অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ৰাই আৰু সৰিয়হ

ৰাই আৰু সৰিয়হ

অনুমোদিত জাত (মণ্ডল অনুযায়ী)

জাত কৃষি  পৰিমণ্ডল কৃষি  কাল (দিন) উৎপাদন (কুইন্টল/হে:) তেলৰ পৰিমাণ (শতকৰা হিচাবত)
ৰাই (তোৰিয়া) :
১) টি-এচ-৩৮ সকলো মণ্ডলৰ বাবে ৯০-৯৫ ১০-১২
২) এম – ২৭ সকলো মণ্ডলৰ বাবে ৯০-৯৫ ১০-১২ ৪৪.৬
৩) টি এছ-২৯ সকলো মণ্ডলৰ বাবে ৮৫-৯০ ১০-১২ ৪৪.০
৪) টি-এছ-৩৬ সকলো মণ্ডলৰ বাবে ৯০-৯৫ ১০-১২
৫) লক্ষী (TS-46) ব্রক্ষপুত্রৰ মধ্য পৰিমণ্ডলৰ বাবে ৮৫-৯০ ১০-১২ অক্টোবৰৰ মাজ ভাগৰ পৰা নবেম্বৰৰ মাজভাগকৈ সিঁচিব পাৰি
সৰিয়হ :
৬) টি এম-২ ২,৩,৪,৬ ১০৫-১১৫ ১২-১৬ ৩৬-৪০
৭) টি এম-৪ ২,৩,৪ ১০৫-১১৫ ১২-১৬ ৩৬-৪০
৮) বৰুণা ৪.৬ ১১০-১২০ ১২-১৬ ৩৬-৪০


মাটি

বালিচঁহীয়া পলসুৱা মাটিত ৰাই আৰু সৰিয়হৰ খেতি ভাল হয়৷ কিন্তু অন্যান্য পাতল মাটিতো ইয়াৰ খেতি কৰিব পাৰি৷

মাটি প্ৰস্তুতি

ৰাই, সৰিয়হৰ খেতিৰ বাবে মটিডৰা মিহিকৈ চাহ কৰিব লাগে৷ ৪-৬ চাহ মান হাল বাই মৈয়াই মাটিখিনি গুৰি কৰি লব৷

সাৰ প্ৰয়োগ

হেক্টৰে  প্ৰতি ২-৩ টন পচন সাৰ বা গোবৰ বীজ সিঁচাৰ আগতে মাটিত চতিয়াই লব পাৰিলে ভাল৷

উৎপাদন কিলো/হে: ৰাসায়নিক সাৰ কি:/হে: কি:/বিঘা
বৰষুণৰ ওপৰত নিৰ্ভৰশীল খেতিত
(ক) ভৈয়াম অঞ্চলত
নাইট্ৰোজেন ৪০ ইউৰিয়া ৮৭ ১২
ফচফৰাচ ৩৫ একক চুপাৰ ফচফেট ২২০ ৩০
পটাছ ১৫ মিউৰিয়েট অব্ পটাছ ২৫
জলসিঞ্চিত অঞ্চলত
নাইট্ৰোজেন ৬০ ইউৰিয়া ১৩০ ১৮
ফচফৰাচ ৪০ একক চুপাৰ ফচফেট ২৫০ ৩৩
পটাছ ৪০ মিউৰিয়েট অব্ পটাছ ৬৬
বৰষুণৰ ওপৰত নিৰ্ভৰশীল খেতি
(খ) পাৰ্বত্য অঞ্চলত
নাইট্ৰোজেন ৬৫ ইউৰিয়া ১৪০ ২০
ফচফৰাচ ৩৫ একক চুপাৰ ফচফেট ২২০ ৩০
পটাছ মিউৰিয়েট অব্ পটাছ
বৰষুণৰ ওপৰত নিৰ্ভৰশীল খেতি
ব্ৰহ্মপুত্ৰ উপত্যকাৰ মধ্য অঞ্চলত-
নাইট্ৰোজেন ৬০ ইউৰিয়া ১৩০ ১৮
ফচফৰাচ ৩০ একক চুপাৰ ফচফেট ১৯০ ২৭
পটাছ ৩০ মিউৰিয়েট অব্ পটাছ ৫০


নাইট্ৰোজেন, ফচফৰাচ আৰু পটাছ সাৰ অমৃত নাইবা অন্যান্য মিশ্ৰিত সাৰৰ যোগেদিও প্ৰয়োগ কৰিব পাৰি ৷ এনে কৰিলে ইয়াক ৰাসায়নিক সাৰৰ সম অনুপাতত প্ৰয়োগ কৰিব লাগে ৷ কিছুমান অঞ্চলত বোৰাক্স প্ৰয়োগ কৰি ভাল ফল পোৱা গৈছে ৷ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত হেক্টৰে প্ৰতি ১০ কিলোকৈ, উজনি অঞ্চলত হেক্টৰে প্ৰতি ৫-১০ কিলোকৈ আৰু ৭.৫ কি.গ্রা./হেক্টৰে প্রতি ব্রক্ষপুত্রৰ মধ্য পৰিমণ্ডলৰ বাবে বোৰাক্স ৰাসায়নিক সাৰৰ ওপৰিও প্ৰয়োগ কৰিবলৈ অনুমোদন কৰা হৈছে ৷ অধিক উৎপাদনৰ বাবে উত্তৰ ব্ৰহ্মপুত্ৰ অঞ্চলত হেক্টৰে প্ৰতি নাইট্ৰোজেন ৬০, ফচফৰাচ ৪০ আৰু পটাছ ৪০ কি: অনুমোদন জনোৱা হৈছে ৷ যি কি নহওক, যি সকল কৃষকে এই পৰিমাণৰ ৰাসায়নিক সাৰ কিনাৰ সামৰ্থ নাথাকে তেনে ক্ষেত্ৰত আগতে অনুমোদন জনোৱা নাইট্ৰোজেন ৪০, ফচফৰাচ ৩৫ আৰু পটাছ ১৫ কি: বা নাইট্ৰোজেন ৪০, ফচফৰাচ ২০ আৰু পটাছ ২০ কি: হেক্টৰে প্ৰতি প্ৰয়োগ কৰিবও পাৰে ৷ ২৫ গ্রাম /১০ লিটাৰ পানীত "গ্রিণ হাৰভেষ্ঠ" (Green harvest)নামৰ গছ বাঢ়িবলৈ প্রয়োগ কৰা ঔষধ সৰিয়হ সিঁচাৰ ৩০ দিনৰ পিচত স্প্রে কৰিব।

চূণ প্ৰয়োগ

মাটি পৰীক্ষা কৰি, মাটিৰ অম্লতা ৬.০ লৈ আনিবলৈ বীজ সিঁচাৰ কমেও ২১ দিন আগেয়ে মাটিত চূণ প্ৰয়োগ কৰিব লাগে৷

বীজ শোধন

প্ৰতি কিলো বীজৰ লগত এগ্ৰণ ৩৫ ডব্লিউ এচ (মেটালেস্মিল) ৬ গ্ৰাম হিচাপত মিহলাই দাউনি মিলডিউ আৰু বগা ৰাষ্ট বেমাৰ নিয়ন্ত্ৰণৰ বাবে অনুমোদন জনোৱা হৈছে৷

বীজৰ পৰিমাণ

প্ৰতি হেক্টৰত ১০-১৫ কিলোগ্ৰাম (প্ৰতি বিঘাত ১.৩ কিলো) বীজ সিঁচিব লাগে ৷ টি এম-২, টি এম-৪ আৰু বৰুণ জাতৰ ক্ষেত্ৰত প্ৰতি হেক্টৰত বীজৰ পৰিমাণ ৮ কিলোগ্ৰাম হব লাগে আৰু প্ৰতি হেক্টৰত ৩-৩.৫ লাখ গছ ৰাখিব লাগে ৷ বীজ সিঁচাৰ পিছত মাটিডৰা পাতলকৈ মৈয়াই দিব৷

পাৰ্বত্য অঞ্চলৰ বাবে ৭৫:২৫ হাৰত সৰিয়হ আৰু মচুৰ মাহৰ বীজ মিশ্ৰিত খেতিৰ বাবে অনুমোদন জনোৱা হৈছে৷ পাহাৰীয়া অঞ্চলৰ বাবে কেৱল সৰিয়হ খেতি কৰিলে হেক্টৰে প্ৰতি ৬-৮ কি: বীজৰ প্ৰয়োজন৷

বীজ সিঁচাৰ সময়

অক্টোবৰ মাহৰ মাজভাগৰ পৰা নবেম্বৰ মাহৰ মাজ ভাগলৈ বীজ সিঁচাৰ উত্তম সময়৷ আগতীয়াকৈ বীজ সিঁচিলে মোৱা পোকৰ উপদ্ৰৱৰ পৰা হাত সাৰিব পাৰি৷

বৰাক উপত্যকাৰ বাবে ওখ মাটিত ৩০ নবেম্বৰলৈকে আৰু মধ্যমীয়া ওখ মাটিত নবেম্বৰৰ তৃতীয় সপ্তাহলৈকে বীজ সিঁচিব পাৰি৷

জলসিঞ্চন

শতকৰা ৫০ ভাগ ফুল ধৰা অৱস্হাত নাইবা ছেই ধৰিবলৈ লওঁতেই মাটিত ৬ চে: মি:ৰ জোখত এবাৰ জলসিঞ্চন কৰিব৷ এই সময়ছোৱাত ২০-২৫ মিলিমিটাৰ মান বৰষুণ হলে, বীজ সিঁচাৰ পিছত জলসিঞ্চন কৰাৰ প্ৰয়োজন নহয়৷ সময়মতে বীজ সিঁচিলে সিঁচাৰ আগেয়ে জলসিঞ্চন কৰাৰ প্ৰয়োজন নাই ৷ শুকান অঞ্চলত বীজ সিঁচাৰ আগেয়ে এবাৰ জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগে

শালিধানৰ পিচত সৰিয়হ খেতিৰ বাবে খেতি ডৰাত আদ্রতা সংৰক্ষণ কৰিবলৈ এবাৰ মাটিডৰা পাৱাৰ টিলাৰেৰে চহাব লাগে যাতে ধানৰ নৰাবোৰ মাটিৰ ভিতৰত সোমায় পৰে । এই প্রযুক্তি প্রয়োগ কৰিবলৈ মাটিডৰা সামান্যভাবে পলসুৱা আৰু আলতীয়া হোৱাটো প্রয়োজন।

প্ৰতিপালন

সাধাৰণতে বনবাত নিৰোৱাৰ প্ৰয়োজন নাই ৷ প্ৰয়োজন হলে বীজ সিঁচাৰ ১৫-২০ দিন মানৰ পিছত এবাৰ বনবাত নিৰাই দিব লাগে৷

শস্য ৰক্ষা

মোৱা পোক আৰু ফুটি পোকেই প্ৰধানকৈ সৰিয়হ আৰু ৰাই খেতিৰ অনিষ্ট সাধন কৰে ৷ এই পোক নিয়ন্ত্ৰণৰ বাবে তলত দিয়া ধৰণে ঔষধ প্ৰয়োগ কৰিব ৷

পোক মৰা ঔষধৰ নাম
পৰিমাণ
পানীৰ পৰিমাণ
প্ৰতি হেক্টৰত/লিটাৰ
হস্তচালিত স্প্ৰেয়াৰ
শক্তিচালিত স্প্ৰেয়াৰ
মলাথিয়ন ৫০ ইচি
৫০০-৭০০
২০০-২৫০
ডাইমিথোৱেট ৩০ ইচি
০.৫
৫০০-৭০০
২০০-২৫০
ক্লাৰোপাইৰিফচ্ ২০ ইচি
০.৫
৫০০-৭০০
২০০-২৫০
ফছফামিদন ১০০ ইচি
০.২
৫০০-৭০০
২০০-২৫০
অক্সিডিমেটন মিথাইল ২৫ ইচি
০.৬
৫০০-৭০০
২০০-২৫০


ৰোগ
: অলটাৰনেৰিয়া ব্লাইট ৰোগ নিয়ন্ত্ৰণৰ বাবে তলত দিয়া ধৰণে ব্যৱস্হা লব ৷

ৰোগ নাশক ঔষধ
মাত্ৰা
পৰিমাণকি:/হে:
পানীৰ পৰিমাণলি:/হে:
১) ডাইথেন এম-৪৫(মেনকজেব)
২%
১.০-১.৪
৬০০ – ৭০০
২) ফোলটাফ (কেপটাফ)
২%
১.০-১.৪
৬০০ - ৭০০


শস্যৰ বয়স ৩০ দিন হোৱাৰ পিচত ১৫-২০ দিনৰ অন্তৰে অন্তৰে স্প্ৰে কৰিব লাগে৷

ৱেটৰট বা হোৱাইট ব্লাইট ৰোগ দমনৰ বাবে আক্ৰান্ত গছবোৰ শিপা সহ উভালি পুৰি পেলাব ৷ তলত দিয়া ধৰণে ঔষধো স্প্ৰে কৰিব পাৰি ৷

ৰোগ নাশক ঔষধ
মাত্ৰা
পৰিমাণ
কি:/হে:
পানীৰ পৰিমাণ
লি:/হে:
১) বেভিষ্টিন (কোৰবেনদজিম)
০.৫%
০.৩ – ০.৩৫
৬০০ – ৭০০
২) কুমন এল (জিৰাম)
০.৩%
১.৮ – ২ লি:
৬০০ – ৭০০
৩)ডাইথেন এম-৪৫(মেনকজেব)
০.২%
১.০২- ১.১৪
৬০০ - ৭০০


অৰবাঙ্কি ৰোগ হোৱা অঞ্চলত একেবাৰে ৰাই আৰু সৰিয়হ খেতি কৰিব নালাগে ৷ অন্যান্য ধান জাতীয় আৰু মাহ জাতীয় শস্যৰ লগত সাল-সলনি কৰি খেতি কৰিলে বেমাৰৰ আক্ৰমণ কমাব পাৰি৷

খেতি চপোৱা: শস্যৰ চিৰাবোৰ শতকৰা ৭৮-৮০ ভাগ হালধীয়া হলেই খেতি চপাবৰ হয় ৷ গছজোপা উঘালি নাইবা কাচিৰে কাটি খেতি চপাব পাৰি৷

বি: দ্ৰ: ব্ৰহ্মপুত্ৰ উত্তৰ পাৰৰ বান পানী হোৱা দ' মাটিত বানৰ পিছত তোৰিয়া জাতৰ খেতিৰ বাবে অনুমোদন জনোৱা হৈছে৷

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।


শেহতীয়া উন্নীতকৰণ: : 5/3/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate