মূল পৃষ্ঠা / কৃষি / অসমৰ খেতিসমূহ / ১০১ বিধ শাক-পাচলি আৰু ইয়াৰ গুণাগুণ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

১০১ বিধ শাক-পাচলি আৰু ইয়াৰ গুণাগুণ :

১০১ বিধ শাক-পাচলি আৰু ইয়াৰ গুণাগুণৰ বিষয়ে লিখা হৈছে ।

অসমত পুৰণি কালৰ পৰা গৰু বিহুৰ দিনা ১০১ বিধ শাক- পাচলি খোৱাৰ পৰম্পৰা চলি আহিছে। এই শাক-পাচলিৰ ভাজিখনে যে কেৱল খাবলৈহে সোৱাদ হয় তেনে নহয়, ইয়াৰ অনেক ঔসধি গুণো আছে। স্বাস্থ্যৰ পক্ষে অতি লাভদায়ক। প্ৰাকৃতিকভাৱেই অসমত বিভিন্ন গছ-গছনি, গুল্ম, লতা, ফলমুল, শাক-পাচলি আদি পোৱা যায়। ইয়াৰে অধিকাংশৰে ঔষধি গুণ আছে। সেইবাবেই আমাৰ পুৰ্বপুৰুষসকলে এইবোৰক খাদ্য হিচাপে গ্ৰহণ কৰি আহিছে। গৰু বিহুৰ দিনা ৰাতি ভাতৰ লগত এই এশ এবিধ শাক-পাচলি খোৱাৰ পৰম্পৰা আছে যদিও স্থান আৰু ইয়াৰ লভ্যত অনুসৰি মানুহে ইয়াৰ কিছু সালসলনিও নকৰা নহয়। চহৰ অঞ্চলত আজিকালি ১০১ বিধ শাক-পাত পাবলৈ নাথাকে বুলি কিছুমানে সাতবিধ শাকেৰে ‘সাতশাকী’, আকৌ কোনোৱে বিযোৰ সংখ্যাত যোমানেই শাক সংগ্ৰহ কৰিব পাৰে সিমান প্ৰকাৰৰ শাক সংগ্ৰহ কৰি ৰাতিৰ সাঁজত খায়। কোনো ঠাইত ব’হাগৰ ৭ দিন যাওঁতে এনেদৰে শাক তুলি খোৱাৰ পৰম্পৰা আছে। ঠাইবিশেষে ইয়াকো সাতশাকী বোলে। ঠাইভেদে শাক-পাত-পাচলিবোৰৰ নামবোৰ বিভিন্ন হয় যদিও অলপ যত্ন কৰিলেই আমি তাৰ গ্ৰহণযোগ্য আভাস এটা পাব পাৰো। ‘নানা মুনিৰ নানা মত’ হোৱাৰ দৰে অৱশ্যে ই ইয়াৰ স্বকীয়তা হেৰুওৱা নাই। আজোকোপতি ধৰি চলি অহা ১০১ বিধ শাক- পাতৰ নামবোৰ জানো আহকচোন।

১) সৰু মানিমুনি

২) বৰ মানিমুনি

৩) মাটিকাদুৰি

৪)লাইজাবৰি

৫) মছন্দৰী

৬) কেহেৰাজ

৭) পনৌনৌৱা বা পুনৰ্ণৱা

৮) শুকলতি

৯) ঢেঁকীয়ালতি

১০) টংলতি

১১) ভোমলতি

১২) কেৰেলালতি

১৩) বৰ টেঙেচি

১৪) সৰু টেঙেচি

১৫) শিলকচু

১৬) ওলকচু

১৭) দহিকচু

১৮) তেলীকচু

১৯) পানীকচু

২০) ল বৰুৱা

২১) টিকনী বৰুৱা

২২) বনজালুক

২৩) বন তিয়ঁহ

২৪) বনখুতৰা

২৫) তিতাকেৰেলা

২৬) ভাতকেৰেলা

২৭) টাটী কেৰেলা

২৮) বৰবেঙেনা

২৯) খৰুৱা বেঙেনা

৩০) কোটাহী বেঙেনা

৩১) মিঠামৰা

৩২)তিতামৰা

৩৩) টেঙামৰা

৩৪) চেংমৰা

৩৫) নৰসিংহ

৩৬)ভেদাইলতা

৩৭) তিতাফুল

৩৮) লেহেতী

৩৯) জিলমিল

৪০) চুটিয়া

৪১) লফা

৪২) তৰা গঁজালি

৪৩) দোৰোণ বা দ্ৰোণ

৪৪) তিতাবাহক

৪৫) মেচাকী মেজেঙা

৪৬) নেফাফু

৪৭) মেটেকা

৪৮) লাচকচি

৪৯) তিতাকচি

৫০) ভেকুৰি

৫১) হাতী ভেকুৰি

৫২) উৰহী

৫৩) হাতী উৰহি

৫৪) বৰপুৰৈ

৫৫) ৰঙাপুৰৈ

৫৬) সৰুপুৰৈ

৫৭) ঢেঁকীয়া

৫৮) কপৌ ঢেঁকীয়া

৫৯) ভোটমলা

৬০) বেঁতগাঁজ

৬১) ঔটেঙা

৬২) নলটেঙা

৬৩) ৰঙালাউ

৬৪)জাতিলাউ

৬৫) মাঠুকঠুকা

৬৬) বাঘ আঁচোৰা

৬৭) মধুসোলেং

৬৮) দুপৰীয়া টেঙা

৬৯) ভীমৰাজ বন

৭০) বিহলঙনী

৭১) খুতৰা

৭২) হাতী খুতৰা

৭৩) কলমৌ

৭৪) মনোৱা

৭৫) হাঁচিয়তী

৭৬) বন তুলসী

৭৭) লাই

৭৮) লফা

৭৯) পালেং

৮০) বাবৰি

৮১) চুকা

৮২) তুবুকীলতা

৮৩) ভেবেলীলতা

৮৪) মুলা

৮৫) ঢেৰুৱা

৮৬) মেমেধু

৮৭) বালি বাবৰি

৮৮) মালভোগ বন

৮৯) ঢেপাইতিতা

৯০) মহানিম

৯১) বৰবিলাহী

৯২) সৰু বিলাহী

৯৩) পাতিসোন্দা

৯৪) উৰিয়াম

৯৫) মজ

৯৬) মদাৰ

৯৭) মধুৰি

৯৮) কটাৰী ডবুৱা মাহ

৯৯) জেতুলীপকা

১০০) কাঠআলু

১০১) পদিনা

লেখিকা: পুৰ্বাণী গোস্বামী (নন্দিনী)

 

3.025
ৰিতু সোনোৱাল Jul 16, 2019 09:10 AM

মাননীয় বাইদেউ !
মোৰ ওচৰত ইয়াৰে ৬০% শাক আছে বাকীবোৰ মই ক'ৰ পৰা সঙ্গহ কৰিব পাৰিম জনাবনেকি । মই ঘৰতে ৰুপন কৰি ৰাখিম বুলি ভাবিছো আৰু অসমীয়া স্কুল-কলেজ বোৰৰ ছাত্ৰ-ছাত্ৰী বোৰক প্ৰজেক কামত সুবিধা সুৱাত সহায় কৰিম বুলি ভাবিছো ।

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top