মূল পৃষ্ঠা / কৃষি / মীণ পালন / জানিবলগীয়া কথা-
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

জানিবলগীয়া কথা-

বিজ্ঞানসন্মতভাৱে মীনপালন কৰিবলৈ পুখুৰীটো খন্দাৰ আগে আগে নিম্নোক্ত কথাখিনি জানি থোৱা ভাল- (১) ৰ’দ ঘাই অঞ্চলহে মীনপামৰ বাবে উপযোগী। (২) মাটি পৰীক্ষা কৰাই মাটিত বালিৰ পৰিমাণ কম থকা ভূ

 

বিজ্ঞানসন্মতভাৱে মীনপালন কৰিবলৈ পুখুৰীটো খন্দাৰ আগে আগে নিম্নোক্ত কথাখিনি জানি থোৱা ভাল-

(১) ৰ’দ ঘাই অঞ্চলহে মীনপামৰ বাবে উপযোগী।

(২) মাটি পৰীক্ষা কৰাই মাটিত বালিৰ পৰিমাণ কম থকা ভূমিখণ্ডহে মীনপামৰ বাবে নিৰ্বাচন কৰিব লাগে।

(৩) নদা, জান-জুৰি আদিৰ ওচৰৰ ভূমিখণ্ড মীনপামৰ বাবে উপযোগী নহয়, কিয়নো এনে পুখুৰীত পানী সোনকালে নিৰ্গমন হয়। যদি আপোনাৰ পুখুৰীৰ বাবে নিৰ্বাচন কৰা ভূমিখণ্ড উপযোগী বুলি ভাবে তেন্তে পুখুৰীটো আয়তাকাৰ আকৃতিত খন্দাব। উত্তৰপাৰৰ বাহিৰে অইন পাৰকেইটাত ডাঙৰ গছ-গছনি নুৰুব আৰু পাৰবিলাক ওখ-পাখ আৰু বহলকৈ ৰাখিব যাতে তাত যিকোনো উদ্যান শস্যৰ খেতি কৰিব পাৰি। পুখুৰীটো ২-২.৫ মিটাৰ গভীৰতাকৈ খান্দিব আৰু অতিৰিক্ত পানীভাগ ওলাই যাব পৰাকৈ নিৰ্গমন নলীৰ ব্যৱস্থা ৰাখিব। যদি ওচৰত মীনপোনা ৰখা পুখুৰী নাথাকে, তেন্তে মূল পুখুৰীৰ কাষত ২ কঠামানৰ এটা মীনপোনা ৰখা পুখুৰী ৰাখিব যাতে মাছ বিক্ৰীৰ লগে লগে ইয়াৰ পৰা মীনপোনা উঠাই পুখুৰীত মেলিব পাৰি।

(উৎসঃ অসমীয়া খবৰ)।

2.98
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top