মূল পৃষ্ঠা / কৃষি / মীণ পালন / আলংকাৰিক মীনপালনৰ ক্ষেত্ৰখন
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আলংকাৰিক মীনপালনৰ ক্ষেত্ৰখন

যুৱচামৰ বাবেও হ’ব পাৰে সংস্থাপনৰ ক্ষেত্ৰ পাৰ্থৰথী হাজৰিকা নামৰ উদ্যমী লোকজনক চিনি নোপোৱা মানুহ নগাঁৱত

আলংকাৰিক মীনপালনৰ ক্ষেত্ৰখন যুৱচামৰ বাবেও হ’ব পাৰে সংস্থাপনৰ ক্ষেত্ৰ

আলংকাৰিক মীনপালনৰ নিদৰ্শন দেখুৱা নগাঁৱ জিলাৰ পাৰ্থৰথী হাজৰিকা

পাৰ্থৰথী হাজৰিকা নামৰ উদ্যমী লোকজনক চিনি নোপোৱা মানুহ নগাঁৱত হয়তো কমেই ওলাব| আজি যিয়ে এইজন তৰুণ মীন উদ্যোগীক পৰিচিত আৰু প্ৰতিষ্ঠিত কৰি তুলিছে, সেই কামটোকে ১৯ বছৰ পূৰ্বে আৰম্ভ কৰিবলৈ লৈ পিছে চৰম অনিশ্চয়তাত ভুগিছিল পাৰ্থৰথী হাজৰিকাই| ‘ঔদ্যোগিক মীন আৰু মীন পালন’ বিষয়ত বিজ্ঞান স্নাতক পাঠ্যক্ৰম সমাপ্ত কৰি চাকৰিৰ বাবে চেষ্টা চলোৱাৰ পৰিৱৰ্তে নগাঁৱত এখন দোকান খুলিছিল তেওঁ| দোকানৰ নাম দিছিল ‘একুৱাৰিয়াম মিৰাকল’| কলকাতাৰ পৰা আলংকাৰিক মাছ আনি দোকান খনত বিক্ৰী কৰিবলৈ লৈছিল তেওঁ| মাছৰ খাদ্য, আলংকাৰিক উদ্ভিদ আদি দোকান খনত ৰখাৰ লগতে নিজাকৈ একুৱাৰিয়াম প্ৰস্তুত কৰি বিক্ৰী কৰিছিল হাজৰিকাই| পিছে কলকাতাৰ পৰা মাছ আনি অসমত বিক্ৰী কৰাটো তেনেই সহজ নহয়| খৰচো বহুত, তাতে মাছ মৰেও| লোকচান পূৰণ কৰিবলৈ হাজৰিকাই ঘৰতে সৰুকৈ এটা পোনা উৎপাদন কেন্দ্ৰ পাতিলে| গোলড্‌ফিছ, কাৰ্প, লাইফ-বীয়েৰাৰ আদি কেইটামান প্ৰজাতিৰ মাছ তাত তেওঁ নিজাকৈ উৎপাদনৰ কাম আৰম্ভ কৰিলে| প্ৰতি তিনি মাহত দুহেজাৰমান মাছ উৎপাদন কৰি বছৰি প্ৰায় ৮ ৰ পৰা ১০ হাজাৰ মাছ উৎপাদন কৰিবলৈ সক্ষম হ’ল হাজৰিকা| এইখিনি উৎপাদন আৰু নিজৰ দোকান খনেৰে হাজৰিকাৰ ব্যৱসায় সুন্দৰকৈ ঠন ধৰি উঠিবলৈ ধৰিলে| পিছে কেৱল নিজকে প্ৰতিষ্ঠা কৰিয়েই আলংকাৰিক মাছৰ ব্যৱসায় সীমাবদ্ধ নাৰাখিলে তেওঁ| অসমত প্ৰচুৰ সম্ভাৱনা থকা এই দিশটোৰ প্ৰতি নিজৰ অঞ্চলৰ উঠি অহা আন যুৱক যুৱতী সকলকো আকৰ্ষিত কৰিবলৈ ব্যৱসায় বহলোৱাৰ জৰিয়তে এক পদক্ষেপ হাতত ল’লে পাৰ্থৰথী হাজৰিকাই| ২০১৪ চ্নত ধিঙত থকা তেওঁৰ পৈতৃক গৃহত এটা ডাঙৰ মীন প্ৰজনন কেন্দ্ৰ মুকলি কৰিলে| বছৰি ৫০ হাজাৰ পৰ্যন্ত পোনা উৎপাদন কৰিব পৰা এই কেন্দ্ৰটো স্থাপনৰ ক্ষেত্ৰত হাজৰিকাক সহায় কৰা ৰহা মীন বিদ্যালয় আৰু ড° বিনোদ কলিতাৰ তত্বাবধানতে তেওঁ নগাঁও আৰু ধিং অঞ্চলত আলংকাৰিক মাছ পালন আৰু উৎপাদন বিষয়ক প্ৰশিক্ষণো দিবলৈ আৰম্ভ কৰে| হাজৰিকাৰ নিজৰ উৎপাদন কেন্দ্ৰতে ছজনকৈ কৰ্মচাৰীয়ে জীৱিকাৰ উপায় বিচাৰি পাইছে| আনহাতে, তেওঁৰ অধীনতে ২৬ জন পুৰুষ আৰু ২০ গৰাকী মহিলা উদ্যমীয়ে আলংকাৰিক মাছ উৎপাদন আৰু পালনৰ প্ৰশিক্ষণ গ্ৰহণ কৰি স্বাৱলম্বী হোৱাৰ প্ৰয়াস কৰিছে| স্থানীয় যুৱক-যুৱতী, মহিলা-পুৰুষক আলংকাৰিক মাছৰ উদ্যোগটোৰ সৈতে জড়িত কৰোৱাৰ পদক্ষেপ লোৱাৰ আগতে থলুৱা মাছৰ বিকাশতো গুৰুত্ব দিছে হাজৰিকাই| ইতিমধ্যে দুবিধ থলুৱা মাছ- পুঠি আৰু খলিহনাৰ বাসস্থানিক প্ৰজনন কৰিছে তেওঁ|

আলংকাৰিক মাছ পালন বা উৎপাদনক কেৱল এক ব্যৱসায় হিচাপে নলৈ এক উদ্যমিতাৰ মূল হিচাপে লোৱা হাজৰিকাক সপোনটো আৰু ডাঙৰকৈ দেখিবলৈ শিকাইছে কেন্দ্ৰীয় অন্তৰ্দেশীয় মীন গৱেষণা প্ৰতিষ্ঠানৰ গুৱাহাটী আঞ্চলিক কেন্দ্ৰই| ২৯৬ টাকৈ মাছৰ প্ৰজাতিৰে সমৃদ্ধ উত্তৰ-পূৰ্বাঞ্চলত আলংকাৰিক মাছৰ উদ্যোগটোৰ সম্ভাৱনীয়তাক বিকশিত কৰি তোলাৰ উদ্দেশ্যে উদ্যমিতা বিকাশৰ নানান পদক্ষেপ লোৱা কেন্দ্ৰটোৱে অলপতে গুৱাহাটীত অনুষ্ঠিত কৰিছিল উত্তৰ-পূৰ্বাঞ্চলৰ আলংকাৰিক মৎস্য ক্ষেত্ৰৰ বিকাশ সম্পৰ্কে এখন তিনিদিনীয়া কৰ্মশালা| মিজোৰাম, নাগালেণ্ড, মেঘালয়, ত্ৰিপুৰা, মণিপুৰ আৰু অসমৰ শতাধিক পুৰুষ-মহিলা, যুৱক-যুৱতী| আলংকাৰিক মৎস্য পালনৰ ক্ষেত্ৰ খনত দক্ষতা বিকাশৰ এই কৰ্মশালা খনত তেওঁলোকক আলংকাৰিক মাছ পালনৰ লগতে আনুষংগিক বিভিন্ন দিশৰ প্ৰশিক্ষণ দিয়া হৈছিল|

আলংকাৰিক মীনপালনৰ নিদৰ্শন দেখুৱা গোৱালপাৰা জিলাৰ বিমল কুমাৰ ৰয়

গোৱালপাৰা জিলাৰ কৃষ্ণাই উন্নয়ন খণ্ডৰ অন্তৰ্গত ভেলাখামাৰ গাঁৱৰ বাসিন্দা বিমল কুমাৰ ৰয়| এটা যুগৰ আগলৈ আলংকাৰিক মাছৰ উদ্যোগ সম্পৰ্কে কোনো ধাৰণা নাছিল তেওঁৰ| কৃষ্ণাইৰ পৰা ২ কিলোমিটাৰ আতৰত অৱস্থিত গাঁও খনত কৃষি কাৰ্য কৰি জীৱন নিৰ্বাহ কৰা তেনেই সাধাৰণ এজন খেতিয়ক আছিল তেওঁ| ঘৰুৱা ভাৱে মীন পালন কৰিছিল যদিও নিজে কেতিয়াবা একুৰিয়ামত পোহা মাছৰ খেতি কৰাৰ কথা তেওঁৰ সপোনৰো অগোচৰ আছিল| পিছে এতিয়া সেইজন বিমল কুমাৰ ৰয়েই কৃষ্ণাইত এখন আলংকাৰিক মাছৰ গাঁও গঢ়ি তোলাৰ সপোন দেখিছে, সপোন দেখিবলৈ শিকাইছে আন দহজনকো| ২০০৫ চনত উপাযুক্ত অনিল কুমাৰৰ উৎসাহ অনুপ্ৰেৰণাৰে ঘৰতে এটা সৰু টেংকত থলুৱা প্ৰজাতিৰ আলংকাৰিক মাছৰ প্ৰজনন কাৰ্য আৰম্ভ কৰিছিল ৰয়ে|

পুঠি, খলিহনা, তৰামাছ আদিৰ প্ৰজনন কৰোৱা ৰয়ক তেওঁৰ উদ্যমৰ বাবে ২০০৯ চনত মীন বিভাগৰ ফালৰ পৰা এটা প্ৰজনন কেন্দ্ৰ দিয়া হয়| সেই কেন্দ্ৰটোতে ৰয়ে বহলভাৱে আলংকাৰিক মাছৰ প্ৰজনন আৰম্ভ কৰে| বিভাগীয় তৎপৰতাত তেওঁ আলংকাৰিক মাছ পালন, প্ৰজনন, একুৱাৰিয়াম তৈয়াৰ, আলংকাৰিক মাছৰ খাদ্য আদি বিভিন্ন দিশত ৰাজ্যৰ বাহিৰলৈ গৈ প্ৰশিক্ষণ লাভ কৰাৰো সুবিধা পায়| পূৰ্বে কলকাতালৈ অসমৰ থলুৱা মাছ ৰপ্তানি কৰা ৰয়ে আজিকালি তেওঁৰ প্ৰজনন কেন্দ্ৰত উৎপাদিত মাছ অসমৰ বিভিন্ন ঠাইতে বিক্ৰী কৰে| কাৰণ ৰাজ্যৰ বাহিৰলৈ নিবলৈ ৰপ্তানি কাৰ্যত বহুতো সমস্যা আছে| পৰ্যাপ্ত সা-সুবিধা নথকাৰ ফলত ৰপ্তানিৰ সময়ত বহু মাছ মৰে| ৰপ্তানিৰ সমস্যা কেৱল ৰয়ৰ ক্ষেত্ৰতেই হোৱা নাই, নগাঁৱৰ পাৰ্থৰথী হাজৰিকায়ো একেটা অসুবিধাৰ কথাই ক’লে|

আলংকাৰিক মীনপালনৰ আন বহুতো আনুষংগিক কথা

উল্লেখ্য, ভাৰতৰ মুঠ আলংকাৰিক মৎস্য প্ৰজাতিৰ ৮২ শতাংশই আছে উত্তৰ পূৰ্বাঞ্চলত| অঞ্চলটোৰ অসংখ্য পাহাৰীয়া নৈ নিজৰা, শিলুৱা জান-জুৰিৰ স্বচ্ছ পানীত আৰু খাল-বিলতো নানাৰঙী অসংখ্য মাছ আছে| এই মাছবোৰৰ বহুতেই সৌন্দৰ্যৰ ফালৰ পৰা বিদেশী আলংকাৰিক মৎস্য প্ৰ্জাতিৰ সমানেই ফেৰ মাৰিব পাৰে| অথচ ৰপ্তানিৰ প্ৰচুৰ সম্ভাৱনা থকা সত্বেও অসমৰ আলংকাৰিক মাছ দেশৰ বাহিৰলৈ যাব পৰা নাই পৰিবহনৰ অসুবিধাৰ বাবেই| অসমত যিদৰে বিদেশী প্ৰজাতিৰ আলংকাৰিক মাছে কদৰ লাভ কৰে, ঠিক সেইদৰেই অসম বা উত্তৰ-পূৰ্বাঞ্চলৰ ফটিক পানীত খেলা কৰা চঞ্চল, ৰং-বিৰঙী মাছবোৰেও নিশ্চয় ৰাজ্য অথবা দেশৰ বাহিৰত সমাদৰ লাভ কৰিবই| তথাপি অসমে এই সম্ভাৱনাৰ সুযোগ ল’ব পৰা নাই| অসমৰ অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগৰ তথ্য অনুসৰি ২০১৪-১৫ বৰ্ষত গেপী, মলী, এংগল, চিচলেড, চাকলছ আদি প্ৰজাতিৰ ১০ লাখ আলংকাৰিক মাছ অসমলৈ বহিঃৰাজ্যৰ পৰা আমদানি কৰা হৈছে| এইখিনি মাছৰ নামত অসমৰ পৰা ২০ লাখ টকা ৰাজ্যৰ বাহিৰলৈ ওলাই গৈছে| আনহাতে অসমত উৎপাদিত আঢ়ৈৰ পৰা তিনি লাখ মাছহে ৰপ্তানি হৈছে ৰাজ্যৰ বাহিৰলৈ| বতিয়া, চিতল, চন্দা, খলিহা আদি প্ৰায় দহটা থলুৱা আলংকাৰিক প্ৰজাতিৰ মাছ ৰপ্তানি কৰি অসমে পাইছে ১০ লাখ টকা| মীন বিষয়া সঞ্জয় শৰ্মাৰ মতে মৃদু জলবায়ু, উপযুক্ত ঘনত্বৰ পানী, পৰ্যাপ্ত পৰিমাণে স্বচ্ছ প্ৰাকৃতিক পানী থকা উত্তৰ-পূৰ্বাঞ্চল আলংকাৰিক মীন পালনৰ বাবে এক সৰ্বোৎকৃষ্ট ঠাই| অঞ্চলটোত আলংকাৰিক মাছ বিজ্ঞানসন্মত তথা ব্যৱসায়িক পদ্ধতিৰে কৰি লাভৱান হ’ব পৰাৰ যথেষ্ট সম্ভাৱনা আছে| কিন্তু অসম তথা উত্তৰ-পূৰ্বাঞ্চলত এতিয়াও আলংকাৰিক মীন উৎপাদন ক্ষেত্ৰখন প্ৰকৃতি নিৰ্ভৰ হৈ থকা বাবেই আলংকাৰিক মীন উদ্যোগটো বহনক্ষম হৈ উঠা নাই| শৰ্মাৰ মতে, অসমত আলংকাৰিক মাছৰ বহনক্ষম বিকাশৰ বাবে কেৱল আবদ্ধ মীন উৎপাদনৰ ক্ষেত্ৰতে গুৰুত্ব নিদি বিজ্ঞানসন্মত নীতি অনুসৰি ইয়াৰ বিকাশ ঘটোৱাৰ প্ৰয়োজন আছে| প্ৰচুৰ সম্ভাৱনাপূৰ্ণ আলংকাৰিক মীন পালনৰ ক্ষেত্ৰ খন মহিলা সবলীকৰণৰো এক আশাব্যঞ্জক আহিলা হ’ব পাৰে বুলিও মন্তব্য কৰে শৰ্মাই|

আশাৰ কথা, আলংকাৰিক মীন পালনৰ ক্ষেত্ৰত পুৰুষ বা যুৱচামৰ সমানেই আগবাঢ়ি আহিছে মহিলা তথা যুৱতী সকলো| কৃষ্ণাই উন্নয়ন খণ্ডৰ শতাধিক মহিলা-যুৱতীয়ে আলংকাৰিক মীন পালনৰ প্ৰশিক্ষণ হৈছে বিমল কুমাৰ ৰয়ৰ অধীনত| ২০১৩ চনত ৰয়ৰ ওচৰত প্ৰশিক্ষণ লোৱা ১২ গৰাকী মহিলাই গঠন কৰিছিল ৰুপালী আত্মসহায়ক গোটটো| ৰয়ৰ পৰা এটাত এটকা দৰত মাছৰ পোনা লৈ তেওঁলোকে যোৱা তিনিবছৰে আলংকাৰিক মীন পালন কৰি স্বাৱলম্বী হোৱাৰ প্ৰয়াস কৰিছে| মাটিত ১২/৮ বৰ্গফুট দৈৰ্ঘ্য প্ৰস্থ আৰু ৩ ফুট দ গাঁত খান্দি সমূহীয়া ভাৱে মীন পালন কৰিছে এই মহিলাসকলে| কিন্তু খৰালি মাটিৰ গাঁতত পানী শুকাই যায় বাবে বৰ্তমান আলংকাৰিক মীন পালনক পূৰ্ণকালীন জীৱিকা অৰ্জনৰ উপায় হিচাপে ল’ব পৰা নাই মহিলাসকলে| গোটটোৰ সম্পাদিকা প্ৰমীলা ৰায়ে জনালে এই সমস্যাটোৰ কথা| কৃষ্ণাইৰ কৃষিজীৱি পৰিয়ালৰ আন দহগৰাকী মহিলা-যুৱতী মিলি এই বছৰ জানুৱাৰীত গঠন কৰিছে প্ৰগতি আত্মসহায়ক গোটটো| যোৱা বছৰ প্ৰশিক্ষণ লোৱা স্বপ্না দাসৰ দৰে কেইবাগৰাকী যুৱতী এই গোটটোত জড়িত হৈছে| মাটিৰ গাঁতত আঁঠুৱা তৰি আলংকাৰিক মাছ পালন কৰিবলৈ লোৱা এওঁলোকেও খৰালি অহাৰ লগে লগে কেইটামান মাহৰ বাবে এনেদৰে মীনপালন কৰাৰ পৰা বিৰত থাকিবলগা হ’ব| এইসকল আগ্ৰহী মহিলা-যুৱতীক পূৰ্ণকালীন মীনপালক হিচাপে গঢ়ি তুলিবলৈ চেষ্টা কৰিব বুলি আশা ব্যক্ত কৰিলে বিমল কুমাৰ ৰয়ে| উল্লেখ্য, ৰয়ৰ পৰা এটাত এটকা দৰত পোনা ক্ৰয় কৰি এওঁলোকে মাছ ডাঙৰ কৰি ১০ টকা দৰত বিক্ৰী কৰে| সেই অনুসৰি প্ৰতি এশটা মাছ এহেজাৰ টকা হিচাপত বিক্ৰী কৰি মহিলা সকল নিঃসন্দেহে লাভৱান হ’ব পাৰে| এই কামটোত মহিলা সকলে বহুত বেছি সময়ো দিবলগীয়া নহয়| দিনে দুঘণ্টাকৈ অন্ততঃ মাছৰ যতন ল’লেই সুচাৰুৰুপে মীন পালন কৰিব পাৰি| গতিকে মহিলা সকলে অইন ঘৰুৱা কাম কাজ কৰি থাকিয়েই আলংকাৰিক মীন পালনক এক সুন্দৰ জীৱিকাৰ উপায় হিচাপে ল’ব পাৰে|’ ৰয়ে ক’লে|

আলংকাৰিক মাছৰ ক্ষেত্ৰ খনৰ সম্ভাৱনীয়তাই আকৰ্ষণ কৰিছে ধিঙৰ শিখামণি কাকতিয়ে

আলংকাৰিক মাছৰ ক্ষেত্ৰ খনৰ সম্ভাৱনীয়তাই আকৰ্ষণ কৰিছে ধিঙৰ শিখামণি কাকতিৰ দৰে উঠি অহা যুৱতীকো| উচ্চতৰ মাধ্যমিক শ্ৰেণীত অধ্যয়নৰত শিখামণিয়ে বৰ্তমান এটি নিচা হিচাপেই সীমাবদ্ধভাৱে আলংকাৰিক মীন পালন কৰিবলৈ লৈছে| কিন্তু ভবিষ্যতে উচ্চ শিক্ষাৰ সমান্তৰালভাৱে আলংকাৰিক মীন পালনকে নিজৰ জীৱিকাৰ উৎস হিচাপে লোৱাৰ আশা শিখাৰো|

আলংকাৰিক মাছ পালনৰ লগত জড়িত আন বহুতো কথা

আলংকাৰিক মাছ পালন তথা ৰপ্তানিৰ ক্ষেত্ৰ খনত প্ৰচুৰ সম্ভাৱনা সত্বেও অসমত এতিয়ালৈ আলংকাৰিক মাছৰ ব্যৱসায় কৰা পঞ্জীভুক্ত চৰকাৰী ব্যৱসায়িক কেন্দ্ৰ এটাও নাই অসমত| অৱশ্যে সুখৰ কথা ৰাজ্যৰ ২৩ খন জিলাত ব্যক্তিগত খণ্ডৰ এনে ৭৮ টা কেন্দ্ৰ গঢ় লৈ উঠিছে| সেইদৰে পঞ্জীভুক্ত চৰকাৰী আলংকাৰিক মাছ উৎপাদন কেন্দ্ৰ মাত্ৰ এটাহে আছে অসমত| অৱশ্যে ৰাজ্যৰ ১৬ খন জিলাত ব্যক্তিগত খণ্ডৰ এনে ৭৮ টা কেন্দ্ৰ গঢ় লৈ উঠিছে| সেইদৰে পঞ্জীভুক্ত চৰকাৰী আলংকাৰিক মাছ উৎপাদন কেন্দ্ৰ মাত্ৰ এটাহে আছে অসমত| অৱশ্যে ৰাজ্যৰ ১৬ খন জিলাত ব্যক্তিগত খণ্ডৰ এনে ২২টা কেন্দ্ৰ আছে|

আনহাতে, ১৫ খনৰো অধিক একুৱাৰিয়ামৰ দোকান থকা মিজোৰামৰ দৰে ৰাজ্যত আকৌ আলংকাৰিক মাছৰ প্ৰজনন কেন্দ্ৰ এটাও নাই| আইজল একুৱাৰিয়াম শ্বপ অ’নাৰ্ছ এছ’চিয়েচনৰ সম্পাদক লালৰেমপুইয়া কাৱলনিয়ে জনোৱা মতে, প্ৰতি কিলোগ্ৰাম মাছত ১৫০ টকা পৰিবহন মুল্য দি তেওঁলোকে কলকাতাৰ পৰা মাছ আনে| পৰ্যাপ্ত পৰিমাণৰ পানীৰ সৈতে মাছবোৰ আনিব লাগে বাবে মাছৰ সমানে পানীৰো দাম ভৰিবলগীয়া হয় তেওঁলোকে| তেওঁ লগতে জনালে যে মিজোৰামতো আলংকাৰিক মাছৰ ব্যৱসায়ত জড়িত হ’বলৈ বহু যুৱক আগবাঢ়ি আহিছে| ৰাজ্যখনত আলংকাৰিক মাছৰ প্ৰজনন আৰু উৎপাদন কেন্দ্ৰ স্থাপন কৰিব পাৰিলে এই উদ্যমী যুৱচাম অত্যন্ত লাভৱান হ’ব বুলি তেওঁৰ আশা|

অসম তথা উত্তৰ-পূৰ্বাঞ্চল থলুৱা আলংকাৰিক মাছৰ ৰপ্তানি আশীৰ দশকৰ পৰাই হৈ অহাৰ কথা জনাইছিল মীন বিষয়া বি কে ভট্টাচাৰ্যই| প্ৰাকৃতিক আৱাসস্থলীৰ পৰা মাছমৰীয়া সকলে ধৰি বিক্ৰী কৰা এনে মাছ একাংশ ৰপ্তানি কৰ্তাই কলকাতা, মুম্বাই, চেন্নাই আদি ঠাইলৈ কিছুমান অপঞ্জীয়নকৃত সংগ্ৰাহকৰ জৰিয়তে বিক্ৰী কৰি আহিছে| প্ৰাকৃতিক আৱাসস্থলীত থকা আলংকাৰিক মাছৰ প্ৰ্জাতিৰ বিজ্ঞানসন্মত প্ৰজনন আৰু উৎপাদেনেৰে এই ক্ষেত্ৰখনক এক সম্ভাৱনাৰ আকৰ হিচাপে গঢ় দিব পৰাৰ আশা ব্যক্ত কৰিছে ভট্টাচাৰ্যয়ো তেওঁৰ ‘পটেনচিয়েল অৰ্ণামেণ্টেল ফিছেছ অব্‌ নৰ্থ ইষ্ট ইণ্ডিয়া’ শীৰ্ষক প্ৰবন্ধটোত|

হয়, যুৱ সমাজৰ মাজত সংস্থাপনমুখিতা আৰু মহিলা সবলী কৰণৰ বাবে আলংকাৰিক মীন পালনৰ ক্ষেত্ৰখনে নিশ্চয়েই অসম আৰু উত্তৰ-পূৰ্বাঞ্চলক উদ্যমিতাৰ বাটেৰে আগবঢ়াই নিব| ইয়াৰ বাবে অৱশ্যেই লাগিব বিজ্ঞানসন্মত চিন্তাধাৰা আৰু চৰকাৰী উদ্যোগ|

লেখিকা:- নিভাৰাণী ৰায়

উৎস:- দৈনিক অসম

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top