মূল পৃষ্ঠা / কৃষি / মীণ পালন / আলংকাৰিক মাছৰ কথা আলোচনা কৰো আহক-
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আলংকাৰিক মাছৰ কথা আলোচনা কৰো আহক-

পোৱালি দিয়া বিদেশী আলংকাৰিক মাছঃ মলিঃ মলি এবিধ শান্ত প্ৰকৃতিৰ গ্ৰীষ্মপ্ৰধান মাছ। যদিও এইবিধ মাছ সাধাৰণ পানীত থাকিব পাৰে, তথাপি অলপ লুণীয়া পানীত থাকিবলৈ ভাল পায়। মলি মাছৰ বিভিন্ন প্ৰজাতিৰ বজাৰত পোৱা যায়। কিছুমান জনপ্ৰিয় প্ৰজাতি হ’ল- ব্লেক মলি, মিকি মাউছ মলি, বেলুন মলি। এইবিধ মাছৰ গাৰ ৰং কমলা, সেউজীয়া আৰু ক’লা হয়। মলি মাছ ২-৮ ইঞ্চি ডাঙৰ হয় আৰু বজাৰত উপলব্ধ সকলো আলংকাৰিক মাছৰ খাদ্যই খায়। মলি মাছৰ জীৱনকাল ৩-৪ বছৰ হয়।

 

পোৱালি দিয়া বিদেশী আলংকাৰিক মাছঃ

মলিঃ মলি এবিধ শান্ত প্ৰকৃতিৰ গ্ৰীষ্মপ্ৰধান মাছ। যদিও এইবিধ মাছ সাধাৰণ পানীত থাকিব পাৰে, তথাপি অলপ লুণীয়া পানীত থাকিবলৈ ভাল পায়। মলি মাছৰ বিভিন্ন প্ৰজাতিৰ বজাৰত পোৱা যায়। কিছুমান জনপ্ৰিয় প্ৰজাতি হ’ল- ব্লেক মলি, মিকি মাউছ মলি, বেলুন মলি। এইবিধ মাছৰ গাৰ ৰং কমলা, সেউজীয়া আৰু ক’লা হয়। মলি মাছ ২-৮ ইঞ্চি ডাঙৰ হয় আৰু বজাৰত উপলব্ধ সকলো আলংকাৰিক মাছৰ খাদ্যই খায়। মলি মাছৰ জীৱনকাল ৩-৪ বছৰ হয়।

গাপ্পীঃ গাপ্পী সাধাৰণ পানীৰ একুৱাৰিয়ামত ৰাখিব পৰা এবিধ জনপ্ৰিয় মাছ। এইবিধ মাছৰ মতা মাছবোৰ মাইকী মাছতকৈ অধিক ৰঙীণ, ফিছাখন ডাঙৰ আৰু বিভিন্ন প্ৰকৃতিৰ হয়। মধ্য আমেৰিকাৰ স্থানীয় মাছ গাপ্পী মাছবোৰ পাঁচ ছেণ্টিমিটাৰলৈকে ডাঙৰ হয় আৰু ইহঁত ৩-৫ বছৰমান জীয়াই থাকে। পানীৰ ঊৰ্ধ্বাংশত থাকি ভালপোৱা গাপ্পী মাছৰ অতি প্ৰিয় খাদ্য হ’ল মহৰ পলু।

ছ’ৰ্ড টেইলঃ এইবিধ মাছ (বিশেষকৈ মতা মাছৰ) ফিছাখন দীঘল আৰু দেখাত তৰোৱালৰ দৰে হোৱা বাবে ইহঁতক ‘ছ’ৰ্ড টেইল’ বুলি কোৱা হয়।

ছ’ৰ্ড টেইলঃ যথেষ্ট কষ্টসহিষ্ণু মাছ আৰু যিকোনো পৰিৱেশত খাপ খাব পাৰে। ১০ ছেণ্টিমিটাৰলৈকে দীঘল হোৱা এইবিধ মাছ ৩-৫ বছৰমান জীয়াই থাকে। মধ্য আমেৰিকাৰ স্থানীয় মাছ এইবিধ মাছৰ গাৰ বৰণৰ ওপৰত ভিত্তি কৰি ইহঁতৰ বিভিন্ন প্ৰজাতিৰ বজাৰত পোৱা যায়। যেনে- ৰঙা ছ’ৰ্ড টেইল, ক’লা ছ’ৰ্ড টেইল, নিয়ন ছ’ৰ্ড টেইল, ভেলভেট ছ’ৰ্ড টেইল ইত্যাদি। বজাৰত উপলব্ধ সকলো খাদ্যই গ্ৰহণ কৰা এইবিধ মাছৰ প্ৰিয় খাদ্য হল ব্ৰাইনমিশ্ৰম আৰু ব্লাড ৱৰ্ম। সাধাৰণতে জাক পাতি থাকি ভালপোৱা এই জনপ্ৰিয় মাছবিধৰো মাইকীটোতকৈ মতাটো অধিৰ ৰঙীন।

প্লেটিঃ প্লেটি মাছটো কিছু থোপোকা আৰু ইয়াৰ পৃষ্ঠীয় পাখি বেছ আকৰ্ষণীয়। ইয়াৰো কেইবাটাও ৰং আছে যদিও ৰঙচুৱা ঈষৎ ক’লা ৰঙৰ মাছবিধ অধিক জনপ্ৰিয়। প্লেটি মাছবিধ ৩-৪ ইঞ্চি দীঘল হয় আৰু জীৱনকাল দুবছৰ।

কণী পাৰি পোৱালি জগোৱা বিদেশী আলংকাৰিক মাছ-

কণী ফুটি পোৱালি জগা বিদেশী আলংকাৰিক মাছৰ ভিতৰত অসমত চাহিদা থকা মাছবোৰ হ’ল- এঞ্জেল ফিছ, গ’ল্ড ফিছ, গৰামি, কোইকাৰ্প, ডিছকাছ আৰু বিভিন্ন ধৰণৰ বাৰ্ব, যেনে- ৰ’জি বাৰ্ব, টাইগাৰ বাৰ্ব আৰু এৰোৱানা, নিয়ন টেট্ৰা, বেটা ইত্যাদি।

এঞ্জেল ফিছঃ আমাজন নদীৰ স্থানীয় মাছ, দেখিবলৈ চেপেটা ধৰণৰ আৰু পৃষ্ঠীয় আৰু পুচ্ছ পাখি দীঘলীয়া আৰু মনোমোহা এঞ্জেল মাছ স্থানীয় বজাৰত আটাইতকৈ সমাদৰ লাভ কৰা এঞ্জেল মাছ। সাধাৰণতে এইবোৰ মাছ টেঙেচীয়া (PH ৬.০-৬.৫) পানীত প্ৰজনন কৰে বাবে অসমৰ জলবায়ু আৰু পানীৰ গুণাগুণত এঞ্জেল মাছে সহজে নিজকে খাপ খুৱাই ল’ব পাৰিছে। শান্ত প্ৰকৃতিৰ আৰু সকলো ধৰণৰ আলংকাৰিক মাছৰ খাদ্য গ্ৰহণ কৰা এইবিধ মাছৰ গাৰ বৰণ ক’লা, এলবিনো, ৰূপালী, সোণালী আদি হোৱা দেখা যায়। পানীৰ উষ্ণতা ২০ ডিগ্ৰী চেলচিয়াছতকৈ কম হ’লে এইবিধ মাছ ৰাখিবলৈ একুৱাৰিয়ামত হিটাৰৰ ব্যৱহাৰ অতিকৈ আৱশ্যকীয়।

গ’ল্ড ফিছঃ গ’ল্ড ফিছ হ’ল একুৱাৰিয়ামৰ মাছৰ ৰজা। এইবিধ মাছৰ আকৰ্ষণীয় ৰং, মুখৰ ধৰণ, পাখিৰ বৈচিত্ৰ্য আদিৰ উপৰি যিকোনো পৰিৱেশতে নিজকে খাপ খুৱাই ল’ব পৰা গুণৰ বাবে বজাৰত অধিক জনপ্ৰিয়। গ’ল্ড ফিছ প্ৰায় ৩০ ছেণ্টিমিটাৰলৈকে দীঘল হয় আৰু ইহঁতৰ আয়ুস ১৫ বছৰ। প্ৰায় ১০০ বিধমান গ’ল্ড ফিছ বজাৰত পোৱা যায় যদিও অসমৰ বজাৰত ৬-৭ বিধ গ’ল্ড ফিছ জনপ্ৰিয়। ইয়াৰ প্ৰকাৰ হ’ল- লায়ন হেড, ওৰাণ্ডা, বাবল আই, পম্পন, চুভানকিন, ভিলটেইল ইত্যাদি।

লায়ন হেড গ’ল্ড ফিছৰ মুখখন সিংহৰ নিচিনা, পাখিবোৰ দীঘল আৰু মনোমোহা। ওৰাণ্ডা নামৰ গ’ল্ড ফিছ মাছটো লায়ন হেড আৰু ভিলটেইলৰ লগত সংমিশ্ৰণ কৰি ৰখা মাছ। দুবছৰ পাছতহে এই মাছৰ প্ৰকৃত ৰূপটো ওলায় বাবে এইবিধ মাছ কিছু ব্যয়বহুল।

বাবল আই নামৰ গ’ল্ড ফিছবিধৰ চকুত উপৰঞ্চি এটা তৰপ থাকে। পুচ্ছ পাখি দুতৰপীয়া। এইবিধ মাছৰ চকুৰ বৈশিষ্ট্যৰ বাবে অতি জনপ্ৰিয়।

পম্পন গ’ল্ড ফিছবোৰ পৃষ্ঠীয় আৰু পুচ্ছ পাখিৰ বৈচিত্ৰ্য থকা আকৰ্ষণীয় ৰঙৰ বাবে অতি জনপ্ৰিয়।

ছুভানকিন গ’ল্ড ফিছৰ পুচ্ছ পাখি এতৰপীয়া যদিও পুচ্ছ পাখি যথেষ্ট বহল আৰু মনোমোহা। ৰঙা, ক’লা আৰু আকাশী ৰঙৰ ছুভানকিন গ’ল্ড ফিছ বজাৰত পোৱা যায়।

গৰামিঃ চেপেটা আকৃতিৰ কাৱৈ মাছটোৰ লেখীয়া গৰামি মাছবিধো বেছ জনপ্ৰিয়। গৰামি কেইবাধৰণৰ আছে যদিও নীলা গৰামি আৰু সোণালী গৰামিৰ জনপ্ৰিয়তা বেছি। গৰামিৰ গাত সৰু সৰু কেইবাটাও ফেঁটি থাকে। সচলভাৱে একুৱাৰিয়ামত ঘূৰি ফুৰা গৰামিৰ জীৱনকাল ২-৩ বছৰ। একুৱাৰিয়ামৰ যিকোনো কৃত্ৰিম খাদ্য এইবিধ মাছে গ্ৰহণ কৰে।

কোইকাৰ্পঃ কমন পাৰ্কৰ দৰে দৈহিক গঠনৰ পখৰা আকৃতিৰ কোই কাৰ্প এবিধ বিদেশী জনপ্ৰিয় আলংকাৰিক মাছ। এইবিধ মাছ ৩০ ছেণ্টিমিটাৰলৈকে দীঘল হয় আৰু ক’লা, বগা, ৰঙা আৰু মুগা ৰঙৰ সংমিশ্ৰণত দেখিবলৈ ধুনীয়া হয়।

ডিছকাছঃ ঘূৰণীয়া আকৃতিৰ ডিছকাছ মাছবিধ ডিছএখনৰ দৰে দেখি বাবে ইয়াক ডিছকাছ ফিছ বুলি কোৱা হয়। নীলা আৰু ঈষৎ সেউজীয়া মূৰটোৰে এইবিধ মাছৰ গাৰ বৰণ ৰঙা আৰু মুগা। মহৰ পলু, কেঁচু আৰু ব্ৰাইন মিশ্ৰ আদি এইবিধ মাছৰ প্ৰধান খাদ্য।

তদুপৰি পুঠি মাছৰ দৰে আকৃতিৰ বিভিন্ন ৰঙচঙীয়া ৰ’জী বাৰ্ব আৰু বাঘৰ দৰে ক’লা পটি থকা টাইগাৰ বাৰ্ব, নিয়ন লাইটৰ দৰে উজ্জ্বল নিয়ন টেট্ৰা আদি বিদেশী আলংকাৰিক মাছৰ একুৱাৰিয়ামত ৰখাৰ বাবে উত্তম চাহিদা আছে। নিজৰ ৰঙৰ উপৰি একেলগে খাদ্য খোৱা আৰু এটা থুপ বান্ধি থকা বাবে এইবোৰ মাছৰ জনপ্ৰিয়তা বেছি। এইসমূহ মাছ পানীৰ যিকোনো গুণাগুণতে নিজকে খাপ খুৱাই ল’ব পাৰে আৰু যিকোনো কৃত্ৰিম খাদ্য গ্ৰহণ কৰে। একুৱাৰিয়ামত ৰখা আন এবিধ উল্লেখযোগ্য মাছ হ’ল বেটা। এইবিধ মাছক ফাইটিং মাছ বুলিও জনা যায়। সাধাৰণতে মতা বেটাটো অত্যন্ত ধুনীয়া বাবে বেছ জনপ্ৰিয়। কিন্তু আচৰিত যে দুটা মতা বেটা ফিছ একেটা একুৱাৰিয়ামত ৰাখিলে সিহঁতৰ মাজত কাজিয়া হয় আৰু সেই দৃশ্য একুৱাৰিয়ামপ্ৰেমীসকলৰ উপভোগৰ কাৰণ হয়। পুচ্ছৰ পাখিৰ বৈশিষ্ট্য এইবিধ মাছৰ আকৰ্ষণৰ  মূল।

অসমৰ বিদেশী আলংকাৰিক মাছৰ ভিতৰত জনপ্ৰিয় আন এবিধ মাছ হ’ল এৰোৱানা। চেপেটা আকৃতিৰ দীঘলীয়া এইবিধ মাছ মাংসাহাৰী। অকলে একুৱাৰিয়ামত ৰাখিব লগা এই এৰোৱানা মাছৰ প্ৰিয় খাদ্য হ’ল সৰু সৰু মাছ আৰু পোক-পৰুৱা।

তদুপৰি ৰুচিভেদে পেৰাডাইজ ফিছ, ৰাজহাঁহৰ মুখৰ দৰে গুজ ফিছ আদি অসমৰ বজাৰত একুৱাৰিয়ামপ্ৰেমীসকলে বিচাৰে যদিও এইবোৰ মাছৰ দাম অধিক বাবে বজাৰত উপলব্ধ নহয়।

(উৎস- অসমীয়া খবৰ)।

3.16
মুকুলেশ ডেকা Dec 16, 2016 10:40 PM

বেয়া নাপাব, কিন্তু ইয়াত থকা কথাখিনি গুগলত পোৱাই যায়। তাতকৈ, অসমৰ ক'ত ক'ত বিভিন্ন প্ৰকাৰৰ মাছ উপলব্ধ সেয়া উল্লেখ কৰিলে আলংকাৰিক মৎস্যপালক আৰু একুৱাৰিয়ামৰ চৌখিন গ্ৰাহক, দুয়োপক্ষই অধিক উপকৃত হ'ব।

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top