অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কাঠফুলাৰ বিষয়ে জানো আহক

কাঠফুলাৰ বিষয়ে জানো আহক

 

সাধাৰণতে, প্ৰাকৃতিক অৱস্থাত খাদ্যৰ উপযুক্ত আৰু বিষাক্ত দুই ধৰণৰ কাঠফুলাই উপলব্ধ হয়৷ অতি বিষাক্ত কাঠফুলা বুলিলে,- এমেনিটা ফেলইডচ আৰু এমেনিটা মাস্কাৰীয়া আদিক বুজা যায়৷ অচিনাক্ত কাঠফুলা হাবি-জংগলৰ পৰা যধে-মধে সংগ্ৰহ কৰি ভক্ষণ কৰি বহুলোকৰ প্ৰাণহানি পৰ্যন্ত হোৱাৰ বাতৰি পোৱা যায়৷ আপাতদৃষ্টিত প্ৰাকৃতিক পৰিবেশত গজি উঠা কাঠফুলাক চিনাক্তকৰণ অতি জটিল৷ স্মৰ্তব্য যে,- বিষাক্ত কাঠফুলাৰ ওপৰৰ টুপিৰ ৩০ গ্ৰাম কাঠফুলাইও এজন লোকৰ প্ৰাণ লব পাৰে৷
এমেনিটা প্ৰজাতিৰ কাঠফুলা অসমৰ বনাঞ্চলত মাৰ্চ-এপ্ৰিল মাহত গজে৷ ইয়াত এমাটক্সিন আৰু ফেল’টক্সিন নামৰ দুবিধ বিষাক্ত পদাৰ্থ থাকে৷ ই যকৃত আৰু বৃক্কত বিষক্ৰিয়া কৰাৰ বাবে ৭২ ঘন্টাৰ ভিতৰতে পেটৰ বিষ, ডায়েৰিয়া, বমি আদিত ভুগি ৰোগী মৃত্যুৰ মুখত পৰে৷ আনহাতে, বৈজ্ঞানিকভাৱে উৎপাদন কৰা কাঠফুলা নিৰাপদ৷ সেয়েহে সুস্বাদু, প্ৰটিনযুক্ত কাঠফুলা ঘৰতে গজাই, ৰান্ধি খাই জুতি লব লাগে৷ 

অংগ সংস্থানৰ ওপৰত ভিত্তি কৰি বিষাক্ত কাঠফুলাৰ চিনাক্তকৰণ পদ্ধতিঃ


(ক) বিষাক্ত কাঠফুলাৰ ঠাৰি ডালৰ একেবাৰে তলৰ ফালে ভলভা নামৰ বাটি বা কাপ আকৃতিৰ এটা অংশ থাকে৷ সুক্ষ্ম পৰ্যবেক্ষণৰ দ্বাৰাহে এই অংগটো ধৰিব পাৰি৷
(খ) টুপিৰ তলত স্কাৰ্টৰ দৰে এটা বহল আঙুঠিয়ে কাঠফুলাৰ ঠাৰিডালক আৱৰি থাকে৷
(গ) কাঠফুলাৰ টুপিটোৰ তলপিঠিত থকা সীৰলু বা গিলবোৰ বগা বৰণৰ ৷
(ঘ) বিষাক্ত কাঠফুলাবোৰ এপাহকৈ বা একেলগে দুপাহকৈ গজা দেখা যায়৷

অংগ সংস্থানৰ ওপৰত ভিত্তি কৰি খাদ্যোপযোগী কাঠফুলাৰ চিনাক্তকৰণ পদ্ধতিঃ


বিষাক্ত কাঠফুলাত থকাৰ দৰে বাটি আৰু আঙুঠি খাদ্যোপযোগী কাঠফুলাৰ একেপাহতে নাথাকে৷ যিকোনো এবিধহে, যেনে,- কেৱল ভলভা (ধান খেৰ কাঠফুলা) বা কেৱল আঙুঠিহে (বাটন বা বুটাম কাঠফুলা) থাকে৷ নতুবা দুয়োবিধেই নাথাকে (সাগৰীয় শামুকীয় বা অয়ষ্টাৰ কাঠফুলা আৰু মিল্কি কাঠফুলা)৷

বিষাক্ত আৰু খাদ্যোপযোগী কাঠফুলাৰ চিনাক্তকৰণৰ থলুৱা পদ্ধতিঃ


(ক) কাঠফুলা তিয়াই থোৱা পানীত যদি টোকোৰা-টোকোৰিকৈ কটা বেঙেনাৰ কেইচকল মান বা ফুল ডুবাই ৰাখিলে কলা বৰণীয়া হৈ পৰে৷
(খ) নিমখীয়া পানীত যদি কাঠফুলা তিয়াই ৰাখিলে কলা বৰণীয়া হয় তেন্তে ই বিষাক্ত৷
(গ) নহৰু কেইফুটামানৰ সৈতে কাঠফুলা তিয়াই ৰাখিলে যদি নহৰুৰ বৰণ কলা বৰণীয়া হৈ পৰে, তেন্তে ই বিষাক্ত৷
(ঘ) বিষাক্ত কাঠফুলাৰ আঞ্জা বা তৰকাৰিত মিহলোৱা পিঁয়াজ আৰু বেঙেনাৰ স্বাভাবিক ৰং পৰিৱৰ্তন হৈ কলা হৈ পৰে৷
(ঙ) বিষাক্ত কাঠফুলাৰ আঞ্জা বা তৰকাৰিত ৰূপ বা তামৰ সামগ্ৰী দিলে ৰং পৰিৱৰ্তন হৈ কলা হৈ পৰে৷
(চ) বিষাক্ত কাঠফুলাৰ সংস্পৰ্শত এঁৱা গাখীৰ গোট মাৰি দৈলৈ পৰিৱৰ্তিত হয়৷

 

 

 

 

 

 

 

 

লিখকৰ পৰিচয়ঃ

ৰুদ্র নাৰায়ণ বৰকাকতি

পতংগতত্ব বিশেষজ্ঞ, কৃষি বিজ্ঞান কেন্দ্র, গোলাঘাট

অসম কৃষি বিশ্ববিদ্যালয়

শেহতীয়া উন্নীতকৰণ: : 3/27/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate