মূল পৃষ্ঠা / কৃষি / মীণ পালন / কাৱৈ মাছ পালন :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কাৱৈ মাছ পালন :

কাৱৈ মাছ পালনৰ বিষয়ে লিখা হৈছে ।

কাৱৈ মাছ এবিছ অতি সুস্বাদু আৰু পুষ্টিকৰ মাছ। এসময়ত অসমৰ খাল বিলত এইবিধ মাছ উভৈনদী আছিল। বিভিন্ন প্ৰাকৃতিক কাৰণ, প্ৰদূষণ, পথ উন্নয়ন, নগৰীকৰণ, কৃষি উন্নয়ন(খেতিত ৰাসায়নিক দ্ৰব্যৰ প্ৰয়োগ), অত্যাধিক মাছ ধৰা, প্ৰজনন ক্ষেত্ৰৰ সংকোচন আৰু মানুহৰ দ্বাৰা সংঘটিত অন্যান্য কাৰ্যকলাপৰ বাবে এই বিধ মাছৰ সংখ্যা কমি আহিছে।

বৰ্তমান নগৰাঞ্চলত এইবিধ মাছৰ বজাৰ মূল্য ৪০০ টকাতকৈ বেছি। কম গভীৰতাৰ সৰু সৰু পুখুৰী, যিবোৰত মাত্ৰ ছয় মাহ পানী থাকে আৰু কাৰ্প জাতীয় মাছ পালনৰ উপযোগী নহয়, তেনে পুখুৰীবোৰ কাৱৈ মাছ উচ্ছ ঘনত্বত পালন কৰিব পাৰি। প্ৰতি হেক্টৰ পানী কালিত এইবিধ মাছৰ পোণা ৭৫,০০০ লৈ দিব পাৰি। কাৱৈ মাছৰ প্ৰজাতি যদিও এটা, ইয়াৰ উপ-জাতি কেবাটাও আছে। তাৰ ভিতৰত, আমাৰ স্থানীয়টোৰ লগতে থাইলেণ্ড আৰু ভিয়েটনামৰ জাত দুটাই জনপ্ৰিয়তা লাভ কৰিছে।

২০০২ চনত বাংলাদেশ চৰকাৰে থাইলেণ্ড জাতটোৰ খেতি আৰম্ভ কৰে আৰু ২০১০ চনত ভিয়েটনামৰ জাতটোৰ সূচনা কৰে। কেইবছৰমান আগতে অসমৰ মীন পালকসকলে দুয়োবিধ মাছৰ খেতি আৰম্ভ কৰে। মীনপালনৰ পৰা সংগ্ৰহ কৰা তথ্য অনুযায়ী থাইলেণ্ড কাৱৈ পালন কৰি মীনপালকসকল লাভৱান হৈছে। থাইলেণ্ড কাৱৈ দেখিবলৈ আমাৰ স্থানীয় কাৱৈৰ নিচিনা। ইয়াৰ দেহটো ধূষৰ বৰণৰ আৰু ক’লা ফোটযুক্ত। বাকলিবোৰ কাঁইটীয়া। দেহটো স্থানীয় কাৱৈৰ তুলনাত চেপেটা। স্থানীয় কাৱৈতকৈ থাইলেণ্ড কাৱৈৰ শাৰীৰিক বৃদ্ধিৰ হাৰ কেবাগুণে বেছি। চাৰি মাহতেই ই প্ৰায় ১০০ গ্ৰাম প্ৰাপ্ত হয়।

কেইটামান গুৰুত্বপূৰ্ণ কাৰণত এই মাছবিধ মীনপালকৰ মাজত জনপ্ৰিয় হৈ পৰিছে:

১)সৰু পুখুৰীতে পালন কৰিব পাৰি।

২)বজাৰ চাহিদা আৰু মূল্য তুলনামূলক ভাৱে অন্য মাছতকৈ বেছি।

৩)প্ৰতিকূল অৱস্থাও সহ্য কৰিব পাৰে।

৪)মৃত্যুৰ হাৰ অতি কম। পানীৰ বাহিৰতো ছয় দিনলৈ জীয়াই থাকে।

৫)অতি উচ্ছ ঘনত্বত পালন কৰিব পাৰি।

৬)চাৰি মাহতেই বিক্ৰীৰ উপযুক্ত হয়।

৭)বছৰত একেটা পুখুৰীতে ২-৩ বাৰ পালন কৰিব পাৰি।

৮)বেমাৰ আজাৰৰ সম্ভাৱনা কম।

৯)পূজিৰ প্ৰয়োজন কম।

১০)দানা মীন পালকে নিজে প্ৰস্তুত কৰি ল’ব পাৰে।

১১)পেলনীয়া খাদ্য, গাহৰিৰ মল আদিও খাদ্য হিচাবে দিব পাৰি।

পুখুৰীটো সৰু হ’লে ভাল। পুখুৰীটো পৰাপক্ষত ৰ’দঘাই ঠাইত হ’ব লাগে। অন্যথা, গছ-গছনিৰ ডাল আদি কাটি দিনটোত কমেও ৮ ঘন্টা ৰ’দ পৰাৰ ব্যৱস্থা কৰিব লাগে। ৪০০ বৰ্গমিটাৰৰ পৰা ৬৫০ বৰ্গমিটাৰ পানী কালিৰ পুখুৰী সকলো ফালৰ পৰা অতি উপযুক্ত। তাতকৈ ডাঙৰ পুখুৰীতো পালন কৰিব পৰা যায় যদিও সৰু পুখুৰীৰ ব্যৱস্থাপনা সহজ। পানীৰ গভীৰতা ৫-৬ ফুতকৈ বেছি হ’ব নালাগে।

প্ৰথমতে পুখুৰীটো শুকুৱাই ল’ব লাগে। অতিৰিক্ত গেদ থাকিলে আঁতৰাই ল’ব লাগে। পাৰিলে পুখুৰীৰ তলিত কিছু পৰিমাণে বালি দিব লাগে। বালিয়ে পানী পৰিষ্কাৰ কৰি ৰখাৰ লগতে ক্ষতিকাৰক গেছৰ পৰা মুকতি কৰি ৰাখে। পুখুৰীটোৰ(৪০০ বৰ্গমিটাৰ) তলিৰ কাম সম্পূৰ্ণ হোৱাৰ পিছত পুখুৰীৰ তলিত ৯.৯ কিঃগ্ৰাঃ চূণ প্ৰয়োগ কৰিব লাগে।

লগতে ৪৯.৫ কিঃগ্ৰাঃ গোবৰ, ২ কিঃগ্ৰাম ইউৰীয়া আৰু ২ কিঃগ্ৰাঃ টি.এচ.পি.(ট্ৰিপল চুপাৰ ফচফেট) প্ৰয়োগ কৰিব লাগে। ৫-৭ দিন পিচত মাছৰ পোনা মেলিব পাৰি। পানী সিঁচি তলি শুকুৱাব নোৱাৰিলে কণী বিহ(ৰটেন’ন) প্ৰয়োগ কৰি আগৰ মাছবোৰ মাৰি পেলাব লাগে। এনেদৰে মৰা মাছ খোৱা উপযোগী।

এইবিধ যিহেতু অতি সোনকালে ডাঙৰ হয় সেয়েহে পৰ্যাপ্ত পৰিমাণে খাদ্য যোগান ধৰাটো অতি আৱশ্যকীয়া।

কাৱৈ মাছ মূলত পতঙ্গভোজী মাছ। শামুক, লালুকী, গৰু বা ছোৱালীৰ নাড়ী ভুৰু, চাউলৰ মল, সৰিয়হৰ খলিহৈ আদি খাদ্য হিচাপে দিব পাৰি। উচ্চ মানৰ পেলেট খাদ্য দিব পাৰিলে ভাল ফল পোৱা যায়। দানা ৩০-৩৫% শতাংশ প্ৰ’টিনযুক্ত হ’ব লাগে। তলত দিয়া উপাদানসমূহ মিহলাই কাৱৈ মাছৰ খাদ্য ঘৰতে প্ৰস্তুত কৰিব পাৰি।

উপাদান

শতকৰা হাৰ

প্ৰ’টিনৰ পৰিমাণ

শুকান মাছ

২০%

১৩.৭৫%

হাড় আৰু মাংসৰ গুৰি

৮%

৩.৫০%

শুকান তেজ

৭%

৪.৯৪%

সৰিয়হৰ খলিহৈ

২০%

৬.৬০%

চাউলৰ মল

১৭%

২.১০%

চাপৰ

১০%

১.৭০%

আটা

৫%

০.৯০%

শুকান গুৰ

৫%

০.৮০%

অয়ষ্টাৰ পাউদাৰ

১%

 

মিণাৰেল মিক্সাৰ

১%

 

নিমখ

১%

 

 

১০০০ কাৱৈ মাছৰ বাবে প্ৰয়োজনীয় খাদ্যৰ পৰিমাণ আৰু প্ৰয়োগৰ হাৰ তলত দিয়া হ’ল। কাৱৈ মাছক দেহৰ শতকৰা হাৰত প্ৰথম অৱস্থা ১০% আৰু পিচলৈ ৩% দিব লাগে।

প্ৰথম মাহ: ১০%

দ্বিতীয় মাহ: ৬%

তৃতীয় মাহ: ৩%

চতুৰ্থ মাহ: ৩%

ক্ৰমঃ

দিন

দানা পৰিমাণ(গ্ৰাম)

০-১৫

৪০০

১৬-৩৬০

৬০০

৩১-৪৫

৮৫০

৪৬-৬০

১০০০

৬১-৭৫

১২০০

৭৬-৯০

১৩০০

৯১-১০৫

১৩৫০

 

  • এদিনৰ খাদ্য খিনি সমানেৰ দুভাগ কৰি দিনটোত দুবাৰ দিব লাগে। খাদ্যৰ পৰিমাণ বেছি হ’লে পানীৰ দুৰ্গন্ধ ওলাব পাৰে। মচ, শেলাই আদি গজিও পানী নষ্ট হ’ব পাৰে। তেনে ক্ষেত্ৰত ১৫ দিনৰ মূৰে মূৰে চূণ প্ৰয়োগ কৰিব লাগে।
  • পানীৰ পি এইচ ৭.৫-৮.৫ হ’ব লাগে।
  • পোনাবোৰ উন্নত মানৰ হ’ব লাগে।
  • অধিক ঘনত্বত পোনা মেলিব নেলাগে।
  • ফাইটপ্লেংকটন বেচি হ’লে উঠাই পেলাব লাগে।
  • মাছে খাদ্য খাইছে নে নাই লক্ষ্য ৰাখিব লাগে।
  • ৭ দিনৰ মূৰত মাছৰ ওজন লৈ সেইমতে খাদ্য যোগান ধৰিব লাগে।
  • পুখুৰীটোৰ চাৰিও ফালে প্লাষ্টিকৰ জালেৰে ৩ ফুট ওখ কৈ বেৰা দি দিব লাগে। যাতে মাছ বগাই যাব নোৱাৰে আৰু গৰু-ছাগলী আদি নামিব নোৱাৰে।

চাৰি মাহত মাছবোৰ প্ৰায় ৮০ গ্ৰাম ওজন প্ৰাপ্ত হয়। তেতিয়া মাছ ধৰি বিক্ৰী কৰিব পাৰি।

লেখক: ড° উত্তম কুমাৰ বৰুৱা

উৎস: সেউজ চিন্তা

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top