ বাঢ়িবলৈ সহায়ক হব । পলিথিনৰ বেৰা আৰু মাটিৰ মাজত যদি কোনো ফাঁক দেখা যায় সেইবোৰ বোকাৰে বন্ধ কৰি দিব লাগে । কঠীয়া ওঠোৱাৰ ৭ দিনমান আগেয়ে দিনটোৰ ভিতৰত ১-২ বাৰ মান এই আতৰায় দিব লাগে যাতে সূর্য্যৰ তাপ পোনে পোনে তলীখনত পৰে । কঠীয়া ওঠোৱাৰ ২ দিনমানৰ আগৰ পৰা এই গৃহ সম্পূণকৈ আঁতৰায় দিব লাগে ।

(খ) বীজৰ পৰিমাণ : প্ৰতিখন কঠীয়াতলীত ৬৫০ গ্ৰামৰ পৰা ১০০০ গ্ৰামলৈকে ভালদৰে অংকুৰিত হোৱা বীজ সিচিব লাগে ৷ এক হেক্টৰ মাটিত ৰুবৰ বাবে ৪০-৪৫ কিলোগ্ৰাম বীজৰ কঠীয়াৰ প্ৰয়োজন ৷

(গ) কঠীয়াতলীত শস্যৰক্ষা

  1. কঠীয়াত ব্লাষ্ট ৰোগৰ দুই এটা দাগ দেখাৰ লগে লগেই  প্ৰতি লিটাৰ পানীত ১ গ্ৰাম বেভিষ্টিন (কাবেৰ্নডেজাইম) ঔষধ নাইবা প্ৰতি লিটাৰ পানীত ১ মিলিলিটাৰ হিনোচান (এদিফেনফচ্)  ঔষধ মিহলাই স্প্ৰে কৰিব ৷
  2. ৰুটনট নিমাটোড আৰু মজাখোৱা পোকৰ আক্ৰমণৰ সম্ভাৱনা থাকিলে বীজ সি;চাৰ ৫-৭ দিনৰ পিচত প্ৰতি বৰ্গ মিটাৰত ৩ গ্ৰাম কাৰ্ব’ফৰান (ফুৰাদন ৩ জি) নাইব ফোৰেট (থিমেট ১০ জি) প্ৰতি বৰ্গ মিটাৰত ১ গ্ৰামকৈ নাইবা দায়জিনন্ (বাচুদিন ১০ জি) প্ৰতি বৰ্গ মিটাৰত ১ গ্ৰাম কৈ প্ৰয়োগ কৰিব ৷
    নিমাটোডৰ সমস্যা নাথাকিলে কঠীয়াতলীৰ অন্যান্য পোক দমনৰ বাবে তলত দিয়া তালিকা অনুসৰি আৱশ্যক হলে ঔষধ প্ৰয়োগ কৰিব ৷ সাধাৰণতে বীজ সিচাৰ পৰা ৫-৭ দিনৰ পিচত পোক দমনৰ ঔষধ প্ৰয়োগ কৰিলে সুফল পোৱা যায় ৷
ঔষধৰ নাম
প্ৰতি ১০ বৰ্গ মিটাৰত ১ মিলিলিটাৰ হিচাবে
ক্লৰপাইৰিফছ
-
০.১০
কুইনালফছ
-
০.১৫
মনক্ৰটফছ
-
০.১২
ফচফমিডন
-
০.০৭
এনডোচালফান
-
০.১৪

এই ঔষধ মিশ্ৰণ হস্তচালিত স্প্ৰেয়াৰত প্ৰতি ১০ বৰ্গ মিটাৰত ৪০০ মিলিলিটাৰ আৰু যন্ত্ৰচালিত স্প্ৰেয়াৰত প্ৰতি ১০ বৰ্গ মিটাৰত ১০০ মিলিলিটাৰকৈ প্ৰয়োগ কৰা উচিত ৷

(ঘ) ৰোৱাৰ আগতে কঠীয়াৰ প্ৰাথমিক প্ৰতিষেধক ব্যৱস্হা :
মজাখোৱা পোক, গলমিজ আৰু ফৰিং পোক দমনৰ বাবে তুলি অনা কঠীয়া পুলিবোৰৰ শিপাৰ অংশটো শতকৰা ১ ভাগ ইউৰিয়া লগতে শতকৰা ০.০২ ভাগ শক্তিযুক্ত ক্লৰপাইৰিফছ্ ঔষধৰ (১ লিটাৰ পানীত ১ মিলিলিটাৰ ঔষধ) পানীত ৩ ঘন্টা সময় ডুবাই ৰাখিব ৷

ইয়াৰ বিকল্প হিচাপে, কঠীয়াবোৰ তলীৰ পৰা তুলি অনাৰ ৫-৭ দিনৰ আগতে কাৰ্বফুৰাণ (ফুৰাদন ৩ জি) ঔষধ প্ৰতি বৰ্গ মিটাৰত ৩ গ্ৰামকৈ, নাইবা ফৰেট (থিমেট ১০ জি) প্ৰতি বৰ্গ মিটাৰত ১ গ্ৰামকৈ প্ৰয়োগ কৰিব ৷ ইয়াৰ বিকল্প হিচাপে কঠীয়া উঠোৱাৰ ৫ দিন আগতে কঠীয়াতলীত ০.০৫ ভাগ শক্তিযুক্ত ক্লৰপাইৰিফছ ঔষধ চটিয়াই লব পাৰে ৷

কঠীয়াৰ বয়স : ৫-৬ খিলা পাত ওলোৱা অৱস্হাত ৰোব লাগে৷

পথাৰ প্ৰস্তুতি : ৩-৪ বাৰ হালবাই মৈয়াই মাটি ভালকৈ সমান কৰি লব লাগে যাতে পথাৰত সকলো ঠাইতে পানী সমানে থাকে৷

সাৰ প্ৰয়োগ

পুষ্টিৰ পৰিমাণ
রাসায়নিক সাৰ
নাইট্ৰোজেন
ফচ-ফৰাচ
পটাছ
ইউৰিয়া
মিউৰিয়েট অৱপটাছ
একক চুপাৰ ফচফেট
১)  দ অঞ্চল
২) সচৰাচৰ বৰোধানৰ খেতি কৰা অঞ্চল
৪০
২০
২০
১২
১৮
৩) জলসিঞ্চিত অঞ্চল
৬০
৩০
৩০
১৮
২০

বি: দ্ৰ: বৰাক উপত্যকা আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ মধ্য অঞ্চলৰ দ মাটিৰ বাবে এন. পি. কেৰ মাত্ৰা হেক্টৰে প্ৰতি ২০: ১০ : ১০ কিলো অনুপাতত (বিঘাই প্ৰতি ৫ কিলো ইউৰিয়া, ৯ কিলো একক চুপাৰ ফচফেট আৰু ২ কিলো মিউৰিয়েট অৱ পটাছ) অনুমোদন কৰা হৈছে ৷

সাৰ প্ৰয়োগৰ সময় : জেক থকা মাটিত সমুদায় চুপাৰ ফছফেট আৰু মিউৰিয়েট অৱ পটাছ প্ৰাথমিক সাৰ হিচাবে প্ৰয়োগ কৰিব ৷ ৰোৱাৰ ২১-২৫ দিনৰ পিচত সমুদায় ইউৰিয়া সাৰ টপদ্ৰেছ হিচাবে প্ৰয়োগ কৰিব ৷ জলসিঞ্চিত অঞ্চলত তিনি ভাগৰ এক ভাগ ইউৰিয়া প্ৰাথমিক সাৰ হিচাবে, তিনি ভাগৰ এক ভাগ পোখা মেলাৰ সময়ত আৰু বাকী থকা তিনি ভাগৰ এক ভাগ ফুলধৰাৰ সময়ত প্ৰয়োগ কৰিব ৷ চুপাৰ ফচফেট সাৰো ৰোৱাৰ ২৫-৩৫ দিনৰ পিচত গছে পোখা মেলাৰ সময়ত দ্বিতীয় বাৰ নাইট্রোজেন সাৰ প্ৰয়োগ কৰাৰ লগতে মাটিত মিহলাই দিব পাৰি ৷

কঠীয়া ৰোপণ

জাত
সেমেকা মাটিত প্ৰতিটো গাঁতত কঠীয়াৰ সংখ্যা
কঠীয়া ৰোৱাৰ গভীৰতা (চে: মি:)
দুৰত্ব (শাৰী গছ) (চে: মি:)
মাচুৰী
২৫ ষ ২০
বৰো ১ আৰু ২
২৫ ষ ২০
কলিঙ্গ-২
২০ ষ ২০
কৃণ
২০ ষ ২০
কালচাৰ-১ (কলিঙ্গ-৩)
২০ ষ ২০

খালী ঠাই পূৰণ: কঠীয়া ৰোৱাৰ ৭-১০ দিনৰ ভিতৰতেই যি বিলাক কঠীয়া মৰি যায় সেই বিলাক উভালি নতুনকৈ ৰোব লাগে৷

জলসিঞ্চন

ৰোৱাৰ ১-৩ দিনৰ পিচৰে পৰা খেতি চপোৱাৰ ৭-১০ দিন আগলৈকে পথাৰত ২-৫ চে: মি: পানী ৰাখিব লাগে৷ কিন্তু সদায়ে জলসিঞ্চনৰ সুবিধা নথকা অঞ্চলত পথাৰৰ পানী শুকাই গলে এদিন মানৰ পিছত ৭ চে: মি: মান পানী  জলসিঞ্চন কৰি পথাৰত ৰাখিব লাগে৷

প্ৰতিপালন ব্যৱস্হা : কঠীয়া ৰোৱাৰ ২০ দিনৰ পিচত এবাৰ আৰু ৪০ দিনৰ পিছত এবাৰ বন-বাত নিৰৰব লাগে৷ টপদ্ৰেছ হিচাবে নাইট্রোজেন সাৰ প্ৰয়োগ কৰাৰ পিছত নিৰণি  যন্ত্ৰেৰে বন-বত নিৰাব পাৰি৷

শস্য ৰক্ষা

পোক-পৰুৱা

  1. পোক-পৰুৱা উপদ্ৰৱৰ পৰা শস্যডৰা ৰক্ষা কৰিবলৈ অৰ্থনৈতিক ক্ষয়-ক্ষতিৰ পৰিসীমাৰ ভিতৰতেই ১ নং তালিকাৰ অনুমোদন অনুযায়ী ঔষধ প্ৰয়োগৰ ব্যৱস্হা লব লাগে ৷ যিবোৰ পোক-পৰুৱাৰ ক্ষেত্ৰত অৰ্থনৈতিক পৰিসীমা দিয়া হোৱা নাই, সেইবোৰ পোকৰ উপদ্ৰৱ দেখা দিয়াৰ লগে লগে নিয়ন্ত্ৰণৰ ব্যৱস্হা লব লাগে ৷
  2. ২ নং তালিকাত অনুমোদন কৰা অনুযায়ী পোক মৰা ঔষধ প্ৰয়োগ কৰিব লাগে ৷

ৰোগ-ব্যাধি

ব্লাষ্ট : পাতত ১ টা বা ২টা দাগ দেখাৰ লগে লগে তলত দিয়া ধৰণে ঔষধ স্প্ৰে কৰিব লাগে৷

ঔষধ
ঔষধৰ পৰিমাণ
(প্ৰতি লিটাৰ পানীত)
ঔষধ মিশ্ৰণৰ পৰিমাণ (লিটাৰ/হেক্টৰত)
এদিফেনফছ 
(হিনোচান ৫০ ইচি)
০.১% ( ১ মি: লি: )
৫২৫-৭৫০
মেন্কোজেব্ 
(ডায়থেন এম-৪৫)
০.২% ( ২ গ্ৰাম )
৫২৫-৭৫০
কপাৰ অক্সি ক্লোৰাইড 
(ব্লাইটক্স ৫০ নাইবা ফাইটোলান)
০.৪% ( ৪ গ্ৰাম )
৫২৫-৭৫০
থিওকেনেট মিথাইল (টপছিন এম-৭০% - পানীত গুলিব পৰা)
০.১% ( ১ গ্ৰাম )
৫২৫-৭৫০
কাৰ্বেনডেজাইম (দিৰোচাল)
০.১% ( ১ গ্ৰাম )
৫২৫-৭৫০

ৰোগ নিয়ন্ত্ৰণ নোহোৱালৈকে ১০-১৫ দিনৰ অন্তৰে অন্তৰে ঔষধ স্প্ৰে কৰিব লাগে৷

পাতৰ চিৰাত হোৱা ব্লাইট ৰোগ (বৌখা চবকা পৰা)

এই ৰোগ নিয়ন্ত্ৰণৰ বাবে ০.০৫% শক্তিযুক্ত কাৰ্বনডাজিম (বেভিষ্টিন) ঔষধ (০.৫ গ্ৰাম ১ লিটাৰ পানীত) অথবা কনটাফ ৫ ইচি ( ২ মি: লি: ১ লিটাৰ পানীত) মিশ্ৰণ হেক্টৰে প্ৰতি ৫২৫-৭৫০ লিটাৰকৈ স্প্ৰে কৰিব৷ দুবাৰ প্ৰয়োজন হোৱা এই স্প্ৰে’ৰ প্ৰথমবাৰ বেমাৰৰ লক্ষণ দেখাৰ লগে লগে আৰু দ্বিতীয়বাৰ ইয়াৰ ১০ দিনৰ পাচত কৰিব লাগে৷

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 4/27/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate