মূল পৃষ্ঠা / কৃষি / মীণ পালন / অসমীয়া সমাজ-সংস্কৃতিত মাছ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অসমীয়া সমাজ-সংস্কৃতিত মাছ

অসমীয়া সমাজ-সংস্কৃতিত মাছ

চাৰি ভাগৰ তিনি ভাগেই আবৃত হৈ থকা আমাৰ পৃথিৱীখনৰ জলভাগত প্ৰায় ২২০০০টা প্ৰজাতিৰ মাছ পোৱা যায়। নদ-নদী, বিল-জলাশয়, আদি প্ৰকৃতি প্ৰদত্ত নীলাভ জলৰাশীৰে বিস্তৃত আমাৰ ৰাজ্যখনো মীন সম্পদৰ প্ৰাচুৰ্যৰে ভৰপূৰ। অসম তথা উত্তৰ পূৰ্বাঞ্চলক পৃথিৱীৰ অলৱণীয় পানীৰ মৎস্য বিবিধতাৰ অন্যতম হট স্পট বুলি অভিহিত কৰা হয়। বৰ্তমানলৈ ৰাজ্যখনত ১০ টা বৰ্গৰ, ৩৭ টা গোত্ৰৰ, ১০৪ বিধ গণৰ মুঠ ২১৬ টা মৎস্য প্ৰজাতি নথিভুক্ত আছে। পুষ্টিকৰ খাদ্য হিচাপেও মাছ অতি গুৰুত্বপূৰ্ণ। মাছত মানৱ শৰীৰৰ পৰিপুষ্টিৰ বাবে প্ৰয়োজনীয় সকলোখিনি খাদ্যপ্ৰাণেই অতি সুষম অৱস্থাত থাকে। প্ৰতি কিলোগ্ৰাম মাছৰ পৰা পোৱা কেল’ৰী শক্তি আন সকলো প্ৰ’টিনজাত খাদ্যতকৈ যথেষ্ট বেছি। তদুপৰি ক্ম পৰিমাণৰ স্ংযোগী কলা আৰু চৰ্বীৰ কম গলনাংকৰ বাবে ই সহজতে হজম হয়। সেয়েহে লৰা বুঢ়া, ডেকা, শিশু, গৰ্ভৱতী মহিলা, ৰোগী সকলোৰে বাবে মাছ অতি উতকৃষ্ট খাদ্য। স্বাদ, চাহিদা, অৰ্থনৈতিক গুৰুত্ব আদিৰ দিশৰ পৰাও মাছৰ তুলনা  নাই। পুষ্টিকৰ খাদ্য হিচাপে আমাৰ আমিষ ভোজনত মাছে এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি অহাৰ উপৰি অসমীয়া সমাজ-স্ংস্কৃতিতো মাছ ওত:প্ৰোতভাৱে জড়িত। সভা-সমিতি, মাংগলিক অনুষ্ঠান, বিয়া-সবাহ-অন্নপ্ৰাসন, জন্মোৎসৱ, প্ৰেতকৰ্ম, অতিথি আপ্যায়ন আদি অনুষ্ঠান মাছবিহীনিভাৱে ভাৱিব নোৱাৰি। অসমীয়া ৰীতি-নীতি ,আচাৰ বিশ্বাস, গীত-মাত, ধৰ্ম সংস্কাৰ, সাধু উপমা, ফকৰা যোজনা, সাঁথৰ-প্ৰবচন, খেল-ধেমালি, আনন্দ বিশ্ৰাম আদি সকলোতে মাছৰ সবল উপস্থিতি কোনেও উলাই কৰিব নোৱাৰে।

অসমৰ প্ৰায় ভাগ জনসাধাৰণৰে মাছ প্ৰিয় খাদ্য। নিজে খোৱাৰ উপৰি আনক মাছ খুৱায়ো অসমীয়া মানুহে ভাল পায়। ল’ৰা সন্তান উপজিলে বা আন শুভ কামত ওচৰ -চুবুৰীয়া, ইষ্ট কুটুম্বক মাছ বিলাই গৃহস্থই পৰম আনন্দবোধ কৰে। বিয়াৰ জোৰণত দৰাঘৰে কইনা ঘৰক মাছ দি্য়াটো এটা আনন্দদায়ক মুহুৰ্ত। অসমীয়া ৰান্ধনিৰ হাতৰ পৰশত বিধে বিধে প্ৰস্তুত কৰা মৎস্য ব্যঞ্জনে মৰততে অমৃতৰ ৰুপ লয়। বিশেষকৈ টেঙা দি প্ৰস্তুত কৰা মাছৰ আঞ্জাখনৰ স্বাদেই সুকীয়া। ৰৌ, বৰালি, বাহু আদি ডাঙৰ জাতৰ মাছেই হওক বা পুঠি-ডৰিকনা, বৰিয়াল আদি সৰু জাতৰ মাছেই হওক অসমীয়া ৰান্ধনীয়ে তেতেলী, মধুসোলেং, টেঙেচি, চুকা, থেকেৰা, কৰ্দ্দৈ, বিলাহী আদিৰে ৰন্ধা মাছৰ টেঙাখনৰ সোৱাদ সচাকৈয়ে অতুলনীয়। আকৌ বিভিন্ন ধৰণে ভাজি খাৰৰ সৈতে, পুৰি, পিটিকি, চৰচৰি কৰি, খৰিকাত দি, শুকতি কৰি বিভিন্ন ব্যঞ্জনেৰে অসমীয়া মানুহে মাছৰ জুতি লয়। মাছক লৈ যে কত  ধৰণৰ জুতি। খোৰোলা খোৰল খুঁতুৰাৰ সৈতে নতুনকৈ ওলোৱা কোমল ঔটেঙা আৰু জীয়া গৰৈ মাছৰ আঞ্জা, দুদিন ৰ’দোৱা উখোৱা চাউলৰ ভাতৰ সৈতে লফা শাক আৰু আৰি মাছৰ আঞ্জা, কণী হোৱা কৱৈৰ সৈতে কোমল নৰসিংহ পাতৰ জোল, ভেডাইলতা পাতৰ সৈতে শিঙি মাছৰ জোল, মূলাৰ সৈতে শ’ল মাছ, পোৰা গৰৈ মাছৰ সৈতে আলু পিটিকা, জালুক দি ৰন্ধা কচু থোৰৰ লগত মাছৰ মূৰৰ আঞ্জা, অমিতা ফুলৰ সৈতে শুকান মাছৰ চাটনি, সৰিয়হৰ সৈতে চিতল মাছৰ কোলঠি আদি নানা ধৰণৰ জিভা পিছলোৱা ব্যঞ্জন, ডাকৰ বচনতো মাছৰ ব্যঞ্জন আৰু ৰন্ধন সম্পৰ্কে আমোদজনক উল্লেখ আছে।

পূৰৈ শাক ৰোহিত মাছ।

ডাকে বোলে সেহি ব্যঞ্জন সাঁচ।।

কাৱৈ মাছক কচি কাটিয়া।

হালধি মৰিষ তৈলে ভাজিয়া।।

ওলট-পালট কৰিয়া পিঠি ।

খাই পাইবা তেবেসে মিষ্টি।।

পকা তেতেলি বুঢ়া বৰালি।

বিস্তৰ কৰিয়া দিবাহা জালি।।

বাঢ়ি দিবাহা টেঙা জোল।

খাইবাৰ বেলা মুণ্ড নোতোল।

মাছৰ লগতে মাছৰ পেটুও সমানেই উপাদেয়। মাছৰ পেটু ভাত দুটামান সহ জালুক, জলকীয়াৰে তেলত ভাজি প্ৰস্তুত কৰা প্ৰকৰণৰ সোৱাদেই অনন্য। মাছৰ পেটু পিঠাগুৰিত সানি পাতত দি খাবলৈও সোৱাদ লগা। মাছৰ আঞ্জাৰ সোৱাদৰ কথা বৰ্ণাব গৈ ডাকেও কৈছে—

‘মাছে গৰকা আঞ্জা খাবা।

শাহুৱে গৰকা বোৱাৰী বাবা।।

অসমীয়া গৃহিণী, বোৱাৰি আৰু মাছৰ ব্যঞ্জন প্ৰস্তুতৰ লগত জড়িত প্ৰাস্ংগিক বিভিন্ন কথা-বতৰা ডাকৰ বচনত পোৱা যায়। যেনে—

‘চেঙা-চেঙেলীৰ জমিৰৰ ৰসে।

কাহুদি দিয়া জেবে পৰিছে।।’

ইলিচ, চিতল, শ’ল আদিৰ ৰন্ধন প্ৰকৰণ সম্পৰ্কে ডাকে কৈছে—

‘ইলিছ মাছক বাছি কুটিয়া ।

ত্ৰিকুট দিয়া তৈলে ভজিয়া।।

কচ বচ চিতলৰ আদখান।

নেমু লোণ দি বুজি পৰিমাণ।।

কচে বচে বেসুৱাৰি শৌলে মূলে স্ংগে।

ডৰিকে বেংগনে আড়িমাছত পালংগ।।

খাদ্যৰ উপৰি মাছ ধৰাক কেন্দ্ৰ কৰি জড়িত হৈ আছে বিভিন্ন কৰ্ম-ঘটনা, চিন্তা-চৰ্চা, সুখ-আনন্দ, আৱেগ-অনুভুতি ইত্যাদি। বিয়া বাৰুৰ ক্ষেত্ৰতো ল’ৰা-ছোৱলীৰ উপযুক্ততা বিচাৰ কৰা হৈছিল মাছমৰীয়া ৰুপটোত। ডাকেও কয়—

‘আহু চাবা গধুলি

শালি চাবা পুৱা।

জাকৈ বাওঁতে ছোৱালী চাবা

কোন কেনেকুৱা।।’

অৰ্থাৎ জাকৈ মাৰোতেই ছোৱালীজনীৰ উন্মুক্ত আৰু কাজী ৰুপটো ওলাই পৰে। মাছক লৈ আছে বিভিন্ন উপমা, ফকৰা যোজনা, সাঁথৰ-প্ৰবচন ইত্যাদি। যেনে—অতি চতুৰ বুজাবলৈ ‘সাত ঘাটৰ চেঙেলী’, ‘মাছৰ তেলেৰে মাছ ভজা’, উপদেশ দিবলৈ ‘অধিক মাছত বগলী কণা’, উদৰ সাত পুৰুষ গ’ল কেঁচা মাছ খাই’ ইত্যাদি। ধুনীয়া বুজাবলৈ ‘পাভ মাছৰ দৰে’, আজলী বুজাবলৈ ‘ভেদেলী মাছৰ নিচিনা’, ক’লাও নহয় বগাও নহয় বুজাবলৈ ‘মাগুৰ বৰণীয়া’, শেঁতা বুজাবলৈ ‘মৰা মাছৰ চকুৰ দৰে’ ইত্যাদি ইত্যাদি। মাছক লৈ ৰচিত হৈছে অনেক বিহুগীত, খুহুটীয়া গীত। বিয়া নাম, যোৰা নাম আদি। এইবোৰত মাছৰ সোৱাদ, জুতি আৰু ৰুপ-লাৱণ্যৰ লগত প্ৰেমিক-প্ৰেমিকাৰ তুলনামুলক বৰ্ণনা পোৱা যায়। যেনে—

‘দীঘলী বজাৰৰ পাভ মাছ আনিলো

খৰিচা দিয়ে ৰান্ধো

খাবৰে পৰত তোলৈ মনত পৰে

ভাতৰ পাতত বহি কান্দো।’

আকৌ-

‘নয়া নদীৰ নয়া কুল

মাগুৰ মাছৰ বিলাহী জোল

মাধুৰী ধানেৰে ভাতে ঐ আইতা

নাখাইনো কেনেকৈ থাকো।’

আকৌ—

‘তোমাৰে দেহাটি পদুমৰ পাহি যেন

মাণিকী মাধুৰী হাঁহি।

তোমাৰ মুখখন মালি মাছৰ নিচিনা

বালি মাছৰ নিচিনা চুলি।’

তেনেদৰে-

‘জাকি মাৰি ওলালে

মোৱা মাছ এজাকি

জাকি মাৰি ওলালে তৰা

আমাৰে নাচনী জাকি মাৰি ওলালে

সমাজৰ মাজৰে পৰা।’

বনঘোষাসমূহ যৌৱনৰ গীত। অৰ্থাৎ প্ৰেম-পিৰীতিৰো গীত। বনঘোষাৰ প্ৰেমৰ সুৰৰ মাজত সোমাই আছে প্ৰেমিক প্ৰেমিকাৰ জীৱনৰ ৰাগ, অনুৰাগ আৰু পূৰ্বৰাগ। বনঘোষাসমূহত মাছক যৌৱনা গাভৰু আৰু মাছ ধৰাক প্ৰেমৰ প্ৰতীক হিচাপে গ্ৰহণ কৰা হয়।

‘মাছ হোৱা হ’লে পৰিলোহেঁতেন গৈ

তোমাৰে খেৱালি জালত।’

মানুহৰ শাৰীৰিক সৌন্দৰ্য আৰু প্ৰকৃতিৰ সৌন্দৰ্যৰ ৰিজনিতেই বিভিন্ন উপমাবোৰ সজীৱ হৈছে। মাছক দাম্পত্য সম্প্ৰীতিৰ আধাৰৰুপেও কল্পনা কৰা হয়। সেয়েহে এনেদৰে কৈছে—

‘কাকডোঙাৰ বৰালি

ডেৰছোৱাৰ বৰালি

কেনেকৈ মিহলি হ’ল

আমি নেঘেৰিয়াল

তুমি যোৰহটীয়া

তেনেকৈ চিনাকি হ’ল’।

ডেকা-গাভৰুৱে ইজনে সিজনক ঠাট্টা-মস্কৰা কৰোতেও মাছৰ উপমা দিয়ে। শিপিনীক জোকাবলৈ ডেকাই যোৰে—

‘আমাৰ শিপিনীয়ে

হাঁচতি যাচিছে

মোৱা মাছ ধৰিব ভাল।

ডেও দি সাৰিলে

দেও ডঁৰিকনা

লুটি মাৰি সাৰিলে শাল

কিনো চেলেংখন

দিলা অ’ আইদেউ

জাল মাৰিবলৈ ভাল।

ভোগ দৈ নৈত পাভ মাছ উজালে

দিখৌ নৈত উজালে নাৰ

মোক নিব খোজ

তয়ে হেৰ পিলিঙা

কিমান ধন ভাঙিব পাৰ।’

মাছক অসমীয়া সমাজৰ সৌভাগ্যৰ প্ৰতীক বুলি ধৰা হয়। সেয়েহে অসমীয়া মহিলাই গমোচা, চাদৰ, মেখেলা আদিত মাছৰ চানেকী তোলে। চিত্ৰকৰে ঘৰত মাছৰ ছবি আঁকে। বাস্তুশাস্ত্ৰমতেও দুৱাৰমুখৰ বাওঁফালে একুৰিয়ামত মাছ ৰখাটো ম্ংগলদায়ক। যাত্ৰাৰম্ভ কৰোতে মাছ দেখিলে যাত্ৰা শুভ হয় বুলি বিশ্বৰ প্ৰায়বোৰ লোকেই বিশ্বাস কৰে।

মাছ প্ৰজনন, লিংগ ভ্ৰুণ আৰু মংগলৰো প্ৰতীক। এনে প্ৰতীকী অৰ্থৰ বাবে লোকবিশ্বাস আৰু  লোক-স্ংস্কৃতিৰ লগত মাছ ওত:প্ৰোতভাৱে জড়িত। বিভিন্ন স্ংস্কাৰমূলক অনুষ্ঠান, যেনে—গৰ্ভধাৰণকৃত্য, নৱজাতকৰ নামকৰণ, বিয়া-সবাহ, শ্ৰাদ্ধ, অন্নপ্ৰাসন, চূড়াকৰণ, উপনয়ন, প্ৰেতকৰ্ম আদিতো মাছে এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আহিছে। মৃতকৰ ইষ্ট-কুটুম্বই অশৌচ ভাঙি মাছেৰে সৈতে এসাজ খাই ‘জ্ঞাতি লগ লয়’ অৰ্থাৎ নিৰামিষ ব্ৰত নিজেও ভংগ কৰে আৰু ৰাইজকো এসাঁজ খুৱায়। অসমীয়া মানুহে গ্ৰহৰ দোষ খণ্ডাবলৈও মাছ ব্যৱহাৰ কৰে। শনি গ্ৰহৰ দোষ খন্দাবলৈ প্ৰতি শনিবাৰে গৰৈ মাছ পুৰি খোৱাৰ নিয়ম আছে। ৰাহুৰ দোষ খণ্ডাবলৈ আকৌ ৰঙিয়াল মাছেৰে ব্ৰাহ্মণক খুৱায়। দেৱ-দেৱীৰ পূজা-পাৰ্বণতো মাছ উছৰ্গা কৰাৰ নিয়ম  আছে। হাজোৰ দেৱালয়ত উদ্‌যাপিত মৎস্য ধ্বজ পূজাত মাছ বলি দিয়া হয়। কামাখ্যা মন্দিৰত জীয়া ৰৌ মাছ বলি দিয়া হয় আৰু কালী পূজাত অন্যান্য বলিৰ লগতে এহাল জীয়া মাগুৰ মাছ বলি দিয়া হয়। অসমীয়া গ্ৰাম্য জনসাধৰণৰ কৃষি উৎসৱতো মাছৰ সবল উপস্থিতি লক্ষ্য কৰা যায়। উজনি অসমৰ কোনো কোনো ঠাইত ‘লখিমী আদৰা’ উৎসৱত তিৰোতা মানুহে বিল বা পুখুৰীত জাকৈ বায়। জাকৈত উঠা জাবৰ-জোঁথৰ আৰু মাছ তুলি আনি বেদীত উৎসৰ্গা কৰে আৰু তাৰ পিছত ভঁৰাল নাইবা শস্যৰ পথাৰত ছটিয়াই দিয়ে। উদ্দেশ্য মাছৰ দ্ৰুত বংশ বৃদ্ধিৰ দৰে পথাৰখনো শস্যৰে নদন-বদন হওক।

অসমীয়া সমাজৰ মন্ত্ৰ, ঔষধ, গালি-শপনি আদিৰ লগতে বিভিন্ন জনবিশ্বাসতো মাছৰ গুৰুত্ব দেখা যায়। মাছৰ শুকান কাইট আৰু মূৰ ঘৰৰ চালত থ’লে ভূত-প্ৰেত নাহে বুলি বিশ্বাস আছে। চ’ত মাহত পুঠি মাছৰ কণী খালে ৰোগাক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে বুলি কোৱা হয়। মাছ খাই গাখীৰ খালে বাত বেমাৰ হয় বুলি কয়। কাতি মাহত চেঙেলী মাছ খালে শ্লেমা হয়। শাওণ মাহত বৰালি মাছ খালে ৰোগে আমনি কৰিব পাৰে বুলি কোৱা হয়। অসমীয়া সমাজে মাছ অপদেৱতাৰো প্ৰিয় বুলি ভাবে হেতুকে বৃহৎ জলাশয়ত অপদেৱতা থাকে বুলি বিশ্বাস কৰে। বিশ্বাস মতে, শেষ ৰাতিৰ সপোনত মাছ ধৰা দেখিলে বিয়াৰ আগজাননী, বগা বাকলি থকা মাছ দেখিলে ঘৰলৈ টকা-পইচা অহা, ক’লা মাছ দেখিলে অশুভ লক্ষণ ইত্যাদি। মাছক লৈ সৃষ্টি হৈছে বিভিন্ন ঠাইৰ নাম, যেনে—ৰৌমাৰী, চিতলমাৰী, গৰৈমাৰী আদি। ঔষধ হিচাপেও অতীজৰে পৰা মাছ অতি গুৰুত্বপূৰ্ণ হিচাপে পৰিলক্ষিত হয়। নিশা টোপনিত প্ৰসাৱ কৰা শিশুক পানীমুতুৰা মাছ খাবলৈ দিয়া হয়। স্ত্ৰীৰোগত বিভিন্ন ক্ষেত্ৰত দিয়া হয় ডঁৰিকনা মাছ। দৃষ্টিশক্তি বৃদ্ধি কৰিবলৈ মোৱা জাতীয় মাছ আৰু ৰৌ মাছৰ পেটু খুওৱা হয়। ৰৌ মাছৰ পিত্তত চাউল থৈ পিত্তটো শুকোৱাৰ পিছত সেই চাউল খালে পিত্ত আৰু কৃমি নাশ হয়। পুঠিমাছৰ মূৰ ঘিউত ভাজি খালে বীৰ্য বাঢ়ে বুলি বিশ্বাস আছে। বসন্ত ওলালে মোৱা মাছ আৰু চেঙেলী মাছৰ ভৰণ দিয়া কথাটো আই নামত উল্লেখ আছে।

‘মোৱা মাছ পকনি কলডিল শুকনি

আয়ে ভোজন বুলি লয়।’

শুকনিৰ বাবে মাগুৰ মাছ কলডিলৰ লগত ভাজি খুওৱা হয়। সৰু ল’ৰা ছোৱালিৰ ঘা লাগিলে চেঙেলি পুৰি খুওৱা হয়।

তদুপৰি মাছ ধৰা, মাছ মৰা অভিজ্ঞতাসমূহো অতি আনন্দদায়ক আৰু নষ্টালজিক। অতীজৰে পৰা মানুহে খোৱাৰ উপৰি মাছ ধৰি, মাছ চাই, মাছৰ লগত খেলি ভাল পায়। তাৰ আলমত বিভিন্ন সময়ত গঢ়ি উঠিছে মীন ভিত্তিক বিনোদন। বৰশী বোৱা ইয়াৰ এটা উপাদেয় অংগ। পিঠিয়া বা মহাছিৰ মাছক কোৱা হয় জলক্ৰীড়াৰ অধিপতি অৰ্থাৎ King of game fish। আজি সমগ্ৰ বিশ্বতে দ্ৰুতগতিত প্ৰসাৰ ঘটা তথা বাণিজ্যিক সম্ভাৱনাৰ বিশেষ থল থকা এখন ক্ষেত্ৰ হৈছে আলংকৰিক মীন পালন। কেৱল ৰ্ংচঙীয়া আৰু বহুৰঙী মাছেই যে আলংকাৰিক—কথাটো তেনে নহয়। কেতবোৰ নিৰ্দিষ্ট মাছৰ দৈহিক গঠন, খাদ্যাভ্যাস, খাদ্যগ্ৰহন, চাল-চলন, অভিলক্ষণ, দুৰ্বলতা আদিও যথেষ্ট আকৰ্ষণীয়। তেনে দৃষ্টিকোণেৰে আন্তৰ্জাতিক আলংকাৰিক মৎস্য বজাৰত আমাৰ খলিহনা, পুঠি, পানীমুতুৰা, গ্ংগাটোপ, বটিয়া, তোৰা, বৰিয়লা, বামি, শিঙৰা, কান্ধুলি, মাগুৰ, শিঙি আদি উচ্চ চাহিদা সম্পন্ন জনপ্ৰিয় মাছ।

অনস্বীকাৰ্য যে প্ৰকৃতিৰ ওপৰত মানৱ সভত্যাৰ অহৈতুকী কুঠাৰঘজাট, প্ৰাকৃতিক ভৰসাম্যহিনতা, দ্ৰুত নগৰীকৰণ, যান্ত্ৰিক সভত্যাৰ বহিৰ্প্ৰকাশ, উদ্যোগীকৰণ, জলভূমিৰ অৱক্ষয়, প্ৰাকৃতিক দুৰ্যোগ আদি বিভিন্ন কাৰণৰ বাবে মৎস্যকুল স্ংৰক্ষণৰ ওপৰত যথাযথ গুৰুত্ব আৰোপ কৰি আমি হাতে-কামে ব্যৱস্থা গ্ৰহনৰ সময় সমাগত।

শেহত, কবি মহিম বৰাৰ কবিতাৰ প্ংক্তিৰেই সামৰিছো-

‘সোণালী, ৰুপালী মাছ, নীলা, বেঙুনীয়া মাছ

জন্মেৰে ৰঙীণ মাছ, ৰঙেৰে ৰঙীণ মাছ

অজস্ৰ মৃত্যুৰ

চেপা, খোকা, পল, দলভাত

ঘাটজাল, খেৱালি, ঘিলাধাৰী নৈৰ বুকুত

তথাপি অমৰ।’

লেখক: ধ্ৰুৱজ্যোতি শৰ্মা, মীন সঞ্চালকালয়ৰ বিষয়া।

2.98181818182
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top