অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

উন্নত পদ্ধতিৰ সৰিয়্হৰ খেতি

উন্নত পদ্ধতিৰ সৰিয়্হৰ খেতি

সৰিয়্হ অসমৰ এবিধ অন্যতম তেলজাতীয় শস্য। অসমৰ মাটি আৰু জলবায়ু সৰিয়হৰ বাবে অতি উপযোগী। অৰ্থনৈতিক দিশেৰেও সৰিয়হৰ খেতি লাভজনক। বিজ্ঞানসন্মত পদ্ধতিৰে সৰিয়হৰ খেতি কৰিলে ইয়াৰ পৰা যথেষ্ট উৎপাদন পোৱা যায়। সৰিয়হ পেৰাৰ পাছত ৰৈ যোৱা খলিহৈৰ অৰ্থনৈতিক মূল্যও যথেষ্ট।

জাতঃ

জাতৰ নাম

কৃষিকাল

উৎপাদন (কুইন্টল/বিঘা)

টোৰিয়াঃ টি এচ-৩৮

৯০-৯৫

১.৩-১.৬

এম-২৭

৯০-৯৫

১.৩-১.৬

টি এচ-২৯

৮৫-৯০

১.৩-১.৬

টি এচ-৩৬

৯০-৯৫

১.৩-১.৬

টি এচ-৪৬

৮৫-৯০

১.৩-১.৬

সৰিয়হঃ

টি এম-২

১০৫-১১৫

১.৬-২.১

টি এম-৪

১০৫-১১৫

১.৬-২.১

বৰুণ

১১০-১২০

১.৬-২.১

মাটি:

বালিচহীয়া পাতল মাটিত সৰিয়হৰ খেতি ভাল হয়।

মাটি প্ৰস্তুতি:

সৰিয়হৰ খেতিৰ বাবে মাটিডৰা মিহিকৈ চলাই লোৱাটি অতি জৰুৰী। মাটিডৰা ৪-৫ বাৰ হাল বাই মিহিকৈ চহাই মৈয়াই সমান কৰি লওক।

সাৰ প্ৰয়োগ:

ৰাসায়নিক সাৰৰ উপৰিও প্ৰতিবিঘা সৰিয়হতলীত মাটি প্ৰস্তুতিৰ সময়ত ২.৫-৪.০ কুইন্টল পচন সাৰ বা শুকান গোৱৰ প্ৰয়োগ কৰা উচিত। সৰিয়হ খেতিৰ বাবে প্ৰয়োগ কৰিবলগীয়া ৰাসায়নিক সাৰৰ পৰিমাণ এনেধৰণৰ

সাৰ

বৰষুণৰ ওপৰত নিৰ্ভৰশীল খেতি (কিলোগ্ৰাম/বিঘা)

জলসিঞ্চিত খেতি (কিলোগ্ৰাম/বিঘা)

ইউৰিয়া

১২

১৮

একক চুপাৰ ফচফেট

৩০

৩৩

মিউৰিয়েট অৱ পটাচ

২৫

একক চুপাৰ ফচফেটৰ সলনি প্ৰতিবিঘা মাটিত জিপচাম ১৭ কিলোগ্ৰামকৈ প্ৰয়োগ কৰিব পাৰি। বোৰাক্স প্ৰয়োগ কৰিলে সৰিয়হৰ উৎপাদন বৃদ্ধি পায়। অঞ্চল বিশেষে প্ৰতিবিঘা মাটিত ৬০০ গ্ৰামৰ পৰা ১.৩ কিলোগ্ৰামকৈ বোৰাক্স প্ৰয়োগ কৰক।

চূণ প্ৰয়োগ:

বছৰত দুই বা ততোধিক খেতি কৰা কৃষিভূমিৰ বীজ সিচাৰ ১৫ দিন আগেয়ে প্ৰতিবিঘাত ৬৫.৫ কিলোগ্ৰামকৈ ড’লোমাইট চূণ প্ৰয়োগ কৰি মাটিৰ সৈতে ভালদৰে মিহলাই দিয়ক।

বীজ শোধন

প্ৰতি কিলোগ্ৰাম বীজ ৬ গ্ৰাম মেটালাক্সিল ৩৫ নামৰ দৰৱেৰে শোধন কৰি বীজ সিচক। এনেদৰে বীজ শোধন কৰিলে খেতিডৰা ডাউনি মিলডিউ আৰু হোৱাইট ৰাষ্টৰ আক্ৰমণৰ পৰা মুক্ত হৈ থাকে।

বীজৰ পৰিমাণ

প্ৰতিবিঘা মাটিৰ বাবে ১.৩ কিলোগ্ৰাম। শালি ধান চপোৱাৰ পাছত কৰা বৰষুণৰ ওপৰত নিৰ্ভৰশীল খেতিত বীজৰ পৰিমাণ অলপ বেছি-প্ৰতিবিঘা মাটিৰ বাবে ১.৭ কিলোগ্ৰাম।

বীজ সিচা সময়

অক্টোৱৰ মাহৰ মাজভাগৰ পৰা নৱেম্বৰ মাহৰ মাজভাগ।

জলসিঞ্চন

খেতিডৰাত ৫০ শতাংশ ফুল ফুলাৰ সময়ত নাইবা ছেই ধৰিবলৈ আৰম্ভ কৰাৰ সময়ত এবাৰ জলসিঞ্চন কৰক। যদিহে এই সময়ছোৱাত এবাৰ বৰষুণ দিয়ে, তেনেহ’লে পাছত জলসিঞ্চন কৰাৰ প্ৰয়োজন নহয়। বীজ সিচাৰ আগেয়ে মাটিডৰা অধিক শুকান হৈ থাকিলে পাতলীয়াকৈ এবাৰ জলসিঞ্চনৰ ব্যৱস্থা কৰক।

প্ৰতিপালন

প্ৰয়োজন অনুসৰি বীজ সিচাৰ ১৫-২০ দিন পাছত এবাৰ বনবাত নিৰাই দিয়ক।

শস্যৰক্ষা

মোৱাপোক আৰু শ্ব-ফ্লাই সৰিয়হ খেতিৰ প্ৰধান পোক। পথাৰত এই পোক দুবিধৰ আক্ৰমণ পৰিলক্ষিত হ’লেই নিম্নোক্ত দৰৱসমূহৰ যিকোনো এবিধ প্ৰয়োগ কৰক।

দৰৱৰ নাম

দৰৱৰ পৰিমাণ (প্ৰতিবিঘাত)

পানীৰ পৰিমাণ (প্ৰতিবিঘাত)

হস্তচালিত স্প্ৰেয়াৰ

শক্তিচালিত স্প্ৰেয়াৰ

ডাইমেথোট ৩০ ইচি

৬৫ মিলিলিটাৰ

৬৭-৯৩

২৭-৩৩

ক্লোৰোপাইৰিফ’চ ২০ ইচি

৬৫ মিলিলিটাৰ

৬৭-৯৩

২৭-৩৩

ফচফামিডন ১০০ ইচি

২৭ মিলিলিটাৰ

৬৭-৯৩

২৭-৩৩

ডেন্টামেথ্ৰিন ২.৮ ইচি

৫৩ মিলিলিটাৰ

৬৭-৯৩

২৭-৩৩

(১ চাহ চামুচ=৫ মিলিলিটাৰ)

মৌ পালনঃ

সৰিয়হৰ ইতৰ পৰাগসংযোগী শস্য। সৰিয়হৰ পৰাগসংযোগৰ ক্ষেত্ৰত মৌ-মাখিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সেয়েহে সৰিয়হৰ খেতিডৰাৰ লগতে মৌ-পালন কৰিলে সৰিয়হৰ উতপাদন বৃদ্ধি পোৱাৰ লগতে মৌ জোলৰ জৰিয়তেও উপাৰ্জনৰ পথ মুকলি হয়।

শস্য চপোৱাঃ

সৰিয়হৰ ৭৫-৮০ শতাংশ ছেই হালধীয়া বৰণৰ হ’লেই সৰিয়হ চপাব লাগে।

সৰিয়হ খেতিভিত্তিক শস্যক্ৰম

এডৰা মাটিত সৰিয়হ খেতি কৰাৰ উপৰিও বছৰটোৰ বিভিন্ন সময়ত সেই একেডৰা মাটিত অইন খেতি কৰিলে কৃষক ৰাইজৰ উপাৰ্জন নিশ্চিতভাৱে বৃদ্ধি পায়। মাটিৰ অৱস্থান আৰু গঠন বিশেষে সৰিয়হ খেতিভিত্তিক বিভিন্ন শস্যক্ৰম এনেধৰণৰঃ

১) ওখ মাটিঃ

ক) গ্ৰীষ্মকালীন মগুমাহ (ফেব্ৰুৱাৰী/মাৰ্চ-এপ্ৰিল/মে’)-সৰিয়হ (অক্টোৱৰ/নৱেম্বৰ-ফেব্ৰুৱাৰী)

(ব্ৰক্ষ্মপুত্ৰ উপত্যকাৰ উত্তৰ মণ্ডলৰ বাবে)

২) মধ্যমীয়া/মধ্যমীয়াভাৱে দ মাটিঃ

ক) হ্ৰস্ব কৃষিকালযুক্ত শালিধান (জুন-অক্টোৱৰ)- সৰিয়হ (অক্টোৱৰ/নৱেম্বৰ-ফেব্ৰুৱাৰী) (ব্ৰক্ষ্মপুত্ৰ উপত্যকাৰ উজনি মণ্ডলৰ বাবে)

খ) গ্ৰীষ্মকালীন মগুমাহ (ফেব্ৰুৱাৰীৰ মাজভাগৰ পৰা মে’ মাহৰ প্ৰথম ভাগ)-সৰিয়হ (অক্টোৱৰ/নৱেম্বৰ-জানুৱাৰী/ফেব্ৰুৱাৰী) (ব্ৰক্ষ্মপুত্ৰ উপত্যকাৰ উত্তৰ মণ্ডলৰ বাবে)

গ) মৰাপাট (মাৰ্চ-জুন)-সৰিয়হ (অক্টোৱৰ/নৱেম্বৰ-জানুৱাৰী/ফেব্ৰুৱাৰী) (ব্ৰক্ষ্মপুত্ৰ উপত্যকাৰ মধ্য মণ্ডলৰ বাবে)

ঘ) মগুমাহ (ফেব্ৰুৱাৰীৰ মাজভাগৰ পৰা মে’ মাহৰ প্ৰথম ভাগ)-ৰোৱা শালি (জুলাই/আগষ্ট-অক্টোৱৰ/নৱেম্বৰ) -সৰিয়হ(নৱেম্বৰ-ফেব্ৰুৱাৰী) (ব্ৰক্ষ্মপুত্ৰ উপত্যকাৰ নামনি মণ্ডলৰ বাবে)

ৰোৱা আগতীয়া আহুধান (মাৰ্চ/জুলাই)-ৰোৱা শালি (জুলাই/আগষ্ট-অক্টোৱৰ/নৱেম্বৰ)

বানাক্ৰান্ত অঞ্চলৰ বাবেঃ

ক) গ্ৰীষ্মকালীন শাক-পাচলি (ফেব্ৰুৱাৰী-মে’)-পলমকৈ (আগষ্টৰ শেষভাগ-নৱেম্বৰ)-আলু (ডিচেম্বৰ-ফেব্ৰুৱাৰী)

উৎসঃ কৃষি বিভাগ,অসম

শেহতীয়া উন্নীতকৰণ: : 5/9/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate