মূল পৃষ্ঠা / কৃষি / মীণ পালন / কম খৰচত কুচিয়া মাছৰ খেতি :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কম খৰচত কুচিয়া মাছৰ খেতি :

কম খৰচত কুচিয়া মাছৰ খেতিৰ বিষয়ে লিখা হৈছে ।

বৰ্তমান জনসংখ্যাৰ বৃদ্ধিয়ে এক জটিল ৰূপ ধাৰণ কৰিছে। জনসংখ্যাৰ বৃদ্ধিৰ লগে লগে আনুসংগিক বস্তুবিলাকৰ নাটনি হৈ আহে। জনসংখ্যাৰ দ্ৰুত বৃদ্ধিৰ বাবে আমাৰ খেতিপথাৰসমূহ মানুহৰ বসতিস্থানলৈ পৰিৱৰ্তিত হৈছে।

জনসংখ্যাৰ বৃদ্ধিৰ লগে লগে শিক্ষিত নিবনুৱাৰ সংখ্যাও বৃদ্ধি হৈ আহিছে। গতিকে এনে এক পৰিস্থিতিত আমি চৰকাৰী কিম্বা কোম্পানীৰ ওপৰত নিৰ্ভৰ নাথাকি স্বাৱলম্বনৰ ক্ষেত্ৰত মনোনিৱেশ কৰা দৰকাৰ।

ভাৰতবৰ্ষ তথা আমাৰ ৰাজ্য অসমত নিবনুৱা সমস্যা সমাধানৰ এক সুদূৰপ্ৰসাৰী সম্ভাৱনাপূৰ্ণ ক্ষেত্ৰ হৈছে মৎস্য পালন।

এই মৎস্য পালনৰ জৰিয়তে আমি আমাৰ দেশ তথা ৰাজ্যৰ অৰ্থনীতিৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰোঁ।

খুব কম ঠাই ব্যৱহাৰ কৰি মৎস্য পানৰ জৰিয়তে বিশ্বৰ অৰ্থনীতিত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পৰা এবিধ মাছ হ’ল কুচিয়া মাছ, যাৰ বৈজ্ঞানিক নাম মনোপটেৰাছ কুচিয়া।

ইংৰাজীত ইয়াক ঈল(Eel) বুলি জনা যায়। এই মাছবিধ সাপৰ দৰে দেখা যায় যদিও ই বৰ সোৱাদযুক্ত।

এই মাছবিধ খালে যথেষ্ট শক্তি পোৱা যায় বাবে বেমাৰী মানুহে খালে যথেষ্ট শক্তি পায়। পুষ্টিগত ফালৰপৰা অন্যান্য খাদ্যৰ তুলনাত এইবিধ মাছ যথেষ্ট ভাল।

তালিকা-১ত আমি সাধাৰণতে খাই থকা বিভিন্ন খাদ্যৰ ১০০ গ্ৰামত পোৱা শক্তি তথা প্ৰ’টিনৰ পৰিমাণ দিয়া হ’ল।

তালিকা-১

 

বস্তুৰ নাম

শক্তি(কেলৰি)

প্ৰ’টিন

কুচিয়া মাছ

৩০৩

১৪

মাছ

১২৫

১৮

মিছা মাছ

৯০

১৬

কুকুৰাৰ মাংস

১১০

২০

কণী

১৬০

১৩.৫

গাখীৰ

৬২.৫

৩.৫

 

তালিকা-১ৰ পৰা দেখা যায় যে কুচিয়া মাছ খালে অন্য বিভিন্ন বস্তুৰ তুলনাত শক্তি বহু বেছি পোৱা যায়।

সেয়েহে তেজ কম থকা মানুহে কুচিয়া মাছ খাই কম সময়ৰ ভিতৰতে সুস্থ হৈ উঠে। বৰ্তমান এই মাছবিধৰ বজাৰত চাহিদা খুব বেছি। ইয়াৰ প্ৰতি কিলোগ্ৰামত মূল্য ৫০০-৬০০ টকা পৰ্যন্ত হয়।

এনে এবিধ মাছ আগেয়ে আমাৰ বিভিন্ন খাল, বিল, পৰি থকা জলাশয়ত পোৱা হৈছিল। কিন্তু বৰ্তমান ইয়াৰ সংখ্যা কমি গৈছে।

সেয়েহে এই মাছবিধ আমি পালনৰ জৰিয়তে সংৰক্ষণ কৰাৰ লগতে উপাৰ্জন কৰিবৰ বাবে চেষ্টা কৰিব লাগে।

খুব কম খৰচত কম ঠাই ব্যৱহাৰ কৰি কুচিয়া মাছৰ খেতি কেনেকৈ কৰিব পৰা যায়, এই বিষয়ে এই নিবন্ধত আলোকপাত কৰিম-

বিৱৰণ -

কুচিয়া এক দীঘল সাপজাতীয় মাছ, যাৰ বাকলি নাথাকে। মাগুৰ, শিঙি আদি মাছৰ দৰে ইয়াৰ ছাল থাকে। কুচিয়া মাছৰ প্ৰায় ১০০ বিধ প্ৰজাতি থাকে।

ইয়াৰ বিভিন্ন প্ৰজাতিৰ ভিতৰত মনোপটেৰাছ নামৰ প্ৰজাতিৰ কুচিয়া মাছৰ খেতি ফিলিপাইনছ, ইণ্ডোনেচিয়া, চীন আদি দেশত বহুলভাৱে কৰা হয়।

মনোপটেৰাছ জেনাছৰ ছয় প্ৰজাতিৰ মাছ এছিয়া মহাদেশত পোৱা যায়। তাৰ ভিতৰত মনোপটেৰাছ কুচিয়া(Monopterus chuchia) প্ৰজাতিৰ মাছবিধ ধাননি পথাৰত পোৱা যায়।

এই মাছবিধ আমি চিমেন্টৰ পুখুৰীত উৎপাদন কৰিব পাৰোঁ। ইয়াৰ সুবিধা হ’ল-

*এই কুচিয়া মাছবিধ সৰু চিমেন্টৰ টেংকীত পালন কৰিব পাৰি।

*ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ নকৰাকৈ ইয়াক বন্ধ অৱস্থাত প্ৰজনন কৰিব পাৰি।

*যিহেতু কুচিয়া বায়ুশ্বাসী মাছ, সেয়ে অক্সিজেন কম থকা পানীতো ইয়াক পালন কৰিব পাৰি।

*ই প্ৰাকৃতিক খাদ্য হিচাপে মাছ, শামুক, পানীত থকা বিভিন্ন পোক-পতংগ, কেঁচু আদি খায়।

পালন -

কম খৰচত কুচিয়া মাছ পালন কৰিব পৰা যায়। আমাৰ অট্টালিকাৰ ছাতৰ ওপৰতো কুচিয়া পালন কৰিব পৰা যায়। কুচিয়া পালনৰ বাবে আমি দুটা চিমেন্টৰ টেংকী নিৰ্মাণ কৰিব লাগিব, যাৰ দৈৰ্ঘ্য ২ মিটাৰ, প্ৰস্থ ১ মিটাৰ আৰু উচ্চতা ১ মিটাৰ হ’ব লাগে।

টেংকীৰ উপৰিভাগৰ কালি ৪ বৰ্গমিটাৰ হ’ব। টেংকীত যাতে কোনো চিদ্ৰ নাথাকে সেইটো লক্ষ্য ৰাখিব লাগে। পানী বাহিৰলৈ যোৱাৰ বাবে বৰ্হিগমন নলীৰ ব্যৱস্থা ৰাখিব লাগে।

কুচিয়া মাছ পালনৰ বাবে প্ৰস্তুত কৰা চিমেন্টৰ টেংকীৰ ভিতৰত মাছ পালনৰ উপযোগী হোৱাকৈ কেইটামান তৰপৰ ব্যৱস্থা কৰিব লাগে-

*১০ ছেন্টিমিটাৰ ডাঠ বোকা মাটিৰ এটা তৰপ(ধাননি পথাৰত বোকা হ’লে ভাল) একেবাৰে তলত দিব লাগে।

*১০ ছেন্টিমিটাৰ ডাঠ পচন সাৰৰ(খেৰৰপৰা বনোৱা) এটা তৰপ প্ৰথম তৰপৰ ওপৰত দিব লাগে।

*দ্বিতীয় তৰপৰ এসপ্তাহ আগেয়ে কাটি থোৱা কলগছৰ শিপাৰ গুৰি ১০ ছেন্টিমিটাৰ ডাঠকৈ দিব লাগে।

*তৃতীয় তৰপৰ ওপৰত্ ১০ ছেন্টিমিটাৰ ডাঠকৈ গৰুৰ গোবৰৰ এটা তৰপ দিব লাগে।

*চতুৰ্থ তথা একেবাৰে ওপৰৰ তৰপত এফালে এঢলিয়াকৈ বোকা মাটিৰ তৰপ দিব লাগে।

পানী -

মাটিৰ তলৰ পানী(ground water) বা নিজৰাৰ পানী(spring water) ব্যৱহাৰ কৰিব লাগে। অন্য পানী, য’ত ক্ল’ৰিনৰ পৰিমাণ কম থাকে, তেনে পানী ব্যৱহাৰ কৰিব পৰি। একেবাৰে ওপৰৰ তৰপতকৈ ১৫ ছেন্টিমিটাৰ বেছি পানী ভৰাই এসপ্তাহৰ বাবে এইবিলাক পচিব দিব লাগে।

টেংকীৰ তলিত থকা বৰ্হিগমন নলীৰ জৰিয়তে পানী উলিয়াই পুনৰ নতুন পানী ভৰাব লাগে। এই কাম এসপ্তাহত এবাৰকৈ কৰিব লাগে।

২০-২৫ দিন এনেদৰে কৰাৰ পিছত পুখুৰীৰ পানী মাছৰ উপযোগী হৈছেনে নাই তাক চাবৰ বাবে টিলাপিয়া বা কাৰ্পৰ পোনা মেলিব লাগে।

যদি এই মাছৰ পোৱালি নমৰে, তেনেহ’লে বুজিব লাগিব যে ই কুচিয়া পালনৰ উপযোগী হৈছে।

কুচিয়া মাছ টেংকীত মেলি দিয়াৰ আগেয়ে টেংকীত পানী মেটেকা দিয়াৰ ব্যৱস্থা কৰিব লাগে। পানী মেটেকাই সূৰ্যৰ পোহৰ প্ৰত্যক্ষভাৱে পৰাত বাধা দিয়া আৰু ইয়াত কুচিয়া মাছ লুকাই থাকিব পাৰে।

সংখ্যা -

৪ বৰ্গমিটাৰ কালিৰ এটা টেংকীত ১৯৫-২০০ কুচিয়া মাছৰ পোৱালি ৰাখিব পাৰি, য’ত ১৪০ মাইকী আৰু ৬০ টা মতা মাছ ৰাখিব পাৰি।

মনোপটেৰাছ কুচিয়াৰ কণী এৰাৰ প্ৰাবল্য কম(১০০-৭০০) কণী প্ৰতি প্ৰজনন। গতিকে ভালদৰে যত্ন ল’ব লাগে।

এই টেংকীত অন্য ঠাইৰপৰা ফিংগাৰলিং আনিও প্ৰতিপালন কৰিব পাৰি।

খাদ্যৰ পৰিমাণ আৰু পৰিচালনা:

*কুচিয়া মাছৰ ওজনৰ ৩-৬ শতাংশ হাৰত প্ৰতিদিনে খাদ্যৰ যোগান ধৰিব লাগে।

খাদ্য হিচাপে-

-মাছৰ ফিংগাৰলিং পোনা,

-কেঁচু,

-শামুক,

-জলজ কীট-পতংগ,

-চিল্ক ওৰ্ম,

-কুকুৰাৰ লিভাৰ,

-নাড়ী, চাল,

-ভাত ইত্যাদি দিব পাৰি।

*টেংকীৰ পানী যাতে নষ্ট নহয়, তাৰ বাবে আটা বা ভিটামিনৰ মিক্সাৰ লাডু কৰি ব্যৱহাৰ কৰিব লাগে।

*খাদ্যসমূহ বেলেগ বেলেগকৈ বা একেলগে দুটা বা অধিক সামগ্ৰী মিহলাই ব্যৱহাৰ কৰিব লাগে।

*ফিংগাৰলিং অৱস্থাত কুচিয়া মাজে মাজে জলজ পোক-পতংগ খায়, যিবিলাক বন্ধ পানীত নিজে উৎপাদন হয়।

*কুচিয়া মাছৰ হেষ্টলিঙৰপৰা ফিংগাৰলিঙলৈ নাৰ্চাৰী পুখুৰীত পালন কৰিলে সেই টেংকীত পুখুৰীৰ বোকা মাটি ব্যৱহাৰ কৰিলে ভাল।

*খাদ্য ব্যৱহাৰৰ সময়ত মাছৰ আকাৰ, মাছৰ মুঠ ওজন, বতৰৰ অৱস্থা, উষ্ণতা আদিৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে। উষ্ণতা ২৩-৩০° ছেন্টিগ্ৰেড হ’লে ভাল।

মাছধৰা আৰু মাছৰ পৰিবহন -

*কুচিয়া মাছৰ বৃদ্ধি আৰু বজাৰৰ চাহিদাৰ ওপৰত নিৰ্ভৰ কৰি মাছ ধৰিব লাগে।

*মাছ আংশিক বা সম্পূৰ্ণৰূপে ধৰিব পাৰে।

*জাল ব্যৱহাৰ কৰি খাদ্য দিয়া সময়ত কুচিয়া ধৰিব লাগে।

*মাছ ধৰা সময়ত যাতে কষ্ট পাই নমৰে, তাৰ প্ৰতি গুৰুত্ব দিব লাগে। অন্যথা বজাৰমূল্য কমি যাব।

*পৰিবহনৰ সময়ত যাতে এই মাছ মৃত্যুমুখত নপৰে, তাৰ বাবে মাছ ধৰাৰ আগদিনা খাদ্য দিব নালাগে।

*মাছ ধৰা শেষ হোৱাৰ পিছত টেংকী সম্পূৰ্ণৰূপে শুকাব লাগে আৰু ১০-১৫ দিনৰ ৰ’দত শুকাই নতুনকৈ মাছ দিব লাগে।

পৰিৱেশৰ ওপৰত কুচিয়া মাছৰ প্ৰভাৱ:

কুচিয়া মাছে শামুক জাতীয় বস্তুক খাদ্য হিচাপে গ্ৰহণ কৰে। গতিকে ধাননি পথাৰত কুচিয়াৰ খেতি কৰিলে ধাননিডৰা শামুকৰপৰা ৰক্ষা পৰে।

এই মাছে জলজ পোক-পতংগ আদি খায়, যাৰ বাবে ধাননিডৰা বিভিন্ন ৰোগৰপৰা ৰক্ষা পৰে। ধাননি পথাৰত কুচিয়া পালন কৰাৰ বাবে ধানৰ উৎপাদন বৃদ্ধি পায়।

অৱশ্যে কুচিয়াৰ মাটিত পাত খন্দা স্বভাৱৰ বাবে পাৰত গাত কৰাৰ বাবে ধাননিডৰাত পানীৰ পৰিমাণ কমি যাব পাৰে। সেই দিশত অলপ গুৰুত্ব দিব লাগিব।

ওপৰত আলোচনা কৰা ধৰণে আমি কুচিয়া মাছ চিমেন্টৰ টেংকী বা ধাননি পথাৰত উৎপাদন কৰিব পাৰোঁ।

কুচিয়া মাছৰ চাহিদা বজাৰত যিহেতু যথেষ্ট বেছি, সেয়ে এই খেতি কৰি আমি আমাৰ অৰ্থনৈতিক ভেটি সবল কৰাৰ যথেষ্ট থল আছে।

ই নিবনুৱা সমস্যা সমাধানৰ লগতে কম ঠাইতে ইয়াক প্ৰতিপালন কৰি উৎপাদনো বঢ়াব পৰা যাব।

কুচিয়া মাছ পালন সম্পৰ্কত সবিশেষ জনাৰ বাবে মীন উন্নয়ন বিষয়া বিপুল খাটনিয়াৰৰ লগত যোগাযোগ কৰিব পাৰিব।

যোগাযোগৰ বাবে তেওঁৰ ম’বাইল নম্বৰ ৯৪০১০৩৯৫৮৬ত ফোন কৰিব পাৰিব।

লেখক: প্ৰতুল ডেকা(দৈনিক অসম)

3.66666666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top