মূল পৃষ্ঠা / কৃষি / মীণ পালন / একুৱাৰিয়ামৰ যতন :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

একুৱাৰিয়ামৰ যতন :

 

বহু লোকৰ ধাৰণা যে একুৱাৰিয়ামৰ যতন কষ্টকৰ,সময় খৰচী আৰু ব্যয়বহুলী।সেয়ে তেওঁলোকে ঘৰত একুৱাৰিয়াম ৰাখিবলৈ ভয় কৰে বা টান পায়।কিন্তু প্ৰকৃতাৰ্থত একুৱাৰিয়ামৰ যতন অত্যন্ত সহজ আৰু ভাল লগা।আন পোহনীয়া জীৱৰ তুলনাত ই যথেষ্ট কম বয়সত কৰিব পৰা নিম্ন ব্যয়সাধ্য কাম।তলত দিয়া ধৰণে একুৱাৰিয়ামটোৰ যতন ল’লে ইয়াত দেখা দিয়া সমস্যাসমুহৰ পৰা হাত সাৰি থাকিব পৰা যাব।

দৈনিক যতন:

(ক)একুৱাৰিয়ামত থকা মাছসমুহৰ গাত বেমাৰ বা চাপৰ লক্ষণ দেখা গৈছে নেকি দৈনিক চাব লাগে।সঘনাই দেখা দিয়া এনে কেইটামান লক্ষণৰ বিষয়ে তলত উল্লেখ কৰা হ’ল-

*চেপা খাই থকা পাখি ()অৰ্থাৎ এনে হ’লে মাছটোৱে নিজৰ পাখিখন ধৰি থাকে আৰু তাক আঁতৰি যাব নিদিয়ে।

*কেতিয়াবা মাছটোৱে বেগেৰে সাঁতুৰি এঠাইত অলপ পৰ ৰৈ আকৌ বেগেৰে সাঁতোৰে আৰু কিছুসময় পাছত ৰৈ যায়।

*মাছৰ গাত ঘা দৃষ্টিগোচৰ হয়।

*মাছৰ গাত বগা দাগ দেখা যায়।

*কেতিয়াবা মাছে একুৱাৰিয়ামটোৰ বেৰত বা একুৱাৰিয়ামটোত থকা শিলত নিজৰ গাটো ঘঁহাই থকা দেখা যায়।এই লক্ষণটোক গ্লেনচিং বুলি কোৱা হয় আৰু ই খজুৱতি বেমাৰৰ বহি:প্ৰকাশ হ’ব পাৰে।

*মাছবোৰে উশাহ ল’বৰ বাবে বাৰে বাৰে একুৱাৰিয়ামৰ পানীৰ ওপৰলৈ আহিলে একুৱাৰিয়ামটোত অক্সিজেন কমি যোৱাটো সুচায়।

*মাছবোৰে খাবলৈ ইচ্ছা নকৰা বা মুখত খাদ্য বস্তুবোৰ ভৰাই উলিয়াই দিয়া।

উপৰিউক্ত লক্ষণসমুহ দেখা পালে লগে লগে প্ৰতিকাৰৰ ব্যৱস্থা কৰিব লাগে।

(খ)একুৱাৰিয়ামটোৰ পানী পৰ্যবেক্ষণ:একুৱাৰিয়ামটোৰ পানী সদায় পৰিষ্কাৰ হ’ব লাগে।পানীত কোনো ধৰণৰ ৰাসায়নিক পদাৰ্থ থাকিব নালাগে।পানীখিনিত অক্সিজেনৰ পৰিমাণ সঠিক জোখত থাকিব লাগে।ইয়াৰ বাবে পানীখিনি দৈনিক বায়ুমিশ্ৰিত কৰি ৰাখিব লাগে।পানীখিনি যাতে নোগোন্ধায় আৰু পানীখিনিৰ ওপৰত যাতে কোনো ধৰণৰ ফেন নুঠে তাৰ প্ৰতিও সততে লক্ষ্য ৰাখিব লাগে।

(গ)মাছক খাদ্য খুওৱা:মাছক খাদ্য দিওঁতে খাদ্যৰ পৰিমাণ সঠিক হ’ব লাগে।ৰৈ যোৱা খাদ্যসমুহ ১০ মিনিটমান পাছত উঠাই পেলাব লাগে।

(ঘ)ফিল্টাৰ পৰীক্ষা:একুৱাৰিয়ামৰ সামগ্ৰীসমুহৰ ভিতৰত ফিল্টাৰটো আটাইতকৈ গুৰুত্বপুৰ্ণ।ই একুৱাৰিয়ামটোক আৱৰ্জনা আৰু বিষাক্ত বস্তুসমুহৰ পৰা মুক্ত কৰি ৰাখে।সেয়ে দৈনিক ফিল্টাৰটো চলি আছে নে নাই,ফিল্টাৰটোৰ মাজেৰে সঠিক পৰিমাণৰ পানী পাৰ হৈ আছে নে নাই পৰীক্ষা কৰিব লাগে।যদি ফিল্টাৰটো বন্ধ হৈ আছে,তেন্তে ইয়াক আকৌ চলোৱাৰ আগতে পৰিষ্কাৰ কৰি ল’ব লাগে।

সাপ্তাহিক যতন:

2.95454545455
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top