মূল পৃষ্ঠা / কৃষি / মীণ পালন / অধিক উৎপাদন পাবলৈ মীনপালন পুখুৰীৰ পৰা জলজ অপতৃণ নিয়ন্ত্ৰণ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অধিক উৎপাদন পাবলৈ মীনপালন পুখুৰীৰ পৰা জলজ অপতৃণ নিয়ন্ত্ৰণ

অধিক উৎপাদন পাবলৈ মীনপালন পুখুৰীৰ পৰা জলজ অপতৃণ নিয়ন্ত্ৰণ, সেই বিষয়ে লিখা হৈছে ।

 

জলজ উদ্ভিদ বুলিলে আমি সাধাৰণতে পানীত গজা উদ্ভিদকে বুজো। এই জলজ উদ্ভিদবোৰ যেতিয়া পুখুৰীত অনাৱশ্যকীয়ভাৱে তথা অতিপাত হাৰত বৃদ্ধি হৈ পানীৰ ভৌতিক আৰু ৰাসায়নিক গুণসমূহ বিনষ্ট কৰি মীনপালনত বিশেষ প্ৰতিবন্ধকতাৰ সৃষ্টি কৰে তেতিয়া এই উদ্ভিদবোৰক জলজ অপতৃণ বুলি কোৱা হয়। গ্ৰীষ্ম আৰু উপ-গ্ৰীষ্ম মণ্ডলৰ জলভাগত সূৰ্যৰ তীব্ৰতা আৰু পানীৰ উষ্ণতা অধিক হোৱা হেতুকে অপতৃণসমূহ অতি কম সময়ৰ ভিতৰত বংশ বিস্তাৰ কৰি দ্ৰুত গতিত বৃদ্ধি হয় আৰু গোটেই জলভাগতে এক গভীৰ সমস্যাৰ সৃষ্টি কৰে। আমাৰ দেশত নদ-নদী, খাল-বিল, পৰিত্যক্ত জলাশয়, হ্ৰদ আদিত বিভিন্ন ধৰণৰ অপতৃণৰ উপস্থিতিয়ে প্ৰত্যক্ষ বা পৰোক্ষভাৱে অত্যন্ত ক্ষতিসাধন কৰি আহিছে। এটা সমীক্ষাৰ পৰা জনা গৈছে যে ভাৰতবৰ্ষৰ মীনপালনৰ বাবে উপযোগী হৈ থকা প্ৰায় ১০ লাখ হেক্টৰ অন্তৰ্দেশীয় পানীকালৰ প্ৰায় ৪০ শতাংশতে জলজ অপতৃণৰ উপদ্ৰৱে মাছৰ উৎপাদন যথেষ্ট হ্ৰাস কৰিছে। অসমতো বিভিন্ন প্ৰাকৃতিক বা কৃত্ৰিম জলাশয়বোৰত দ্ৰুত গতিত বাঢ়ি অহা জলজ অপতৃণবোৰৰ উপস্থিতিয়ে এই জলাশয়বোৰ মীনপালনৰ বাবে অনুপযোগী কৰি তুলিছে। অসমৰ জলাশয়বোৰত সচৰাচৰ দেখা পোৱা জলজ অপতৃণবোৰ যেনে- পানী মেটেকা, ভেট, পদুম, পুনী, কলমৌ, পিষ্টিয়া, এজ’লা আদিয়ে জলাশয়ত পালন কৰা মাছৰ যথেষ্ট ক্ষতিসাধন কৰে-

১) অপতৃণসমূহে জলাশয়ৰ সূৰ্যৰ ৰশ্মি ভেদ কৰাত বাধাৰ সৃষ্টি কৰে আৰু জৈৱিক পদাৰ্থৰ উৎপাদন হ্ৰাস কৰে।

২) অপতৃণসমূহে জলাশয়ৰ পানী আৰু মাটি উভয়ৰে পৰা পোষক দ্ৰব্যসমূহ আহৰণ কৰে, ফলস্বৰুপে জলাশয়ৰ মুঠ পোষক দ্ৰব্যৰ পৰিমণ কমি যায়।

৩) পানীৰ গুণৰ অৱনতি ঘটায়-দ্ৰৱীভূত অম্লজানৰ পৰিমাণ দ্ৰুতহাৰত কমাই দিয়ে।

৪) জলজ অপতৃণবোৰে প্ৰচ্ছেদনৰ দ্বাৰা জলাশয়ৰ পানীৰ বাষ্পীভৱনৰ হাৰ বৃদ্ধি কৰে আৰু পানীৰ পৰিমাণ লাহে লাহে হ্ৰাস কৰে।

৫) অত্যধিক মাত্ৰাত অপতৃণ থাকিলে ই মাছবোৰৰ বাস কৰা ঠাইৰ পৰিমাণ কমায়, পানীৰ গতি ৰোধ কৰে আৰু জালৰ সহায়ত মাছ ধৰা কাৰ্যত অসুবিধাৰ সৃষ্টি কৰে।

গতিকে মাছপালন পুখুৰীত জলজ অপতৃণৰ অতিচাৰ বৃদ্ধি হোৱা পৰিলক্ষিত হ’লেই সেইবোৰ নিৰ্মূল বা নিয়ন্ত্ৰণ কৰা অতি প্ৰয়োজন। জলজ অপতৃণৰ দৰে পুখুৰীত উদ্ভিদ প্লৱকৰ পৰিমাণ অতিপাত বৃদ্ধি হ’লে পুখুৰীত থকা মাছৰ কাৰণে ই বৰ অন্যায় কাৰক হ’ব পাৰে। কিয়নো ইয়াৰ প্ৰভাৱত পুখুৰীৰ পানীৰ উপৰিভাগত শেলুৱৈৰ দৰে চামনি পৰি এখন আৱৰণ সৃষ্টি কৰে যাক ব্লুম (Bloom)বুলি কোৱা হয়। শেলুৱৈৰ পৰিমাণ বৃদ্ধি হ’লে ইয়াৰ আৱৰণে সূৰ্যৰ ৰশ্মি পুখুৰীত গভীৰ অংশলৈ ভেদ কৰাত বাধাৰ সৃষ্টি কৰে। তদুপৰি এই চামনিয়ে পানীৰ ভৌত ৰাসায়নিক গুণৰো অৱনতি ঘটায়। কেতিয়াবা এইবোৰে পানীৰ বৰণ সলনি কৰাৰ উপৰি বেয়া গোন্ধৰ সৃষ্টি কৰে। কিছুমান শেলুৱৈ দিনৰ ভাগত পুখুৰীৰ উপৰিভাগ বৰণ ৰঙচুৱা আৰু লাহে লাহে সন্ধিয়াৰ ফাললৈ সেউজীয়া ৰঙৰ হয়। সাধাৰণতে পানীত দ্ৰৱীভূত হৈ থকা অজৈৱ পদাৰ্থ যেনে- নাইট্ৰেট আৰু ফছফেট মাত্ৰাধিক পৰিমাণত থাকিলে আৰু জৈৱ কাৰ্বনৰ পৰিমাণ অধিক হ’লে শেলুৱৈৰ অতিচাৰ বৃদ্ধি হয়।

পুখুৰীত অতিমাত্ৰাত শেলুৱৈ হৈ আৱৰণ সৃষ্টি কৰিলে যিকোনো ধৰণৰ সাৰ প্ৰয়োগ বন্ধ ৰাখিব লাগে। আঁঠুৱা জাল ঘনাই মাৰি পুখুৰীৰ উপৰিভাগৰ পৰা শেলুৱৈ আঁতৰ কৰিব লাগে। ছিলভাৰকাৰ্প মাছে এনে ধৰণৰ শেলুৱৈ খাদ্যৰুপে গ্ৰহণ কৰে বাবে শেলুৱৈ থকা পুখুৰীত অতিৰিক্ত হাৰত ছিলভাৰকাৰ্প মেলি কিছু পৰিমাণে হ’লেও শেলুৱৈৰ সমস্যা দূৰ কৰিব পাৰি। শেহতীয়াকৈ De-odorence  নামৰ জুলীয়া ঔষধবিধ প্ৰতিবিঘা পানীকালিত ১০০ মি: লি: পৰিমাণত ব্যৱহাৰ কৰিলে পুখুৰীত শেলুৱৈ নিয়ন্ত্ৰণ হয়। ১০ লিটাৰ পানীত ১০০ মি: লি: De-odorence    মিহলাই প্ৰতি বিঘা পানীকালিৰ পুখুৰীৰ উপৰিভাগত ছটিয়াই দিলে শেলুৱৈৰ অতিচাৰ বৃদ্ধি হ্ৰাস হয় আৰু পানী বীজাণুমুক্ত হয়।

উৎস: অসমীয়া খবৰ

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top