মূল পৃষ্ঠা / কৃষি / মীণ পালন / গ’ল্ড ফিছৰ পোনা উৎপাদনঃ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গ’ল্ড ফিছৰ পোনা উৎপাদনঃ

গ’ল্ড ফিছৰ পোনা উৎপাদনৰ বিষয়ে লিখা হৈছে

 

একুয়েৰিয়ামত ৰখাৰ উপযুক্ত প্ৰায় ১০০ প্ৰকাৰৰ গ’ল্ড ফিছ আছে আৰু ইয়াৰ ভিতৰত কমেট, বাবল আই, ওৰাণ্ডা, লায়ন হেড, পাৰ্ল স্কেল, টেলিস্কপিক আই, ৰেড কেপ, ভিল টেইল, চোভাংকিন, ব্লেক মূৰ আদি অধিক মনোমোহা।

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে গুৱাহাটী বিমান বন্দৰ অথবা ৰেলযোগে দৈনিক এইবোৰ মাছ অনা হয় কলকাতাৰ পৰা। কিন্তু অলপ কাৰিকৰী কৌশল প্ৰয়োগ কৰিয়েই কিছুমান জাতৰ গ’ল্ড ফিছ কম পৰিসৰতে উৎপাদন তথা প্ৰতিপালন কৰিব পাৰি। অসমত বৰ্তমানলৈকে দুই শতাধিক কাৰ্প মাছৰ পোনা উৎপাদন হেচ্ছাৰী আছে। উল্লেখযোগ্য যে শীতকালত এই হেচ্ছাৰীসমূহ অব্যৱহৃত হৈ থাকে আৰু ইয়াক আন্তঃগাঁথনি গ’ল্ড ফিছৰ পোনা উৎপাদনৰ বাবে ব্যৱহাৰ কৰিব পাৰি।

পোনা উৎপাদনৰ কৌশলঃ

 

গ’ল্ড ফিছৰ কণীবোৰ আঠাযুক্ত আৰু এই মাছে মেটেকাৰ শিপা, নাৰিকল অথবা প্লাষ্টিকৰ ৰছী আদিত কণী পাৰে। এইবিধ মাছৰ প্ৰজননৰ বাবে পানীৰ অনুকূলতম উষ্ণতা হল ১৮-২০ চেলছিয়াছ। অসমৰ জলবায়ৱীয় পৰিৱেশত জানুৱাৰী-ফেব্ৰুৱাৰী মাহ এনে মাছ প্ৰজননৰ উপযুক্ত সময়। প্ৰজননৰ বাবে দুবছৰীয়া মতা আৰু মাইকী মাছ নিৰ্বাচন কৰিব লাগে আৰু এইবোৰ মাছক চয়াবিনৰ টুকুৰা আৰু বিশেষকৈ আটা, চাউলৰ মল, শুকান মাছৰ গুড়িৰে তৈয়াৰী খাদ্য খুৱাই ৰাখিব লাগে। মাছবোৰ সম্পূৰ্ণ প্ৰজননক্ষম হ’লে (মতাটোৰ পেটটো হেঁচি দিলে বগা ৰঙৰ শুক্ৰাণু ওলায় আৰু মাইকীজনীৰ তলপেটটো অধিক ওলোৱা) অ’ভাপ্ৰিম অথবা অ’ভাটাইড নামৰ হৰম’ন প্ৰয়োগ কৰিব লাগে। প্ৰজনন কক্ষৰ পুখুৰীত সামান্য পৰিমাণৰ পানী ছিটিকি পৰাৰ ব্যৱস্থা কৰিব লাগে। কণীবোৰ লাগি ধৰিবৰ বাবে কমন কাৰ্পৰ প্ৰজননত ব্যৱহাৰ কৰাৰ দৰে নাৰিকলৰ ৰছী, প্লাষ্টিক, মেটেকাৰ শিপা আদি ভালদৰে ধুই প্ৰয়োগ কৰিব লাগে।

মতা মাইকী মাছত হৰম’ন প্ৰয়োগৰ নিৰিখ-

 

মতা গ’ল্ড ফিছ- ০.৬ মিঃলিঃ/কিঃগ্ৰাঃ

মাইকী গ’ল্ড ফিছ- ০.৮ মিঃলিঃ/কিঃগ্ৰাঃ

প্ৰজনন কক্ষত এজনী মাইকী মাছৰ বিপৰীতে দুটাকৈ মতা মাছ ৰখা হয়। নিষিক্ত কণীবোৰ মেটেকাৰ শিপা অথবা নাৰিকলৰ ৰছীত আঠা লাগি ধৰাৰ পাছত সেইবোৰ উঠাই আন কক্ষলৈ অনা হয়। ৭২ ঘণ্টা পাছত কণীৰ পৰা পোনা হ’বলৈ আৰম্ভ কৰে। সম্পূৰণভাৱে কণী ফুটাৰ পাছত মেটেকখিনি অথবা নাৰিকলৰ ৰছীখিনি উঠাই পেলাব লাগে আৰু ক্ষুদ্ৰাকৃতিৰ পোনাজাকৰ বাবে খাদ্যৰ ব্যৱস্থা কৰিব লাগে। চয়াবিনৰ টুকুৰাবোৰ ভালদৰে ৰ’দত শুকাই মিহিকৈ গুড়ি কৰি পুৱা আৰু গধূলি দিয়াৰ ব্যৱস্থা কৰিব লাগে।

(উৎসঃ অসমীয়া খবৰ, ড সঞ্জয় শৰ্মা)।

ৰিয়াৰিং পুখুৰীত গ’ল্ড ফিছৰ প্ৰতিপালনঃ

 

গ’ল্ড ফিছ প্ৰতিপালনৰ বাবে ৰিয়াৰিং পুখুৰী ২-২.৫ কঠাৰ ভিতৰত হ’ব লাগে। পোনা মেলাৰ আগতে পুখুৰীটো সিঁচি তাৰ পৰা সকলো ধৰণৰ মাছ আঁতৰাই চূণ আৰু গোবৰ প্ৰয়োগ কৰি পুখুৰীটো প্ৰস্তুত কৰি ল’ব লাগে। প্ৰতি দুকঠাৰ ৰিয়াৰিং পুখুৰীত ২০,০০০টা গ’ল্ড ফিছৰ সৰু আকৃতিৰ পোনা (ফ্ৰাই) প্ৰতিপালন কৰিব পাৰি। পোনা মেলাৰ পিছদিনাৰ পৰা চাউলৰ মল, শুকান মাছৰ গুড়ি আৰু আটা সমপৰিমাণত মিহলাই মাছৰ শৰীৰৰ ওজনৰ ৩ শতাংশ হাৰত পুখুৰীত প্ৰয়োগ কৰিব লাগে। গ’ল্ড ফিছৰ পোনাৰ ৰং ৪৫ দিনলৈকে ঈষৎ ৰঙচুৱা হয় আৰু পাখি সাধাৰণ মাছৰ দৰে হৈ থাকে। লাহে লাহে সিহঁতৰ ৰং সম্পূৰ্ণ ৰঙা হোৱাৰ লগতে পাখিৰ আকাৰো ক্ৰমান্বয়ে সলনি হ’বলৈ ধৰে। প্ৰায় তিনিমাহ বয়স হ’লে গ’ল্ড ফিছৰ পোনা বিক্ৰীৰ উপযুক্ত হয়। অৱশ্যে ক্ৰেতাৰ অভিৰুচিলৈ লক্ষ্য ৰাখি ৫-৬ মাহ বয়সলৈকে এই মাছবোৰ প্ৰতিপালন কৰিব পাৰি।

(উৎসঃ অসমীয়া খবৰ)।

2.92156862745
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top