অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

হালধি :

হালধিৰ বিষয়ে লিখা হৈছে ।

হালধি বাণিজ্যিক দিশত যথেষ্ট গুৰুত্বপূৰ্ণ এবিধ উদ্ভিদ। ইয়াক ব্যঞ্জনাদিত মচলা হিচাপে ব্যৱহাৰ কৰাৰ উপৰি কেঁচা হালধি ৰং দিয়া, ঔষধ প্ৰস্তুতকৰণ, প্ৰসাধন আদিত ব্যৱহাৰ হয়।

এই খেতিবিধৰ বাবে বৰষুণৰ প্ৰয়োজন বেছি যদিও কম বৰষুণ হোৱা অঞ্চলসমূহত পানীৰ যোগান ধৰিও ইয়াৰ খেতি কৰিব পাৰি। ভৈয়াম অঞ্চলৰপৰা ৪০০০ ফুট ওখ পাহাৰীয়া অঞ্চলতো হালধিৰ খেতি কৰিব পাৰি।

এই খেতিটোৰ কৃষি পদ্ধতি এনেধৰণৰ-

মাটি -

হালধি খেতিৰ কাৰণ গৰম আৰু সেমেকা জলবায়ুয়েই ভাল। এই খেতিত পাতল ছাঁ পৰা হ’ব লাগে। হালধি খেতিত যথেষ্ট পানীৰ প্ৰয়োজন যদিও পানী বন্ধ নোহোৱা আলতীয়া বোকা আৰু জৈৱিক সাৰ থকা পলসুৱা-বালিচহীয়া মাটি উত্তম।

এই খেতিয়ে বছৰটো জুৰি মাটি আবদ্ধ কৰি ৰাখে কাৰণে খুউব কম মাটিতহে এই খেতি কৰা দেখা যায়।

জাত -

  • শ্বিলং টাইপ,
  • টল ক্ল’ন,
  • চি এল-২৪,
  • পি টি এছ-৩৮,
  • পি চি টি-১৩ আৰু
  • ভি কে-১৪৫।

ৰোৱাৰ সময়:

এপ্ৰিল-মে’ মাহ।

মাটি প্ৰস্তুতকৰণ -

মাটিডৰা ৪-৫ বাৰ হাল বাই, মৈয়াই মিহি কৰি ল’ব লাগে। মাটি বেছি বালিচহীয়া হ’লে তাত কিছু আলতীয়া আৰু পলসুৱা মাটি আৰু বেছি আলতীয়া হ’লে তেনে মাটিত কিছু পৰিমাণে বালি মিহলাই ল’ব লাগে।

হাল বাই চহ কৰাৰ পিছতে ভেটি কৰি পানী ওলাই যাব পৰাৰ ব্যৱস্থা কৰিব লাগে।

সাৰ প্ৰয়োগ -

বিঘাই প্ৰতি ৩ টন পচন সাৰ বা পথৰুৱা সাৰ, ৯ কিলোগ্ৰাম ইউৰিয়া, ১৮ কিলোগ্ৰাম ছুপাৰ ফছফেট আৰু ১৫ কিলোগ্ৰাম মিউৰিট অব পটাছ সাৰ প্ৰয়োগ কৰাৰ প্ৰয়োজন। পটাছ সাৰৰ আধাভাগ আৰু ছুপাৰ ফছফেট সাৰখিনি পচন সাৰৰ লগত মাটি চাহ কৰা সময়ত প্ৰয়োগ কৰিব লাগে। ইউৰিয়া সাৰৰ আধা অংশ আৰু পটাছ সাৰৰ বাকী আধা অংশ ৰোৱাৰ তিনি মাহৰ পিছত প্ৰথমবাৰ মাটি চপাই দিয়াৰ সময়ত গছৰ কাষে কাষে প্ৰয়োগ কৰিব লাগে। ৰোৱাৰ চাৰি মাহ পিছত বাকী আধা অংশ ইউৰিয়া একেদৰে প্ৰয়োগ কৰিব লাগে।

বীজৰ পৰিমাণ -

বিঘাই প্ৰতি ২,৫০-৩ কুইন্টল মূলৰ প্ৰয়োজন।

ৰোৱা পদ্ধতি:

চাহ কৰি লোৱা মাটিখিনিত ৪৬ ছেন্টিমিটাৰ আঁতৰে আঁতৰে ভেটি কৰি ২৩ ছেন্টিমিটাৰ আঁতৰে আঁতৰে ১০ ছেন্টিমিটাৰ দ’ত গজালি ওলাবলৈ ধৰা হালধিৰ গাঁঠিবোৰ ৰুব লাগে। ৰোৱাৰ পিছত মাটিত জীপ ৰাখিবৰ বাবে কেঁচা পাত, খেৰ বা নৰা জাপি দিব লাগে। ৰোৱাৰ পিছত মাটিত জীপ ৰাখিবৰ বাবে কেঁচা পাত, খেৰ বা নৰা জাপি দিব লাগে। ৰোৱাৰ ৪০ দিন পিছত আকৌ এবাৰ জাপ দিব লাগে।

প্ৰতিপালন -

গজালি ওলাই অলপ ডাঙৰ হোৱাৰ লগে লগে দুয়োকাষে মাটি চপাই দিব লাগে। মাজে-সময়ে কোৰ মাৰি বন-বাতবোৰ চিকুনাই দিব লাগে।

চপোৱা:

ৰোৱাৰ ৭-৮ মাহ পিছতেই গছবোৰ পূৰঠ হৈ পাতবোৰ শুকাবলৈ ধৰে। তেতিয়া হালধি খান্দি উঠাবৰ হয়। উঠোৱাৰ পিছতে মূলবোৰ পৰিষ্কাৰ পানীত ধুই এদিন শুকাবলৈ লাগে। তাৰ পিছত পানীত সিজাই কোমল কৰি ১০-১৫ দিন ৰ’দত শুকাব লাগে।

উৎপাদন:

বিঘাই প্ৰতি ৩২০-৪০০ কিলোগ্ৰাম উৎপাদন হয়।

লেখক: প্ৰবোধ চন্দ্ৰ শৰ্মা

2.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
সম্পৰ্কীয় সামগ্ৰীসমূহ
অধিক ...
Back to top