অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জল প্ৰদূষণ আৰু মৎস্যকুলত ইয়াৰ প্ৰভাৱঃ

জল প্ৰদূষণ আৰু মৎস্যকুলত ইয়াৰ প্ৰভাৱঃ

 

ঔদ্যোগিক বিকাশ, প্ৰকৃতিৰ অবাঞ্ছনীয় পৰিৱৰ্তন, বিভিন্ন উদ্দেশ্যত প্ৰয়োগিত ৰাসায়নিক পদাৰ্থৰ ক্ৰমবৰ্ধমান অসতৰ্ক ব্যৱহাৰ, পৰিৱেশ তথা জল জৈৱ বৈচিত্ৰ্যতাৰ ভাৰসাম্যহীনতা আদি বিভিন্ন কাৰকে মৎস্যকুলৰ লগতে মীনপালন তথা জলসংবৰ্ধনত ব্যাপক প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে। যিহেতু সকলোবোৰ ৰাসায়নিক পদাৰ্থ কীটনাশক, উদ্যোগ আদিৰ বৰ্জিত পদাৰ্থৰ শেষ আশ্ৰয়স্থল পানী, গতিকে এইবোৰৰ বিষাক্ততাই খাদ্য শৃংখলত প্ৰৱেশ কৰি উদ্ভিদ আৰু প্ৰাণীৰ বিস্তৰ ক্ষতি কৰে। মানৱ সভ্যতাৰ অগ্ৰগতিৰ লগে লগে বিভিন্ন কল-কাৰখানা সৃষ্টিৰ লগতে ৰাসায়নিক সামগ্ৰী, কীটনাশক আদিৰ প্ৰয়োগো আশাতীতভাৱে বাঢ়ি আহিল। ফলশ্ৰুতিত অবাঞ্ছিতভাৱে প্ৰভাৱ পৰিল মৎস্যকুলত। কিয়নো বিভিন্ন ঘৰুৱা বা উদ্যোগিক বৰ্জিত পদাৰ্থ, গধুৰ ধাতু, কীটনাশক আদিৰ শেষ আশ্ৰয়স্থল জলভাগ প্ৰদূষণৰ ফলত ঘাইকৈ মৎস্যকুলৰ ওপৰত কুপ্ৰভাৱ পৰাটো তেনেকৈ স্বাভাৱিক। বিশেষকৈ ধান খেতি, চাহ খেতি আদিত অতি অসতৰ্কভাৱে প্ৰয়োগ কৰা কীটনাশকে পাৰ্শ্বৱৰ্তী জলভাগত এই সমস্যাটো প্ৰকট কৰি তুলিছে। অসতৰ্ক প্ৰয়োগৰ ফলত কীটনাশক বায়ুৰ লগত মিহলি হোৱা বাষ্প ভাগ ধূলিকণা আদিত সাঙোৰ খাই বৰষুণৰ টোপালৰ লগত জলভাগত পৰেগৈ। দেখা গৈছে যে অসতৰ্কভাৱে প্ৰয়োগ কৰা কীটনাশকৰ ৩০-৪০ শতাংশহে প্ৰকৃততে কামত আহে। অৱশিষ্টখিনি বিভিন্ন উপায়েৰে জলভাগত জমা হয়গৈ। তদুপৰি বোঁৱতী পানীয়ে ধুই অনা প্ৰদূষক, ঘৰুৱা বৰ্জিত পদাৰ্থ আদি জলভাগত জমা হৈ প্ৰদূষণৰ সৃষ্টি কৰাটো সচৰাচৰ দেখি থকা ঘটনা। বিশেষকৈ ডি ডি টি আদিৰ অপপ্ৰয়োগৰ ফলশ্ৰুতিত মাছৰ মৃত্যু পৰ্যন্ত হ’ব পাৰে। উল্লেখযোগ্য যে যমুনা নৈতো অৱশিষ্ট ডি ডি টিৰ পৰিমাণ বৃদ্ধি পাবলৈ ধৰিছে আৰু ই মৎস্যকুলত এক প্ৰতিচাপৰ সৃষ্টি কৰাটো প্ৰমাণিত হৈছে। কেৱল নৈৰ ক্ষেত্ৰতে নহয় বিল, জলাশয়, পতিত জলৰাশি, প্ৰাকৃতিক জলধাৰা সকলোতে ক্ৰমাৎ সমস্যাটো প্ৰকট হৈ পৰিছে। ডি ডি টিৰ উপৰি বিভিন্ন ‘অৰগেন’ক্ল’ৰাইড’ যেনে লিনডেন, ডাইএলড্ৰিন, হেপটাক্লৰ আদিৰ অৱশিষ্ট অসমৰ জলাশয়ত সতকাই পোৱা গৈছে। এইবোৰে শৃংখলৰ জৰিয়তে জলজীৱত প্ৰৱেশ কৰি পৰৱৰ্তী সময়ত মানৱ শৰীৰৰ বাবে ভয়াবহ ৰূপ ধাৰণ কৰে। দিল্লীস্থ স্বেচ্ছাসেৱী অনুষ্ঠান ‘চেণ্টাৰ ফৰ ছায়েন্স এণ্ড এনভাইৰনমেণ্ট’ৰ শেহতীয়া প্ৰতিবেদনত পঞ্জাৱৰ কৃষকসকলৰ তেজত অত্যধিক মাত্ৰাত কীটনাশক দ্ৰব্য পোৱা গৈছে। পঞ্জাৱৰ বিভিন্ন গ্ৰামাঞ্চলৰ কৃষকসকলৰ সংগৃহীত তেজত ৬ৰ পৰা ১০ বিধলৈ মাৰাত্মক কীটনাশক দ্ৰব্য পোৱা গৈছে। ইয়াৰ ভিতৰত ডি ডি টি, লিনডেন আদিয়েই প্ৰধান। ৰাজ্যখনৰ উজনি অসমত বিভিন্ন তেলখাদৰ পৰা নিৰ্গত খাৰুৱা তেলে বিল, ডোঙা, জলাশয় আদিত প্ৰদূষণৰ সৃষ্টি কৰাটো সঘনাই উত্থাপিত বাতৰি। পানীত অতি কম মাত্ৰাৰ খাৰুৱা তেলেও জলজীৱৰ বাবে বহুতো অবাঞ্ছিত সমস্যা আমন্ত্ৰণ কৰি আনিব পাৰে। খাৰুৱা তেলে জলভাগৰ ঊৰ্ধ্বস্তৰত এখন চামনিৰ সৃষ্টি কৰি পানীৰ লগত বায়ুৰ সংস্পৰ্শত বাধাৰ সৃষ্টি কৰে। ফলশ্ৰুতিত জলভাগত অক্সিজেনৰ নাটনি হৈ এক ভাৰসাম্যহীনতাৰ সৃষ্টি কৰে আৰু ভাৰসাম্যহীনতাই জলজীৱৰ বিস্তৰ ক্ষতি কৰে। জলভাগত বিভিন্ন তেলজাতীয় প্ৰদূষণে মাছৰ প্ৰাকৃতিক খাদ্য উৎপাদনত বাধাৰ সৃষ্টি কৰে আৰু ইয়ে মাছৰ প্ৰজনন, ভ্ৰূণৰ বিকাশ, শ্বসন আদিতো বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। তেলজাতীয় প্ৰদূষিত পানীত মাছে কেতবোৰ অস্বাভাৱিক আচৰণ যেনে জোৰেৰে পাক খাই সাঁতোৰা, হঠাৎ জাঁপ মৰা, অস্থিৰতা, মুখ মেলি থকা আদি আচৰণ দেখুৱাই। বিভিন্ন উদ্যোগৰ আৱৰ্জনাৰ পৰা মিশ্ৰিত গধুৰ ধাতুৰ প্ৰদূষণেও শেহতীয়াকৈ ৰাজ্যখনলৈ ভাবুকি কঢ়িয়াই আনিছে। ক্ৰমিয়াম, লো, মেংগানিজ, কবাল্ট, নিকেল, তাম, জিংক, পাৰা, মলিবডেনাম আদি নিৰ্দিষ্ট হিচাপতকৈ বেছি সদায়েই ক্ষতিকাৰক। বিশেষকৈ পাৰা, কেডিমিয়াম, তাম, মেংগানিজ আদিৰ বিষক্ৰিয়া অতিকৈ ভয়াৱহ। গধুৰ ধাতু খাদ্য-শৃংখলত প্ৰৱেশ কৰি প্ৰাণীদেহত জমা হোৱাৰ সুযোগ থাকে। ই অতি মাৰাত্মক।

সেয়েহে মানৱ সভ্যতাৰ অগ্ৰগতিৰ লগে লগে সংঘটিত কাৰিকৰী উত্থানৰ ফলশ্ৰুতিত যাতে জল প্ৰদূষণৰ সূচনা হৈ জল জৈৱ বৈচিত্ৰ্যতাত বিৰূপ প্ৰভাৱ নপৰে তাৰ প্ৰতি আমি সদায় সতৰ্ক হৈ থকা উচিত। উদ্যোগসমূহেও আৱৰ্জনা নিষ্কাশনৰ নিৰ্দিষ্ট ব্যৱস্থা ৰখা উচিত। ৰাসায়নিক কীটনাশক আদিৰ প্ৰয়োগ যথাসম্ভৱ কমকৈ কৰা উচিত। পৰাপক্ষত এইবোৰ ক্ষেত্ৰত জৈৱিক ব্যৱস্থাৱলীত বিশেষ গুৰুত্ব দিব লাগে।

অনাগত দিনত জলসংবৰ্ধনৰ বিকাশৰ ওপৰতে ৰাজ্যখনৰ অৰ্থনৈতিক উন্নয়ন নিহিত হৈ আছে। জলসম্পদৰ অফুৰন্ত উৎসৰ পৰা মুনাফা আহৰণ কৰি জলজ প্ৰাণী আৰু উদ্ভিদৰ মাজত লুকাই থকা বিশাল সামৰ্থক জনগণৰ স্বাৰ্থত কাৰ্যক্ষম কৰি তুলিবলৈ জল প্ৰদূষণ হ্ৰাস কৰিবলৈ আমি যৎপৰোনাস্তি চেষ্টা চলাব লাগিব। মীন বিশেষজ্ঞৰ পৰামৰ্শ অবিহনে এনে কৰিলে হিতে বিপৰীত হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।

 

(উৎসঃ অসমীয়া খবৰ, ধ্ৰুৱজ্যোতি শৰ্মা, ড সঞ্জয় শৰ্মা)।

শেহতীয়া উন্নীতকৰণ: : 1/17/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate